“কমেডি
কি হ’ব লাগে?”- এই
প্ৰশ্নটোক লৈ সকলোৰে নিজস্ব ক’বলগীয়া আছে আৰু থকাটোও
স্বাভাৱিক। কিন্তু এষাৰ কথা অন্ততঃ স্পষ্ট যে কমেডিয়ে আপোনাক এজন দৰ্শক হিচাপে
অসন্তুষ্ট কৰিব লাগিব, আপোনাৰ গাত চোৰাত পাতৰ কোব এটা মাৰিব পাৰিব লাগিব। চেপলিনৰ
সময়ৰ চাবজেক্টিভ কমেডিতকৈ বৰ্তমান সময়ত বেছিকৈ দেখা যায় সাধাৰণতে দৰ্শকক বা
শ্ৰোতাক অসন্তুষ্ট কৰা কমেডি। এই কাৰণেই কমেডি আৰু কমেডিয়ান সাধাৰণতে বিতৰ্কৰ
মুখামুখি হোৱা দেখা পোৱা যায়। এয়া কোনো অস্বাভাৱিক কথা নহয়। দৰাচলতে কমেডি হৈছে
আপোনাৰ গণতান্ত্ৰিক চিভিক চেন্সৰ আটাইতকৈ কঠিন পৰীক্ষা! এই কাৰবাৰটো সামাজিক
মাধ্যম আৰু মীম পেজবোৰ অহাৰ পাছত বেছিকৈ হৈছে। মীম মানেইটো বৰ্তমান সময়ৰ আটাইতকৈ
শক্তিশালী ৰাজনৈতিক আহিলা- সেইকথা দুনাই কোৱাৰ কোনো প্ৰয়োজনেই নাই। আপুনি ফেচবুকটো
স্ক্ৰল কৰি যাওঁক, হাজাৰ-হাজাৰ মীম পাব। ইয়াৰে কোনোবাটো মীমে যদি নৰেন্দ্ৰ মোডীক
ট্ৰল কৰিছে আকৌ আনটো মীমে ৰাহুল গান্ধীক ট্ৰল কৰিছে; তাকো
সাধাৰণভাৱে নহয়, এক অদ্ভুত ধৰণে। সেই মীমবোৰৰ কমেন্টবোৰ চাব- দেখিব তাত
মহাভাৰত-ৰামায়ণৰ যুদ্ধ চলি আছে! অৱশ্যে আমাৰ অসমীয়া মধ্যবিত্তীয় সংস্কাৰী
দৰ্শক-পাঠক-শ্ৰোতাসকল এনেধৰণৰ Brutal Comedyৰ বাবে এতিয়াও
প্ৰস্তুত হোৱা নাই। অসমৰ দৰ্শক-পাঠক-শ্ৰোতাই এতিয়াও পলিটিকেল কমেডি মানে হিমন্ত
বিশ্বৰ মাত নকল কৰা, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মাত নকল কৰা আৰু "বাদ দিয়া হে/আমেৰিকাটো বানপানী হয়" এইকেইটাতে সীমাবদ্ধ। কিন্তু ইয়াৰ ওপৰলৈ গৈও যে পলিটিকেল কমেডি হব পাৰে
আৰু সেই পলিটিকেল কমেডিত সকলো সীমা উলংঘা কৰিব পাৰি সেইকথা কোনো “সনাতনী মধ্যবিত্তীয় মুখাপিন্ধা অসমীয়া ভদ্ৰলোকে”-ই
এতিয়ালৈকে অনুধাৱন কৰা নাই।
