অসমীয়া জাতীয়তাবাদৰ চমু ইতিহাস (২)

 


(দ্বিতীয় খণ্ড)

অসমীয়া জাতীয়তা নিৰ্মাণ পৰ্ব

(ক)

ব্ৰিটিছকালীন অসমীয়া মধ্যশ্ৰেণীৰ চৰিত্ৰ বিচাৰ

অসমীয়া জাতি আৰু জাতীয়তা এক দিঘলীয়া উত্থান-পতন পৰ্বৰ মাজেৰে পাৰ হৈ আহিছে। এই প্ৰতিটো পৰ্বতেই সৃষ্টি হৈছিল কিছুমান প্ৰশ্ন আৰু বিৰোধাভাষৰ। এই প্ৰশ্ন আৰু বিৰোধাভাষসমূহৰ মাজেৰেই এটা একত্ৰ ৰাজনৈতিক পৰিচয়ৰ জন্ম হৈছিল। আমি পূৰ্বৰ আলোচনাতে উল্লেখ কৰি আহিছো যে দদেৱব্ৰত শৰ্মাই অসমীয়া জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৰ আৰম্ভনি আহোম শাসনৰ মাজেৰে হোৱা বুলি মতামত আগবঢ়াইছিল। বিভিন্ন বুৰঞ্জীৰ তথ্য-উৎসৰ সহায়ত আলোচনা কৰিলে দেখা পোৱা যায় যে আহোম শাসনকালীন সময়ত এটা পৰিচয় নিৰ্মাণ প্ৰক্ৰিয়া সচেতন বা অসচেতনভাৱে অথচ অতি ধাৰাবাহিকভাৱে চলি আছিল। এই পৰিচয় নিৰ্মাণ প্ৰক্ৰিয়াটোৱে ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ লগে-লগেই এক আধুনিক ৰূপ লাভ কৰে।

       ইয়াণ্ডাবু সন্ধিৰ লগে-লগেই আহোম শাসনৰ বেলি মাৰ গল আৰু ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ শাসন আৰম্ভ হল। ঔপনিৱেশিক চৰকাৰ অহাৰ লগে-লগেই অসমৰ অৰ্থনীতি আৰু জাতীয় জীৱনলৈ বহুখিনি তাৎক্ষিনক পৰিৱৰ্তন আহি পৰিল। আহোম যুগৰ অৰ্থনীতি ঘাইকৈ আছিল অমুদ্ৰাকেন্দ্ৰিক। স্বৰ্গদেউসকলে মুদ্ৰাৰ প্ৰণয়ন কৰিছিল যদিও মুদ্ৰা অৰ্থনীতিতকৈ অমুদ্ৰা অৰ্থনীতিহে বেছিকৈ প্ৰচলিত আছিল। ঔপনিৱেশিক শাসন ব্যৱস্থা অহাৰ লগে-লগেই এই অমুদ্ৰা অৰ্থনীতিক খুব কম সময়ৰ ভিতৰতেই মুদ্ৰা অৰ্থনীতিলৈ ৰূপান্তৰ কৰি তোলা হয়। বহু শ বছৰীয়া পাইক প্ৰথাক ভাঙি ঔপনিৱেশিক ব্যৱস্থাই স্থায়ী ভূমি বন্দোৱস্তিৰ সূচনা কৰিছিল আৰু তাৰ লগে-লগেই মুদ্ৰাভিত্তিক ভূমি ৰাজহ ব্যৱস্থাৰো প্ৰণয়ন কৰা হৈছিল। এই তাৎক্ষনিক পৰিৱৰ্তনসমূহে অসমৰ সমাজজীৱনত কেতবোৰ দ্বন্দ্বৰ সূচনা কৰিছিল। এই দ্বন্দ্বৰেই ফলাফল হিচাপে আমি মণিৰাম-পিয়লিৰ বিদ্ৰোহক আলোচনা কৰিব পাৰোঁ।

