TVFৰ যমুনাপাৰঃ নতুন বটলত পুৰণা মদ নে পুৰণা বটলত নতুন মদ?

 

TVFৰ যমুনাপাৰঃ নতুন বটলত পুৰণা মদ নে পুৰণা বটলত নতুন মদ?



       মাজতে এচোৱা সময় আহিছিল। সেই সময়চোৱাত অসমৰ বহুকেইখন শীৰ্ষস্থানীয় আলোচনীৰ প্ৰতিটো সংখ্যাতে এটা থীমৰ ওপৰতে পৃথক-পৃথককৈ একেটাই গল্প প্ৰচাৰ হবলৈ আৰম্ভ কৰিছিল। এই গল্পটো বা কাহিনীটোৰ প্ৰথম আৰম্ভণি কোনে কৰিছিল সেয়া এটা গৱেষণাৰ বিষয় হব পাৰে, কিন্তু আমি সৰুৰে পৰাই পঢ়ি অহা বিভিন্ন উপন্যাস যেনে সময়, পিতা-পুত্ৰ, নৈ বৈ যায় আদিসমূহৰ মূল থীমটোও এই কাহিনীটোৱেই। কাহিনীটো হৈছে প্ৰজন্মভেদ আৰু নগৰ বনাম গাঁও। এই থীমটো ঘাইকৈ কেইটামান অতি সাংঘাতিক সাধাৰণীকৰণ আৰু ভুল ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম সাধাৰণীকৰণটো হৈছে যে এইধৰণৰ কাহিনীয়ে কাহিনী আৰম্ভ হোৱাৰ আগতেই সিদ্ধান্তলৈ আহি লয় যে পুৰণা প্ৰজন্মটোৱেই সত্য, শুদ্ধ, সৰল আৰু তেওঁলোকৰ নৈতিকতা তথা প্ৰমূল্যসমূহেই আটাইতকৈ সঠিক তথা অনুকৰণীয়। তাৰ বিপৰীতে নতুন প্ৰজন্ম আৰু নতুন প্ৰজন্মৰ বিচাৰধাৰা মানেই হৈছে অসত্য, অশুদ্ধ আৰু পোনচাতেই দলিয়াই দিবলগীয়া। গতিকেই কাহিনীসমূহৰ শেষত যদি Happy Ending থাকে তেন্তে তাত মূল প্ৰটাগনিষ্টে নিজৰ নতুন হোৱাৰ ভুল স্বীকাৰ কৰি পুৰণি প্ৰমূল্যৰ ওচৰত কৰযোৰে সেৱা জনাই পৰাজয় স্বীকাৰ কৰে। মই উল্লেখ কৰি অহা অসমীয়া সাহিত্যৰ এই ক্লাছিকসমূহক সাহিত্যিক মূল্যৰ বাবে সন্মান কৰিও কওঁ যে এয়া একেবাৰেই ভিত্তীহীন আৰু Judgemental ধাৰণাৰ বাহিৰে একো নহয়। লেখকৰ সমাজ আৰু সামাজিক বিৱৰ্তনৰ প্ৰতি অন্তৰ্দৃষ্টিৰ অভাৱ হলেহে এনেধৰণৰ চিন্তা মগজুৰ পৰা ওলাই আহে। সেইদৰে নগৰ বনাম গাঁওৰ থীমটো আৰু আকৰ্ষণীয় হৈ পৰে। এই থীমটো মূলতে এটা ৰোমান্টিক পেনপেননিৰ বাহিৰে একো নহয়। থীমটোত লেখকসকলে প্ৰথমতেই ভুল কৰে নগৰৰ ধাৰণাটোক নুবুজাৰ বাবে। নগৰ আৰু গাঁৱৰ মাজৰ পাৰ্থক্য বিচাৰিবলৈ যাওঁতে আপুনি যদিহে প্ৰথমতেই গাঁৱক উচ্চ আসন এখন নিজৰ স্মৃতিকাতৰতাৰ বাবে দিয়েই ৰাখিছে তেন্তে আমাৰ একো কবলগীয়া নাই, কিয়নো আপুনি মহানাগৰিক চেতনা কি বস্তু সেয়া কেতিয়াও অনুধাৱন কৰিবলৈ কেতিয়াও সক্ষম নহব। চূড়ান্ত Judgementalism আৰু সাধাৰণীকৰণৰ যোগেদি আপুনি নিজৰ যাদুকৰী শব্দৰে পাঠকক এইটো পতিয়ন নিয়াবই যে নগৰ বোলা বস্তুটো মানুহৰ বাসস্থান নহয়, মানুহ কেৱল গাঁৱতহে থাকে। কিন্তু সেই সাহিত্যিকসকলে গাঁৱক মহীয়ান কৰিবলৈ যাওঁতে যে গাঁও এখনক সঠিক মূল্যায়ন কৰিব পাৰে সেয়াও নহয়। তেওঁলোকে গাঁও বুলিলেই ৰোমান্টিকতাৰ আচ্ছাদনত ডুবি যায়। আমাৰ সাহিত্যিক-ফিল্মমেকাৰসকলৰ এটা বেয়া ৰোগ আছে। তেওঁলোকে যিদৰে মিচিং সমাজ বুলিলেই ঐনিতম, কনেং আৰু আপং, চাহ জনগোষ্ঠীৰ সমাজ বুলিলেই বুধুৱা, ৰতনী, মাদল আৰু ঝুমুৰৰ এটা আওপুৰণি ৰেটৰিক এটাকে এতিয়াও সত্য বুলি দেখুৱাই আছে বা লিখি আছে সেইদৰে তেওঁলোকে গাঁও বুলিলেই সৰলতাৰ লেবেল এটা সকলোতে লগাই দিয়ে। মই এনেধৰণৰ আওপুৰণি ৰেটৰিকবোৰ দেখি-দেখি চৰম অস্বস্তিত পৰোঁ। মই নিজেও গাঁৱৰ মানুহ, সেইবাবে বুজি পাঁও যে এইধৰণৰ ৰেটৰিকৰ সৈতে বাস্তৱৰ দূৰ-দূৰলৈকে কোনো সম্পৰ্ক নাই। নিশ্চিতভাৱে নগৰৰ এজন Working Professionalৰ জীৱন আৰু গাঁৱৰ এজন খেতিয়কৰ জীৱনৰ মাজত পাৰ্থক্য আছে, কিন্তু তাৰ লগতে এইটোও সত্য যে দুয়োগৰাকী ব্যক্তিৰে জীৱনত জটিলতা আছে, তেওঁলোকৰ আচৰণ বিভিন্ন পৰিস্থিতি অনুসৰি জটিলৰ পৰা জটিলতম হব পাৰে। জানমণি, অঞ্জনা, উজনিৰ দুজনী গাভৰুৰ সমাজখন আৰু তাৰ মানুহবোৰ দৰাচলতেই কেতিয়াও নাছিল।

