গ্ৰন্থ সমালোচনাঃ চাহজাহানৰ "গৰু"


চাহজাহানৰ গৰুঃ সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ এখন জীৱন্ত দলিল
নিকু দুৱৰা

কৈলাশগত বন্ধু প্ৰদ্যুন্ম গগৈৰ কোঠাৰ এটা চুকত বিচাৰি পালো এখন সৰু ভলিউমৰ কিতাপ। বৰ বিশেষ ৰঙচঙীয়া নহয় যদিও বাহিৰৰ পৰাই অনুমান কৰিব পাৰি যে এইখন এখন ৰাজনৈতিক ব্যঙ্গ। কাৰ্টুন শিল্পী নিতুপৰ্ন ৰাজবংশীয়ে কভাৰেজ কৰা কাৰ্টুনখনৰ পৰাই আমাৰ এই অনুমান বোধগম্য হয়।
বৰ্তমান সময়ৰ উগ্ৰ হিন্দুত্ববাদী ৰাজনীতিত গৰু এটা প্ৰধান পলিটিকেল ফেক্টৰ হৈ পৰিছে। আদিত্যনাথটো দূৰৈৰ কথা, খোদ প্ৰধানমন্ত্ৰীয়েও নিজকে গো-সেৱক বুলি ঘোষণা কৰিছে। গৰুৰ বাবেই দেশৰ চৌপাশে চলি আছে এটা চেপা আতংক আৰু বহুতো গুপ্ত আৰু মুক্ত হত্যা। অৰ্থাৎ বৰ্তমান সময়ত গৰু এটা সম্পূৰ্ণ ৰাজনৈতিক প্ৰাণী (Cow is a Political animal) গৰুৰ প্ৰতি সৃষ্টি হোৱা এনে একদেশদৰ্শী প্ৰেম যে বাৎসল্য প্ৰেমৰ নিদৰ্শন তেনে নহয়, বৰং বহু হাজাৰ কোটিটকীয়া সমীকৰণৰ এটা ‘X’ হে। সেইবাবেই চাহজাহানৰ গৰুয়েই হওঁক বা আদিত্যনাথৰ গৰুয়েই হওঁক— ইঁহত হৈছে ক্ষমতাকেন্দ্ৰিক সংসদীয় ৰাজনীতিৰ বলি কা বকৰা
       গৰুৰ ওপৰত কিবা এটা লিখিবলৈ লোৱাৰ আগতেই মোৰ মনলৈ আহিছে যে বৰ্তমান সময়ৰ সমাজ আৰু ৰাজনীতিৰ জ্বলন্ত ঘটনাবোৰৰ সৈতে সম্পৰ্কিত উপন্যাস সাহিত্য খুব কমেই পোৱা যায়। এচাম উপন্যাসিকে যদি তিনিকোণীয়া প্ৰেমৰ কথাৰে বটা আৰু টকা ঘটি আছে, তেন্তে আন এচামে আধুনিকতা-উত্তৰ আধুনিকতাৰ নামত বৌদ্ধিক বিলাসিতাৰ বাহিৰে কিবা কৰিছে বুলি মই নাভাবো। ধনতান্ত্ৰিক সমাজব্যৱস্থাত সাহিত্য চৰ্চা মধ্যবিত্তীয় বুদ্ধিজীৱীৰ হাতলৈ যোৱাৰ বাবেই এনে দুৰৱস্থা হৈছে বুলি আমাৰ বিশ্বাস। কিন্তু তাৰ বিপৰীতে চুবুৰীয়া ভাষাগোষ্ঠীসমূহৰ সাহিত্য যথেষ্ট প্ৰগতিশীলতাৰ মাজেৰে আগবাঢ়িছে।
       চাহজাহানৰ গৰু এখন সৰু ভলিউমৰ কিতাপ। পাতনিৰ সৈতে ৬২ খন পৃষ্ঠা। উপন্যাসৰ দৃশ্যপট আৰম্ভ হৈছে দেশ বিভাজনকালীন হিন্দু-মুছলিম সম্পৰ্কৰে। চাহজাহানৰ লিখন শৈলীত ব্যংগাত্মক সুৰ এটা ভাঁহি থাকে। সেয়া তেওঁৰ কবিতাই হওঁক বা উপন্যাসেই হওঁক। গৰুৰ কেন্দ্ৰীয় চৰিত্ৰ মৃদুলা বৰা মধ্যবিত্তীয় মানসিকতাৰ এগৰাকী হোজা মহিলা। গুৱাহাটীৰ বাসিন্দা যদিও গাঁৱলীয়া হাৱ-ভাৱ এটা চৰিত্ৰটোৰ মাজত দেখা যায়। সেইদৰে মৃদুলা বৰাৰ পুত্ৰ বিচিত্ৰ, বিচিত্ৰৰ কোম্পানীৰ বছ, বিচিত্ৰৰ বন্ধু, গৰু বেপাৰী ওচমান আলী আদি প্ৰতিটো চৰিত্ৰই আমাৰ চৌপাশৰ সহজাত চৰিত্ৰ। তাকেই ব্যঙ্গাত্মক শৈলীৰে উপস্থাপন কৰিছে লেখকে। উপন্যাসখনৰ কেন্দ্ৰীয় গতি নিৰ্ণয় কৰিছে লখিমি নামৰ গাইজনীয়ে। লখিমি নামৰ গৰুজনী হেৰুৱা আৰু হেৰুৱা গৰুজনী পুনৰ বিচাৰি পোৱা, বিচাৰি পোৱা গৰুজনী ওচমান আলীয়ে নিজৰ বুলি দাবী কৰা, ঘটনা গৈ থানাৰ চোতাল পোৱা, সেইসময়তে মন্ত্ৰী-বিধায়ক আৰু সাংবাদিকৰ প্ৰৱেশে সমগ্ৰ কাহিনীটোৰ মাজলৈ এটা তীব্ৰ ব্যংগ আনি দিছে।

