বিজেপিৰ জুমলাবাজী। ৰাজনৈতিক বিশ্লেষণ। নিকু দুৱৰা

বিজেপিৰ জুমলাবাজী-২
প্ৰসংগঃ গোপনীয়তাৰ অধিকাৰৰ পৰা আধাৰ কাৰ্ডলৈকে

বিজেপি চৰকাৰৰ যিকেইটা জুমলাবাজীয়ে আমাৰ দৰে ষ্টুপিড কমন মেনসকলক সততে হাঁহিৰ খোৰাক যোগাই আহিছে সেইকেইটাৰ ভিতৰত আধাৰ কাৰ্ডৰ জুমলাবাজীটোয়েই আটাইতকৈ অস্পষ্ট আৰু স্ববিৰোধী। এটা সময়ত গোপনীয়তাৰ অধিকাৰ অৰ্থাৎ Right to Privacyৰ নামত প্ৰধান বিৰোধী দল বিজেপিয়ে আধাৰ কাৰ্ডৰ প্ৰস্তাৱক এনেভাৱে বিৰোধিতা কৰিছিল, যাৰ বাবে UPA চৰকাৰে বিষয়টো কৰ্তন কৰিবলৈ বাধ্য হৈ পৰিছিল।

আধাৰ কাৰ্ডৰ ইতিহাসঃ UIDIA বিল
আধাৰ কাৰ্ডৰ ইতিহাসৰ সৈতে The National Identification Authority of India Bill, 2010 প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। তেতিয়া চাৰিওফালে কংগ্ৰেছৰ হাতৰ দপদপনি। লোকসভা-ৰাজ্যসভা আৰু ৰাজ্যিক বিধানসভাসমূহ কংগ্ৰেছৰ দখলত। প্ৰধানমন্ত্ৰী নিবোকা মনমোহন সিং।
       কংগ্ৰেছে লোকসভাত উত্থাপন কৰিছিল আধাৰ কাৰ্ডৰ প্ৰস্তাৱ। মূলত আধাৰ আছিল এটা বায়মেট্ৰিক সংখ্যা, যাৰ সৈতে বাসিন্দাজনৰ বিভিন্ন Supportive তথ্যৰ সংযোগ হৈ থাকিব। তাৎপৰ্যপূৰ্ণভাৱে এই বিলখনে কিন্তু আধাৰক বাধ্যতামূলক নথি হিচাপে চিহ্নিত কৰা নাছিল। অৰ্থাৎ নাগৰিকত্ব প্ৰমাণ কৰিবলৈও আধাৰক ব্যৱহাৰ কৰা হোৱা নাছিল। ষ্টেণ্ডিং কমিটিৰ পৰামৰ্শমৰ্মে আধাৰৰ সৈতে ডেমগ্ৰাফিক বা জমগাঁথনিগত তথ্যসমূহো গাঁথি দিয়াৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল (তথ্য উৎসঃ prsindia.org)
       আধাৰ কাৰ্ডৰ ইতিহাস আৰু অলপ বিচাৰিলে দেখা যাব যে 2006 চনত বি.পি.এল পৰিয়ালসমূহলৈ তদানীন্তন চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগে প্ৰদান কৰা বিশেষ পৰিচয় সংখ্যা (Unique ID) বা জনপ্ৰিয়ভাৱে ID Numberৰ ধাৰণাৰ পৰা আধাৰৰ ধাৰণা অনা হৈছিল। (ইউ.পি.এ চৰকাৰৰ আধাৰৰ ধাৰণা অধিকভাৱে জানিবলৈ চাওঁক- http://www.prsindia.org/uploads/media/UID/uid%20report.pdf, ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্ট)। সেইদৰে দেখা যায় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ Social Security Numberৰ সৈতেও আধাৰৰ আৰ্হিৰ যথেষ্ট মিল আছে।

