DU Youth Fest, 2017-18 |
কলেজীয়া জীৱনত তৰ্ক কৰিছিলোঁ। তৰ্ক আৰু ৰাজহুৱা সম্বোধন বা Public Speaking মোৰ ভাল লগা বিষয়। সেই স্মৃতিবোৰে মোক জীপাল কৰি ৰাখিছে। এটা সময়ত অসমৰ বিভিন্ন মঞ্চত তৰ্ক কৰিছিলো আৰু কেতিয়াবা সফলতা লাভ কৰিছিলোঁ। তৰ্কৰ লগতে লিখা-মেলাও কৰোঁ। এই ব্লগটো তাৰেই প্ৰমাণ! ফিকশ্যন বা কাহিনীধৰ্মী লিখাৰ পৰিৱৰ্তে নন-ফিকশ্যন, অনুবাদ আৰু সমালোচনা- এই তিনিটা বিষয় মোৰ ভাললগা বিষয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০১৭-১৮ আৰু ২০১৯-১৯ বৰ্ষৰ যুৱ মহোত্সৱত শ্ৰেষ্ঠ প্ৰৱন্ধকাৰৰ সন্মান লাভ কৰিছিলোঁ। এয়াও জীৱনৰে এটা সফলতা। অৱশ্যে ২০১৯-২০ বৰ্ষত সাহিত্য প্ৰতিযোগিতাসমূহ বাতিল হ'ল আৰু একেৰাহে তিনিবাৰ এই সন্মান লাভৰ এটা সুযোগ হেৰুৱালোঁ।
ৰাজনীতি বিজ্ঞান বিষয়টো মোৰ কেৱল একাডেমিকছ কেৰিয়াৰেই নহয়, ভাল লগাও। উত্তৰ-পূবৰ ৰাজনীতি সম্পৰ্কে পঢ়া-শুনা আৰু লিখা-মেলা কৰি ভাল পাওঁ। বহুতে মোক মাৰ্ক্সবাদী বুলি ভাবে যদিও আচলতে মই মাৰ্ক্সিষ্ট নহয়!
আপোনালোক সকলোকে এই ব্লগচাইটটোলৈ স্বাগতম জনাইছোঁ। এই ব্লগৰ লিখাসমূহৰ সৈতে মই জড়িত কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সম্পৰ্ক নাই।
0 Comments