(প্ৰস্তাৱনা খণ্ড)
জাতি, জাতীয়তা আৰু অসমীয়া জাতিঃ অসমীয়া জাতীয়তাৰ এক তাত্বিক আলোচনা
(ক)
জাতি (Nation)ৰ ধাৰণাটোৰ আলোচনা কৰিবলৈ যাওঁতে আমি বহুখিনি বিৰোধাভাষ
দেখা পাওঁ। জাতিৰ বিভিন্ন সংজ্ঞাই এই বিৰোধাভাষসমূহক অধিক জটিল কৰি তোলে। দ্বিতীয়
বিশ্বযুদ্ধৰ আগলৈকে জাতি, জাতীয়তা আৰু জাতীয়তাবাদ এই তিনিওটা অভিধাৰ সৈতে সাৰ্বভৌমত্বৰ
ধাৰণাটো জড়িত হৈ আছিল। ৰাজনৈতিক তাত্বিক Andrew Heywood- এ
এইসম্পৰ্কে তেওঁৰ গ্ৰন্থ ‘Political Theory an introduction’-ত
উল্লেখ কৰিছে যে, “For over two hundred years the nation has been
regarded as the proper, indeed only legitimate, unit of political rule” (প্ৰায় দুশ বছৰতকৈও অধিক সময় ধৰি জাতিৰ ধাৰণাটোৰ যোগেদি
এক সুনিৰ্দিষ্ট, নিশ্চিতভাৱে বৈধ ৰাজনৈতিক শাসনৰ একক বুজোৱা হৈছিল।–স্ব অনুবাদ।)[1] এই সাৰ্বভৌমত্বকেন্দ্ৰিক ‘জাতি’ৰ ধাৰণাটোৰ মূল উৎস হৈছে ইউৰোপীয় জাতি-ৰাষ্ট্ৰৰ (Nation-state) ধাৰণা। Magna Carta-ৰ তাত্বিক
ভেঁটি অৰ্থাৎ “…the sovereign to be subject to the rule of law”[2]ৰ সূত্ৰৰ যোগেদি জন্ম হোৱা এই
সাৰ্বভৌমত্বকেন্দ্ৰিক জাতীয়তাবাদৰ ধাৰণাটো দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়তহে
সলনি হ’বলৈ আৰম্ভ কৰে। দ্বিতীয়
বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ৰ বিশ্ব ৰাজনীতিৰ তাত্বিক আৰু প্ৰায়োগিক দিশসমূহলৈ এক
ব্যাপক পৰিৱৰ্তন আহি পৰে। ৰাষ্ট্ৰসংঘৰ গঠন আৰু শীতল যুদ্ধকালীন সময়চোৱাত ক্ৰমান্বয়ে
সলনি হৈ পৰা জাতি তথা জাতীয়তাৰ ধাৰণাসমূহ বৰ্তমানেও স্থিৰ হোৱাগৈ নাই। Heywoodয়ে উল্লিখিত গ্ৰন্থতেই উল্লেখ কৰিছে যে জাতি, জাতীয়তাবাদ
আদিৰ দৰে ধাৰণাসমূহৰ সৈতে দৰাচলতে একধৰণৰ আধিপত্যকামীতা জড়িত হৈ আছে নে একধৰণৰ
সমন্বয়ৰ ধাৰণা জড়িত হৈ আছে সেয়া কাৰ্যতঃ স্পষ্ট হোৱাগৈ নাই।[3] ৰাষ্ট্ৰসংঘই আগবঢ়োৱা জাতিৰ
ধাৰণাই মেগনা কাৰ্টাকালীন সাৰ্বভৌমত্বকেন্দ্ৰিক জাতীয়তাৰ ধাৰণাক নস্যাৎ কৰে আৰু জাতিৰ
একধৰণৰ সাংস্কৃতিক ধাৰণা আগবঢ়াই। ইজৰাইল ৰাষ্ট্ৰ গঠনৰ যোগেদি ৰাষ্ট্ৰসংঘ তথা
পৰিৱৰ্তিত বিশ্বব্যৱস্থাত জাতি আৰু জাতীয়তাৰ ধাৰণা দুটাৰ সৈতে যে সাৰ্বভৌমত্ব আৰু
বৈধ শাসন (Legitimate Rule)ৰ সম্পৰ্ক খুব বেছি নাই সেই কথা বুজিব পৰা
যায়।
আমি
পূৰ্বেই উল্লেখ কৰিছো যে জাতি, জাতীয়তা আৰু জাতীয়তাবাদ এই তিনিওটা পৰস্পৰ
