লাইকা-দধিয়াৰ
সমস্যাটো এটা ৰাষ্ট্ৰসৃষ্ট সমস্যা। নিজকে কল্যানকামী গণতন্ত্ৰ বুলি কোৱা ৰাষ্ট্ৰব্যৱস্থাই
লাইকা-দধিয়াৰ সমস্যাটোক গা-এৰা দিয়াটো অত্যন্ত স্ববিৰোধী কথা। লাইকা-দধিয়াৰ সমস্যাটোৰ
পটভূমি ১৯৫০ চনৰ বৰভুঁইকপ। তেতিয়াৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ আৰু এতিয়াৰ ধেমাজিৰ মুৰ্কংচেলেক
অঞ্চলৰ পৰা বৰভূঁইকপৰ দুৰ্যোগজনিত কাৰণত কিছুসংখ্যক মানুহ এতিয়াৰ লাইকা-দধিয়ালৈ
উঠি গৈছিল। মন কৰিবলগীয়া কথা এয়ে যে সেইসময়ত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হোৱা
নাছিল। ১৯৯৭ চনত হঠাত ডিব্ৰু-চৈখোৱাক তদানীন্তন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা
কৰে। তেতিয়াৰ পৰাই লাইকা-দধিয়াৰ সমস্যাটোৰ উত্পত্তি হৈছিল।
কোনো এখন বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে
ঘোষণা কৰিবলৈ যাওঁতে যিকেইটা পূৰ্বচৰ্ত আৰু পূৰ্বনিৰ্ধাৰিত কাম থাকে সেইসমূহ নীতি-নিয়ম
ডিব্ৰু-চৈখোৱাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নাছিল বুলি বহু লোকে ক’ব খোজে। আমিও
ব্যক্তিগতভাৱে অনুভৱ কৰো যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পূৰ্বে লাইকা-দধিয়া
বনগাঁৱৰ আৱাসীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব আছিল। সেই দায়িত্বত
গাফিলতি কৰাৰ বাবেই আজি পৰ্যন্ত লাইকা-দধিয়াৰ সমস্যাটো সমস্যা হৈয়ে ৰৈ আছে। নিজস্বভাৱে
বনগাঁৱৰ বহু ৰাইজ স্থানান্তৰিত হৈছে যদিও গৰাাখহনীয়াৰ প্ৰকোপত তেওঁলোক পুনৰ উভটি
আহিছে।
লাইকা-দধিয়াবাসীয়ে বৰ্তমান অৱস্থান ধৰ্মঘট
কৰি আছে। তেওঁলোকৰ দাবী হৈছে যে তেওঁলোকক চৰকাৰে সুৰক্ষিতভাৱে স্থানান্তৰ কৰক।
ইতিমধ্যে তিনিচুকীয়া জিলাখনৰ ভূমি সম্পদ মৰাণ লোকৰ বাবে সংৰক্ষিত হোৱাৰ বাবে তিনিচুকীয়া
জিলাখনৰ ভিতৰত তেওঁলোকৰ স্থানান্তৰ অৱশ্যে সহজ নহ’ব। আটাইতকৈ দুখৰ কথা এয়ে যে
প্ৰশাসনে যিসমূহ ঠাইলৈ লাইকা-দধিয়াবাসীক স্থানান্তৰৰ প্ৰস্তাৱ ৰাখিছে তাৰে বেছিসংখ্যক
ঠায়েই বানাক্ৰান্ত, যাৰ বাবে উক্ত স্থানসমূহলৈ তেওঁলোকক স্থানান্তৰ কৰাৰ অৰ্থ হৈছে
যে তেওঁলোকক পুখুৰীৰ পৰা উদ্ধাৰ কৰি নৈৰ মাজলৈ দলিয়াই দিয়া।
স্বাধীনতাৰ সাতটা দশক পাৰ হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত লাইকা-দধিয়া বনগাঁৱৰ ৰাইজ জীৱনৰ নূন্যতম সুবিধাসমূহ নোপোৱাকৈয়ে জীৱন অতিবাহিত কৰি আহিছে। বনগাঁও হোৱাৰ বাবে তেওঁলোকে বিদ্যুত সংযোগকে ধৰি অত্যন্ত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহৰ পৰা বঞ্চিত হৈ লাইকা-দধিয়াবাসীয়ে কেনেধৰণৰ জীৱন যাপন কৰিছে সেয়া কল্যানকামী ভাৰতৰাষ্ট্ৰৰ বাবে এটা প্ৰশ্ন হোৱাটো উচিত।
![]() |
লাইকা-দধিয়াবাসীৰ অৱস্থান ধৰ্মঘট। মাজত বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোঁহাঞি। ফটো সৌজন্যঃ @জুৰী বৰা বৰগোহাঞি। |
লাইকা-দধিয়া আৰু মধ্যবিত্ত অসমীয়া
মধ্যবিত্ত
অসমীয়াৰ এটা সাংঘাটিক সমস্যা আছে, যিটো জাতি-গঠন প্ৰক্ৰিয়াৰ সৈতে জড়িত। নিজকে অসমীয়া
জাতিৰ অভিভাৱক হিচাপে উপস্থাপন কৰা মধ্যবিত্ত অসমীয়া সমাজখনে অসমৰ এই প্ৰান্তীয়
সমাজখনৰ দুখ-দুৰ্দশাক আওকান কৰি আহিছে। আজিৰ দিনটোলৈকে লাইকা-দধিয়াবাসীৰ নাৰ্য্য
প্ৰাপ্তিৰ সংগ্ৰামখনৰ পঁশিচটা দিন পাৰ হৈ গ’ল। তেওঁলোকে এই শীতৰ ৰাতিবোৰতো সাধাৰণ কেম্প কৰি বাস কৰি
আছে। এই সংগ্ৰামখন এখন অত্যন্ত নাৰ্য্য সংগ্ৰাম। কিন্তু জনজাতীয়মূলীয় আৰু দৰিদ্ৰ
সীমাৰেখাৰ তলৰ এইসকল ভূমিপুত্ৰৰ সমস্যাসমূহক কোনোদিনেই মূল-সুঁতিৰ ইচ্যু হিচাপে
গ্ৰহণ নকৰা অসমীয়া মধ্য শ্ৰেণীটো লাইকা-দধিয়াবাসীৰ দুৰৱস্থাৰ বাবে বহুখিনি দায়ী।
এইদৰে জাতি-গঠন প্ৰক্ৰিয়াত ভাঙোনবোৰ আৰম্ভ হয়। আমি আশা কৰিছো যে লাইকা-দধিয়াবাসীৰ
কাষত অসমৰ সকলো শুভবুদ্ধিৰ লোক থিয় হওঁক। তেওঁলোকৰ বাবে প্ৰয়োজনীয় চাউল,
কাপোৰ-কানি, চেনিটাৰী পেড, ফাৰ্ষ্ট-এইডৰ সামগ্ৰী আদিসমূহ যোগাৰ ধৰি তেওঁলোকৰ জীয়াই
থকাৰ সংগ্ৰামখনত চামিল হওঁক। তেহে জাতি বাচিব।
(গুৱাহাটী
বিশ্ববিদ্যালয়ৰ অধ্যয়ন চক্ৰই ইতিমধ্যে লাইকা-দধিয়াবাসীৰ কাষত থিয় দিছে। তেওঁলোকক
ধন্যবাদ।)
0 Comments