       আমাৰ সমাজলৈ পুঁজিবাদৰ দ্ৰুত আগমণৰ বাবে এতিয়া লাহে-লাহে আমাৰ ৰাইজে এইটো থীম আমনি পোৱা হৈছেগৈ। এতিয়া আমাৰ লেখক-ফিল্মমেকাৰসকলে সেই একেটা Genreৰে কিছুমান অন্য দিশ অস্ত্ৰোপচাৰ কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে মহানগৰ বনাম নগৰ, নগৰ বনাম উপনগৰ বা এখন মহানগৰৰ মাজৰে Sub-urbবোৰ। অৱশ্যে এইসমূহ থীমলাইন আৰু আমি প্ৰথম পেৰাগ্ৰাফটোত উল্লেখ কৰি অহা থীমলাইনসমূহ সম্পূৰ্ণ একেই বা একেধৰণেই সমালোচনাযোগ্য নহয়। বহুক্ষেত্ৰত বৰ্তমানৰ থীমলাইনসমূহৰ মাজত সত্যতা আছে। এইসমূহ কেতবোৰ জীয়া বাস্তৱ।

..........................................




Jamnapar, #Jamnapar, TVF, #TVF, যমুনাপাৰ


       TVFৰ আনসমূহ ৱেবচিৰিজৰ দৰেই যমুনাপাৰতো Typical TVFৰ সকলো উপাদান পাব। কিন্তু যমুনাপাৰৰ মূল প্লটটো এজন CA বা চাৰ্টেড একাউন্টেন্টৰ চাৰিওফালে ঘূৰি থাকে। সেইবাবে আমাৰ বহুতে পঞ্চায়ত, কোটা ফেক্টৰী, এস্পিৰেন্টচৰ নিচিনাকৈ নিজকে প্লটটোৰ সৈতে এশ শতাংশ খাপখুৱাই লব নোৱাৰিবও পাৰে। কিন্তু এটা-দুটা এপিচদ যোৱাৰ পাছতেই সকলো দৰ্শকেই CAৰ জগতখনৰ সৈতে পৰিচিত হৈ যাব। TVFৰ ভাল লগা দিশসমূহৰ ভিতৰত এটা এইটো যে তেওঁলোকৰ স্ক্ৰিপ্টৰাইটিং অতি ভাল আৰু ইয়াৰ বাবে কাহিনীবোৰে মসৃণকৈ গতি কৰে। যমুনাপাৰৰ মূল থীমলাইন ঘাইকৈ দুটা— প্ৰজন্মভেদ (ইয়াক আমি Daddy Complex বুলিও কব পাৰো) আৰু Sub-urb differences। ইউৰোপৰ চিনেমাসমূহত প্ৰায়েই Daddy complexৰ থীমটো দেখা পোৱা যায়। আনকি হলিউদৰ অধিকাংশ ভিলেইনৰ জন্ম এইবাবেই হয়, কিয়নো তেওঁলোকে এটা দাৰুণ শৈশৱ (Traumatized Childhood) পাৰ কৰি আহে। অৱশ্যে যমুনাপাৰত এই দাৰুণ শৈশৱ তথা দাৰুণ কৈশোৰে খলনায়কৰ জন্ম দিয়া নাই, জন্ম দিছে এজন নায়কৰহে। গতিকে আমি আমাৰ আলোচনাটোক দুটা ভাগত ভাগ কৰি লোৱাই বুদ্ধিমানৰ কাম হব— Daddy Complex আৰু Sub-urb differences


