দৌপদী সিংঘাৰৰ কবিতা 'পেটিকুট-২'ৰ মুকলি অনুবাদ

পেটিকুট-2


মূলঃ দৌপদী সিংঘাৰ

অনুবাদঃ নিকু দুৱৰা


আপোনালোকে কৈছে যে
আদিবাসী মহিলাই পেটিকুট নিপিন্ধে
আদিবাসী মহিলাই ব্লাউজ নিপিন্ধে
এখন মাত্ৰ মেথনিৰে তেওঁলোকে
শৰীৰৰ লাজ ঢাকি ৰাখে।

চাৰ, মেডাম
আপোনালোক আমাৰ দেশলৈ অহা
খুউব বেছি দিন হোৱা নাই
নহলে বাৰু ক'ব পাৰিলেহেঁতেননে যে-
  - "কোনো দাৰোগাই
  কাকো থানাত চাৰি দিন চাৰি ৰাতি
বহুৱাই ৰাখিব নোৱাৰে।"
(আপোনালোক ৪৭ৰ আগত অহা হ'লে
বুজিলেহেঁতেন 'স্বাধীনতা' মানে কি)

চাৰ, মেডাম
আপোনালোকে আমাৰ হাবিখনো কেতিয়াও দেখা নাই
সেইবাবে আপুনি নাজানে যে
লেট্ৰিন নথকাৰ বাবেই
আমি মানুহটোক এৰি আহিব নোৱাৰোঁ,
কাৰণ সি সদায় ৰাতি দুখন ৰুটি মোৰ বাবে লৈ আনে
আৰু আপুনিটো জানেই যে
ৰুটি আছে মানেই বুকুৰ পিয়াহ ভৰি আছে
বুকুৰ পিয়াহ ভৰি থকা মানেই সন্তানো কুশলে আছে।

চাৰ, মেডাম
আপোনালোকে আমাৰ গাঁওখন কেতিয়াও দেখা নাই
দেখা হ'লে নুসুধিলেহেঁতেন-
"দ্ৰৌপদীৰ পেটৰ পোৱালিলৈ কিয় ইমান মৰম?
ডাঙৰ হৈ সেই সন্তানে কি খাব? কি কৰিব?
ইখনৰ পাছত সিখনকৈ জংঘল ঘূৰিব
আৰু এদিন এনেকৈয়ে মৰি থাকিব।"

চাৰ, মেডাম
আপোনালোক আমাৰ গাঁৱলৈ অহা হ'লেই ক'লোহেঁতেন--
  - "মোৰ ল'ৰাক এই জংঘলখনে বচাব
এই জানোৱাৰবোৰে বচাব
আৰু এদিন সি আদিবাসী ছোৱালী এজনী লৈ
পলাই গুচি যাব--
এয়াই আমাৰ জীৱনৰ সূত্ৰ।"

চাৰ, মেডাম
আপোনালোক আমাৰ গাঁওখনলৈ কেতিয়াও অহা নাই
অহা হ'লে দেখিলেহেঁতেন
আপোনালোকৰ মানুহবোৰ আচলতে কিমান লুভীয়া!

তাৰ পাছতো আপোনালোকে কৈছে যে
আদিবাসী মহিলাই পেটিকুট নিপিন্ধে,
(আৰে) আমি ব্লাউজ-পেটিকুট খোলাও দেখিছোঁ

চাৰ, মেডাম
আপোনালোক আমাৰ গাঁওখনলৈ
বোধহয় কেতিয়াও অহা নাই!!

Post a Comment

0 Comments