--নিকু দুৱৰা
ৰাজনীতি বিঃ বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)
১. ক) নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ অধীনত এক বৃহৎ সংখ্যক হিন্দু
বাংলাদেশীক অসমত নাগৰিকত্ব দিয়াৰ এক ষড়যন্ত্ৰ চলিছে। এই ষড়যন্ত্ৰৰ সম্পৰ্কে PRS
Legislative Researchয়ে এইদৰে কৈছেঃ “The Bill amends the
Citizenship Act, 1955 to make illegal migrants who are Hindus, Sikhs,
Buddhists, Jains, Parsis and Christians from Afghanistan, Bangladesh and
Pakistan, eligible for citizenship.”। প্ৰশ্ন হ’ব পাৰে যে এইধৰণৰ ষড়যন্ত্ৰৰ আঁৰৰ কাৰণ কি?
১. খ) হস্ব্ৰম্যাদী কাৰণটো একেবাৰে সহজ। কংগ্ৰেছ দলে যিদৰে অসমত মুছলিম
বাংলাদেশীসকলক ভোটবেংকৰ কামত ব্যৱহাৰ কৰিছিল ঠিক সেইদৰে বিজেপি দলেও সংসদীয়
ৰাজনৈতিক স্বাৰ্থতে হিন্দু বাংলাদেশীসকলক ব্যৱহাৰ কৰিব বিচাৰিছে। মন কৰিব লাগিব যে
২০১১ চনৰ সমীক্ষা অনুসৰি অসমৰ জনসংখ্যাৰ প্ৰায় ৯%তকৈ বেছি অংশ হৈছে বাংলাভাষী হিন্দু
বঙালী। সমীক্ষাই আমাক দেখুৱাইছে যে যোৱা দশকটোত অসমৰ বিভিন্ন জিলাত যথেষ্ট
চিন্তনীয়ভাৱে বাংলাভাষী হিন্দু বঙালীৰ সংখ্যা বাঢ়ি আহিছে। মন কৰিবলগীয়া যে ইছ্যুকেন্দ্ৰিক ৰাজনৈতিক বিশ্লেষণে দেখুৱাই যে
বিজেপি দলে মোডী ঢৌৰ আগলৈকে এইসকল বঙালীৰ ভোট লাভ কৰি আহিছিল। অৰ্থাৎ মধ্যবিত্তীয়
অসমীয়া সমাজত বিজেপি দলৰ এটা সুনিশ্চিত ভেঁটি এতিয়ালৈকে প্ৰস্তুত হোৱা নাই। এইষাৰ
কথা নিৰ্ঘাত সত্য যে অসমীয়া মানুহে দৰাচলতে বিকল্পৰ অভাৱতহে ৰাজ্যত বিজেপিক
জয়যুক্ত কৰিছিল। গতিকে এইমুহূৰ্তত অসমত বিজেপিক এটা শক্তিশালী ভেঁটিৰ প্ৰয়োজন আৰু
সেই ভেঁটিটো তেওঁলোকে প্ৰস্তুত কৰিব বিচাৰিছে বাংলাদেশৰ হিন্দু বঙালীসকলক আমদানি
কৰি।
১. গ) আনহাতে দীৰ্ঘম্যাদী কাৰণটো জানিবলৈ আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ
মূল উদ্দেশ্য সম্পৰ্কে জানিব লাগিব। এইসম্পৰ্কে স্বয়ংসেৱক সংঘৰ নেতা মোহন ভাগৱতে
২০১৪ চনৰ ২১ ডিচেম্বৰত কৈছিল যেঃ “We are trying to create a strong Hindu society. Those who
strayed, were lured away.” (https://timesofindia.indiatimes.com/india/India-is-our-Hindu-rashtra-RSS-chief/articleshow/45590219.cms)। ‘এই যে শক্তিশালী হিন্দু সমাজ’ৰ ধাৰণাটো হিন্দু ৰাষ্ট্ৰৰ বিমূৰ্ত ধাৰণাৰে এটা মূল অংশ। গতিকে তেওঁলোকে
আৰম্ভ কৰিছে ‘ঘৰ ৱাপচি’ৰ দৰে কেতবোৰ
আঁচনিৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ আঁৰৰ কথাখিনিও এয়াই। তেওঁলোকে কল্পনা কৰা
হিন্দু ৰাষ্ট্ৰখনক শক্তিশালী কৰিবলৈকে আলোচিত বিধেয়কখন উপস্থাপন কৰিছে।
নেতাজনৰ এইখিনি বক্তব্যৰ
প্ৰতি আমি মন কৰাটো উচিত হ’বঃ "There is no need to fear. We are in our own country. We
are not intruders or infiltrators. This is our own country, our Hindu 'rashtra'
(nation). A Hindu will not leave his land. What we have lost in the past, we
will try to bring it back. No one should be afraid of Hindus rising. Those who