সম্পৰ্কিত ধাৰণাৰ এক সুনিৰ্দিষ্ট সংজ্ঞা নাই। Ernest Gellner-এ তেওঁৰ ‘Nation and Nationalism’ শীৰ্ষক গ্ৰন্থখনত জাতীয়তাবাদ
আৰু জাতিৰ সংজ্ঞা দিবলৈ গৈ স্বশাসন (Self-Rule)ৰ ধাৰণাটোৰ
কথা কৈছে। Gellner-এ উল্লেখ কৰিছে যে, “A nation
defines itself by its quest for independent statehood; if it is contained
within an existing larger state it seeks to separate from it and redraw state
boundaries.” (এটা জাতিক আমি জাতিটোৰ স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠনৰ ইচ্ছাৰ যোগেদি সংজ্ঞায়িত
কৰিব পাৰোঁ; যদিহে জাতিটো এক বৃহৎ ৰাষ্ট্ৰৰ
মাজত আছে, তেন্তে জাতিটোৱে বৃহৎ ৰাষ্ট্ৰব্যৱস্থাৰ পৰা পৃথক হৈ নতুন সীমা নিৰ্ধাৰণৰ
বাবে চেষ্টা চলাব।– স্ব অনুবাদ)[4] Gellner-ৰ এই সংজ্ঢাটোৰ পৰা জাতি আৰু জাতীয়তাবাদৰ এক অত্যন্ত কঠোৰ দৃষ্টিভংগী দেখা
পোৱা যাব। এইটো সংজ্ঞাৰে বিশ্লেষণ কৰিবলৈ গ’লে আমি
উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাকামী ধাৰাসমূহকহে জাতীয়তাবাদী বুলিব লাগিব। কিন্তু
জাতীয়তাবাদৰ বহুধাবিভক্ত দিশসমূহক বুজি পাবলৈ আমি কেৱল Gellner ৰ দৃষ্টিৰে লক্ষ্য কৰিলেই সমীচিন নহ’ব, বৰং বহুক্ষেত্ৰত আমি Gellner-ক
বিচ্ছিন্নতাকামী জাতীয়তাবাদৰ তাত্বিক হিচাপেহে গ্ৰহণ কৰাটোহে বেছি প্ৰাসংগিক হ’ব। জাৰ্মান ইতিহাসবিদ Fredrich Meinecke-য়ে এই সমস্যাটোৰ তাত্বিক সমাধান হিচাপে ‘সাংস্কৃতিক জাতি’ (Cultural Nation) আৰু ‘ৰাজনৈতিক জাতি’ (Political
Nation) নামৰ দুটা ধাৰণাৰ প্ৰস্তাৱ
আগবঢ়ায়। কিন্তু এই ধাৰণা দুটাৰ মাজৰ পাৰ্থক্য, দুটা জাতিৰ মাজত সংযোগ থাকিব পাৰে
নে নোৱাৰে সেইসম্পৰ্কে Meinecke-ৰ ধাৰণা
সাংঘাতিক স্পষ্ট নহয়।
Anthony Smith-এ জাতিৰ সম্পৰ্কে আগবঢ়োৱা তত্বটো বহুক্ষেত্ৰত অসমীয়া ভাষিক জাতীয়তাবাদৰ
ওচৰ চপা। Anthon Smith-এ তেওঁৰ গ্ৰন্থ ‘The Ethnic origin
of Nations’ শীৰ্ষক গ্ৰন্থখনত জাতিৰ সংজ্ঞা
উল্লেখ কৰি কৈছে যে, “The nation is therefore historically embedded: it is
rooted in a common cultural heritage and language that long predate the
achievement of statehood or even the quest for national independence. Modern
nations thus came into existence when these established ethnies were linked to
