বিচিত্ৰ অসমঃ দুজন নায়কৰ কথা

 

ফাইজনুৰ আলী আৰু হীৰেণ চৌধুৰীঃ দুজন নায়কৰ কথা

“Not all heroes wear capes” নামেৰে সামাজিক মাধ্যমত এটা টেগলাইন আছে। এই টেগলাইনটো অসমৰ ক্ষেত্ৰত অলপ সংশোধন কৰিবলগীয়া হৈ আছে। সংশোধনটো হব এনেধৰণৰ— “Not all heroes are worshiped”

       এইদৰে বহু মানুহে চিনি নোপোৱা দুজন নায়কৰ কথা আজিৰ বিচিত্ৰ অসমত কবলৈ আগবাঢ়িছোঁ। ইয়াৰে প্ৰথমজনক মানুহে অলপ-অচৰপ চিনি পাই যদিও দ্বিতীয়জনক তেওঁৰ আজি আলোচনা কৰিবলৈ আগবঢ়া ঘটনাটোৰ বাবে খুব কম মানুহেহে জানে। এইক্ষেত্ৰত চৰকাৰৰো যথেষ্ট দোষ আছে। চৰকাৰে নো এই বিশেষ ঘটনাটোৰ বিষয়ে কিয় প্ৰচাৰ নকৰে তাৰ আঁৰৰ কাহিনীটোও আমি এই লেখাটোৰ জৰিয়তে আলোচনা কৰিম।


ফাইজনুৰ আলী— ডিব্ৰুগড় মেডিকেল কলেজৰ বাটকটীয়া

ফাইজনুৰ আলী স্বাধীনোত্তৰ বৃহত্তৰ লখিমপুৰ জিলা আৰু এতিয়াৰ ডিব্ৰুগড় জিলাৰ এজন অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিজ্ঞ আছিল। ১৯৪৬ চনত ৰাজ্যত অন্তৱৰ্তীকালীন চৰকাৰ চলি আছিল, তেতিয়াৰ অসমৰ প্ৰধানমন্ত্ৰী বা প্ৰিমিয়াৰ আছিল গোপীনাথ বৰদলৈ। ইতিমধ্যে ডাঃ জন বেৰিহোৱাইটৰ মেডিকেল স্কুলখন চলি আছিল। তেনেতে কথা ওলাল সেই স্কুলখনক মেডিকেল কলেজলৈ উন্নীত কৰাৰ। ফাইজনুৰ আলীয়ে অসম চৰকাৰলৈ মেডিকেল কলেজৰ বাবে স্থান পুনৰ বিবেচনা কৰিবলৈ এখন পত্ৰ লিখে। পত্ৰখনৰ প্ৰত্যুত্তৰত অসম চৰকাৰে ফাইজনুৰ আলীৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিলে মেডিকেল কলেজৰ বাবে ঠাই নিৰ্বাচন কৰিবলৈ। সেই কমিটিখনত গুৱাহাটীৰ পৰা আছিল ডাঃ ভূৱনেশ্বৰ বৰুৱা। ডাঃ বৰুৱাই কমিটিৰ সভাত যুক্তি উত্থাপন কৰিলে যে মেডিকেল কলেজখনৰ স্থান হব লাগে গুৱাহাটী। ইয়াকে লৈ অনেক বাক-বিতণ্ডা চলিল। অৱশেষত অনেক বাক-বিতণ্ডাৰ পাছত এইটো সিদ্ধান্তলৈ অহা হল যে ডিব্ৰুগড়ৰ বৰবাৰীৰ মিলিটাৰী হস্পিতেলখনৰ স্থান চৰকাৰে অধিগ্ৰহণ কৰি মেডিকেল কলেজখন স্থাপন কৰিব লাগে আৰু যদিহে কিবা কাৰণত সেয়া সম্ভৱ হৈ নুঠে তেতিয়া ডাঃ জন বেৰিহোৱাইট মেডিকেল স্কুলখনৰ স্থানতে মেডিকেল কলেজখন স্থাপন কৰিব লাগে।

       সভাৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই সেই সময়ৰ গৱৰ্ণৰ এন্দ্ৰিউ ক্ল চাহাবে এদল উচ্চ পদস্থ আমোলাৰ সৈতে ডিব্ৰুগড় ভ্ৰমণ কৰে আৰু সিদ্ধান্তক চূড়ান্ত কৰিবলৈ আন এখন কমিটি গঠন কৰি দিয়ে। সেইখন কমিটিৰ দ্বিতীয়খন সভাত ডাঃ ভূৱনেশ্বৰ বৰুৱা আৰু ডাঃ ঘনশ্যাম দাসে পুনৰ কলেজখন গুৱাহাটীত স্থাপন কৰিবলৈ প্ৰস্তাৱ কৰে। কমিটিয়ে বিষয়টো প্ৰিমিয়াৰলৈ ৰিজাৰ্ভ কৰি দিয়ে। প্ৰিমিয়াৰ বৰদলৈদেৱে স্বাস্থ্য মন্ত্ৰণালয়ক তলব কৰে। তেনেকুৱা এটা মুহুৰ্তত ফাইজনুৰ আলীয়ে প্ৰিমিয়াৰ বৰদলৈদেৱ আৰু তদানীন্তন স্বাস্থ্য মন্ত্ৰী ৰামনাথ দাসক ডাঃ জন বেৰী হোৱাইটৰ ইচ্ছাপত্ৰৰ এটা প্ৰতিলিপি জমা দিয়ে, যিটো প্ৰতিলিপিত উল্লেখ আছিল যে তেওঁৰ মেডিকেল স্কুলখনক উন্নীত কৰিব পাৰিব, কিন্তু স্থান ডিব্ৰুগড়েই হব লাগিব।

       সেই প্ৰতিলিপিখন অনুসৰিয়েই গোপীনাথ বৰদলৈয়ে মেডিকেল কলেজৰ বাবে ডিব্ৰুগড়ৰ বৰবাৰী অঞ্চলটোক চূড়ান্ত কৰি সেইসময়ৰ প্ৰখ্যাত চিকিত্সক ডাঃ বিধানচন্দ্ৰ ৰায়ক অঞ্চলটো পৰিদৰ্শন কৰিবলৈ পঠিয়াই। সেই ডাঃ ৰায়ৰ কমিটিখনেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল।

       শিৰোনামাত উল্লেখ নাথাকিলেও এইকনতে জনাই থওঁ যে ডাঃ বিধান চন্দ্ৰ ৰায়ে ১০ আগষ্ট, ১৯৪৬ চনত ডিব্ৰুগড় ভ্ৰমণ কৰিছিল আৰু ১১ আগষ্ট তাৰিখে ডাঃ ৰায়ক ডিব্ৰুগড়বাসী ৰাইজে জনোৱা সম্বৰ্ধনা সভাৰ ৰাজহুৱা সম্বৰ্ধনা পত্ৰখন তৈয়াৰ কৰিছিল সেইসময়ৰ ডিব্ৰুগড় বংগ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱী দাসে।

..............................

(যেতিয়াই নতুনকৈ হিন্দু হোৱা এচামে অসমৰ সমাজ জীৱনৰ পৰা মুছলিমসকলক আঁতৰাই পেলাবলৈ চেষ্টা কৰে, তেতিয়াই হে পাঠকসকল, তেওঁলোকক ফাইজনুৰ আলীৰ কথা কব আৰু যেতিয়াই উগ্ৰ জাতীয়তাবাদীসকলে বঙালীসকলক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিব, তেতিয়াই আপোনালোকে দেৱী দাসৰ কথা কব।)



হীৰেণ চৌধুৰী আৰু YEO

১৯৬২ চন। চীন-ভাৰতৰ যুদ্ধ। চীনে ইতিমধ্যে ভাৰতীয় সেনাক যুঁজত ঘটুৱাই তেজপুৰলৈ আগবাঢ়িছে। প্ৰথম অৱস্থাত তেজপুৰত বিভিন্ন ৰাজনৈতিক নেতাই ৰাইজৰ মাজত মেল-মিটিং কৰি আছিল যদিও পাছলৈ দেখিলে যে কথা বিষম! ইতিমধ্যে আৰক্ষী-প্ৰশাসন-সেনা সকলোৱে তেজপুৰ এৰি পলায়ন কৰে। লগতে খুলি থৈ গল কাৰাগাৰ আৰু মানসিক চিকিৎসালয়। কাৰাবন্দী আৰু মানসিক ৰোগীসকলে তেতিয়া নগৰত মুকলি বিচৰণ কৰিবলৈ আৰম্ভ কৰিলে। মুঠতে ৰাইজ ভীতিগ্ৰস্ত। চীনা সৈন্যই কেতিয়া তেজপুৰ দখল কৰে ঠিক নাই, ইফালে ৰাইজক আশ্বস্ত কৰিবলৈ নাই প্ৰশাসন ব্যৱস্থা!