are raising their voice against the rise of Hindus are selfish and have vested
interests. And if they oppose, there will be confrontation."(ibid)। ২০১৪ চনতে মোহন ভাগৱতে কৰা এইসমূহ ৰাজহুৱা বক্তব্যই ইয়াকে প্ৰমাণ কৰে
যে নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পূৰ্ণ পৰিকল্পিত আৰু ইয়াৰ একমাত্ৰ উদ্দেশ্য
হিন্দু ৰাষ্ট্ৰ গঠনৰ বাহিৰে একো নহয়।
২. ক) ওপৰৰ টোকাকেইটাৰ জৰিয়তে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ আঁৰৰ
কাৰণসমূহ বুজিবলৈ যত্ন কৰিলোঁ। এতিয়া আমি বিধেয়কখনৰ মাজলৈ যাবলৈ যত্ন কৰিম।
২. খ) 'Provided that for
the persons belonging to minority communities, namely, Hindus,
Sikhs, Buddhists, Jains, Parsis and Christians from Afghanistan, Bangladesh and Pakistan, the aggregate period of residence or service of a
Government in India as required under this clause shall be
read as "not less than six years" in place of "not
less than eleven years" (Citizenship Amendment
Act, 2016, As introduced in Lok Sabha )
বিধেয়কখনৰ আটাইতকৈ বিতৰ্কিত অংশ হৈছে এইটো।
“নাগৰিকত্ব আইন, ১৯৫৫”ৰ 7 (D)
অংশটোৰ সংশোধন ঘটাই এই অংশটোৰ সংযোজন কৰা হৈছে। এই অংশটোয়ে ইতিমধ্যে ভাৰতত
অবৈধভাৱে বাস কৰি থকা আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ হিন্দু, জৈন,
খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু শিখসকলক নাগৰিকত্ব দাবী কৰাৰ ম্যাদ পূৰ্বৰ ১১ বছৰৰ পৰা
৬ বছৰলৈ কমাই আনিলে। এই অংশটোয়ে অসমৰ ক্ষেত্ৰত তিনিটা সম্ভাৱনাৰ সৃষ্টি কৰিছে—
প্ৰথম ইতিমধ্যে বসবাস কৰি থকা অবৈধ হিন্দু বাংলাদেশীসকলৰ নাগৰিকত্ব সুনিশ্চিত
কৰিলে। যিহেতু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অনুসৰি এক বুজন পৰিমাণৰ হিন্দু বাংলাদেশীৰ
অবৈধ বসবাস সুনিশ্চিত কৰা হৈছে। দ্বিতীয়তে বাংলাদেশত বাস কৰি থকা এক কোটি সত্তৰ
লাখ হিন্দু বঙালীক অসমলৈ অনুপ্ৰৱেশ কৰিবলৈ উৎসাহিত কৰিব। আনহাতে তৃতীয়তে
ইতিমধ্যে অসমত বাস কৰি থকা এক বৃহৎ সংখ্যক অবৈধ মুছলিম বাংলাদেশীক ঘৰ ৱাপছিৰ বাবে
প্ৰৰোচিত কৰিব। আমি উল্লেখ কৰা তৃতীয় কাৰণটোৰ বৈধতা বিচাৰি আমি উল্লেখ কৰিব
বিচাৰিছো সংশোধনী বিধেয়কখনত সন্নিৱিষ্ট “STATEMENT OF OBJECTS AND
REASONS”ৰ এটা নিৰ্দিষ্ট অংশঃ
“...but are unable to
produce proof of their Indian origin. Hence, they are forced
to apply for citizenship by naturalisation under section 6 of the Act, which, inter alia, prescribes
twelve years residency as qualification for naturalisation in terms of the
Third Schedule to the Act…... It is proposed
to amend the Third Schedule to the Act to make applicants belonging
to minority communities from the aforesaid countries eligible
for citizenship by naturalisation in seven years
instead of the existing twelve years.”
