বিচিত্ৰ অসমঃ অসম সম্পৰ্কীয় কিছুমান বিচিত্ৰ কথা

 

পিচাচী ডেমা আৰু অসমীয়া মহিলাৰ স্বাভিমান

 

অসম নামৰ ধাৰণাটো সৃষ্টি হোৱাৰো বহু পূৰ্বৰে পৰা অসমত মানুহ আছিল। সময়ৰ বিভিন্ন সোঁতত অসমলৈ জাকে-জাকে মানুহ আহিছে আৰু আজি পৰ্যন্ত আহিয়েই আছে। এইদৰে অহা-যোৱাৰ মাজতেই বহুতে লৈ আহিছে নিজৰ সংস্কৃতি। লগত লৈ অনা সংস্কৃতিবোৰ বৃহত্তৰ অঞ্চলটোৰ সংস্কৃতিৰ সৈতে মিহলি হৈ জন্ম হৈছে এটা নতুন সংস্কৃতি আৰু এয়াই অসমৰ গৌৰৱ, অসমৰ স্বাভিমান।

       প্ৰাচীন কালৰে পৰা অসমখন জনজাতীয় ৰাজ্য হৈ আহিছে। অসমৰ প্ৰথম ভূমিপুত্ৰও জনজাতিসকল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ আগলৈকে এই অঞ্চলটোত বিভিন্ন জনজাতীয় ৰজাই শাসন কৰি আছিল। এইসকল জনজাতিৰ মাজৰে এটা বিশেষ জনজাতি হৈছে দেউৰীসকল। দেউৰীসকলৰ আদি উত্তি বিচাৰি গলে আমি শদিয়া আৰু তাৰ আশে-পাশে থকা অঞ্চলসমূহৰ কথাই পাওঁ। দেউৰী গীতত থকা লাইবাই-লফাবাই অঞ্চলসমূহ শদিয়াৰ আশে-পাশে আৰু সেইসূত্ৰে দেউৰীসকলৰ আদিস্থান সেইমতেই নিৰ্ধাৰণ কৰিব পাৰোঁ।

       দেউৰীসকলে নিজকে কুণ্ডিমামাৰ উলি-পুলি বুলি কয়। এইকনতে পাঠকসকলক জনাই থওঁ যে কুণ্ডিমামা হৈছে শিৱ-পাৰ্বতীৰ দেউৰী সংস্কৰণ (এইকনতে বিতৰ্কৰ অৱকাশ আছে)। দেউৰী লোককথা অনুসৰি কুণ্ডিমামা, যি আছিল আদিশক্তি, তেওঁলোকৰ দুজন সন্তান আছিল— পিচা ডেমা আৰু পিচাচী ডেমা। পিচা ডেমা পুত্ৰ আৰু পিচাচী ডেমা কন্যা। এই পিচা ডেমাক বলিয়াবাবা আৰু পিচাচী ডেমাক কেঁচাইখাতী গোঁসানী হিচাপেও জনা যায়। যিকি নহওঁক, আজি কবলৈ ওলোৱা কাহিনীটো এই পিচা ডেমা আৰু পিচাচী ডেমাক লৈয়ে।


       কাহিনীলৈ যোৱাৰ আগতে আমি কেইটামান কথাৰ বিষয়ে আলোকপাত কৰাটো উচিত হব। মনু সংহিতাই হিন্দু ধৰ্ম আৰু হিন্দু সংস্কৃতিৰ মাজলৈ পুৰুষতান্ত্ৰিকতাক এক আনুষ্ঠানিকৰূপেৰে লৈ আনিলে। যদিও মনু সংহিতাৰ আগতে হিন্দু সংস্কৃতিত মহিলাৰ স্থান যথেষ্ট উচ্চ আছিল বুলি কোৱা হয়, কিন্তু উত্তৰ-মনুকালীন সমাজত নাৰীৰ স্থান পাকঘৰ আৰু শোৱনি কোঠাৰ মাজতে সীমাবদ্ধ হৈ ৰল। মহিলাক পুৰুষৰ সমানে সম্পত্তিৰ অধিকাৰৰ কথা বাদেই, মানুহৰ মৰ্যদা দিবলৈও সমাজ ব্যৱস্থাই অস্বীকাৰ কৰিলে। আজিও যদিও আইন মতে কন্যা সন্তানক পিতৃৰ সম্পত্তিৰ সমান অংশীদাৰীত্ব দিওৱাৰ দিহা কৰিছে, কিন্তু তথাপিও আমাৰ সমাজ ব্যৱস্থাত সি এটা আচহুৱা কথা হৈয়ে আছে। অতি দুখৰ বিষয় যে মহিলাৰ এই স্থান অসমীয়া সমাজ ব্যৱস্থাত ঐতিহাসিকভাৱে নাছিল যদিও আনৰ বেয়া দিশসমূহক অনুসৰণ কৰাত পাকৈত আমাৰ খাৰখোৱাসকলৰ কৃপাত এতিয়া সেইসমূহ পৰম্পৰা অসমীয়া সংস্কৃতিলৈও আমদানি হল।