the emerging doctrine of popular sovereignty and associated with a historical
homeland.” (গতিকে আধুনিক জাতি হৈছে ঐতিহাসিকভাৱে
সংপৃক্তঃ জাতি এটা উমৈহতীয়া সাংস্কৃতিক ঐতিহ্য আৰু ভাষাৰ সৈতে জড়িত আৰু এই ধাৰণাই
পাছলৈ ৰাষ্ট্ৰ গঠন আৰু জাতীয় স্বতন্ত্ৰতাৰ দাবী কৰিব পাৰে। আধুনিক জাতি এটা এই
প্ৰতিষ্ঠিত নৃগোষ্ঠীসমূহৰ সমন্বয়ৰ যোগেদি জনপ্ৰিয় সাৰ্বভৌমত্বৰ সৈতে সাঙুৰ খাই
থাকে আৰু সততে এক ঐতিহাসিক মাতৃভূমিৰ ওপৰত প্ৰতিষ্ঠিত।– স্ব অনুবাদ।)[5] Anthony Smithৰ এই সংজ্ঞাটোৱে জাতিৰ ধাৰণাটোৰ
বহুখিনি আধুনিকক প্ৰতিফলিত কৰিছে। জাতি গঠন প্ৰক্ৰিয়ালৈ ভাষা, উমৈহতীয়া সংস্কৃতি,
মাতৃভূমি আদিৰ দৰে ধাৰণাসমূহৰ আলোচনাৰে Smith-ৰ সংজ্ঞাটো বহুক্ষেত্ৰত অসমীয়া ভাষিক জাতীয়তাবাদৰ তাত্বিক দিশটোৰ ওচৰ চপা।
অৱশ্যে Gellner-ৰ পৃথক ৰাষ্ট্ৰ নিৰ্মানৰ প্ৰপঞ্চটোৰ পৰা Smithও মুক্ত হোৱা নাই। Smith-এ তেওঁৰ তত্বটোৰ আলোচনা কৰোতে সাংস্কৃতিক আৰু ঐতিহাসিক উমৈহতীয়া প্ৰতীক (Common
cultural and historical symbols)-সমূহৰ কথাও
উল্লেখ কৰিছে। এই প্ৰতীকৰ ধাৰণাটো অত্যন্ত বিশাল আৰু বহুদিশীয়।* Anthony Smith-ৰ
তত্বটোৰ পৰা পৃথক ৰাষ্ট্ৰ গঠনৰ প্ৰৱণতাৰ অংশটোক আঁতৰাই ৰাখিলেই ই অসমীয়া ভাষিক জাতীয়তাবাদৰ
তাত্বিক দিশলৈ আমাক লৈ যাব।
মাৰ্ক্সীয় চিন্তাস্ৰোতে জাতীয়তাবাদ আৰু
জাতিৰ ধাৰণাটোৰ সম্পৰ্কে এক স্ববিৰোধিতাৰ সৃষ্টি কৰিছে। Karl Marx আৰু Friedrich Engels-এ প্ৰণয়ন কৰা Communis Manifesto-ত উল্লেখ কৰিছে যে, “The
working men have no country.” (শ্ৰমিক শ্ৰেণীৰ কোনো দেশ নাই)[6] কিন্তু তাৰ পাছতেই Vlodimir Lenin-এ জাতীয়
আত্মনিয়ন্ত্ৰণৰ কথা উল্লেখ কৰিছে আৰু তেওঁ জাতীয় আত্মনিয়ন্ত্ৰণৰ সমৰ্থন কৰিছিল।[7] সাম্যবাদী নেতা
তথা তাত্বিক Joseph Stalin-এ তেওঁৰ গ্ৰন্থ
‘Marxism
and the National Question’ত উল্লেখ জাতিৰ
মাৰ্ক্সীয় সংজ্ঞা উল্লেখ কৰি কৈছে যে, “A nation is
formed only as a result of lengthy and systematic intercourse, as a result of
people living together generation after generation. A nation is a historically
constituted, stable community of people, formed on the basis of a common
language, territory, economic life, and psychological make-up manifested in a common