৩. ক)
এতিয়া আমি আহিব বিচাৰিছো এই বিধেয়কখনে অসমত কিদৰে প্ৰভাৱ পেলাব। আমি পূৰ্বতেই
উল্লেখ কৰি আহিছো যে বিধেয়কখনে মূলতঃ তিনি ধৰণেৰে অসমত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা
আছে। দৈৰ্ঘ্যতাৰ আশংকাত আমি সেইসমূহ কাৰণ পুনৰবাৰৰ বাবে উল্লেখ কৰাৰ পৰা বিৰত আছো।
আমি “২. খ)” টোকাটোৰ পৰা এটা কথা নিশ্চিত হ’ব পাৰো যে প্ৰস্তাৱিত বিধেয়কখনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মূল লক্ষ্য আৰু
উদ্দেশ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। তদুপৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নিৰূপণৰ যিটো
পদ্ধতি উক্ত বিধেয়কখনে তুলি ধৰিছে সেই পদ্ধতিটোয়ে ভাৰতীয় সংবিধানৰ ১৪ নং
অনুচ্ছেদটো (আইনৰ দৃষ্টিত সমতা)ক ভংগ কৰিছে। অৰ্থাৎ প্ৰস্তাৱিত বিধেয়কখন ভাৰতীয়
গণতন্ত্ৰৰ প্ৰতি একধৰণৰ ভাবুকি।
৩. খ) অসমৰ জনগাঁথনিগত
অৱয়ব লক্ষ্য কৰিলে দেখা যায় যে যোৱা দশকটোত অসমত বঙালীভাষী হিন্দুৰ সংখ্যা
উদ্বেগজনকভাৱে বাঢ়ি আহিছে। শেহতীয়া সমীক্ষাৰ তথ্য অনুসৰি অসমত বঙালীভাষী লোকৰ
সংখ্যা প্ৰায় ২১.৬৭%। ভাষিক জাতীয়তাবাদৰ দিশৰ পৰা এই তথ্যটো খুবেই ভয়াবহ। নাগৰিকত্ব সংশোধনী
বিধেয়কখনে বহন কৰা যিকেইটা স্পষ্ট সম্ভাৱনা সেই সম্ভাৱনাকেইটাই দেখুৱাই যে
বিধেয়কখন গৃহিত হোৱাৰ পাছতেই অসমত বঙালীভাষীৰ সংখ্যা দুগুণ বা তিনিগুণলৈ বাঢ়ি
যাব।
৩. গ) অসমত বঙালীভাষীৰ
সংখ্যা বৰ্তমানৰ তিনিগুণলৈ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে সামাজিক, অৰ্থনৈতিক আৰু
ৰাজনৈতিক অস্থিৰতাবোৰো ক্ৰমবৰ্দ্ধমান গতিত বিকাশ লাভ কৰিব। কিয়নো বৰ্দ্ধিত
বঙালীভাষী লোকসকলে অসমৰ অৰ্থনীতিৰ এটা সিংহভাগ দখল কৰাটো স্বাভাৱিক।
৪. ক) আমি এতিয়া কি কৰা
উচিত?
ওপৰৰ আলোচনাসমূহৰ পৰা আমি বুজি উঠিছো যে নাগৰিকত্ব সংশোধনী
বিধেয়ক, ২০১৬ই অসমৰ সমগ্ৰ সমাজ-ৰাজনীতি আৰু অৰ্থনীতি কোঙা কৰি পেলাব। গতিকে এই
মুহূৰ্তত আমাৰ সমূখত দল-মত নিৰ্বিশেষে এখন ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ বাহিৰে একো
উপায় নাই। কিন্তু আমাৰ সমাজখন ইমানেই বহুধাবিভক্ত যে এই সময়চোৱাত সম্পূৰ্ণ
কৌশলগতভাৱে চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈও সমাজখন সক্ষম নহয়। গতিকে এইসময়ত গণজাগৰণৰ
নেতৃত্ব লোৱা সকলো সংগঠনে অসমৰ মধ্যবিত্তীয় শ্ৰেণীবিভক্ত সমাজখনৰ মাজলৈ সোমাই গৈ
সকলো ব্যক্তিকে সচেতন কৰাটো খুবেই প্ৰয়োজনীয় হৈ উঠিছে।
মুঠৰ ওপৰত আমি মনত ৰখাটো খুবেই প্ৰয়োজনীয় যে নাগৰিকত্ব সংশোধনী
বিধেয়কখনৰ সৈতে অসমৰ ভৱিষ্যতৰ এটা ডাঙৰ প্ৰশ্ন জড়িত হৈ আছে। এই সময়চোৱাত আমি সকলো
শিল্পী, সাহিত্যিক, বুদ্ধিজীৱি, প্ৰেচাৰ গ্ৰুপ, ইন্টাৰেষ্ট গ্ৰুপ, তাৰ্কিক,
পাব্লিক ফিগাৰ আৰু সকলো শুভ বুদ্ধিৰ ব্যক্তিয়েই প্ৰস্তাৱিত গণজাগৰণটোৰ নেতৃত্ব বহন
কৰিবলৈ ওলাই আহিব লাগে।
অনান্যঃ
1 Comments
জয় আই অসম
ReplyDelete