ক্ষেত্ৰ অধ্যয়ন
১৯৫০ চনৰ বৰভূঁইকপে অসমৰ বিভিন্ন
অঞ্চলত সাংঘাটিক ধৰণেৰে প্ৰভাৱ পেলাইছিল, অসমৰ ভূ-ৰাজনৈতিক অৱস্থা
আৰু মানচিত্ৰৰ ৰেহৰূপ সলনি কৰি তুলিছিল। পূৰ্বতে মানুহে গজগজীয়া হৈ থকা বহুবোৰ ঠাই
মানুহৰ বসবাসৰ অনুপযোগী হৈ পৰিছিল। ফলশ্ৰুতিত বহু হতভগীয়া পৰিয়ালে নিজৰ জন্মৰ
ঠাইকন এৰি থৈ যাবলগীয়াত পৰিছিল। এইদৰে প্ৰবজিত হোৱা এই বৃহত সংখ্যক ক্ষতিগ্ৰস্ত
লোকৰ ভিতৰত বৰ্তমানৰ ধেমাজিৰ মুৰ্কংচেলেক অঞ্চল আৰু গোলাঘাট জিলাৰ ৰমৰীয়া অকলেণ্ডৰ
এজাক মানুহো আছিল। ঘাইকৈ তেওঁলোক মিচিং সম্প্ৰদায়ৰ আছিল। বৰ্তমানে লাইকা-দধিয়াত
সৰহসংখ্যক মিচিং সম্প্ৰদায়ৰ লোকৰ বিপৰীতে লাইকাত ত্ৰিশ ঘৰ চাহ জনজাতিৰ পৰিয়াল আৰু
দধিয়াত চাৰিঘৰমান অনা মিচিং (মূলতঃ গগৈ আৰু সন্দিকৈ উপাধিৰ) তদানীন্তন বৰদলৈ
চৰকাৰে তেওঁলোকক বৰ্তমানৰ লাইকা-দধিয়া বনগাঁৱত সংস্থাপিত কৰিছিল। সেইসময়চোৱাত
ডিব্ৰু চৈখোৱাই অভয়াৰণ্য হিচাপেও স্বীকৃত হোৱা নাছিল।লাইকা-দধিয়াবাসীৰ ধৰ্ণাস্থলীৰ এক দৃশ্য। একাংশ ৰাইজ ধৰ্ণাত ব্যস্ত আৰু এজনে বক্তৃতা দি আছে।
@Sukumar Payeng
১৯৮৬
চনত ডিব্ৰু-চৈখোৱাই অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। সেই সময়চোৱাত চৰকাৰ আৰু
সংশ্লিষ্ট কৰ্তৃপক্ষই লাইকা আৰু দধিয়াৰ লোকসকলক তেওঁলোকৰ বসবাস আৰু উন্নয়নৰ
ধাৰাবাহিকতাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু ১৯৯৯ চনত প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন
চৰকাৰৰ দিনত হোৱা জৰীপত লাইকা আৰু দধিয়া বনগাঁও দুখনক ডিব্ৰু-চৈখোৱাৰ মানচিত্ৰৰ
পৰা মোহাৰি পেলালে আৰু সেইসূত্ৰে ডিব্ৰু-চৈখোৱাই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ
কৰে। নিঃসন্দেহে ডিব্ৰু-চৈখোৱাৰ প্ৰতি এই স্বীকৃতি অসমৰ জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা
ৰক্ষা কৰাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী পদক্ষেপ আছিল, কিন্তু সেই একেটা
সিদ্ধান্তই লাইকা-দধিয়াবাসীৰ মানৱ অধিকাৰৰ ক্ষেত্ৰত এটা প্ৰশ্নবোধক হৈ ৰ’ল। সেই
প্ৰশ্নটো আজিও একে অৱস্থাতে ৰৈ আছে। ইতিমধ্য়ে ডিব্ৰু-চৈখোৱাৰ মানচিত্ৰৰ পৰা মোহাৰি
পেলোৱা লাইকা আৰু দধিয়াৰ অস্তিত্বক জীয়াই ৰাখিবলৈও তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছিল
আৰু সেই আন্দোলনৰ ফলতহে পুনৰ উক্ত বনগাঁৱ দুখনি মানচিত্ৰৰ মাজলৈ আহিছিল। আমি আমাৰ
প্ৰাৰম্ভিক প্ৰতিবেদনতে উল্লেখ কৰিছিলো যে লাইকা-দধিয়াৰ সমস্যাটো ৰাষ্ট্ৰসৃষ্ট আৰু
ইয়াৰ আঁৰৰ কাৰণ আছিল ৯৯ চনৰ ভুৱা জৰীপ। একালত ৰাষ্ট্ৰই সংস্থাপিত কৰা লাইকা-দধিয়াৰ
লোকসকলক ৰাষ্ট্ৰীয় উদ্যান ঘোষমাৰ পূৰ্বে সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো ৰাষ্ট্ৰৰ
কেৱল আইনগত কৰ্তব্যই নাছিল, বৰং এটা মানৱীয় কৰ্তব্যও আছিল।
ৰাষ্ট্ৰীয়
উদ্যান হিচাপে ঘোষিত হোৱাৰ পাছত বন বিভাগৰ নিৰ্দেশনা অনুযায়ী লাইকা আৰু দধিয়া
বনগাঁৱত কোনোধৰনৰ আন্তঃগাঁথনিৰ কাম-কাজ সঠিকৰূপত হোৱা নাই। আজি পৰ্যন্ত
লাইকা-দধিয়াত বিদ্যুত সংযোগ নাই। সেইদৰে শিক্ষা প্ৰতিষ্ঠান হিচাপে এখন প্ৰাথমিক
আৰু এখন মজলীয়া বিদ্যালয়হে আছে। ইয়াৰ পৰাই বুজিব পৰা যায় যে লাইকা-দধিয়াবাসীয়ে
স্বাধীনতাৰ সাতটা দশক পাৰ হৈ যোৱাৰ পাছতো একধৰণৰ সাঁগাটিক দুৰৱস্থাৰ মাজেৰে জীৱন
অতিবাহিত কৰি আহিছে।
চৰকাৰী
হিচাপ অনুসৰি লাইকা-দধিয়াত বৰ্তমান ১৪৮০টা পৰিয়ালে বসবাস কৰি আহিছে। চৰকাৰীভাৱে
অসমৰ্থিত,
অথচ স্থানীয় লোকৰ হিচাপ অনুসৰি অঞ্চলটোত ২১১২ টা পৰিয়ালে বসবাস কৰি
আছে। এই বৃহত সংখ্যক ৰাইজে অনেক দিন ধৰি তেওঁলোকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ চৰকাৰ
আৰু প্ৰশাসনৰ সমূখত দাবী উত্থাপন কৰি আহিছে। ২০১৮ চনত প্ৰশাসনে ডিগবৈ ৰাজহ খণ্ডৰ
অধীনৰ তৰাণি নামে ঠাইত লাইকা-দধিয়াৰ কিছুসংখ্যক পৰিয়ালক সংস্থাপন দিয়াৰ ব্য়ৱস্থা
কৰিছিল যদিও প্ৰশাসনৰ অপৰিপক্কতাৰ ফলস্বৰূপে তাৰ স্থানীয় ৰাইজৰ সৈতে সংস্থাপিত
লাইকা-দধিয়াবাসীৰ সংঘাত হয়, যাৰ ফলস্বৰূপে তেওঁলোক পুনৰ
লাইকা-দধিয়ালৈ ঘূৰি আহে। সেই সময়ত প্ৰমিলাৰাণী ব্ৰহ্ম আৰু PCCFয়ে অৱস্থাৰ বুজ লৈ ৮ মাহৰ ভিতৰত তেওঁলোকৰ পুনৰ শান্তিপূৰ্ণ আৰু সুৰক্ষিত
সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনসকল ৰাজনৈতিক নেতাৰ দৰেই প্ৰমিলা ৰাণী
ব্ৰহ্মইও সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হ'ল। তাৰ
প্ৰতিক্ৰিয়া হিচাপে লাইকা-দধিয়াবাসীয়ে ২০১৯ চনৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ
