Till we meet you again Parag: Why Parag Kr. Das is still relevant?
পাতনিৰ পৰিৱৰ্তে
মৌলিক প্ৰশ্নটো সদায় গণতন্ত্ৰৰ
ওপৰত। গণতন্ত্ৰৰ অৰ্ন্তনিহিত প্ৰমূল্যসমূহক চৰকাৰে কিদৰে প্ৰয়োগ কৰিছে?
Macro-nationalismৰ বাবে যুক্তৰাষ্ট্ৰবাদ বা Federalismৰ প্ৰাসংগিকতা কি? এইসমূহ প্ৰশ্নৰ সৈতে দৰাচলতে
ক্ষুদ্ৰ জাতিসত্বাসমূহৰ অস্তিত্বৰ প্ৰশ্নটো জড়িত হৈ আছে। পৰাগ কুমাৰ দাসৰ
প্ৰাসংগিকতা বিচাৰ কৰিবলৈ যোৱাৰ আগতে আমি ক্ষুদ্ৰ জাতিসত্বাসমূহৰ চৰিত্ৰৰ সম্পৰ্কত
জ্ঞাত হব লাগিব।
মাইক্ৰ
নেশ্যনেলিজিম বা অসমীয়াত ক্ষুদ্ৰ জাতীয়তাবাদ বৃহত্তৰ জাতীয়তাবাদৰ এক ক্ষুদ্ৰ
সংস্কৰণ নেকি? প্ৰশ্নটো খুবেই কৌশলগত। নকলেও হয় যে প্ৰশ্নটোৰ উত্তৰ ‘হয়’ বুলি ক’লেই কেন্দ্ৰৰ
অতিকেন্দ্ৰিকতাৰ প্ৰতি নাৰ্য্যতা প্ৰদান কৰা হব। আমি জানিব লাগিব যে সৰ্বভাৰতীয়
জাতীয়তাবাদ আৰু অসমৰ এটা সৰু জনগোষ্ঠী (ধৰি লওঁক মিচিং)ৰ মাজত সাংস্কৃতিক,
ডেমগ্ৰাফিক, অৰ্থনৈতিক, ঐতিহাসিক, নৃতাত্বিক আৰু ৰাজনৈতিক পাৰ্থক্য আছে। এই
পাৰ্থক্যবোৰ কেনেধৰণৰ? খুব চমুকৈ এই পাৰ্থক্যসমূহকে
বৈচিত্ৰতা বা Diversity বুলি কোৱা হৈছে। ভাৰতীয় সংবিধানৰ
প্ৰস্তাৱনাতে এই বৈচিত্ৰতাক “ভাতৃত্ববোধ” বা Fraternityৰ ৰূপত স্বীকাৰ কৰা হৈছে। কিন্তু
তথাপিও মাইক্ৰ নেশ্যনেলিজিমৰ সম্পৰ্কে ভাৰত ৰাষ্ট্ৰৰ স্থিতি সুবিধাজনক নহয়। কিন্তু
কিয়?
মাইক্ৰ
নেশ্যনেলিজম আৰু গ্ৰেটাৰ নেশ্যনেলিজমৰ মাজত দ্বন্দ্ব কিয়?
সহজভাৱে এই দ্বন্দ্বৰ কাৰণ অৰ্থনৈতিক। কিয়নো মাইক্ৰ নেশ্যনেলিজিমে এটা জনগোষ্ঠীৰ
ব্যক্তিসমষ্টিক অৰ্থনৈতিক অধিকাৰৰ প্ৰতি সচেতন কৰি তোলে। উদাহৰণস্বৰূপে অসমীয়া
মাইক্ৰ নেশ্যনেলিজমৰ প্ৰবক্তা পৰাগ কুমাৰ দাসে অসমৰ যি আত্মনিয়ন্ত্ৰণৰ কথা কৈছিল
সি মূলত অৰ্থনৈতিক আছিল (ৰেফঃ স্বাধীন অসমৰ অৰ্থনীতি)। এইকনতে আমি জনাটো প্ৰয়োজন
যে মাইক্ৰ নেশ্যনেলিজিমৰ জন্ম কিয় হয়?