culture.” (এটা জাতি এক দিঘলীয়া আৰু
পদ্ধতিগত যৌন সংগমৰ যোগেদি সৃষ্টি হয়, যাৰ বাবে এদ’ল মানুহে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি একেলগে বাস কৰে। এটা জাতি ঐতিহাসিকভাৱে
গঠিত হয়, সুস্থিৰ জনসমষ্টিৰ দ্বাৰা গঠিত হয়, এটা উমৈহতীয়া ভাষাৰ ওপৰত ভিত্তি কৰি গঠিত
হয় আৰু উমৈহতীয়া বাসস্থান, অৰ্থনৈতিক জীৱন আৰু মনোবৈজ্ঞানিক গঠনৰ যোহেদি এটা জাতি
আৰু জাতীয় উমৈহতীয়া সংস্কৃতিৰ গঠন হয়।– স্ব অনুবাদ)[8]
জাতীয়তাবাদৰ
সৈতে বহুখিনি অনিশ্চয়তা দেখা পোৱা যায়। এই অনিশ্চয়তাৰ মূলতেই হৈছে জাতীয়তাবাদৰ
বহুধাবিভক্ত তাত্বিক দিশসমূহ। বিশ্ব ইতিহাসলৈ মন কৰিলে দেখা যাব যে সংখ্যালঘুসকলৰ
বাবে বৃহত্তৰ জাতীয়তাবাদ সদায় এক সুখকৰ অভিজ্ঞতা নহ’বও পাৰে। দ্বিতীয় বিশ্বযুদ্ধকালীন জাৰ্মান জাতীয়তাবাদ আৰু শ্ৰীলংকাৰ বৌদ্ধ
জাতীয়তাবাদক আমি এইক্ষেত্ৰত উদাহৰণ হিচাপে তুলি ধৰিব পাৰোঁ। জাৰ্মান জাতীয়তাবাদে ‘বিশুদ্ধ ৰক্ত তত্ব’ (এই বিশুদ্ধ ৰক্ত তত্বৰ
সৈতে হিন্দুত্ববাদৰ আৰ্যীকৰণ তত্ব আৰু আলফাৰ নিৰ্জাতিকৰণ তত্বৰ এক অদ্ভূদ মিল
আছে।)-ৰ দৰে অপবৈজ্ঞানিক তত্বৰ সূচনা কৰি লাখ-লাখ ইহুদী নাগৰিকক অতি শীতল মগজুৰে
হত্যা কৰিছিল। সেইদৰে শ্ৰীলংকাত শ্ৰীমতী বন্দৰনায়কৰ শাসনকালত আনুষ্ঠানিকভাৱে আৰম্ভ
হোৱা বৌদ্ধ জাতীয়তাবাদৰ সামৰণি পৰিছিল এল টি টি ইৰ দশকজোৰা ৰক্তপাতৰ মাজেৰে।
কিন্তু এই উদাহৰণসমূহ সাৰ্বজনীন নহয়। জাতি আৰু জাতীয়তাৰ বহিধাবিভক্ত সংজ্ঞাসমূহে দৰাচলতে
জাতি আৰু জাতীয়তাৰ স্থানীয় উৎপত্তি (Local Origin)ৰ দিশলৈ লৈ যায়। আমি ব্যক্তিগতভাৱে বিশ্বাস কৰো যে জাতি আৰু জাতীয়তা এটা
স্থানীয় ধাৰণা। প্ৰতিটো জাতিৰেই গঠন প্ৰক্ৰিয়া একক আৰু ই নিজস্ব ইতিহাসৰ ওপৰত
নিৰ্ভৰশীল। Anthony Smith-এ উল্লেখ কৰা Common historical
linkageসমূহৰ যোগেদি এটা জাতিৰ জাতীয়তা
গঠন হয়। সেইবাবে আমি অন্য এটা জাতিৰ আলোচনাৰে অন্য এটা জাতিৰ তাত্বিক সংজ্ঞা
নিৰ্ধাৰণ কৰিব নোৱাৰোঁ।
(অধিক পঢ়কঃ
ক. ভাষিক
জাতীয়তাবাদৰ সম্পৰ্কে জানিবলৈ পঢ়ক Michael E. Brown আৰু Sumit Gangulyৰ Fighting Words
Language Policy and Ethnic Relations in Asia শীৰ্ষক গ্ৰন্থখন। এই গ্ৰন্থখনত এছিয়া মহাদেশৰ বিভিন্ন দেশৰ ভাষিক
জাতীয়তাবাদ আৰু ইবোৰৰ সৈতে ভাষী নীতি আৰু ভাষাৰ আলোচনা কৰিছে।)
(খ)
(আমি এই