       মণিৰাম দেৱান আছিল পুনৰুত্থানবাদী ধাৰাটোৰ প্ৰথমগৰাকী অসমীয়া নেতা আৰু একেসময়তে প্ৰথম অসমীয়া মধ্যশ্ৰেণীটোৰ এজন প্ৰতিনিধি। মণিৰাম দেৱানৰ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ পণ্ডিত অমলেন্দু গুহে তেওঁৰ গ্ৰন্থ ‘Planter Raj to Swaraj’-ত এইদৰে উল্লেখ কৰিছে, Dewan did not subscribe to an ideology, progressive enough in the context of the times, nor was he a very consistent freedom fighter throughout his carrier. But because of his role in the revolt of 1857, it is the anti-imperialist image of his that lives through people’s memory- the folk songs and modern patriotic literature. He had an entrepreneurial carrier which objectively progressive. He was indeed a bridge between the old and the new.[1] (দেৱানে কোনো আদৰ্শক অনুসৰণ কৰা নাছিল যদিও তেওঁৰ সময়ৰ তুলনাত যথেষ্ট প্ৰগতিশীলো নাছিল, নাইবা তেওঁ ব্যক্তিগত জীৱনত এজন ধাৰাবাহিক স্বাধীনতা যুঁজাৰুও নাছিল। কিন্তু ১৮৫৭ চনৰ বিদ্ৰোহত তেওঁৰ ভূমিকাই তেওঁৰ ওপনিৱেশিকতাবিৰোধী চিত্ৰ এখনৰ জন্ম দিলে আৰু সেই চিত্ৰখন সাধাৰণ মানুহৰ সমূহীয়া স্মৃতিত ৰৈ গল— বিশেষকৈ লোকগীত আৰু আধুনিক দেশপ্ৰেমমূলক সাহিত্যসমূহৰ মাজেৰে। তেওঁ ব্যক্তিগতভাৱে এজন উদ্যোগী আছিল, যিটো বস্তুনিষ্ঠভাৱে প্ৰগতিশীলতাৰ পৰিচায়ক আছিল। তেওঁ আছিল নতুন আৰু পুৰণিৰ মাজৰ এডাল সাকোঁ।– স্ব অনুবাদ) একেদৰে ডহীৰেণ গোহাঁয়ে তেওঁৰ গ্ৰন্থ সাহিত্য আৰু সত্য-ত দেৱানৰ সম্পৰ্কে এইদৰে উল্লেখ কৰিছে- মণিৰাম দেৱানেই তেওঁৰ কাৰ্যদক্ষতাৰ কাৰণে সকলোতকৈ আগতে ব্ৰিটিছ পুঁজিয়ে দিব পৰা সকলোখিনি আদায় কৰি লয়।... সকলোতকৈ আগতে তেৱেঁই বুজি পায় বিকাশৰ এটা নিৰ্দিষ্ট বিন্দুলৈকেহে ইংৰাজে দেশীয় পুঁজিক সহায়-সমৰ্থন কৰিব। আৰু বিকাশৰ সেই সীমা চেৰাই গলেই প্ৰতিযোগিতাৰ ভয়ত তাক নিৰ্বিবাদে বিনাশ কৰিব।[2]

       অমলেন্দু গুহে ইতিমধ্যেই বাখ্যা কৰিছে যে কিয় মণিৰাম দেৱানে আহোম সামন্তীয় শাসনতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলাইছিল। কিন্তু দেৱানৰ এটা মূল সমস্যা আছিল যে তেওঁৰ এটা আদৰ্শগত ভিত্তি নাছিল। সেইবাবেই বোধহয় পৰৱৰ্তী সময়ৰ প্ৰজন্মই মণিৰাম দেৱানক এটা পুৰাকথাৰ চৰিত্ৰৰ দৰে সজাই-পৰাই ঠিকেই ললে, কিন্তু আহোম শাসনতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে তেওঁ কৰা যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আগুৱাই লৈ নগল। কিন্তু মণিৰাম দেৱানে অসমৰ সমাজ জীৱনলৈ এটা খুব ডাঙৰ অৱদান আগবঢ়াই গল, আৰু সেইটো হৈছে উদ্যোগ তথা ব্যৱসায়কেন্দ্ৰিক এটা অনা-দৰমহাভোগী অসমীয়া মধ্য শ্ৰেণীৰ তেওঁ জন্ম দি গল। কুমুদেশ্বৰ হাজৰিকাই তেওঁৰ ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী শীৰ্ষক তথ্যভিত্তিক গ্ৰন্থখনত মাণিক চন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ বৰুৱা, অন্নদাৰাম ঢেকিয়াল ফুকন আদিৰ দৰে তাৎক্ষণিক ব্ৰিটিছকালীন অসমীয়া মধ্যশ্ৰেণীটোৰ ইতিহাস বহন কৰি থকা বৰুৱা-ফুকন ব্ৰাডাৰ্ছ শীৰ্ষক ব্যৱসায় প্ৰতিষ্ঠানটোৰ কথা উল্লেখ কৰি কৈছে, ভাৰতীয় লোকে ইউৰোপীয় আৰ্হিৰে ব্যৱসায় কৰা বৰুৱা-ফুকন ব্ৰাদাৰ্ছই প্ৰথম।[3] মাণিক চন্দ্ৰ বৰুৱাই পাছলৈ এম. চি. বৰুৱা এণ্ড কোম্পানীৰ যোগেদি কাঠৰ ব্যৱসায়তো হাত দিছিল। এই মাণিকচন্দ্ৰ বৰুৱাৰে ব্যৱসায়িক সহযোগী আছিল সাউদ ভোলানাথ বৰুৱা।[4]

