ঘড়ীকেইটা কিয় গলি গৈছে


A surrealist watch that is melted: with special reference to “Persistence of Memory” and “Melting watch” by Salvador Dali
--নিকু দুৱৰা, A copycat of Dali,
The single genius of our past century

ভূপেনদাই মোৰ জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ বুলি কোৱাৰ পাছতেই অসমীয়া শ্ৰোতাসকলে ডালিৰ Persistence of Memoryৰ সৈতে সামান্যভাৱে পৰিচিত হৈছিল। এই যে সামান্যভাৱে বুলি কলো, ইয়াৰ কাৰণটো হৈছে অসমীয়া পাঠক-শ্ৰোতাসকলে এতিয়াও প্ৰতিষ্ঠানিক আধুনিকতাবাদৰ মাজতেই বিচৰণ কৰি আছে। প্ৰতিষ্ঠানবিৰোধী অধিবাস্তৱবাদ, ডাডাবাদ আদিৰ দৰে ধাৰণাসমূহ এতিয়াও অসমৰ পৰিপ্ৰেক্ষিতত আচহুৱা হৈয়েই আছে। যি কি নহওঁক, বহুতো অসমীয়া কলাৰসিকেই অন্তত ডালিৰ এই ছবিখনৰ সৈতে সামান্যভাৱে হলেও পৰিচিত।

