“ কমেডি কি হ ’ ব লাগে ?”- এই প্ৰশ্নটোক লৈ সকলোৰে নিজস্ব ক ’ বলগীয়া আছে আৰু থকাটোও স্বাভাৱিক। কিন্তু এষাৰ কথা অন্ততঃ স্পষ্ট যে কমেডিয়ে আপোনাক এজন দৰ্শক হিচাপে অসন্তুষ্ট কৰিব লাগিব, আপোনাৰ গাত চোৰাত পাতৰ কোব এটা মাৰিব পাৰিব লাগিব। চেপলিনৰ সময়ৰ চাবজেক্টিভ কমেডিতকৈ বৰ্তমান সময়ত বেছিকৈ দেখা যায় সাধাৰণতে দৰ্শকক বা শ্ৰোতাক অসন্তুষ্ট কৰা কমেডি। এই কাৰণেই কমেডি আৰু কমেডিয়ান সাধাৰণতে বিতৰ্কৰ মুখামুখি হোৱা দেখা পোৱা যায়। এয়া কোনো অস্বাভাৱিক কথা নহয়। দৰাচলতে কমেডি হৈছে আপোনাৰ গণতান্ত্ৰিক চিভিক চেন্সৰ আটাইতকৈ কঠিন পৰীক্ষা! এই কাৰবাৰটো সামাজিক মাধ্য…
TVFৰ যমুনাপাৰঃ নতুন বটলত পুৰণা মদ নে পুৰণা বটলত নতুন মদ ? মাজতে এচোৱা সময় আহিছিল। সেই সময়চোৱাত অসমৰ বহুকেইখন শীৰ্ষস্থানীয় আলোচনীৰ প্ৰতিটো সংখ্যাতে এটা থীমৰ ওপৰতে পৃথক-পৃথককৈ একেটাই গল্প প্ৰচাৰ হ ’ বলৈ আৰম্ভ কৰিছিল। এই গল্পটো বা কাহিনীটোৰ প্ৰথম আৰম্ভণি কোনে কৰিছিল সেয়া এটা গৱেষণাৰ বিষয় হ ’ ব পাৰে, কিন্তু আমি সৰুৰে পৰাই পঢ়ি অহা বিভিন্ন উপন্যাস যেনে সময়, পিতা-পুত্ৰ , নৈ বৈ যায় আদিসমূহৰ মূল থীমটোও এই কাহিনীটোৱেই। কাহিনীটো হৈছে প্ৰজন্মভেদ আৰু নগৰ বনাম গাঁও। এই থীমটো ঘাইকৈ কেইটামান অতি সাংঘাতিক সাধাৰণীকৰণ আৰু ভুল ধাৰণাৰ ওপৰত প্ৰতিষ্ঠি…
দ্য বয়জ- ডিষ্টোপিয়ান ৱেবচিৰিজ নে অধিক বাস্তৱিক ছবি ? ( দ্বিতীয় খণ্ড) ২) বধকাব্যই হওঁক বা শংকৰী সাহিত্যতেই হওঁক গঞা ৰাইজক আকৰ্ষিত কৰি ৰাখিবলৈ এটা খুবেই আকৰ্ষণীয় মনোবৈজ্ঞানিক কৌশলৰ ব্যৱহাৰ কৰিছিল। এই কৌশলটো হৈছে মানুহৰ সপোনৰো অগোচৰ এখন পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়া, যিখন পৃথিৱী ধন-দৌলত, সুখ-শান্তিৰে পৰিপূৰ্ণ, যিখন পৃথিৱীত কোনো মানৱীয় সমস্যাৰ স্থান নাই। দুখীয়া হোজা ৰাইজে সেই কল্পিত পৃথিৱীখনৰ ধন-ঐশ্বৰ্যৰ কথা শুনি অবাক লাগি পাঠকৰ মুখলৈ চাই মোহাৱিষ্ট হৈ থাকে। উদাহৰণস্বৰূপে চাওঁক তলৰ শাৰীকেইটাঃ সুবৰ্ণৰ চৌপথ পদূলি সুবৰ্ণৰ। পশু-পক্ষী যত সুবৰ্ণৰ নিৰন…
দ্য বয়জ- ডিষ্টোপিয়ান ৱেবচিৰিজ নে অধিক বাস্তৱিক ছবি ? (প্ৰথম খণ্ড) ‘ দ্য বয়জ ’ ৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি কেইটামান প্ৰশ্নৰ বিতং আলোচনা কৰিব লাগিব— ১) চুপাৰ হিৰো চিনেমাই হওঁক বা এখন নৰ্মেল চিনেমাই হওঁক- প্ৰায়েই দেখা পোৱা যায় যে চিনেমাৰ বেকগ্ৰাউণ্ডত নায়ক-খলনায়কৰ মাৰ-পিটত গাড়ী জ্বলি যায়, ঘৰ ভাঙি যায়। কিন্তু আপোনালোকে কেতিয়াবা ভাবে নে যে চিনেমাৰ বেকগ্ৰাউণ্ডত থকা এই গাড়ী-ঘৰ বা কোনো সম্পত্তিৰ আঁৰৰ ব্যক্তিজন, যি এই Causalities ৰ ফলত জন-ধনৰ ক্ষতিৰ সন্মুখীন হ ’ বলগীয়া হয় , সেই ব্যক্তিজনৰ ক্ৰোধ বা লোকচানৰ প্ৰতিশোধৰ ওপৰতো এটা কাহিনী হ ’…
এশ দিন— এশখন চিনেমা বা ৱেবচিৰিজ ৱেবচিৰিজ-০১ ৰেগনাৰকঃ মৰুভূমি আহি আছে খৰকৈ ব্যক্তিগতভাৱে মোৰ নৰ্ছ পুৰাকথাৰ প্ৰতি এটা আকৰ্ষণ আছে। এই আকৰ্ষণৰ বাবেই চাবলৈ বহিছিলো “ ৰেগনাৰক ” শীৰ্ষক ৱেবচিৰিজখন। এই ৱেবচিৰিজখনৰ সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগেয়ে মই পাঠকসকলক ৰেগনাৰক মানেনো কি সেইসম্পৰ্কে অলপ ব্যাখ্যা কৰাটো উচিত বুলি ভাবিছোঁ। আমাৰ পাঠকসকলৰ বাবে ৰেগনাৰকৰ সম্পৰ্কে বেছি কোৱাৰ প্ৰয়োজন নাই, কিয়নো আমি কল্কিৰ পুৰাকথাটো সকলোৱেই কম-বেছি পৰিমাণে জানোঁ। যেতিয়াই পৃথিৱীত পাপৰ বোজা বেছি হৈ পৰিব তেতিয়াই হিমালয়ৰ পাদদেশৰ চাম্বালা নামৰ গাওঁখনত কল্কিৰ…
Social Plugin