ক) Daddy Complex

       যমুনাপাৰৰ কাহিনীটোত দেখুওৱা হৈছে যে শান্তনু বান্সাল (পুত্ৰ) আৰু কে.ডি. বান্সাল (পিতৃ)ৰ মাজত প্ৰজন্মভেদৰ দ্বন্দ্ব তুংগত উঠে। এই দ্বন্দ্বটোৰ মূল কাৰণটো হৈছে বান্সাল চাহাবৰ কোচিং ইন্সটিটিউটটো। বান্সাল চাহাবে বিচাৰিছে যে তেওঁৰ প্ৰতিদ্বন্দ্বী ৰাণাজীৰ জীয়েকে যেনেকৈ ৰাণাজীৰ কোচিং চেন্টাৰৰ CEOৰ পদত অধিস্থিত হৈ দেউতাকৰ ব্যৱসায়ক দোপত-দোপে আগুৱাই নিছে ঠিক সেইদৰে শান্তনুৱেও CAৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বান্সাল চাহাবৰ কোচিং চেন্টাৰটোক আগুৱাই লৈ যাওঁক। কিন্তু শান্তনু হৈছে উৰণীয়া পখী। শান্তনুৱে দেউতাকৰ কোচিং চেন্টাৰত কাম কৰাৰ পৰিৱৰ্তে এটা জাক-জমক জীৱন পাৰ কৰিব বিচাৰে। বান্সাল চাহাব হৈছে এজন Ideal Indian Father, যি সন্তানৰ জীৱনত সিদ্ধান্ত জাপিহে দিয়ে- আদেশ হিচাপে, সন্তানৰ দৃষ্টিভংগীক কেতিয়াও বুজিবলৈ যত্ন নকৰে। গতিকে দুয়োটা প্ৰজন্মৰ মাজত দ্বন্দ্ব হোৱাটো তেনেই স্বাভাৱিক।

 

