(উপন্যাসিক তথা গল্পকাৰ নিলোত্পলদাৰ বিয়া খাবলৈ গ’লোঁ। বিয়া খাই পিছদিনা তেজপুৰলৈ গ’লোঁ। লগত মোৰ বন্ধু বিজয় চাহ। তেজপুৰত মাহীদেউৰ ঘৰত ভাত খাই থাকোঁতে হঠাত্ ইতিহাসবিদ নবীন বুঢ়াগোহাঁই ককাইদেউৰ পোষ্ট এটা পালোঁ। তাৰ পাছত তেওঁ অসম আদিত্য কাকতত প্ৰকাশ কৰা ক্ষেত্ৰ অধ্যয়নটো পঢ়িবলৈ পালোঁ। সেই ক্ষেত্ৰ অধ্যয়নটোত বীৰাংগনা মূলাগাভৰুৰ মৈদাম আৱিষ্কাৰ কৰাৰ কথা লিখিছে। তাৰ পাছৰ কথাখিনি তেনেই চুটি। তেজপুৰৰ পৰা ঘূৰি অহাৰ পিছৰ দিনাখনেই বিজয় চাহ আৰু মই উক্ত অঞ্চলবোৰ চাবলৈ গ’লোঁ। এই ক্ষেত্ৰ অধ্যয়নটোৰ সৰহখিনি কৃতিত্ব নবীন বুঢ়াগোঁহাই ককাইদেউ আৰু বন্ধু বিজয় চাহৰ।)
মূলা গাভৰুৰ মৈদামঃ
পৃথিৱীৰ
বিভিন্ন জাতি-জনগোষ্ঠীৰ ইতিহাস আৰু পুৰাকথাৰ মাজত মহিলা যুঁজাৰুৰ বহুখিনি গৌৰৱময়
কাহিনীৰ বিৱৰণ পোৱা যায়। বৰ্তমান প্ৰজন্মৰ বাবে মহিলা যুঁজাৰু বুলি ক’লে নৰ্ছ পুৰাকথাৰ ভেল্কাৰী (Valkyrie)সকল
তেনেই চিনাকী, যিসকলে উৰন্ত ঘোঁৰাত উঠি যুদ্ধ কৰিছিল। নৰ্ছ পুৰাকথাৰ দৰে আমি
প্ৰাচীন গ্ৰীক কাহিনীৰ মেডুনাৰ নামো ল’ব পাৰোঁ। অসমৰ
ক্ষেত্ৰত আমি ভেল্কাৰী বা মেডুনাৰ দৰে আমি নাম ল’ব পাৰো মূলা গাভৰুৰ।
মূলাগাভৰুৰ কাহিনীটো সকলোৱেই জানে। তথাপিও
খুব চমুকৈ পুনৰোক্তি কৰিব খুজিছোঁ। ১৫২৭ চনত মোগল বাদশ্বাহৰ নিৰ্দেশ অনুযায়ী
তুৰ্বকে বিশাল যুদ্ধ আয়োজন কৰি অসম আক্ৰমণ কৰিবলৈ আহিছিল। সেইসময়ত আহোম স্বৰ্গদেউ
আছিল চুহুংমুং ৰজাদেউ। চুহুংমুং ৰজাদেৱে কনছেং বৰপাত্ৰ গোহাঁইক মূল সেনাপতি পাতি
লগত ফ্ৰা ছেং মুং বৰগোহাঁই, ছুলেং চাইৰিং, থাও মঙ চেন, তিপমীয়া ৰজা ছু ক্লেন মুং
আদি বহু উচ্চপদস্থ ৰাজবিষয়াক তুৰ্বকক ভেটিবলৈ পঠালে। তুৰ্বকে কলিয়াবৰৰ যুদ্ধত
জয়লাভ কৰে আৰু আঠজন আহোম সেনাপতি ৰণত পৰিছিল। কলিয়াবৰ জয়লাভ কৰি তুৰ্বক নিজৰ দেশলৈ
ঘূৰি গ’ল।
ফ্ৰা ছেং মুং বৰগোহাঁইৰ পত্নী মূলা গাভৰু
আইদেৱে ইতিমধ্যে স্বামীহত্যাৰ প্ৰতিশোধ ল’বলৈ
সাজু হৈছিল। বুৰঞ্জী অনুসৰি মূলা গাভৰু আইদেৱে লগত বিশ (২০) গৰাকী আহোম মহিলাকো