       কি কৰা যায়? তেজপুৰৰ বহু লোকে ইতিমধ্যে তেজপুৰ এৰিবলৈ আৰম্ভ কৰিছিল। এনেকুৱাতে আগুৱাই আহিল হীৰেণ চৌধুৰী। তেওঁ নগৰ আৰু উপকন্ঠৰ যুৱকসকলক সংগঠিত কৰি গঠন কৰিলে Youth Emergency Organization বা চমুকৈ YEO। সেইসময়ত YEOই সমগ্ৰ তেজপুৰৰ অসামৰিক প্ৰশাসন ব্যৱস্থাক পৰিচালিত কৰিছিল। বিদ্যুত বা ইলেক্ট্ৰিচিটিৰ বিষয়ে জ্ঞান থকাসকলক দায়িত্ব দিয়া হৈছিল নগৰত বিদ্যুত সংযোগ অব্যাহত ৰাখিবলৈ, সেইদৰে ইতিমধ্যে ঘৰলৈ গুচি অহা মেডিকেল বিভাগৰ ছাত্ৰ আৰু চিকিৎকসকলক দায়িত্ব দিছিল স্বাস্থ্য সেৱা অটূত ৰাখিবলৈ। হীৰেণ চৌধুৰীৰ ঘৰৰ পৰা অলপ আঁতৰতে থকা মহিলা সমিতিৰ কাৰ্যালয় এটাক YEOৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু চৌধুৰীদেৱে নিজৰ ঘৰতে নগৰখনৰ ৰাতিৰ পহৰাৰ দায়িত্বত থকা যুৱকসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল।

       তেজপুৰত এইদৰে YEOৰ প্ৰচেষ্টাত ৬২ৰ যুদ্ধৰ সময়তো, যিসময়ত প্ৰশাসন ব্যৱস্থাই পলায়ন কৰিলে, তাৰ পাছতো ৰাইজক আস্বস্ত কৰি ৰাখিবলৈ তেওঁলোকৰ লগত আছিল YEOৰ প্ৰতিষ্ঠাপক হীৰেণ চৌধুৰী। বিভিন্ন ঠাইত হৈ থকা কাম চোৱাচিতা কৰিবলৈ আৰু ইবোৰৰ মাজত সমন্বয় ৰাখিবলৈ চৌধুৰীক এজন বন্ধুৱে এখন জীপছী গাড়ী দিছিল। সেইখন জীপছিতে উঠি হীৰেণ চৌধুৰীদেৱে ৰাতি-দিন তেজপুৰবাসী ৰাইজক সকাহ দি আছিল, মানসিক চিকিৎসালয় আৰু অসামৰিক চিকিৎসালয়লৈ ভাত আৰু চাউলৰ যোগান ধৰি আছিল।

       যুদ্ধ শেষ হোৱাৰ পাছত YEO ভংগ কৰি দিয়া হয় আৰু হীৰেণ চৌধুৰী ডিব্ৰুগড়লৈ ৰেলৱেৰ ঠিকা কৰিবলৈ গুচি যায়।

       যুদ্ধ শেষ হোৱাৰ ৫৮ বছৰ পাৰ হোৱাৰ পাছতো হীৰেণ চৌধুৰী আৰু YEOৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰাখিবলৈ চৰকাৰে বৰ বিশেষ কাম কৰা নাই। তাৰ এটা অন্যতন কাৰণ হৈছে যে এই গোটেই কাহিনীটো চৰকাৰ তথা ৰাষ্ট্ৰব্যৱস্থাই সাধাৰণ প্ৰজাক বিপদত এৰি থৈ পলায়ন কৰাৰ কাহিনীৰ বাহিৰে একো নহয়। যুদ্ধত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা এখন নগৰৰ জনসাধাৰণক সুৰক্ষিতভাৱে Evacuate নকৰাকৈ প্ৰশাসন যন্ত্ৰ পলাই ফাট মৰাৰ সময়ত জনসাধাৰণক প্ৰশাসনে কৰিবলগীয়া কামখিনিৰে আস্বস্ত কৰি ৰখা হীৰেণ চৌধুৰী ৰাষ্ট্ৰৰ বাবে নহলেও তেজপুৰীয়া ৰাইজৰ বাবে এজন ৰক্ষাকাৰী আৰু অসমৰ বাবে এজন অদ্ভূদ সাহসী নায়ক।

 

(পাঠকৰ বাবে কুইজঃ হীৰেণ চৌধুৰী আৰু পিয়লি ফুকন ছবিখনৰ মাজত এটা সম্পৰ্ক আছে। এই সম্পৰ্কটো কি?

       আপোনাৰ উত্তৰটো 6901504052 নম্বৰলৈ হোৱাটছ এপ কৰি পঠিয়াই দিয়ক আৰু লাভ কৰক উপহাৰ।)

The Bichitra Assam is an initiative to explore various unsung narratives of Assam. the narratives may be historical, or may be based on the mythologies. Let's explore our beloved motherland! If you want to encourage our research team, just do share to your space.

Post a Comment

0 Comments