আলোচনাটোত অসমীয়া জাতি গঠনৰ নৃতাত্বিক দৃষ্টিৰ আলোচনা নকৰোঁ, তাৰ পৰিৱৰ্তে
ৰাজনৈতিকভাৱে অসমীয়া জাতি আৰু জাতীয়তাৰ ধাৰণাহে আলোচনা কৰিম।)
ৰাজনৈতিকভাৱে
অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ সম্পৰ্কে মতামত দিবলৈ গৈ গৱেষক দ০ দেৱব্ৰত
শৰ্মাই তেওঁৰ গৱেষণা গ্ৰন্থ “অসমীয়া জাতিগঠন
প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ”-ত উল্লেখ কৰিছে যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ সৈতে ভাৰতীয়
সংস্কৃতায়ন (Sanskritization)ৰ সম্পৰ্ক খুবেই কম, তাৰ বিপৰীতে
আহোমসকলেহে অসমীয়া ৰাজনৈতিক জাতিৰ বীজ ৰোপন কৰিছিল।[9] দ০ শৰ্মাৰ ধাৰণাৰে
আমি অসমীয়া জাতীয়তাৰ আলোচনা কৰিবলৈ যাওঁতে ইয়াৰ জনজাতীয় ইতিহাসৰ ভূমিকাও আলোচনা
কৰিব পাৰোঁ। গৱেষক ড০ অমলেণ্ড গুহে আহোম শাসন ব্যৱস্থাৰ সম্পৰ্কে
আলোচনা কৰিবলৈ গৈ অসমীয়া জাতিৰ জনজাতীয় মূলশিপাডালৰ সম্পৰ্কে উল্লেখ কৰিছে। ড০
গুহৰ মতে এই জনজাতীয় মূলশিপাডালৰ ভেঁটিতেই আহোম ৰাষ্ট্ৰব্যৱস্থাই বিকাশ সাধন
কৰিছিল।[10]
দ০
দেৱব্ৰত শৰ্মা আৰু ড০ অমলেণ্ড গুহৰ তত্বই অসমীয়া জাতীয়তাৰ
নিৰ্মাণ প্ৰক্ৰিয়াত আৰ্যীকৰণৰ ধাৰণাক নস্যাৎ কৰে,
কিন্তু একেসময়তে একাংশ পণ্ডিতে অসমীয়া জাতিৰ নিৰ্মাণ প্ৰক্ৰিয়াটোৰ সৈতে আৰ্যীকৰণৰ
প্ৰভাৱকো আলোচনা কৰে। গৱেষক ড০ নীৰোদ কুমাৰ বৰুৱাই তেওঁৰ গ্ৰন্থ “অসমীয়া জাতি গঠনত গোপীনাথ বৰদলৈ”-ত
উল্লেখ কৰিছে যে, “...আৰ্য-ভিন্ন জনগোষ্ঠাৰ
আৰ্য সভ্যতাৰ প্ৰতি থকা সন্মানসূচক প্ৰতিক্ৰিয়াৰ ফলতেই আৰ্য সভ্যতা ব্ৰহ্মপুত্ৰ
উপত্যকাত বিয়পিব পাৰিলে আৰু আৰ্য-ভিন্ন জনগোষ্ঠাবোৰে স্ব-ইচ্ছাৰেই আৰ্যকৰণ অথবা
সংস্কৃতকৰণৰ প্ৰতি আকৃষ্ট হ’ল। সমন্বয়ৰ এই
পৰম্পৰাতেই আৰ্য জনগোষ্ঠীয়েও আৰ্য-ভিন্ন জনগোষ্ঠীৰ পৰা বিভিন্ন সামাজিক উৎসৱ আৰু
আৰ্য-ভিন্ন শব্দসম্ভাৰৰ যোগেদি সমৃদ্ধ হোৱা অসমীয়া ভাষাটো অসমৰ খিলঞ্জীয়া সকলো
জনগোষ্ঠীৰ উমৈহতীয়া সম্পত্তি হৈ পৰিল।”[11] এই সমন্বয়ৰ
ধাৰণাটোক আমি ড০ বাণীকান্ত কাকতিৰ দৰে পণ্ডিতপ্ৰবৰ লেখকৰ মাজতো দেখা
পাওঁ।
যি
কি নহওঁক, গৱেষক ড০ নীৰোদ কুমাৰ বৰুৱাৰ সমগ্ৰ আলোচনাটোৰ মাজত কিছুসংখ্যক
বিতৰ্কিত দিশো নথকা নহয়। ৰাজনৈতিকভাৱে অসমীয়া জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৰ কথা
আলোচনা কৰিবলৈ যাওঁতে জাতি গঠনৰ বাবে প্ৰয়োজন হোৱা অনুষ্ঠানসমূহৰ বিকাশ আমি আহোম যুগতহে