যি কি নহওঁক! মই মধ্যবিত্তক গালি পাৰি
থকাটো এটা স্বাভাৱিক কথা, এইটো এটা বেমাৰ। সেইবোৰ বাদ দি মূল বিষয়লৈ আহোঁ। মূল
কথালৈ অহাৰ আগতে আকৌ এটা প্ৰসংগ আনিব লাগিব। হিমাংশু প্ৰসাদ দাসে এখন চিনেমা
কৰিলে। বাণিজ্যিক চিনেমা। নাম দিলে হনুমেন। মূল চৰিত্ৰটোৰ সাজ-পোছাক হিন্দু
পুৰাকথাৰ হনুমানৰ দৰেই ৰাখিলে। তাকে লৈ অসমৰ অসংস্কৃতকেইজনে আৰম্ভ কৰিলে এটা চিৰাচৰিত
অথচ আচৰিত পৰম্পৰাৰ- বয়কট! আগৰ বাক্যটোত দুটা পৰস্পৰ বিৰোধী শব্দ ব্যৱহাৰ কৰিছো, ‘চিৰাচৰিত’ আৰু ‘আচৰিত’। এই দুইটা শব্দৰ নিজস্ব অৰ্থ আছে। ইয়াৰ আগলৈকে উত্তৰ ভাৰতৰ স্ব-ঘোষিত
হিন্দুসকলৰ কৱলত পৰি বহুকেইখন চিনেমাৰ ওপৰত বয়কট গেঙৰ প্ৰহাৰ চলিছিল। তেতিয়া আমি
ভাবিছিলো যে উত্তৰ ভাৰতৰ এই অৰ্ধশিক্ষিত স্ব-ঘোষিত হিন্দুসকল কিমান অপৰিপক্ক!
কিন্তু এতিয়া সেই অপৰিপক্কতা অসমলৈও আহিল। অসমৰো কেইজনমানে আৰম্ভ কৰিলে সেই একেই
ট্ৰেণ্ড- হনুমেনক বয়কট কৰিব লাগে! কিয়? কাৰণ হনুমেন বুলি ক’লে। এয়া হিন্দু ধৰ্মৰ প্ৰতি এক ভাবুকী... ব্লা ব্লা ব্লা। (এটা প্ৰবন্ধ
লিখি আছো বাবে নিজকে সংযত কৰিবলৈ বাধ্য হৈছোঁ।)
এই প্ৰসংগটো এইবাবেই আনিলো, কাৰণ আজি মই
আপোনালোকক ক’ব খুজিছো এখন ডাৰ্ক পলিটিকেল
কমেডিৰ কথা- Family Guy। যোৱাটো শতিকাৰ শেষৰটো বছৰৰ পৰা,
অৰ্থাত ১৯৯৯ চনৰ পৰা এতিয়ালৈকে (মাজতে দুই নে তিনিবছৰৰ বাবে আঁতৰি থকাৰ পাছত) চলি
থকা এখন চিটুৱেশ্যনেল এনিমেটেড কমেডি। এই কমেডি শ্ব’টোত
দেখুৱা হৈছে গ্ৰিফেন উপাধিধাৰী এটা পৰিয়ালৰ কাহিনী। এই এটা পৰিয়াল আৰু পৰিয়ালটোৰ
কেইজনমান চুবুৰীয়াক Universeৰ অংশ হিচাপে লৈ এই চিট কম-খনে
কি দেখুওৱা নাই, কাক চোৰাতৰ পাতেৰে কোবাবলৈ বাদ দিয়া নাই, কাক Offend কৰা নাই? উত্তৰটো