সিদ্ধান্ত গ্ৰহণ কৰে। সেইবাৰ স্বয়ং মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
লাইকা-দধিয়াবাসীক বাৰিষাৰ আগে-আগে সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই প্ৰতিশ্ৰুতিত
বিশ্বাস কৰি লাইকা-দধিয়াবাসীয়ে তেওঁলোকৰ পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত
প্ৰত্যাহাৰ কৰিছিল। পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে ডিগবৈ খণ্ডৰ অন্তৰ্গত মামৰনি নামে
ঠাইত ৩৭০ একৰ পতিত ভূমি তেওঁলোকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই
অঞ্চলটোত পুনৰ তেওঁলোকৰ সৈতে স্থানীয় ৰাইজৰ সংঘৰ্ষ হয় আৰু তেওঁলোক পুনৰ আগৰ
স্থানলৈ ঘূৰি আহিবলৈ বাধ্য হয়। এইবাৰ প্ৰশাসনে পুনৰ ডিগবৈ খণ্ডৰে ঔগুৰি নামৰ
ঠাইটুকুৰাত ৪৭৯ একৰ ভূমিত তেওঁলোকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। বন সংমণ্ডলে
প্ৰথমাৱস্থাত উক্ত ঠাইকনক পতিত ভূমি হিচাপে ঘোষণা কৰিছিল যদিও এক অজ্ঞাত ৰহস্যজনক
কাৰণত কেইমাহমানৰ পাছত ঘোষণা কৰে যে ঔগুৰি অঞ্চলত লাইকা-দধিয়াবাসীক সংস্থাপন দিবলৈ
৮০০০ জোপা গছ কাটিব লাগিব। এইকনতে সমগ্ৰ বিষয়টো ৰহস্যৰ আওঁতালৈ আহে যে প্ৰথম
অৱস্থাত পতিত ভূমি হিচাপে ঘোষণা কৰি তাৰ কেইমাহমানৰ পাছতে কিয় গছ কটাৰ প্ৰসংগৰে
সংস্থাপন দিয়া নহ'ল?এখন পেষ্টুন। @Niku Duwarah
গতিকে
দেখা পোৱা গ’ল যে লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ প্ৰসংগটো যোৱা বহু দশকজুৰি বিবাদমান
হৈ আছে। প্ৰশাসন আৰু চৰকাৰ ব্যৱস্থাৰ গা এৰা দিয়া মনোভাৱৰ বাবেই সংস্থাপনৰ প্ৰতিটো
পদক্ষেপেই ব্যৰ্থ হৈ আহিছে। গৃহহীন লাইকা-দধিয়াবাসীয়ে তেওঁলোকৰ মৌলিক অধিকাৰ
প্ৰাপ্তিৰ সংগ্ৰামখন এইধৰণৰ বাধা-বিঘিনি আৰু ৰাজনৈতিক হস্তক্ষেপৰ পাছতো চলাই নিছে।
যোৱা ২০২০ চনৰ ২২ ডিচেম্বৰ তাৰিখৰ পৰা লেজাইহুলা চৰকাৰী ভূমিখণ্ডত কেম্প পাতি বাস
কৰি অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপা.ন কৰি আহিছে। তেওঁলোকৰ শ্লোগানসমূহো মন কৰিবলগীয়া।
কেতবোৰ গুৰুত্বপূৰ্ণ শ্লোগানৰ উদাহৰণ হৈছে-
১) No compromise,
ultimate solution is rehabilitation.
২) When injustice
becomes law rebellion becomes duty.