       ছবিখনৰ নামটোক লৈয়েই অনেক অথন্তৰ। ইটিমলজিকেলি আমি যদি Persistence শব্দটোৰ অৰ্থৰ সন্ধান কৰোঁ তেতিয়া দেখা পাম যে শব্দটোৱে “Verbal noun: The act or fact of persisting, i.e. continuance of efforts or existence” জাতীয় এটা ধাৰণাহে দিবলৈ যত্ন কৰে। যদি এয়েই হয় তেতিয়া Melting Watchৰ ধাৰণাটো অবান্তৰ নেকি? প্ৰশ্নটোৰ উত্তৰ জানিবলৈ আমি ডালিৰ চিন্তাস্ৰোতৰ বিষয়েও অলপ জ্ঞাত হোৱাটো প্ৰয়োজনীয়। ডালিৰ অধিবাস্তৱিক চিন্তা শৈলীয়ে কিন্তু আমাক অন্য এটা কথাহে কব বিচাৰে। কথাটো তেল-পানীৰ দৰে পৰিষ্কাৰ নহয়। অৱশ্যে সিমানটো ধৰণেৰে পৰিষ্কাৰ কৰিবলৈ যোৱাটোও অসম্ভৱ।
       ডালিয়ে কথাবোৰ ডাইলেক্টিকেলি চিন্তা কৰা নাছিল। ডাইলেক্টিকেল চিন্তাস্ৰোঁতত সকলো কথাৰে এটা প্ৰসংগ আৰু সংগতি থকাটো খুবেই প্ৰয়োজন। এইবাবেই অধিবাস্তৱবাদক প্ৰতিষ্ঠানবিৰোধী (Anti-institutional) বুলি কৈছো যে অধিবাস্তৱিক ধাৰণাবোৰ সপোনৰ দৰেই সংগতিহীন। সপোন দেখোতে যিদৰে আমি প্ৰসংগ, সংগতি আৰু স্থান-কালগত সচেতনতাক গণ্য নকৰোঁ (ফেন্টাচি) ঠিক তেনেদৰে অধিবাস্তৱিক চিন্তাস্ৰোঁতেও এলিট আৰু মধ্যবিত্তীয় চিন্তাস্ৰোঁতৰ স্থান-কালগত সীমাবদ্ধতাক স্বীকাৰ নকৰে, বৰং তীক্ষ্ণ বিৰোধহে কৰে (বিঃ দ্ৰঃ ডাইলেক্টিকেল প্ৰতিষ্ঠানগত যদিও ইয়াক এলিট আৰু মধ্যবিত্তীয় ধাৰণাৰ মাজত ৰাখিব পৰা নাযায়)। সচেতন পাঠকৰ বাবে ছবিখনৰ নামটোৰ বাখ্যা কৰিবলৈ আমাৰ বোধেৰে এইখিনি কথাই যথেষ্ট! ইয়াৰ ওপৰলৈ গৈ আমি কব বিচাৰো যে ডালিয়ে Persistence শব্দটোক এটা নিতান্তই ডাডা হিচাপে ব্যৱহাৰ কৰিছিল।
Image result for dali       ডালিৰ সমসাময়িকভাৱে আৰু এজন জিনিয়াছৰ প্ৰসংগ টানি আনিব লাগিব। তেওঁ হৈছে আইনষ্টাইন। আইনষ্টাইনে আপেক্ষিকতাবাদৰ জৰিয়তে মধ্যবিত্তীয় সময়-সচতেনতাত এটা ডাঙৰ আঘাত কৰিছিল। আপেক্ষিকতাবাদে কয় যে সময় নিজেই এটা অস্থিৰ ৰাশি। ই ধ্ৰুৱসত্য নহয় (ৰাম নাম সত্য হে জাতীয় কেতিয়াও নহয়!), বৰং স্থানৰ সৈতে আন্তঃসম্পৰ্কিত। গতিকে দেখা যায় যে আপেক্ষিকতাবাদে এলিট আৰু মধ্যবিত্তীয় সমাজৰ সময়-সচেতনতাক বৰ বেয়াকৈ আঘাত কৰিলে। কিন্তু এইবোৰৰ সৈতে ডালিৰ ঘড়ীকেইটাৰ সম্পৰ্কই বা কি?
আমি কিয় প্ৰেমত পৰোঃ সপোনৰ প্ৰয়োজনীয়তা
যিসকল পাঠকে চাৰ্ভেন্টিছৰ “Don Quixote, de la mancha” পঢ়িছে সেইসকল ফেন্টাছিপূৰ্ণ সপোনৰ সৈতে ভালকৈ পৰিচিত। এটা অসম্ভৱ আৰু অবাস্তৱিক সপোনৰ পম খেদি এজন আদবয়সীয়া মানুহে নিজকে নাইট চৰিত্ৰ এটাৰ মাজত সম্পূৰ্ণকৈ হেৰুৱাই পেলাইছে। সেইদৰে প্ৰেম এটা জৈৱিক প্ৰয়োজনীয়তা বুলি জনাৰ পাছতো আমি বাৰে-বাৰে প্ৰেমত পৰোঁ। জীয়াই থাকিবলৈ এইবোৰৰ প্ৰয়োজনীয়তাই বা কি?
 পুনৰঃ সপোন আৰু দিঠকৰ ছয়াময়া কালছোৱাত আমি কিয় স্থান-কাল পাহৰি পেলাওঁ? কিয় আমি স্থান-কালৰ জালখনৰ মাজত থাকিও তাক অস্বীকাৰ কৰিব বিচাৰো বা আমি কিয় সপোন দেখাটো উচিত? সপোনৰ কালগত সচেতনতাৰ বিপক্ষে যুক্তিয়েই বা কি?
       ডাৰউইনৰ “Descent of Man and Selection in Relation to Sex” ভালপোৱাৰ উৎকৃষ্টতম কাৰণ কেতিয়াও হব নোৱাৰে। যৌন বাসনা প্ৰেমৰ এটা অন্যতম কাৰন হলেও মানুহে কেৱল দেহটোৰ প্ৰেমত নপৰে, বৰং স্থান, কাল আৰু প্ৰচলিত সমাজক অংগুষ্ঠ কৰিবলৈহে প্ৰেমত পৰে। সেইবাবেই ভালপোৱাৰ সৈতে অৱধাৰিতভাৱে জড়িত হৈ আছে এলিট আৰু মধ্যবিত্তীয় ৰীতিসমূহৰ প্ৰতি এটা মুকলি প্ৰত্যাহ্বান আৰু একধৰণৰ অবাস্তৱিক সপোন (চাৰ্ভেন্টিছলৈ ঘূৰি যাওঁক)।
অধিবাস্তৱবাদত সপোনৰ প্ৰয়োজনীয়তা
কেতবোৰ বিশৃংখল ভাৱনা, যিসমূহ সংগতিহীন হৈ প্ৰতিষ্ঠানবিৰোধিতাক পোষণ কৰিছে, এইবোৰক আৰ্টৰ মাজলৈ লৈ আনিছে অধিবাস্তৱবাদ বা চুৰৰিয়েলিজিমে। অধিবাস্তৱবাদক বুজি পাবলৈ হলে পাঠকসকলে সপোনৰ বিশৃংখলতাক অনুধাৱন কৰিব পাৰিব লাগিব। ডালিৰ ঘড়ীকেইটাই সঠিককৈ কি বুজাব বিচাৰিছে বুলি প্ৰশ্নকৰ্তাই সুধিলে আমি ঘপকৈ একে আষাৰে কেতিয়াও উত্তৰ দিব নোৱাৰোঁ। উত্তৰটো বিচাৰিও আমি বিশৃংখল সপোন দেখিব লাগিব।
       Anti-dialectical চিন্তাস্ৰোঁতৰ মাজত বিচৰণ কৰি থকা ডালিৰ ঘড়ীকেইটাক বুজিবলৈ সাৰ্বজনীনভাৱে দুটা ধাৰণা দেখা পোৱা যায়। প্ৰথম ধাৰণাটো হৈছে ডালিৰ নিজস্ব পট্ৰেটইট আৰু আনটো আইনষ্টাইনৰ আপেক্ষিকতবাদ। আমি এই লেখাটোৰ যোগেদি দুইটা ধাৰণাক একলগ কৰি দিব বিচাৰিছোঁ। ছবি সমালোচক এডিছৰ মতেঃ “The soft watches are an unconsciousness symbol of the relativity of space and time”। পুনৰ প্ৰশ্ন হব পাৰে যে পৰুৱাবোৰ কৰ পৰা আহিল? কিয় আহিল? মই ভাবো যে পৰুৱাকেইটাই ডালিক বুজাত সহায় কৰা আমাৰ একমাত্ৰ সাৰথি।
       স্থান-কালৰ সচেতনতাৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰি আমি যদি নিজৰ শৈশৱ, কৈশোৰৰ কথা ভাবিবলৈ আৰম্ভ কৰোঁ, ঘড়ীবোৰ পুতৌৰ পাত্ৰ হৈ উঠাটো স্বাভাৱিক। কেইটামান বেটেৰীচালিত ঘড়ীৰ দ্বাৰা সময়ক জোখাৰ ধাৰণাটো যে এটা নিতান্তই হাঁহি উঠা কাৰবাৰ তাৰেই প্ৰতীক গলি যোৱা ঘড়ীকেইটা আৰু ঘড়ীকেইটাৰ প্ৰতি চূড়ান্ত অবিচাৰ- Ants of Decay!