       এই ঘটনাৰাজীৰ সমান্তৰালকৈ অসমত ইতিমধ্যেই বেতনভোগী মধ্যশ্ৰেণী এটাৰো জন্ম হৈছিল। আনন্দৰাম ঢেকিয়াল ফুকন, পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে ব্যক্তিসকলে এই বেতনভোগী মধ্যশ্ৰেণীটোৰ নেতৃত্ব বহন কৰিছিল।

       মণিৰাম দেৱানৰ বিদ্ৰোহৰ বিফলতাৰ পৰৱৰ্তী সময়ত অসমত সৃষ্টি হোৱা দুই প্ৰকাৰৰ মধ্যশ্ৰেণীৰ মতাদৰ্শগত অৱস্থান আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসন আৰু অৰ্থনীতিৰ সপক্ষে। ব্ৰিটিছ অসমৰ প্ৰথম পৰ্যায়ৰ মধ্যশ্ৰেণীটোৰ অন্যতম কাণ্ডাৰী আনন্দৰাম ঢেকিয়াল ফুকনৰ দৃষ্টিভংগীৰেই আমি সেই সময়চোৱাক বুজি পাব পাৰোঁ। ডহীৰেণ গোহাঁয়ে তেওঁৰ গ্ৰন্থ শিল্প সংস্কৃতিৰ ৰণাঙ্গনঢেকিয়াল ফুকন আৰু অসমৰ নৱজাগৰণৰ ধাৰণা শীৰ্ষক প্ৰৱন্ধটোত উল্লেখ কৰিছে যে ঢেকিয়াল ফুকনে ব্ৰিটিছ শাসন ব্যৱস্থাক অতি অন্তঃকৰণেৰে গ্ৰহণেই কৰা নাছিল, বৰং ইয়াক ৰক্ষণাবেক্ষনো দিছিল। তেওঁ প্ৰণয়ন কৰা অসমীয়া লৰাৰ মিত্ৰ শীৰ্ষক গ্ৰন্থখনত তেওঁ উল্লেখ কৰিছিল, অসম দেশ মানৰ অধিকাৰত মহা দুৰ্গতিত পৰি অৰাজপ্ৰায় হল, কিন্তু এতিয়া ইংলেণ্ডীয়াধিকাৰ হোৱাত ক্ৰমে উন্নতি হব লাগিছে আৰু কিছু কালৰ মূৰত আকৌ পূৰ্বৰ দৰে হব।[5] ঢেকিয়াল ফুকনৰ এই মতাদৰ্শগত অৱস্থানৰ বাবেই A. J. Moffat Mills-এ তেওঁৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে সেই সময়ৰ অসমীয়া মধ্য শ্ৰেণীৰ দুটা ধাৰাৰ দুজন প্ৰতিনিধি ক্ৰমে মণিৰাম দেৱান আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ মাজত ঢেকিয়াল ফুকনৰ আদৰ্শকহে অনুকৰণ কৰিছিল।[6]

       নৱগঠিত অসমীয়া মধ্যশ্ৰেণীৰ মাজৰ এই দ্বন্দ্ব মূলতঃ আছিল স্পষ্ট— একাংশ মধ্যশ্ৰেণীৰ মতাদৰ্শগত অৱস্থান আছিল ব্ৰিটিছ অনুগত আৰু আনচাম মধ্যশ্ৰেণীৰ মতাদৰ্শগত অৱস্থান আছিল ব্ৰিটিছ বিৰোধী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বাধীন স্বাধীনতা আন্দোলনে অসমক স্পৰ্শ কৰাৰ সমান্তৰালভাৱে ব্ৰিটিছ বিৰোধী মধ্যশ্ৰেণীৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰে যদিও ব্ৰিটিছ অনুগত মধ্যশ্ৰেণীটোৰ সংখ্যাও কোনোগুণে কম নাছিল। উদাহৰণস্বৰূপে আমি তুলি ধৰিব পাৰো যে দদেৱব্ৰত শৰ্মাই তেওঁৰ গ্ৰন্থ অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ-ত দেখুৱাইছে যে অসম সাহিত্য সভাৰ দৰে দিকদৰ্শী জাতীয় অনুষ্ঠান এটাৰ জন্মলগ্নৰ পৰা স্বাধীনোত্তৰ কাললৈকে ৬৪ জন সভাপতিৰ মাত্ৰ সাতজনেহে শাৰীৰিকভাৱে স্বাধীনতা আন্দোলনত যোগ দিছিল।[7]

