দৌপদী সিংঘাৰৰ কবিতা 'পেটিকুট-১'ৰ মুকলি অনুবাদ



পেটিকুট-১

মূলঃ দৌপদী সিংঘাৰ

অনুবাদঃ নিকু দুৱৰা


চাৰি দিন চাৰি ৰাতি
থানাত বহুৱাই ৰখাৰ পাছতো
মই পেটিকুটটো উদঙাই দিয়া নাছিলোঁ।

গাখীৰ খাই থকা মোৰ তিনিবছৰীয়া ছোৱালীজনী
তিনিদিন ভোকতে থাকিল
কিন্তু তাৰ পাছতো
মই পেটিকুটটো উদঙাই দিয়া নাছিলোঁ।

ষাঠি বছৰীয়া মোৰ মায়ে
শোতোৰা পৰা স্তন দুটা তাইৰ মুখত তুলি দিয়াৰ পাছতো
মই পেটিকুটটো উদঙাই দিয়া নাছিলোঁ।

নক্সালী বুলি চাৰি দিন-চাৰি ৰাতি বহুৱাই থৈ সিহঁতে ক'লে-
"যা ৰেণ্ডী আমাক বিড়ি আনি দে, তেজল কুকুৰাৰ মঙহ আনি দে আৰু আনি দে মদৰ বটল"

হে বিপ্লৱী বন্ধুসকল, ক্ষমা কৰিবা
কেৱল মোৰ তিনিবছৰীয়া ছোৱালীজনীৰ বাবেই
সিহঁতে বিচৰা সকলোবোৰেই
মই লগে-লগেই আনি দিছিলোঁ।

কিন্তু যেতিয়া পুনৰ থানাৰ দাৰোগাই
মোক পেটিকুটটো খুলি দিবলৈ ক'লে-
হে মোৰ প্ৰতিজন বিপ্লৱী বন্ধু
তাৰ মুখলৈ মোৰ সৰ্বস্ব ঘৃণাৰে থু এটা দলিয়াই
দৌৰি আঁতৰি আহিলোঁ

পাছফালৰ পৰা তিনিটা গুলিয়ে
কলাফুল ভেদি যোৱাৰ পাছতো
হে সভ্যতা, মই মোৰ পেটিকুটটো উদঙাই দিয়া নাছিলোঁ।

Post a Comment

0 Comments