এক স্পষ্টৰূপত দেখা পাওঁ। ইয়াৰ আগেয়ে চুতীয়াসকলৰ শাসনকালীন সময়চোৱাত জনজাতীয় শাসন
ব্যৱস্থাই এক সৰ্ব্বোচ্চ বিন্দুত উপনীত হৈছিল (এইসম্পৰ্কীয় আলোচনা ড০ অমলেণ্ড
গুহে তেওঁৰ গৱেষণা প্ৰবন্ধ “The
Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam
(1228-1714)”-ত উল্লেখ কৰি গৈছে। ইচ্ছুকসকলে পঢ়িব পাৰে।) যদিও অসমীয়া
জাতীয়তাৰ নিৰ্মাণৰ বাবে সেয়া পৰ্যাপ্ত নাছিল। জাতীয়তাৰ ধাৰণাই এটা উমৈহতীয়া পৰিচয়
নিৰ্মাণৰ কথা কয়, এটা চেতনা আৰু পৰিচয়কেন্দ্ৰিক ৰাজনীতি (Identity
Politics)ৰ কথা কয়। আহোম শাসনকালত সেই উমৈহতীয়া পৰিচয় নিৰ্মাণ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল
আৰু ব্ৰিটিছ শাসনৰ আৰম্ভনিৰ সময়চোৱাত ই এক স্বতন্ত্ৰ জাতীয়তাবোধলৈ ৰূপান্তৰ হৈ
পৰিছিল। এইসম্পৰ্কে গৱেষক ড০ মাধুৰ্যমণ্ডিত বৰুৱাই “কলিতা জাতিৰ ইতিহাস”
শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰিছে এইদৰে, “সপ্তাদশ-অষ্টাদশ শতিকাপৰ্য্যন্ত
ভাষা আৰু জনগোষ্ঠীক ‘অসমীয়া’ত্বই স্পৰ্শ কৰিব পৰা নাছিল। বিপৰীতে, বৃত্তিগত
শ্ৰেণীবিভাজন, বৰ্ণগোষ্ঠীগত পৰিচয়, সম্প্ৰদায়ভুক্ত গোট, ভৌগোলিক অৱস্থিতিয়ে দিয়া
পৰিচয়ৰে কামৰূপ, বোহাৰ আৰু অচম— এই তিনিটা ভূখণ্ডৰ লোকসকলে আত্মপৰিচয় ৰক্ষা কৰি
চলিছিল মধ্যযুগৰপৰা ব্ৰিটিছ শাসন আৰু আমেৰিকান মিছনেৰী সকলৰ নিয়ন্ত্ৰণে ভূখণ্ডটোক
মুষ্টিৱদ্ধ নকৰা পৰ্য্যন্ত।”[12] অসমীয়া জাতীয়তাৰ আলোচনা কৰিবলৈ যাওঁতে ড০ মাধুৰ্য্যমণ্ডিত
বৰুৱাৰ এই কথাষাৰ অতি প্ৰাসংগিক।
অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো এটা অতি দিঘলীয়া প্ৰক্ৰিয়া। প্ৰাচীন
কামৰূপৰ পৰা আৰম্ভ কৰি এই প্ৰক্ৰিয়াটো বৰ্তমান কাললৈকে চলি আছে। কিন্তু এটা
ৰাজনৈতিক পৰিচয় তথা জাতীয়তাৰ নিৰ্মাণ প্ৰক্ৰিয়াটো দৰাচলপক্ষত আহোম শাসনকালৰ পৰা
আৰম্ভ হোৱাৰ যথেষ্ট থল আছে। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে এই প্ৰক্ৰিয়াটোৱে
ব্ৰিটিছ শাসনৰ সময়ত হোৱা ঘটনাৰাজীৰ প্ৰতিক্ৰিয়া হিচাপেহে পূৰ্ণাংগ ৰূপ লাভ কৰে। এই
প্ৰতিচোৱা সময়তেই অসমীয়া জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৰ মাজলৈ বহুখিনি প্ৰশ্ন আৰু
বিৰোধাভাষ আহি পৰিছিল। এই প্ৰশ্ন আৰু বিৰোধাভাষসমূহৰ দ্বান্দ্বিক সম্পৰ্কই