মূখ্য আয়ুক্তৰ অধীনত অসম, ১৮৮৫ চন


(খ)

অসমীয়া ভাষিক জাতীয়তাবাদঃ ব্ৰিটিছকালীন ভাষা নীতিৰ মাজেৰে এখোজ-দুখোজ

জাতীয়তাবাদৰ বিভিন্ন প্ৰধান শাখাৰ ভিতৰত ভাষিক জাতীয়তাবাদ অন্যতম। আমি পূৰ্বৰ আলোচনাত উল্লেখ কৰিছিলো যে Anthony Smith-এ জাতীয়তাৰ সম্পৰ্কে কবলৈ যাওঁতে উমৈহতীয়া প্ৰতীকৰ কথা উল্লেখ কৰিছে। Michael E. Brown আৰু Sumit Ganguly-এ যুটীয়াভাৱে সম্পাদনা কৰা ‘Fighting words Language Policy and Ethnic Relations in Asia’ শীৰ্ষক গ্ৰন্থখনৰ পাতনিত সম্পাদকদ্বয়ে ভাষাৰ এই প্ৰতীকী মূল্যৰ সম্পৰ্কে উল্লেখ কৰি কৈছে, language issues are important because people attach great symbolic value to their languages and how these languages are treated by other members of society.[8] (ভাষিক ইচ্যুটো এইবাবেই গুৰুত্বপূৰ্ণ, কিয়নো ই এখন সমাজৰ ভাষাসমূহ আৰু সমাজৰ আন সদস্যসকলে কিদৰে এই ভাষাসমূহ গ্ৰহণ কৰে তাৰ বাবে এটা প্ৰতীক।) সেইদৰে Alphonse Daudet-ৰ বিখ্যাত গল্প ‘The Last Lesson’ৰ মাজেৰেও ভাষা এটাই কিদৰে এটা জাতিৰ জাতিসত্বা আৰু পৰিচয়কেন্দ্ৰিক ৰাজনীতিক ধৰি ৰাখে সেই কথা উল্লেখ কৰিছে। অসমীয়া জাতীয়তাবাদৰ ক্ষেত্ৰতো কথাষাৰ একেই। অসমীয়া জাতীয়তাবাদ আৰু জাতীয়তাৰ নিৰ্মানৰ ক্ষেত্ৰত অসমীয়া ভাষাই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰি আহিছে। এইক্ষেত্ৰত ব্ৰিটিছকালীন অসমৰ ভাষা নীতিক আমি Reference Point হিচাপে গ্ৰহণ কৰিব লাগিব।

ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে অসমত শাসন আৰম্ভ কৰাৰ সৈতে চাহ বাগানৰ সম্ভাৱনা জড়িত হৈ আছিল। চাহ বাগান খোলাৰ সমান্তৰালকৈ অসমত প্ৰশাসন ব্যৱস্থা এটাৰ আৰম্ভনি হৈছিল। এইক্ষেত্ৰত এটা প্ৰশাসনীয় অসমীয়া মধ্যশ্ৰেণীৰ (বাবু শ্ৰেণী) সৃষ্টি কৰিবলৈ ব্ৰিটিচ চৰকাৰে বিশেষ যত্ন কৰাতকৈ কলিকতাৰ পৰা বাবুসকলক আমদানি কৰিবলৈ আৰম্ভ কৰিছিল। গতিকে অসমত বাঙালী ভাষা আদালত আৰু শিক্ষাৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হৈছিল। ব্ৰিটিচ চৰকাৰৰ এই পক্ষপাতদুষ্ট ভাষা নীতিয়েই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষিক জাতীয়তাবাদক এটা তাত্বিক ভেঁটি প্ৰদান কৰিছিল। অসমীয়া জাতীয়তাবাদ হৈ পৰিছিল অসমীয়া ভাষাকেন্দ্ৰিক। এই ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ মূল সুঁতিটো অসমীয়া নব্যগঠিত মধ্যশ্ৰেণীটোৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈছিল। তাৰ লগতে ব্যাপ্তিষ্ট মিশ্যনেৰীসকলৰ ভূমিকাও অতি প্ৰাসংগিক আছিল। যি কি নহওঁক, ১৮৪৬-১৮৮২ চনৰ ভিতৰত প্ৰকাশিত অৰুনোদই কাকতখনৰ যোগেদি আৰম্ভ হৈছিল অসমীয়া ভাষিক জাতীয়তাবাদৰ প্ৰাকগাঁথনিটো। কিন্তু এইকনতে আমোদজনক কথাটো হৈছে যে দদেৱব্ৰত শৰ্মাই উল্লেখ কৰিছে যে অৰুনোদই কাকতত কোনোদিন অসমীয়া অভিধাটোৰ উল্লেখ হোৱা নাছিল।[9] গৱেষক প্ৰসেনজিৎ চৌধুৰীয়ে অৰুনোদইৰ যোগেদি অসমীয়া ভাষিক জাতীয়তাবাদ গঢ় লোৱা প্ৰস্তাৱটোৰ তীব্ৰ বিৰোধিতা কৰি উল্লেখ কৰিছিল যে, অসম বা ভাৰতৰ স্বাধীনতাৰ ধাৰণা সম্বলিত ৰাজনৈতিক জাতীয়তাবাদে অৰুণোদই পাতত কাহানিও ঠাই পোৱা নাছিল। লগতে তেওঁ অৰুনোদইৰ আবিৰ্ভাৱৰ আঁৰত কিবা ভাষিক জাতীয় চেতনাই ক্ৰিয়া কৰাৰ কথাটোও অস্বীকাৰ কৰি কৈছে যে অৰুনোদয়ে অসমীয়া ভাষাক নিৰ্বাচন কৰাৰ আঁৰত ভাষাপ্ৰেম নাছিল, বৰং তেওঁলোকৰ ধৰ্মীয় স্বাৰ্থহে জড়িত হৈ আছিল।[10]