হ’ব শূণ্য। Family Guyয়ে সকলোকে চোৰাতেৰে কোবাইছে, সকলোকে Offend কৰিছে।
কেইটামান উদাহৰণ দিওঁ নেকি? দি দিওঁ (আমাৰ সনাতনীসকলে লওঁক
আৰু)—
১) এটা
এপিছদত দেখুৱাই যীশু খ্ৰীষ্ট পিটাৰ গ্ৰিফেনৰ ঘৰলৈ আহে। কিন্তু তেতিয়া পিটাৰে গম
পাই যে যীশু তেতিয়ালৈকে Virgin আছিল, তেওঁ
যৌন সম্পৰ্ক স্থাপন কৰি পোৱাই নাই। পিটাৰে বহুত চেষ্টা কৰিলে যীশুক “জীৱনৰ সেই সোৱাদ” দিয়াবলৈ। কিন্তু যীশুৱে এটাও গ্ৰহণ
নকৰিলে। শেষত পিটাৰে নিজৰ পত্নী লইচ গ্ৰিফিনক যীশুৰ সৈতে ৰাত্ৰিযাপন কৰিবলৈ দিলে।
তাৰ পাছত যীশুখ্ৰীষ্ট গ’লগৈ। যোৱাৰ পাছত পিটাৰে গম পালে যে
যীশুৱে আজিলৈকে বহুত ঘৰলৈ গৈ একেই কাম কৰিছে আৰু নিজকে ভাৰ্জিন বুলি কৈ বিবাহিত
মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে।
২) এবাৰ
টাইম ট্ৰেভেল কৰিলে পিটাৰ গ্ৰিফেনৰ পুত্ৰ ষ্ট্ৰেইউ আৰু ব্ৰাইনে (ব্ৰাইন পিটাৰ
গ্ৰিফেন পৰিয়ালৰ কুকুৰটো)। তেওঁলোকে মাৰ্ভেলৰ মাল্টিভাৰ্চক কমেডি কৰিবলৈ প্ৰস্তুত
কৰিছিল এইটো এপিছড। তেওঁলোক গৈ এখন সমান্তৰাল বিশ্ব পালেগৈ, যিখন বিশ্বত খ্ৰীষ্টান
ধৰ্ম অহা নাছিল। সেইখন বিশ্ব বহুত বেছি আধুনিক আছিল, শান্তিৰ আছিল। সেইখন বিশ্বত
এইডছৰ দৰে বেমাৰৰ ঔষধ এটা সাধাৰণ টেবলেট আছিল। ব্ৰাইনে সুধিলে ষ্ট্ৰেইউক, “আমি ক’ত আছো?”
ষ্ট্ৰেইউৱে উত্তৰ দিলে, “আমি কোৱাহ’গতে
আছো (কোৱাহ’গ গ্ৰিফেন পৰিয়ালৰ চহৰখন), কিন্তু এইখন সমান্তৰাল
বিশ্বত খ্ৰীষ্টান ধৰ্ম অহা নাছিল আৰু সেইবাবে ইয়াত বিজ্ঞানীসকলক হত্যা কৰা হোৱা
নাছিল, এইখন বিশ্বত পৃথিৱীখন বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ নহয় বুলি কোৱাৰ বাবে কাকো
মাৰি পেলোৱা নহৈছিল। সেইবাবে এইখন সমান্তৰাল পৃথিৱীত বিজ্ঞান ইমান আগবাঢ়ি গ’ল যে মানৱ সভ্যতাই উন্নতিৰ চৰম শিখৰ পালেগৈ!”