ক্ৰমান্বয়ে অসমীয়া জাতিৰ পৰিকাঠামোটো নিৰ্মাণ কৰি আহিছে।..... (আগলৈ)
পাদটীকাঃ
[1] Heywood, Andrew (2004). Political
Theory an introduction, Palgrave Macmillan, ISBN: 0-333-96180-3, Page: 97
[2] https://www.britannica.com/topic/Magna-Carta
[3] Heywood, Andrew (2004). Political
Theory an introduction, Palgrave Macmillan, ISBN: 0-333-96180-3, Page: 98
[4] Ibid, Page: 99
[5] Ibid, Page: 99
[6] Marx, Karl; Engels, Friedrich (1848). Manifesto of the Communist Party. https://www.marxists.org/archive/marx/works/1848/communist-manifesto/,
Date of Access: 10-04-2022
[7] Smith,
Anthony D. (March 1983). "Nationalism and Classical Social Theory". The
British Journal of Sociology. 34 (1): 19–38. doi:10.2307/590606. JSTOR 590606.
[8] Stalin,
JV (1913). Communism and the
National Question, https:// www.marxists.org/reference/archive/stalin/works/1913/03a.htm,
Date of Access: 10-04-2022
[9] “...অসমত
জাতি গঠনৰ আধাৰশিলা পাছে ব্ৰাহ্মণ্যবাদ বা সংস্কৃতায়নে প্ৰতিষ্ঠা কৰা নাছিল। কৰিছিল
সম্পূৰ্ণ এটা পৃথক পক্ষই। সেয়া আছিল দক্ষিণ-পূৱ এচিয়া হৈ চীনৰ পৰা অহা আহোমসকলে।”, শৰ্মী, দ০ দেৱব্ৰত
(২০০৭), অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু
জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য
প্ৰকাশন, পৃষ্ঠাঃ ১৫.
[10] Guha,
Amalendu (1983). The Ahom
Political System: An Enquiry into the State Formation Process in Medieval Assam
(1228-1714), Social
Scientist. 11(12), Pp. 5
[11] বৰুৱা, ড০
নিৰোদ কুমাৰ (২০২১). অসমীয়া জাতিগঠনত গোপীনাথ বৰদলৈ, দ্য বুক্ নুক্,
পৃষ্ঠাঃ ১৯
[12]
বৰুৱা, ড০ মাধুৰ্যমণ্ডিত
(২০২০). কলিতা জাতিৰ ইতিহাস, ৰেখা প্ৰকাশন, আই এচ বি এনঃ ৯৭৮-৯৩-৮৭৯০-৫৩-৭,
পৃঃ ১৯৭
*Anthony Smith ৰ তত্বৰ অধিক আলোচনাই আমাৰ
সমুখত বহুখিনি দিশ স্পষ্ট কৰি দিয়ে, যেনে— কিয় এতিয়াও অসমীয়া জাতীয়তাবাদৰ সম্পৰ্কে
আলোচনা কৰিবলৈ যাওঁতে জনপ্ৰিয়ভাৱে মূলাগাভৰু, লাচিত বৰফুকন, চুকাফা, শংকৰদেৱ আদিৰ
দৰে অসমীয়া জাতিৰ কাণ্ডাৰীসকলৰ নাম চৰ্চালৈ আহে। এইসকল জাতীয় কাণ্ডাৰী হৈছে অসমীয়া
জাতীয়তাবাদ আৰু জাতিৰ বাবে উমৈহতীয়া সাংস্কৃতিক আৰু ঐতিহাসিক প্ৰতীক।
0 Comments