যুদ্ধৰ বাবে সাজু কৰি তুলিছিল। এইকনতে আৰু এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব যে ঋতুমতী হৈ থকাৰ বাবে মূলা গাভৰু আইদেৱে তেওঁৰ স্বামী ফ্ৰা ছেং মুং
বৰগোহাঁই যুদ্ধলৈ যাওঁতে কবচ কাপোৰ বৈ দিব পৰা নাছিল। আহোম বুৰঞ্জী আৰু পৰম্পৰা
অনুসৰি কোনো আহোম ব্যক্তি ৰণলৈ যাওঁতে তেওঁৰ পত্নীয়ে একেৰাতিৰ ভিতৰত সূতা কাটি এখন
কাপোৰ বৈ দিব লাগিছিল। এই কাপোৰখনক আহোম যুদ্ধৰীতিত অতি উচ্চ মূল্য দিয়া হৈছিল আৰু
বিশ্বাস কৰিছিল যে এই কাপোৰখন লগত থাকিলে কোনো ৰণুৱাকে যুঁজত ঘটুৱাব নোৱাৰি। যিকি
নহওঁক, কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবেই ফ্ৰা ছেং মুং বৰগোঁহাই ৰণত পৰিল বুলি ভাবি
মূলা গাভৰু আইদেৱে তুৰ্বকৰ দ্বিতীয় আক্ৰমণৰ সময়চোৱাত (১৫৩২) যুদ্ধত অংশ লৈ দিকৰাই
মুখৰ যুদ্ধত যথেষ্ট বীৰত্বৰে যুদ্ধ কৰিছিল। মূলা গাভৰু আইদেউ আৰু তেওঁৰ নেতৃত্বৰ
বিশগৰাকী মহিলাৰ বাহিনীটোৱে তুৰ্বকৰ সৈন্যৰ বিৰুদ্ধে চাৰিদিন যুদ্ধ কৰিছিল আৰু
শেষত তুৰ্বকৰ সৈতে হোৱা যুদ্ধত বীৰত্বৰে মৃত্যু মুখত পৰে। বুৰঞ্জীয়ে কয় যে মূলা গাভৰু
আইদেৱে যুদ্ধস্থলীত মোগল সেনাপতি তৌজীক ৰণত ঘটুৱাই হত্যা কৰিছিল। মৈদামৰ একাংশ
চতিয়াৰ এই অঞ্চলবোৰত ঘটি যোৱা ইমান এটা
বৃহত্ ঘটনা সম্পৰ্কে ইমান দিনে বৰ বিশেষ কিছু আলোচনা হোৱা নাছিল। সম্প্ৰতি
ইতিহাসবিদ নবীন বুঢ়াগোহাঁই ককাইদেউৰ উদ্যোগত মূলা গাভৰু আৰু তেওঁৰ সহযোগী কুৰি
গৰাকী বীৰাংগনা মহিলাৰ মৈদামৰ কথাবোৰ পোহৰলৈ আহিছে। এইসম্পৰ্কে আমি যেতিয়া মৈদামৰ
একেবাৰে কাষৰ স্থানীয় চাহ জনগোষ্ঠীৰ লোকৰ সৈতে কথা পাতিছিলো তেওঁলোকে এই যুৰীয়া
মৈদাম দুটাক “বুঢ়া-বুঢ়ীৰ ভেঁটি” বুলিহে উল্লেখ কৰিছিল। আমি ভ্ৰমণকালত লগ পোৱা স্থানীয় লোকসকলে আমাক কৈছিল
যে মৈদামটোৰ ওপৰত ৰবৰ খেতি কৰিবলৈ প্ৰচেষ্টা কৰা হৈছিল। (চিত্ৰত ৰবৰ খেতি কৰিবলৈ
খন্দা গাঁত আপোনালোকে চাব পাৰে) সেইদৰে আমি ব্যক্তিগতভাৱে দেখিছিলো এটা মৈদামৰ
ওপৰিভাগত বনভোজ খাবলৈ প্ৰস্তুত কৰা দুটা চৌকা আৰু আনটো মৈদামৰ ওপৰত ব’ল বৌম কৰা মানুহে পুতি থৈ যোৱা এখন শিৱৰ পতাকা। যদিও ‘আইভেঁটি’ হিচাপে বৰ্তমান মৈদাম দুটা প্ৰশাসনৰ ওচৰত