বাখ্যা নিষ্প্ৰয়োজনঃ Melting Watch
গতিকে ঘড়ীবোৰ কিয় গলি গৈছে প্ৰশ্নটো যে নিতান্তই অপ্ৰাসংগিক সেইটো স্পষ্ট হৈ উঠিছে। বৰং ঘড়ীবোৰ গলি নোযোৱা হলেহে আমি সোধাটো প্ৰয়োজন হলহেতেন যে— এই হাঁহি উঠা ঘড়ীকেইটা ধ্বংস হৈ যোৱা নাই কিয়?”

*অতিৰিক্ত তথ্যঃ Melting watch আৰু Persistence of Memoryৰ বেকগ্ৰাউণ্ড একেই। বেকগ্ৰাউণ্ডৰ লেণ্ডস্কেপখন ডালিয়ে শৈশৱ পাৰ কৰা পৰ্ট লিগাটৰ সৈতে মিল আছে। আমি যদি ছবিখনৰ পৰা ঘড়ীকেইটা, সাগৰীয় ঘোঁৰাটো, ঘনকটো, গছৰ ডালটো আৰু পৰুৱাকেইটা আঁতৰাই দিওঁ তেতিয়া কি হ? পাঠকসকলে নিজেই কৰি চাবচোন।

Post a Comment

0 Comments