       প্ৰসেনজিৎ চৌধুৰীৰ মতামতটোক আমি সম্পূৰ্ণ সত্য বুলিব নোৱাৰোঁ। ইয়াৰ আঁৰত বহুকেইটা কাৰণ লুকাই আছে। অসমীয়া ভাষিক জাতীয়তাবাদৰ সৈতে ৰাজনৈতিকভাৱে অসমীয়া জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম বা অন্য অৰ্থত ৰাজনৈতিক জাতীয়তাবাদ (Political Nationalism)ৰ সম্পৰ্ক আৰম্ভনিৰ সময়চোৱাত ইমান দৃঢ় নাছিল। একেসময়তে পদ্মনাথ গোহাঞিবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়া মধ্যশ্ৰেণীটো ব্ৰিটিছ অনুগত আছিল সঁচা, কিন্তু তেওঁলোকে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনত আগশাৰীৰ পৰা জাতিটোক নেতৃত্ব প্ৰদান কৰিছিল। সেইদৰে অসম সাহিত্য সভা (অঃ ভাঃ উঃ সাঃ), যি অসমীয়া ভাষিক সংগঠনসমূহৰ লাইখুঁটাস্বৰূপ, সেই সংগঠনটোও ১৯২০ চনলৈকে আসাম এশ্যচিয়েচনৰ সৈতে জড়িত হৈ আছিল। আমি এইকনতে জানি থোৱাটো উচিত হব যে আসাম এশ্যচিয়েচনৰ মতাদৰ্শগত অৱস্থান কংগ্ৰেছৰ সৈতে চামিল হোৱাৰ আগলৈকে সম্পূৰ্ণ ব্ৰিটিছবিৰোধী আছিল বুলি কব নোৱাৰি। স্বাধীনোত্তৰ কালত অসমীয়া জাতীয়তাবাদে সুঁতি সলনি কৰি ভাষিক জাতীয়তাবাদক মূল ভেঁটি হিচাপে গ্ৰহণ কৰাৰ ফলতহে বৰ্তমান অসমীয়া ভাষিক জাতীয়তাবাদ আৰু অসমীয়া জাতিৰ ৰাজনৈতিক আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ মাজত বহুখিনি সাদৃশ্য আহি পৰিছে। যি কি নহওঁক, অৰূপজ্যোতি শইকীয়াৰ দ্বাৰা সংকলিত অৰুনোদই (১৮৫৫-১৮৬৮) নিৰ্বাচিত সংকলন শীৰ্ষক সংকলনটোৰ পাতনিতে তেওঁ উল্লেখ কৰিছে যে, ঊনবিংশ শতিকাৰ তৃতীয় দশকৰপৰা অসমৰ আদালত, পঢ়াশালিত বাঙালী ভাষাৰ প্ৰচলনে সৃষ্টি কৰিবপৰা সাম্ভাব্য সকলোখিনি ৰাজনৈতিক সামাজিক দ্বন্দ্বৰ মাজতে অৰুনোদইৰ পৃষ্ঠাতে ভাষা-সাহিত্য সম্পৰ্কীয় উদ্বেগ আৰু বিভিন্ন দৃষ্টিভংগী প্ৰকাশ পাইছিল।.... পূৰ্ণানন্দ ডেকাবৰুৱাই ১৮৫৫ চনত লিখা এখন পত্ৰত অসমৰ প্ৰাই লোক সকলে বাঙালী ভাষাৰে আপোনজনলৈ চিঠি পত্ৰ লিখা প্ৰসংগ উল্লেখ কৰি নিজৰ সংশয় প্ৰকাশ কৰিছিল।[11] সেইদৰে আনন্দৰাম ঢেকিয়াল ফুকনে অৰুনোদইক দেশৰ ভাষা আৰু সাহিত্যক বচোৱাৰ সময়োচিত প্ৰচেষ্টা বুলি মত ব্যক্ত কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱাই অৰুনোদইৰ প্ৰকাশক মাৰ্কিন মিশ্যনেৰীসকলক অসমীয়া সাহিত্যৰ নুমাব খোজা বন্তিগছি জ্বলাই তুলিবলৈ অহা দৈৱপ্ৰেৰিত দেৱদূত হিচাপে গ্ৰহণ কৰাৰ দৰে ডমহেশ্বৰ নেওগে আকৌ মাইলচ্ ব্ৰনচন চাহাবক শৰাইঘাটৰ সেনাপতি লাচিত বৰফুকনৰ সৈতেই তুলনা কৰিছিল।[12] কিন্তু একেজন মহেশ্বৰ নেওগ আকৌ অৰুনোদইৰ শ্ৰেণী চেতনা সম্পৰ্কেও যথেষ্ট সচেতন আছিল। ড নেওগে সম্পাদনা কৰা অৰুনোদইৰ পাতনিত উল্লেখ কৰিছে যে অৰুনোদই কাকতখন সেইসময়চোৱাৰ ইউৰোপীয় চাহ ব্যৱসায়ীসকলৰ অনুদানৰ ধনেৰে পৰিচালিত হৈছিল। দদেৱব্ৰত শৰ্মাই এইক্ষেত্ৰত সংযোগ কৰিছে যে অৰুনোদইৰ এই শ্ৰেণী চৰিত্ৰৰ বাবেই মণিৰাম দেৱানৰ ফাঁচীৰ সময়ত কাকতখন নিমাত আছিল।[13]

       বোধহয় অৰুনোদইৰ মাজেৰে অসমীয়া ভাষিক জাতীয়তাবাদ গঠনৰ ক্ষেত্ৰত আটাইতকৈ প্ৰশংসনীয় কামটো কৰিছিল গুণাভিৰাম বৰুৱাই। গুণাভিৰাম বৰুৱাই অৰুনোদইৰ পাততে এলানি চিঠি লিখিছিল আৰু এই চিঠিসমূহৰ যোগেদি অসমত শিক্ষাৰ মাধ্যম যে অসমীয়া হব লাগে সেইসম্পৰ্কে দাবী জনাইছিল। সেইদৰে আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া লৰাৰ মিত্ৰ শীৰ্ষক অসমীয়া পাঠ্যপুথিখনো অৰুনোদইৰ পাততেই আৰম্ভ হৈছিল।[14] অৰুনোদইৰ সমান্তৰালভাৱে আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘Plea for Assam and the Assamese’, পদ্মনাথ গোহাঞিবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ ‘A note on Assamese Language and Literature’ আদিৰ দৰে ব্যক্তিগত প্ৰচেষ্টাসমূহেও অসমীয়া ভাষিক জাতীয়তাবাদৰ প্ৰাৰম্ভিক ভেঁটি নিৰ্মাণ কৰিছিল। সেইদৰে আসাম বন্ধু আৰু আসাম নিউজৰ প্ৰাসংগিকতাও এইক্ষেত্ৰত মন কৰিবলগীয়া। তদুপৰি পদ্মনাথ গোহাঞিবৰুৱা, পানীন্দ্ৰনাথ গগৈৰ দৰে ব্যক্তিসকলে অসমীয়া ভাষাত বিভিন্নধৰণৰ পাঠ্যপুথি ৰচনা কৰিছিল আৰু এই পাঠ্যপুথিসমূহে অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। এইক্ষেত্ৰত ডঅৰবিন্দ ৰাজখোৱাই তেওঁৰ গ্ৰন্থ জাতীয় ঐতিহ্য আৰু সাহিত্য-ত উল্লেখ কৰিছে যে, পদ্মনাথ গোহাঞিবৰুৱা আৰু পানীন্দ্ৰনাথ গগৈয়ে অনুভৱ কৰিছিল যে পৰ্যাপ্ত অসমীয়া পাঠ্যপুথি প্ৰণয়ন কৰিব নোৱাৰিলে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ হকে মাত মাতি কোনো ফল পোৱা নাযাব।[15]