মাইক্ৰ
নেশ্যনেলিজিম একাডেমিকভাৱে এটা নতুন বস্তু। কিন্তু প্ৰায়োগিক ৰাজনীতিত দেখা পোৱা
যায় যে ভাৰতত মোগল শাসনৰ সময়ৰ পৰাই Local-self Governmentসমূহৰ
উপস্থিতি আছিল। এই লোকেল চেল্ফ চৰকাৰসমূহ মূলতঃ আত্মনিয়ন্ত্ৰিত জাতিৰ এটা ৰূপ।
যিকি নহওঁক এটা বৃহত্তৰ জাতীয়তাবাদে ক্ষুদ্ৰ জাতিসত্বাসমূহক জোৰকৈ জাতি নিৰ্মান
প্ৰক্ৰিয়াৰ অন্তৰ্গত কৰিবলৈ গ’লেই মাইক্ৰ নেশ্যনেলিজিম এটা Protest
force হৈ পৰে। উদাহৰণস্বৰূপে ১৮২৬ চনত অসমৰ ৰাইজে নজনাকৈ ভাৰতৰ
মেপখনৰ এটা অংশ হোৱাৰ পাছৰে পৰা অম্বিকাগিৰি ৰায়চৌধুৰী, গোপীনাথ বৰদলৈ, পৰাগ কুমাৰ
দাস আৰু আজিৰ পৰেশ বৰুৱালৈকে এইসমূহ ব্যক্তিসত্বাই মাইক্ৰ নেশ্যনেলিষ্ট ধাৰাৰে সেই
জাতি নিৰ্মান প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি আহিছে। এই বিৰোধিতা কোনো বিক্ষিপ্ত ঘটনা
নহয়, বৰং ঐতিহাসিকভাৱে আন্তঃসম্পৰ্কিত।
কিয় পৰাগ দাস?
পৰাগ দাসৰ জন্ম কিয় হ’ল
আমি বুজি পালোঁ। ৰাষ্ট্ৰৰ অতিকেন্দ্ৰিক শোষণ আৰু অত্যাধিক ভাৰতীয়কৰনেই পৰাগ দাসৰ
জন্মৰ থুলমুল কাহিনী। পৰাগ দাসৰ প্ৰশ্নসমূহ ঘাইকৈ ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আছিল। এটা
জাতিয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ পোৱাটো উচিত নে? জাতিটোয়ে
ইচ্ছা কৰিলে সংঘৰ পৰা ওলাই আহিব পাৰেনে? এটা জাতিৰ
সম্পদসমূহৰ ওপৰত প্ৰাথমিক অধিকাৰ কাৰ হোৱাটো উচিত- ৰাষ্ট্ৰৰ নে জাতিটোৰ? মাইক্ৰ নেশ্যনেলিষ্ট শক্তিসমূহৰ বিৰুদ্ধে ৰাজনৈতিক সমাধানতকৈ সামৰিক
সমাধান কিয়? তথাকথিত ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষকসকলৰ মানৱ
অধিকাৰৰ প্ৰতি সন্মানবোধ কিমানঃ মূলত এইসমূহেই আছিল পৰাগ দাসৰ প্ৰাথমিক প্ৰশ্ন।

মানৱ অধিকাৰঃ কৌতুক নে সত্য?
ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰই মানৱ
অধিকাৰৰ কথা কলে আমি অলপ অস্বস্তিত পৰোঁ। ঐতিহাসিকভাৱে মানৱ অধিকাৰ আৰু Micro
nationalist anomic pressure group সমূহৰ প্ৰতি ৰাষ্ট্ৰই কৰা
ব্যৱহাৰ সম্পূৰ্ণ বিপৰীত। উদাহৰণস্বৰূপে আল্ফাৰ কথাকে ক’ব
পাৰি। আল্ফাৰ দাবীসমূহ মূলতঃ ৰাজনৈতিক আৰু সমাধানযোগ্য। ৰাজনৈতিক আৰু কূটনৈতিকভাৱে
সমাধান কৰিব পৰা বিষয় এটাক ৰাষ্ট্ৰই কেৱল ৰাজনৈতিক মুনাফাৰ বাবেই সামৰিকীকৰণ
কৰাটোয়েই দৰাচলতে মানৱ অধিকাৰৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান। অপাৰেশ্যন বজৰং, অল
ক্লীয়াৰ আদিৰ সময়ত ৰাষ্ট্ৰই সেনাবাহিনীৰ দ্বাৰা যিমান আল্ফা সদস্যক আঘাত কৰিছিল
তাৰ দুগুন পৰিমাণৰ অসমীয়া নিৰপৰাধী ব্যক্তিক আঘাত কৰিছিল, ধৰ্ষণ কৰিছিল আৰু আক্ৰমণ
কৰিছিল। এই প্ৰৱন্ধকাৰে “AFSPA: সময়ৰ পৰীক্ষাগাৰত ভাৰতীয়
গণতন্ত্ৰৰ অগ্নিপৰীক্ষা” শীৰ্ষক প্ৰৱন্ধ এটাত অতি মুকলিকৈ কৈছিলো
যে- “ভাৰতীয় সংবিধানৰ ৩৫৫ নং ধাৰা অনুযায়ী প্ৰৱৰ্তন কৰা AFSPAৰ দৰে ক’লা আইনসমূহৰ সপক্ষে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ
পদলেহনকাৰী সংবাদ মাধ্যমে যিমানেই যুক্তি আগ নবঢ়াওক, কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ
মাটিত থিয় হৈ সত্যৰ খাতিৰতে আমি বা তেওঁলোকে স্বীকাৰ কৰিবলৈ বাধ্য যে AFSPA বা আন সামৰিক অভিযানসমূহ প্ৰায়োগিকভাৱে বিফল আৰু মানৱ অধিকাৰ ভংগৰ এটা
ঘাই উত্স।” (AFSPA: সময়ৰ পৰীক্ষাগাৰত
ভাৰতীয় গণতন্ত্ৰৰ অগ্নিপৰীক্ষা, নৰ্থ লখিমপুৰ কলেজ আলোচনী, পৃঃ ২৫)
পৰাগ দাসঃ এন্টি
নেশ্যনেল নে সম্ভাৱনা?
পৰাগ দাসৰ সময়ত সমসাময়িক আন
বুদ্ধিজীৱিসকলে, যিসকল দৰাচলতেই আছিল ৰাষ্ট্ৰৰ পদলেহনকাৰী, তেওঁলোকে পৰাগ দাসক
মুকলিকৈ এন্টি-নেশ্যনেল (ভাৰতীয় সংবিধানৰ পাতত নেশ্যনেলিজম বোলা বস্তুটো ক’ত
আছে?), আল্ফাৰ মুখপাত্ৰ বুলি কৈছিল। দৰাচলতে সেইসকল
বুদ্ধিজীৱিয়ে পৰাগ দাসৰ যুক্তিসমূহক নস্যাত কৰিব পৰা নাছিল। কিন্তু কিয়? কাৰণ পৰাগ দাসৰ যুক্তিসমূহৰ এটা ঐতিহাসিক ভিত্তি আছিল, যিটোক কোনোপধ্যেই
নাকচ কৰিব নোৱাৰি।

অসমীয়া
জাতিয়ে নিজৰ সাৰ্বভৌমত্ব ভাৰত ৰাষ্ট্ৰক গটাই দিয়াৰ পাছতো নিজৰ অস্তিত্বক লৈয়ে
টনাটনি কৰিবলগীয়া হৈছে। অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ, অসমক অবৈধ বিদেশীৰ পৰা
ৰক্ষা কৰিবলৈ, অসমত অসমীয়াৰ প্ৰথম অধিকাৰক সুৰক্ষিত কৰিবলৈ বাৰে-বাৰে অগ্নিপৰীক্ষাৰ
সন্মূখীন হ’ব লগা হৈছে। অথচ মাইক্ৰ ইকনমিৰে পৰিচালিত ভাৰতীয়
বজাৰখনে অসমক এখন কেঁচামালৰ পথাৰ হিচাপেই আজিলৈকে ব্যৱহাৰ কৰি আহিছে, অথচ তেওঁলোকে
আমাক বিনিময়ত কি দিছে সেই প্ৰশ্নটোৰ পৰাই আৰম্ভ হয় পৰাগ কুমাৰ দাস।
ইমানৰ
পাছতো পৰাগ কুমাৰ দাস এন্টি নেশ্যনেল নে?
0 Comments