       আজিৰ কাহিনীটো মহিলাৰ সামাজিক মৰ্যদাৰ সৈতেই জড়িত।

       কুণ্ডি মামাই অনেক বছৰ ধৰ্ম ৰাজ্য শাসন কৰাৰ পাছত নিজৰ সন্তানদ্বয়ৰ মাজত তেওঁৰ ৰাজ্যখন ভাগ কৰিবলৈ বিচাৰিলে। সেইমতে তেওঁ ৰাজ্যখনৰ উত্তৰ-পশ্চিম অংশ লুইতক সীমা কৰি নিজৰ লগত ৰাখিলে, উত্তৰ-পূব খণ্ড পিচা ডেমাক দিলে আৰু দক্ষিণ-পূব অংশ পিচাচী ডেমাক দিলে আৰু তেওঁলোকৰ লগত পূজা-সেৱাৰ নিমিত্তে দেউৰীসকলক পঠিয়ালে। এইসূত্ৰেই কুণ্ডিমামাৰ পূজকসকল দিবাং নদীৰ পাৰত ৰৈ গল, পিচা ডেমা বা বলিয়া বাবাৰ পূজকসকল জৈধামৰ টেঙাপানী নৈৰ পাৰলৈ গল আৰু পিচাচী ডেমা বা কেঁচাইখাতীৰ পূজকসকল বৰনৈ লুইতৰ পাৰলৈ গল।  

       এই কাহিনীটো দেউৰীসকল কিদৰে অসমৰ ভূমিলৈ আহিল সেইসম্পৰ্কীয়। কাহিনীটোত মন কৰিবলগীয়া কথাটো হৈছে যে কুণ্ডিমামাই ধৰ্মৰাজ্য ভাগ কৰোঁতে তেওঁৰ দুই সন্তান পিচা ডেমা আৰু পিচাচী ডেমাক সমানেই গুৰুত্ব দি ৰাজ্যখন তিনিটা ভাগত বিভক্ত কৰিছিল। ভাৰতীয় আইন ব্যৱস্থাই আজি কন্যা সন্তানকো পিতৃৰ সম্পত্তিৰ সমান অংশীদাৰীত্বৰ দাবীদাৰ কৰি তুলিছে আৰু আমাৰ মাজৰ বহুতৰ বাবে সেয়া আচহুৱা কথা হৈ পৰিছে (বোলে ওলাই যোৱা জীয়ৰী ছোৱালীক কিহৰ সম্পত্তিৰ ভাগ লাগে!)। কিন্তু আমাৰ ইতিহাসলৈ ঘূৰি চালে দেখা পোৱা যায় যে পুত্ৰ সন্তানৰ সৈতে কন্যা সন্তানৰো যে সমান অৰ্থনৈতিক অধিকাৰ আছে সেই কথাটো আমাৰ পূৰ্বপুৰুষসকলে তাহানিতেই কৈ গৈছে।

 

(এই কাহিনীটোৰ সৈতে চাৰিশাল গোঁসানীৰ এটা সম্পৰ্ক আছে। এই সম্পৰ্কটো কি পাঠকসকলে মোক কওঁক। আটাইতকৈ আগতে যিজন পাঠকে কব, তেওঁৰ বাবে আকৰ্ষনীয় উপহাৰ আছে। উত্তৰটো 6901504052লৈ হোৱাটছ এপ মেচেজ কৰক।)

Post a Comment

2 Comments