       অঃ ভাঃ উঃ সাঃ হিচাপে আৰম্ভ হোৱা আৰু পাছলৈ অসম সাহিত্য সভা হিচাপে প্ৰচলিত ভাষিক জাতীয় সংগঠনটোৱে মূলতে অসমীয়া ভাষিক জাতীয়তাবাদক আনুষ্ঠানিক ৰূপ প্ৰদান কৰিছিল। কিন্তু এইক্ষেত্ৰত কেইবাটাও কেৰোণ আছিল। ঔপনিৱেশিক সময়চোৱাত অসম সাহিত্য সভাৰ মতাদৰ্শগত স্থিতিৰ সম্পৰ্কে আমি পূৰ্বতে উল্লেখ কৰি আহিছোঁ। এইকনতে মন কৰিবলগীয়া যে অসম সাহিত্য সভাই অসমীয়া ভাষিক জাতীয়তাবাদ ধৰি ৰাখিবলৈ বাঙালী ভাষা আৰু বাঙালীসকলৰ প্ৰতি তীব্ৰ বিষেদগাৰ ৰাখিছিল, কিন্তু তাৰ সমান্তৰালভাৱে ব্ৰিটিছ শাসনব্যৱস্থাৰ প্ৰতি তেওঁলোক আছিল অনুৰক্ত। দদেৱব্ৰত শৰ্মাই দেখুৱাইছে যে সভাৰ বহুকেইজন সভাপতিয়ে বাঙালীসকলৰ প্ৰতি মুকলি বিষেদগাৰ প্ৰদৰ্শন কৰিছিল আৰু একেসময়তে ব্ৰিটিছ চৰকাৰৰ প্ৰশংসা কৰিছিল।[16] তেওঁলোকে এনে এটা নেৰেটিভ সৃষ্টি কৰিব খুজিছিল যে বাঙালীসকলে ব্ৰিটিছ চৰকাৰক অসমত বাঙালী ভাষা প্ৰণয়ন কৰিবলৈ বাধ্য কৰাইছিল নিজৰ সুবিধাৰ্থে।... (আগলৈ)



পাদটীকাঃ



[1] Guha, Amalendu (1988). Planter-raj to Swaraj Freedom struggle and Electoral Politics in Assam 1826-1947. India Council of History Research, Page: 21

[2] বৰগোহাঞি, যতীন্দ্ৰ কুমাৰ (২০০৫). অসমৰ সামাজিক ৰূপান্তৰ আৰু মধ্যশ্ৰেণীৰ বিকাশ, অসম সাহিত্য সভা, যোৰহাট, পৃষ্ঠাঃ ২৪৮

[3] হাজৰিকা, কুমুদেশ্বৰ (২০২০). ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী, অসম পাব্লিছিং কোম্পানী, পৃষ্ঠাঃ ৯৬

[4] বৰগোহাঞি, যতীন্দ্ৰ কুমাৰ (২০০৫). অসমৰ সামাজিক ৰূপান্তৰ আৰু মধ্যশ্ৰেণীৰ বিকাশ, অসম সাহিত্য সভা, যোৰহাট, পৃষ্ঠাঃ ২৪৯

[5] গোহাঁই, হীৰেন (২০২১). শিল্প সংস্কৃতিৰ ৰণাঙ্গন, ঐকান্তিক, পৃষ্ঠাঃ ৩৫

[6] শৰ্মা, দদেৱব্ৰত (২০০৭), অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পৃষ্ঠাঃ ২৬৩.