       ঘটনা সিমানতে শেষ নহল। ঘটনাই ৰাজনৈতিক মোৰপাছ গ্ৰহণ কৰিলে। গো-মাতা ৰক্ষা সমিতি আৰু মুছলিম যুৱ মৰ্চাৰ পৰস্পৰ বিৰোধী সাম্প্ৰদায়িক ৰাজনীতিৰ মাজত বন্দী হৈ পৰিল হোজা ওচমান আলী আৰু মৃদুলা বৰা। প্ৰসংগক্ৰমে আহিল হিন্দুত্ববাদী সংগঠনৰ মুছলিম-বিদ্বেষ, বাংলাদেশীভীতি, মুছলিমসকলৰ হিন্দুভীতি আৰু সকলোতকৈ প্ৰতিক্ৰিয়াশীলভাৱে সাম্প্ৰদায়িক ধৰ্না আৰু প্ৰতিবাদ আৰু সংঘৰ্ষৰ ৰাজনীতি। এইখিনিতে আমি উপন্যাসখনৰ পৰা কেইটামান শাৰী তুলি দিব বিচাৰিছোঁঃ
-      ডবল ভাড়া পোৱাৰ আশাত ৰাস্তাত থু পেলাই বহি আছে হচমত আলী।...... এনেতে কিবা হাল্লা শুনা পাই হচমত আলীয়ে পিছফালে ঘূৰি চালে।..........এই ঘটনাৰ খবৰ চাৰিওফালে বিয়পি গল। চহৰৰ পশ্চিম ফালে হিন্দু মানুহৰ সংখ্যা কম। এইবাৰ তাত আক্ৰমণ হল। কৰ পৰা জানো শ শ মানুহ আহি ঘৰবোৰ জ্বলাই দিলে।.......... কেৱল ঘৰবোৰেই নজ্বলিল। গোটেই অসম জ্বলি উঠিল। মুছলমান সংগঠনবোৰে হিন্দুৰ অত্যাচাৰৰ বিৰুদ্ধে গৰজি উঠিল। অসমৰ মুছলমানৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত মুম্বাইত সমদল উলিয়ালে। তাত দোকান জ্বলিল, বাছ ভাঙিল। অসমৰ মূখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰা হল। হিন্দু সংগঠনবোৰে দাবী কৰিলে বাংলাদেশৰ পৰা নাৱেৰে মানুহ আনি অসমত আক্ৰণণ চলাইছে....। (আলোচিত গ্ৰন্থ, পৃঃ ৫৭-৫৮)
কিন্তু এই ৰাজনৈতিক নাটকখনৰ প্ৰতি সাধাৰণ মানুহৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? সৰ্বসাধাৰণ মানুহবোৰক দৰাচলতে ৰাজনৈতিক মুনাফাৰ বাবে সংগঠনসমূহে ব্যৱহাৰ কৰি আছে নেকি? প্ৰশ্নটোৰ উত্তৰ পোৱা যায় এনেদৰে—
-বাস্তৱত বেছিভাগ কথাই আমি ভবা ধৰণে নঘটে। সেয়ে মানুহে সপোন দেখে। কল্পনা কৰে। দেখিবলৈ পোৱা গৈছে ওচমান আলী সোমাই আহিছে। তেওঁক ড্ৰইংৰুমত বহুৱাই খুড়ী কলৈ গল। চাহ বনাৱ যোৱা নাইতো? খাটি গৰুৰ গাখীৰেৰে বনোৱা চাহ।
সপোন কেনেকৈ ফলিয়াব তাৰে আলোচনাত ছাগে চহিদুল আৰু বিচিত্ৰ বৰা ব্যস্ত। (পৃঃ ৬২)
        
       সামৰণিলৈ কব পাৰি যে ৰাজনৈতিক ব্যংগ হিচাপে গৰু এখন পঠনীয় গ্ৰন্থ। আকাৰৰ দিশৰ পৰা সৰু হলেও কাহিনীটোৰ গতিশীলতাই সাম্প্ৰতিক ৰাজনীতিৰ বহুবোৰ দিশেই সামৰি লৈছে। সামৰণিলৈ উপন্যাসিকৰ ৰাজনৈতিক মতাদৰ্শ স্পষ্ট হৈ পৰিছে আৰু সেয়া হৈছে— ভাৰতীয় গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষতাবাদ।

Post a Comment

0 Comments