আধাৰৰ ইতিহাসঃ বিজেপিৰ বিৰোধিতা
সংসদৰ ভিতৰে-বাহিৰে বিৰোধিতা হৈছিল আধাৰৰ। বিজেপি আছিল তেতিয়াৰ প্ৰধান বিৰোধী দল। বিজেপিয়ে সংঘবদ্ধভাৱে বিভিন্ন ইচ্যুৰ ওপৰত ভিত্তি কৰি বিৰোধিতা কৰিছিল আধাৰৰ প্ৰস্তাৱক। মীনাক্ষী লেখী, অনন্থ কুমাৰ, স্মৃতি ইৰাণী আদি বিভিন্ন নেতাই কংগ্ৰেছ চৰকাৰৰ এই অদ্ভূদ প্ৰস্তাৱটোক আখ্যা দিছিল “Fraud” বুলি। তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ নেতা তথা বৰ্তমানৰ সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী অনন্থ কুমাৰে অসমৰ বাংলাদেশী প্ৰবজনৰ ইচ্যুটোৰ ওপৰত ভিত্তি কৰি কৈছিলঃ “If you illegally enter other countries, you are shot at or put in jail. But if anyone illegally enters India, he is given citizenship. This is the contribution of Aadhaar. Half of Assam is occupied by Bangladeshis. Aadhaar is the biggest fraud in the country.”সেইদৰে বিজেপিৰ সেইসময়ৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ মীনাক্ষী লেখীয়ে কৈছিল- “This is a dangerous programme to regularise the illegal stay of migrants in the country. Is Bharat Mata so open to illegal migrants? The Aadhaar is also in contravention of Supreme Court directives. The entire biometric data of people enrolled has been stored outside the country”
       যিকি নহওঁক বিজেপিৰ বিৰোধিতাৰ বাবেই সেইসময়ত দেশবাসী ৰক্ষা পৰিছিল কংগ্ৰেছৰ এই মাৰাত্মক বিধেয়কখনৰ পৰা। ষ্টেণ্ডিং কমিটিয়ে বাৰে-বাৰে কৰ্তন কৰিছিল বিলখনক। এইসম্পৰ্কে ব্যংগ কৰি দিল্লীত স্মৃতি ইৰাণীয়ে কৈছিল- “The reality is that the National Identification Authority of India Bill, 2010, which gives sanction to this particular card was rejected by the standing committee on finance.”
       মূলত বিজেপিয়ে দুটা ইচ্যুৰ ওপৰত ভিত্তি কৰি UIDAI বিলখনৰ বিৰোধিতা কৰিছিল- প্ৰথম, ইয়াৰ অপপ্ৰয়োগ আৰু সুৰুঙাৰ জৰিয়তে অবৈধ বিদেশীসকলে চৰকাৰী নথি লাভ কৰিব, যাৰ বাবে তেওঁলোকক বিদেশী বুলি আদালতৰ মজিয়াত প্ৰমাণ কৰাটো প্ৰায় অসম্ভৱ হৈ উঠিব। দ্বিতীয়তে আধাৰ কাৰ্ডে জনসাধাৰণৰ সংবিধানপ্ৰদত্ত গোপনীয়তাৰ অধিকাৰ বা Right to Privacyক ভংগ কৰিব। এজন ব্যক্তিৰ শাৰিৰীক, অৰ্থনৈতিক আৰু ডেমগ্ৰাফিক গোপনীয়তা ৰাষ্ট্ৰযন্ত্ৰক জনোৱাটো কোনো সভ্য দেশৰ চৰ্ত হব নোৱাৰে!