লিপিবদ্ধ হৈ আছে, উপৰিউক্ত ঘটনাসমূহৰ পৰা এষাৰ কথা স্পষ্ট হৈ পৰিছে যে মৈদাম দুটাৰ
সংৰক্ষণৰ বাবে চৰকাৰে বৰ বেছি গুৰুত্ব প্ৰদান কৰা নাই
।
ৰবৰ খেতি কৰিবলৈ তৈয়াৰ কৰা গাঁত
![]() |
বনভোজ খাবলৈ তৈয়াৰ কৰা চৌকা |
![]() |
বল বৌম দলে পুতি থোৱা শিৱৰ পতাকা |
মাটিপাহাৰঃ
বুৰঞ্জী
অনুসৰি মাটিপাহাৰ অঞ্চলটো আছিল আহোম সেনাৰ কোঠ বা চাউনি। সামৰিক দৃষ্টিৰ পৰা
কাষৰীয়া ঠাইতকৈ হঠাত্ ওখ হৈ যোৱা এই মাটিপাহাৰ টিলাটো (নে ক্ষুদ্ৰ পাহাৰ?) সেনা চাউনি কৰিবলৈ যথেষ্ট সুবিধাজনক, কিয়নো ইয়াৰ পৰা সমগ্ৰ
অঞ্চলটোৰ ওপৰত খুব সহজে চকু ৰাখিব পাৰি। বৰ্তমান এই মাটিপাহাৰ টিলাটোৰ নিচেই কাষতে
চাহ বাগান আছে। তদুপৰি আমাৰ যাত্ৰা কালত মাটিপাহাৰ টিলাটোৰ এটা কোণত এটা শিৱ
মন্দিৰৰ নিৰ্মান কাৰ্যও চলি থকা আমি দেখা পাইছিলোঁ। বিভিন্ন হাবি-জংঘলেৰে বৰ্তমান
ভৰপূৰ হৈ থকা এই টিলাটোৰ মাজভাগত এটা খাল আমি দেখা পাইছিলো আৰু স্থানীয় ৰাইজেও এই
খালটোৰ কথা কৈছিল। মাটিপাহাৰৰ নিচেই কাষতে বসবাস কৰা ব্যক্তিসকলে এই অঞ্চলটোৰ
ইতিহাসৰ বিষয়ে নাজানে।
![]() |
মাটিপাহাৰত নিৰ্মান কৰি থকা শিৱমন্দিৰটো |
আমি এই ক্ষেত্ৰ অধ্যয়নৰ প্ৰতিবেদনৰ শেষত
ইয়াকেই কামনা কৰিছোঁ যে দিকৰাই মুখ, মূলা গাভৰু আৰু কুৰিগৰাকী মহিলা যুঁজাৰুসকলৰ
মৈদাম দুটা, মাটিপাহাৰ আৰু অনান্য ঐতিহাসিক পুখুৰীকেইটাৰ সম্পৰ্কে উপযুক্ত গৱেষণা
হওঁক। ভাৰতীয় পুৰাতত্ব আৰু ইতিহাস বিভাগে এই অঞ্চলটোত থকা ঐতিহাসিক স্থানসমূহ
ভালদৰে পৰিদৰ্শন আৰু অনুসন্ধান কৰি ইবোৰৰ সংৰক্ষণৰ ব্যৱস্থা কৰাটো নিতান্তই
প্ৰয়োজনীয়। মূলা গাভৰুৰ বীৰত্বময় কাহিনী প্ৰতিজন অসমীয়াৰ বাবে চিৰস্মৰণীয় আৰু
অনুপ্ৰেৰণাদায়ক। মূলা গাভৰুৰ তুলনা মই নৰ্ছ পুৰাকথাৰ ভেল্কাৰীসকলৰ সৈতে সেইবাবেই
আদিতেই তুলনা কৰিছোঁ। গতিকে মূলা গাভৰু আইদেউৰ ইতিহাস জড়িত হৈ থকা উক্ত
অঞ্চলসমূহৰ সংৰক্ষণে ভৱিষ্যত প্ৰজন্মক নিজৰ শিপাডাল চিনি পোৱাত নিশ্চয়কৈ সহায় কৰিব
বুলি মই আশাবাদী।
(বিশেষ ধন্যবাদঃ নবীন বুঢ়াগোহাঁই ককাইদেউ, বিজয় চাহ আৰু মনোজ ফুকন)
0 Comments