খ) Sub-urb differences

       Sub-urb differences হৈছে সাংস্কৃতিক। এয়া এখন সৰু নগৰ বনাম ডাঙৰ নগৰ বা মহানগৰো হব পাৰে নাইবা এখন ডাঙৰ নগৰ বা মহানগৰৰ অভ্যন্তৰতো হব পাৰে। যমুনাপাৰত দেখুওৱা হৈছে দিল্লীৰ কাহিনী। কাহিনী অনুসৰি দিল্লী মহানগৰৰ অভ্যন্তৰত দুখন দিল্লী আছে- এখন যমুনা নদীৰ সিপাৰে আৰু আনখন এইপাৰে (এইপাৰ আৰু সিপাৰৰ ধাৰণাটো পৰিচালকৰ দৃষ্টিৰে চাব লাগিব)। যমুনাৰ এইপাৰ বা যাক যমুনাপাৰ বুলি কোৱা হয়, সেইখন হৈছে এখন মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ নগৰ। জাক-জমকতা কম আৰু নগৰীয়া সংস্কৃতিও সিপাৰৰ দৃষ্টিৰে Uncivilized। আনহাতে যমুনাৰ সিপাৰে আছে আধুনিক দিল্লী। ৰঙীন দিল্লী। জাক-জমকতাৰে ভৰপূৰ এখন সপোনৰ নগৰী। সিপাৰৰ নগৰীয়া সংস্কৃতি অতি Elite আৰু Sophisticated। যমুনাপাৰৰ মানুহে হিন্দীত কথা পাতে আৰু সিপাৰৰ মানুহে আমেৰিকান উচ্চাৰণৰ Gen-Z ইংৰাজীত কথা পাতে। কাহিনীৰ মতে যুমনাপাৰৰ মানুহবোৰ সহজ-সৰল আৰু যমুনাৰ সিপাৰৰ মানুহবোৰ চূড়ান্তৰূপে বস্তুবাদী আৰু ভাৱ-আৱেগহীন। এই দুইটা সংস্কৃতিৰ মাজত দোদুল্যমান হৈ থাকে আমাৰ মূল প্ৰটাগনিষ্ট শান্তনু। শান্তনুৱে CAৰ কামত সিপাৰলৈ যাবলৈ সুবিধা পাই আৰু সিপাৰৰ জাক-জমকতাৰ মোহত পৰে। লাহে-লাহে শান্তনুৰ উচ্চাকাংক্ষাই পাখি মেলে। শান্তনুক যমুনাপাৰত বন্দী কৰি ৰাখিব পৰা নাযায়। দেউতাকৰ সকলো নীতি-আদৰ্শ (যমুনাপাৰী প্ৰমূল্য)ক জ্বলাঞ্জলি দি শান্তনু গুচি যায় সিপাৰলৈ আৰু সিপাৰৰ সৈতে নিজকে অভ্যস্ত কৰি লয়। ইয়াতেই আহি পৰে শান্তনুৰ সাংস্কৃতিক অন্তৰ্দন্দ্ব আৰু নিজকে অভিযোজন কৰিবলৈ কৰা অক্লান্ত সংগ্ৰাম। কাহিনীৰ শেষত শান্তনু আকৌ যমুনাপাৰলৈ ঘূৰি আহে, কিয়নো শান্তনুৱে বিভিন্ন কাৰণত উপলব্ধি কৰে যে যমুনাপাৰৰ প্ৰমূল্যহে ভাল, সিপাৰৰ প্ৰমূল্য তথা সংস্কৃতি মুঠেই ভাল নহয়।

       আমি এই কাহিনীটোক পোনচাতেই নতুন বটলত পুৰণি মদ বা পুৰণি বটলত নতুন মদ বুলি কব নোৱাৰোঁ। আমি বৰং এই কাহিনীটোক এটা ককটেইল বুলি কব পাৰো, যত পুৰণি মদ অলপ বেছিকৈ আছে। পৰিচালক এই কাহিনীটোত কিছু সাধাৰণীকৰণৰ দোষেৰে দোষী হোৱাৰ লগতে Daddy Complexত পুৰণি প্ৰজন্মৰ প্ৰতি Favouritismৰ দোষেৰে সম্পূৰ্ণৰূপে দোষী। কে.ডি. বান্সাল চাহাবৰ ভুল Parenting পৰিচালকৰ দৃষ্টিৰে ভুল নহয়, পৰিচালকে তেওঁৰ ওপৰত সহানুভূতিৰ কাৰ্ড খেলিছে। তাৰ বিপৰীতে শান্তনুৰ নতুন প্ৰজন্মৰ চিন্তা ঘোৰ কলি কালৰ পাপ— এয়াই পৰিচালকৰ বক্তব্য।

       বাকীখিনি ৰাইজলৈ আগবঢ়ালোঁ। ৱেবচিৰিজখন যথেষ্ট উপভোগ্য। পৰিয়ালৰ সকলোৰে লগত একেলগে বহি চাব পৰা এখন ৱেবচিৰিজ। আমাজন মিনি টিভিত ৱেবচিৰিজখন পোৱা যাব। (বুধিয়ক ৰাইজে কি কৰিব লাগিব সেয়া তেওঁলোকে নিজেই জানে)

 

(এইবাৰৰ পৰা আমি নতুনকৈ এটা শিতান আৰম্ভ কৰিছোঁ— মোৰ ৰেটিং। ইয়াত চিনেমা বা চিৰিজখনক মই নিজৰ ধৰণেৰে সৰ্বাধিক ৫ নম্বৰৰ ভিতৰত ৰেটিং দিম।)

মোৰ ৰেটিং—

৩.৫/

বিতংঃ

+১ পাইছে সুন্দৰ অভিনয়ৰ বাবে।

+১ পাইছে বিস্ময়কৰ স্ক্ৰিপ্ট ৰাইটিঙৰ বাবে।

+১ পাইছে বেকগ্ৰাউণ্ড মিউজিকৰ বাবে।

+.৫ পাইছে চিনেমেটগ্ৰাফৰ বাবে।

-১.৫ পাইছে মূল কাহিনীটোত পৰিচালকৰ পক্ষপাতিতাৰ বাবে।


Jamnapar, #Jamnapar, TVF, #TVF, যমুনাপাৰ

Post a Comment

0 Comments