হুজুৰলৈ বুলি

মূলঃ To whom it may concern, Andrew Motion
অনুবাদঃ নিকু দুৱৰা

হুজুৰ, এই কবিতাটো কেৱল আইচক্ৰীমৰ ওপৰত লিখিছোঁ
চৰকাৰ, আন্দোলন বা আঁচনি--
নাঃ সেইবোৰ একোয়েই লিখা নাই

চাওঁক হুজুৰ
সঁচাকৈ এই কবিতাটো কেৱল আইচক্ৰীমৰ ওপৰত লিখিছোঁ
কিদৰে আপুনি প্ৰতিদিনে আইচক্ৰীমৰ দোকানখনত সোমাই
আৰু দুটা আইচক্ৰীম বিচাৰি কয়--
-"এটা ষ্ট্ৰবেৰীৰ আৰু আনটো মিভি ক্ৰীমৰ"

হুজুৰ, মনত আছেনে বাৰু মই কি কৈছিলোঁ--
এইখন দেশত আৰু কেতিয়াও
খাবলৈ নাপাই কাৰোয়েই মৃত্যু নহব,
ভোকত ওলমি পৰা আৰু এখন জিভাও
কেতিয়াও মমবাতিৰ দৰে জ্বলাই দিয়া নহব..

হুজুৰ, হুজুৰ
কিয় কান্দিছে?
এই কবিতাটো মই কেৱল আইচক্ৰীমৰ ওপৰত লিখিছোঁ।

Post a Comment

1 Comments

  1. Byotikromdhormi kobita.r huwad.....hukhi pathok hisawe

    ReplyDelete