৩) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয়
উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলক।
৪) লাইকা-দধিয়াবাসীক মানুহৰ দৰে
জীয়াই থকাৰ অধিকাৰ দিয়ক।
৫) স্বয়ং মূখ্যমন্ত্ৰী
প্ৰতিবাদস্থলীলৈ আহি লাইকা-দধিয়াবাসীক এক স্থায়ী সমাধান দিয়ক। আদি।
লাইকা-দধিয়াবাসীৰ
প্ৰতিবাদৰ প্ৰতিক্ৰিয়া হিচাপে চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাই পাহাৰপুৰ, নামপাই, ৰঙা ৰিজাৰ্ভ আদি ঠাইৰ নাম সংস্থাপনৰ বাবে প্ৰস্তাৱ
কৰিছিল। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বনমন্ত্ৰী
পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত এখনি উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে আৰু অহা ৩১
জানুৱাৰী তাৰিখৰ ভিতৰত লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। সেই
অনুসৰি জিলা প্ৰশাসনে লাইকা-দধিয়াবাসীৰ সমূখত বিভিন্ন অঞ্চলত পুনৰ সংস্থাপনৰ
প্ৰস্তাৱ আগবঢ়াইছে। এইকনতে মন কৰিবলগীয়া যে প্ৰশাসনে প্ৰস্তাৱ আগবঢ়োৱা
মাৰ্ঘেৰিটাৰ নামফাই অঞ্চলটোত যোৱা বহু বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বন্যাক্ৰান্ত
লোকসকলে বসবাস কৰি আহিছে। সেই অঞ্চলটোত লাইকা-দধিয়াবাসীক সংস্থাপন কৰিলে কাজেই
ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে পাহাৰপুৰ আৰু ৰঙা ৰিজাৰ্ভ অঞ্চল দুটা
বানপানীৰ দ্বাৰা আক্ৰান্ত অঞ্চল। ৰঙা ৰিজাৰ্ভৰ এলেঙী অঞ্চল (যিটো অঞ্চল সংস্থাপনৰ
বাবে নিৰ্বাচন কৰিছে) এই প্ৰতিবেদন লেখকৰ বাসস্থানৰ পৰা বেছি দূৰৈৰ নহয়। উক্ত
অঞ্চলটো বানপানীৰ দ্বাৰা ইমানেই আক্ৰান্ত যে তাত উন্নয়নমূলক কাম-কাজ দূৰৈৰ কথা,
মানুহ বসবাস কৰাৰ বাবেও উপযুক্ত নহয়। আনহাতে ডিগবৈ বন সংমণ্ডলৰ
অন্তৰ্গত পাহাৰপুৰ অঞ্চলটোত বহু হাজাৰ বিঘা মাটি জোৱেল আলী নামৰ এগৰাকী ব্যক্তিয়ে
বেদখল কৰি চাহ খেতি কৰি আছে। লাইকা-দধিয়াবাসীয়ে প্ৰস্তাৱ আগবঢ়াইছে যে উক্ত অঞ্চলক
বেদখলমুক্ত কৰি তেওঁলোকক সুৰক্ষিতভাৱে সংস্থাপিত কৰাৰ দায়িত্ব প্ৰশাসনে গ্ৰহণ কৰক।
সেইদৰে প্ৰশাসনে প্ৰস্তাৱ কৰা চালেকী অঞ্চলটো নগা-ছেমা অধ্যুষিত অঞ্চল আৰু সেই
ঠাইত প্ৰশাসনে কোৱাৰ দৰে সংস্থাপিত কৰিলে ভাতৃঘাতী সংঘৰ্ষ হোৱাটো স্বাভাৱিক।
একেবাৰে শেহতীয়াভাৱে প্ৰশাসনে প্ৰস্তাৱ আগবঢ়াইছে মামৰণী অঞ্চলৰ ৩২০ হেক্টৰ ভূমি
আৰু ঔগুৰি অঞ্চলৰ ৪৭০ হেক্টৰ ভূমি। মন কৰিবলগীয়া যে এই ঠাই দুখনক লৈ
লাইকা-দধিয়াবাসীৰ কোনো আপত্তি নাই। (তথ্যঃ TMPKৰ তিনিচুকীয়া
জিলা কমিটিৰ বেনাৰত লাইকা-দধিয়াবাসীৰ প্ৰতিবেদন, তাংঃ
০৮/০১/২০২১)লেজাইহুলাৰ কেম্পৰ ভিতৰৰ দৃশ্য। @Sukumar Payeng
যোৱা
বিশ-পঁচিশ বছৰ ধৰি ওলোমা পেণ্ডুলাম হৈ ৰৈ থকা লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ
সমস্যাটোয়ে অহা ৩১ জানুৱাৰী তাৰিখে অন্য এক মূৰ ল'ব। যদিহে
মূখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আখৰে-আখৰে পালন হয়, তেন্তে চৰকাৰৰ
এই পদক্ষেপক আমি নিশ্চিতভাৱে আদৰণি জনাম, কিন্তু যদিহে
তেওঁলোকৰ জীৱনৰ নিৰাপত্তাক লৈ পুনৰবাৰ পূৰ্বৰ দৰেই হেতালি খেলা হয়, তেন্তে ই অসমৰ ইতিহাসতে এক ঘৃণণীয় ঘটনা হৈ ৰ'ব।
0 Comments