৩) এইটো
এটা এপিছডৰ উদাহৰণ নহয়। এই শ্ব’টোত ভাৰতক
কেইবাবোৰ দেখুৱাইছে। সেই প্ৰতিটো শ্ব’তেই ভাৰতক Over-populated, ভাৰতৰ স্কেমাৰে Tech Supportৰ নামত কৰি অহা
স্কেমবোৰৰ বিষয়ে দেখুৱাইছে। হয়, এখন দেশক কেৱল এনেকৈ দেখুৱাব পৰা নাযায়- কিন্তু
এইখন ডকুমেন্টৰী নহয়, এইখন এখন ব্ৰুটেল ডাৰ্ক কমেডী। আমি এখন দেশ হিচাপে জনসংখ্যাত
চীনক পাছ পেলালোঁ। এখন দেশ হিচাপে আমি বাহিৰত আমাৰ স্কেমাৰকেইটাৰ কাৰণে বেছি
বিখ্যাত হৈ গৈছোঁ! এইখিনি কথাক আমাৰ ভাৰতৰ খুব কমেইহে সমালোচনা কৰিছে, কিন্তু “Family
Guy”-য়ে সেইবোৰ কথালৈ কেৰেপ নকৰে, তেওঁলোকৰ বাবে কমেডি সদায় সেইখন
আইনা, যিখন নাচাবলৈ আমি ইখনৰ পাছত সিখন বজাৰ ঘূৰি ফুৰো আৰু শেষত পানীৰে বোৱা সাজ
পিন্ধি ভাওঁ দি থাকোঁ।
এইদৰে আৰু হাজাৰটা এপিছডৰ উদাহৰণ আনিব
পাৰোঁ। ৰেচিজিম, চেক্সিজিম আৰু কি কি দিশৰ কথা আনিম! বোধহয় সকলো কথা লিখিলে হাজাৰ
পৃষ্ঠাইও নাটিবগৈ। সেইবাবে আমাৰ সকলো আলাপ-আলোচনা ইয়াতেই সামৰি আকৌ আমি উত্থাপন
কৰা প্ৰসংগলৈ উভতি আহিব খোজোঁ। কিন্তু তাতেই আকৌ এটা বাধা আহি পৰিছে আমাৰ চুবুৰীয়া
দেশ পাকিস্তানৰ পৰা। আমি ভাৰতে নিজকে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ বুলি গৌৰৱ কৰো, আমি
নিজকে দ্য মাডাৰ অৱ ডেমক্ৰেচী বুলি কওঁ। অথচ, আমাৰ দেশত গৰুৰ গোৱৰ যে কৰুণাৰ ঔষধ
নহয় সেইকথা কোৱাৰ বাবেও National Security Actৰ অধীনত দেশদ্ৰোহ (মাই ফুট)ৰ অধীনত গ্ৰেপ্তাৰ হ’বলগীয়া
হয় আমাৰ সাংবাদিক আৰু সেইসময়তে একনায়কত্ববাদী শাসনৰ ইতিহাস ৰচা আমাৰ চুবুৰীয়া
পাকিস্তানৰ টিভিত চলি থাকে এটা পলিটিকেল কমেডি শ্ব’— Loose
Talk। সেই Loose Talkত আনোৱাৰ মকচুডে কয় যে “পাকিস্তান এখন স্বাধীন দেশ”। তাৰ লগে-লগেই উপস্থিত
অতিথিয়ে দহজনক ফোন কৰি কয় যে, “কথাটো গম পালেনে? অঃ আনোৱাৰ মকচুডে কৈছে, পাকিস্তান বোলে এখন স্বাধীন দেশ হ’ল! কথাটো সকলোকে জনাই দিয়া।”... এনেকুৱা কমেডি ভাৰতত
সম্ভৱনে?
ভাৰতৰ “গণতন্ত্ৰ” ইয়াৰ বাবে প্ৰস্তুত নে?
নে আমি
সকলোৱে গণতন্ত্ৰ বুলি নিজকে ফাঁকি দি আছোঁ?
এইবোৰ
আচলতে সকলো ভেকুভাওঁনা— আমি ভাৰতীয় কেতিয়াও গণতান্ত্ৰিক নহয়েই, আমি ৰাজতন্ত্ৰৰ
বাবেই উপযুক্ত। আমি ভাৰতীয়সকল ৰজাৰ আদেশ পালন কৰা চিপাহী হোৱাৰ বাবেহে উপযুক্ত!
বাকী
হিমাংশু প্ৰসাদ দাসলৈ শুভেচ্ছাৰ বাহিৰে দিবলৈ আমাৰ একো নাই। হনুমেন সফল হওঁক।
নেক্সট হানিমান এখনো কৰিব লাগে (বিঃদ্ৰঃ হানিমান শব্দটো হানিমুনৰ পৰা আহিছে,
হনুমানৰ পৰা নহয়)।
0 Comments