[7] এনেবোৰ পটভূমিৰ পৰা চালে সভাৰ ৬৪ জন সভাপতিৰ মাত্ৰ সাতজনহে শাৰীৰিকভাৱে স্বাধীনতা আন্দোলনত যোগ দিয়া কথাত আচৰিত হব লগা একো নাথাকে। সেই সাতজন আছিল তৰুণৰাম ফুকন, নীলমণি ফুকন, বেনুধৰ শৰ্মা, লক্ষ্যধৰ চৌধুৰী, হেম বৰুৱা, বীৰেন বৰকটকী আৰু অম্বিকাগিৰী ৰায়চোধুৰী। তাৰে অন্ততঃ তিনিজন ইমানেই দোদুল্যমান আছিল যে তেওঁলোক স্বাধীনতা সংগ্ৰামতে আছিল নে ব্ৰিটিছ শিবিৰতে আছিল, বুজাই মস্কিল আছিল। উদাহৰণস্বৰূপে নীলমণি ফুকন বহুসময়লৈকে স্বাধীনতা সংগ্ৰামৰ বিৰোধী আছিল। একেবাৰে শেহ পৰ্যায়তহে তেওঁ আন্দোলনৰ ফলীয়া হৈছিল। বেনুধৰ শৰ্মাই ব্ৰিটিছ ৱাৰ ফ্ৰন্টত যোগ দি নিজৰ ভাৱমূৰ্তি হানি কৰিছিল। আনকি তৰুণৰাম ফুকনো সদায় ব্ৰিটিছবিৰোধী নাছিল।..., শৰ্মা, দদেৱব্ৰত (২০০৭), অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পৃষ্ঠাঃ ২৬৬.

[8] Brown, Michael E.; Ganguly, Sumit (Ed.) (2003). Fighting Words Language Policy and Ethnic Relations in Asia, The MIT Press, ISBN: 0-262-52333-7, Page: 4

[9] শৰ্মা, দদেৱব্ৰত (২০০৭), অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পৃষ্ঠাঃ ১১৬.

[10] উঃ গ্ৰঃ, পৃঃ ১১৮-১১৯

[11] শইকীয়া, অৰূপজ্যোতি (সম্পা.)(২০০৪). অৰুনোদই (১৮৫৫-১৮৬৮ চন) নিৰ্বাচিত সংকলন, ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠাঃ XXXIX.

[12] শৰ্মা, দদেৱব্ৰত (২০০৭), অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পৃষ্ঠাঃ ১১৮.

[13] উঃ গ্ৰঃ, পৃঃ ১২৩

[14] উঃ গ্ৰঃ, পৃঃ ১২৯

[15] ৰাজখোৱা, অৰবিন্দ (২০২১). জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাব্লিচিং কোম্পানী, পৃষ্ঠাঃ ৭৫

[16]সভাৰ চতুৰ্থজন সভাপতি, পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়েও বাঙালী সকলক আক্ৰমণ কৰি এনেকৈ কৈছিলঃ

দেশত খাবলৈ নোপোৱা আপোন-পেটীয়া, ঢাকা, ৰংপুৰ আদি অঞ্চলৰ, কুলাৰ আগত উৰি যোৱা পতানৰ নিচিনা খেৰেচ বঙালীহে তাত কাম বিচাৰি গৈছিল। অসমীয়া ভাষা আদালতৰ ভাষা থাকিলে সিঁহতে কাম কৰিবলৈ টান পাব, সেইবাবেই সিঁহতে ইংৰাজ হাকিম বিলাকক বুজাবলৈ লাগিল অসমীয়া এটা বেলেগ ভাষা নহয়, বঙালী ভাষাৰে চহা অৱস্থা মাথোন।

সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ মতামতো আছিল সদৃশ। তেওঁ কৈছিলঃ

বৃটিছ ৰাজে দয়া কৰি- অসমীয়া সাহিত্য সজীৱ আৰু সতেজ ৰাখিবলৈ যত্নৰ ত্ৰুটি কৰা নাছিল; গবৰ্ণমেন্টে বিবিধ ব্যৱস্থাৰে সৈতে ইয়াৰ উন্নতি বিধান কৰাৰ উপৰি ইয়াক ৰাজভাষা (Court Language) কৰি ইয়াৰ শ্ৰীবৃদ্ধিলৈ বাট সুগম কৰি দিলে। কিন্তু এনেতে এদল স্বাৰ্থপৰ অসমপ্ৰবাসী বঙালীয়ে অসমীয়া ভাষা আৰু সাহিত্যৰ উদগতিৰ আগত ভেটা মাৰি ধৰিলে।, শৰ্মা, দদেৱব্ৰত (২০০৭), অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ, একলব্য প্ৰকাশন, পৃষ্ঠাঃ ২৮৪

Post a Comment

0 Comments