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰা জুমলাবাজীলৈঃ আধাৰ
2014 চনত বিজেপিৰ মূখপাত্ৰ মীনাক্ষী লেখীয়ে ৰাজহুৱাকৈ নিৰ্বাচনী ভাষণ প্ৰদান কৰি কৈছিল যে শাসনলৈ আহিলেই বিজেপি চৰকাৰে আধাৰৰ প্ৰস্তাৱটোক পুনৰ বিবেচনা কৰিব। আমি জনাটো উচিত যে ষ্টেণ্ডিং কমিটিৰ ৩৩ জন সদস্যৰ মাজৰ ৩১ জনেই উক্ত বিলখনৰ বিৰুদ্ধে ভোটদান কৰিছিল।
       আধাৰক বিৰোধিতা কৰা বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ মাজৰ এটা মূখ্য প্ৰতিশ্ৰুতি আছিল আধাৰ কৰ্তন কৰা। আনকি আধাৰৰ দৰে অগণতান্ত্ৰিক ব্যৱস্থা এটাৰ বাবে ভাৰত চৰকাৰে কিমান টকা অপব্যৱহাৰ কৰিলে তাৰ চি.বি.আই তদন্তৰো প্ৰতিশ্ৰুতি দিছিল লেখীয়ে।
       এইকনতে আপোনালোকে জনাটো ভাল হব যে আধাৰক বিৰোধিতা কৰি উদাত্ত ভাষণ দিয়া নৰেন্দ্ৰ মোডীয়ে ব্যক্তিগতভাৱে জুমলাবাজী গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থাকোতেও কৰিছিল। 31 ডিচেম্বৰ, 2013 চনলৈকে গুজৰাটত মোডীৰ নেতৃত্বত 22 মিলিয়ন আধাৰ কাৰ্ড প্ৰস্তুত কৰা হৈছিল। সেই সময়ৰ কংগ্ৰেছ চৰকাৰে বান্ধি দিয়া তথ্য সীমাতকৈও বেছি ব্যক্তিগত তথ্য বিচৰাৰ অভিযোগো মোডীৰ বিৰুদ্ধে পোৱা যায়। হাঁহি উঠা কথা এয়ে যে ইমানখিনি কৰাৰ পাছতো কিন্তু মোডীয়ে আধাৰক সমালোচনা কৰিবলৈ এৰা নাছিল। উদাহৰণ হিচাপে বাংগালুৰুৰ নিৰ্বাচনী ৰেলীত বিজেপি দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছত কটু সমালোচনা কৰি কৈছিলঃ কংগ্ৰেছ চৰকাৰে আধাৰৰ প্ৰয়োজনীয়তা আমাকহে বুজাব পাৰে, উচ্চতম ন্যায়লয়ক নোৱাৰে।
       কিন্তু শাসনলৈ আহিয়েই বিজেপি চৰকাৰে কি কৰিলে সেয়া বৰ্ণনা নকৰোঁইমানকে জনাই থওঁ যে ভাৰতবৰ্ষৰ এটৰ্ণি জেনেৰেল কে.কে. বেনুগোপালে উচ্চতম ন্যায়লয়ৰ সমূখত আধাৰক ডিফেণ্ড কৰিবলৈ গৈ কথাৰ লাচতে উদঙাই দিলে চৰকাৰী ওৱেবচাইটসমূহে কিদৰে নাগৰিকৰ গোপন তথ্যসমূহক আধাৰৰ জৰিয়তে অন্য উৎসক বিক্ৰী কৰিছিল। ন্যয়লয়ে বিচাৰ কৰি দেখিলে যে MeitY, মধ্য প্ৰদেশ, দিল্লী, ৰাজস্থান আদিৰ চৰকাৰী ওৱেবচাইসমূহে আধাৰৰ তথ্য লিক কৰি আছে। এইসম্পৰ্কত উচ্চতম ন্যায়লয়ত বৰ্তমানেও বিচাৰ চলি আছে।
       সামৰণিলৈ এটা কথাই কব বিচাৰো যে আধাৰক লৈ জুমলাবাজী কৰা বিজেপি চৰকাৰক আপোনালোকে ক্ষমা কৰিব নে নকৰে সেইটো আপোনালোকৰ ব্যক্তিগত বিষয়, কিন্তু অনুগ্ৰহ কৰি আধাৰক এটা খুব ভাল বস্তু হিচাপে প্ৰজেক্ট কৰি মোডী চাহাবক হিৰো সজোৱাৰ দৰে বাতুলামী নকৰিব।
ষ্টুপিড কমন মেন ইমানো বুৰ্বক নহয়!!




Post a Comment

0 Comments