দ্য
বয়জ- ডিষ্টোপিয়ান ৱেবচিৰিজ নে অধিক বাস্তৱিক ছবি?
(দ্বিতীয় খণ্ড)
২) বধকাব্যই
হওঁক বা শংকৰী সাহিত্যতেই হওঁক গঞা ৰাইজক আকৰ্ষিত কৰি ৰাখিবলৈ এটা খুবেই আকৰ্ষণীয় মনোবৈজ্ঞানিক
কৌশলৰ ব্যৱহাৰ কৰিছিল। এই কৌশলটো হৈছে মানুহৰ
সপোনৰো অগোচৰ এখন পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়া, যিখন পৃথিৱী ধন-দৌলত,
সুখ-শান্তিৰে পৰিপূৰ্ণ, যিখন পৃথিৱীত কোনো মানৱীয় সমস্যাৰ স্থান নাই। দুখীয়া হোজা ৰাইজে
সেই কল্পিত পৃথিৱীখনৰ ধন-ঐশ্বৰ্যৰ কথা শুনি অবাক লাগি পাঠকৰ মুখলৈ চাই মোহাৱিষ্ট
হৈ থাকে। উদাহৰণস্বৰূপে চাওঁক তলৰ শাৰীকেইটাঃ
সুবৰ্ণৰ চৌপথ পদূলি সুবৰ্ণৰ।
পশু-পক্ষী যত সুবৰ্ণৰ নিৰন্তৰ॥
সুবৰ্ণৰ তৰু তৃণ লতা আছে যত।
দেখয় সুবৰ্ণময় যতেক পৰ্ব্বত॥
সুবৰ্ণৰ বৃক্ষ সব সুবৰ্ণৰ ফল।
সুবৰ্ণৰ পত্ৰ সৰ পৰম নিৰ্ম্মল॥
সুবৰ্ণৰ পুষ্প সব আছে ফুলি ফুলি।
গাছতে পাকিয়া আছে সুবৰ্ণ কদলী॥[i]
(বধকাব্য, বিৰিঞ্চিকুমাৰ বৰুৱা)
এই
একেটা কৌশলকে ব্যৱহাৰ কৰা হয় চুপাৰ হিৰো Genreটোত। অৱশ্যে এফালৰপৰা চাবলৈ গ’লে বধকাব্যই হওঁক বা সকলো
প্ৰকাৰৰ ধৰ্মীয় সাহিত্যই কম-বেছি পৰিমাণে চুপাৰ হিৰো Genreৰে। গতিকে এইফালৰপৰা এই সমিল বা সদৃশতা কোনো
অস্বাভাৱিক নহয়। যি কি নহওঁক, আমাৰ আলোচনাৰ বাবে কেপ্তেইন আমেৰিকাৰ চৰিত্ৰটোকেই ল’ব
পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়চোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰই তৈয়াৰ কৰা এইগৰাকী
চুপাৰ হিৰো হৈছে আমেৰিকাৰ প্ৰতীক। তেওঁৰ পিন্ধনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকা,
আনকি তেওঁৰ শ্বীল্ডখনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ আৰ্হিত তৈয়াৰ কৰা হৈছে।
কেপ্টেইন আমেৰিকা সততা, নীতিনিষ্ঠতা, সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক। American Dream বুলি যিটো ধাৰণা আমেৰিকা
যুক্তৰাষ্ট্ৰই সমগ্ৰ পৃথিৱীলৈকে শীতল যুদ্ধৰ পাছত এটা Soft Power হিচাপে বিয়পাই আছে, সেই প্ৰপাগাণ্ডাৰে এটা মূৰ্তমান প্ৰতীক হৈছে
কেপ্টেইন ষ্টীভ ৰজাৰ্ছ। কেপ্টেইন ষ্টীভ হৈছে আমেৰিকান পুঁজিবাদ, উদাৰনৈতিক
অৰ্থনীতি আৰু এই উদাৰনৈতিক অৰ্থনীতিয়ে মাৰ্কেটিং কৰি থকা মানৱতাবাদৰ প্ৰবক্তা। এই
উদাৰনৈতিকতাবাদী চিন্তাধাৰাৰ বাবেই ব্যক্তিগত স্বতন্ত্ৰতা (Individual Liberty)ৰ হকে কেপ্টেইন
ষ্টীভ অতি সক্ৰিয়। ৰাইজে মনত পেলাব পাৰে Captain America: Civil warৰ ঘটনাক্ৰমত SHIELD[ii]ৰ
ডাইৰেক্টৰ নিক ফিউৰীৰ মাজৰ বিতৰ্কটোলৈ।
#The_Boys, #TheBoys #Captain_America, #CaptianAmerica, The Boys, Captain America, দ্য বয়জ, কেপ্টেইন আমেৰিকা
কেপ্টেইন
আমেৰিকা হৈছে এজন আদৰ্শ আমেৰিকান, যি American
Dreamটোক সমগ্ৰ পৃথিৱীৰ মাজলৈ লৈ গৈছে। আমেৰিকান ড্ৰীমক হলিউদে কিদৰে পৃথিৱীৰ
বিভিন্ন দেশলৈ প্ৰপাগাণ্ডামূলকভাৱে বিয়পাই আছে সেইসম্পৰ্কে এটা পৃথক আলোচনা আমি
এখন মাষ্টাৰপিছ “Forest Gump”ৰ আলোচনাত অধিক বিতংকৈ কৰিম। যি নহওঁক, বৰ্তমানৰ এই জটিল ৰাজনৈতিক-অৰ্থনৈতিক
পৰিকাঠামোত কেপ্টেইন আমেৰিকাৰ সততা আৰু নীতিনিষ্ঠতা কিমানদূৰ প্ৰেক্টিকেল? কেপ্টেইন আমেৰিকা, অৰ্থাত আমেৰিকান ড্ৰীমৰ
মাজত এনে কোনো এটাও বেয়া গুণ নাইনে? নে এই বেয়া
গুণসমূহক আমাৰ মাজৰ পৰা লুকুৱাই কেপ্টেইন ষ্টীভক কেৱল সৰ্বগুণসম্পন্ন এগৰাকী যুগপুৰুষ
হিচাপে প্ৰক্ষেপিত কৰা হৈছে? যিদৰে বধকাব্যত
দৰিদ্ৰপীড়িত হোজা গঞাক স্বৰ্ণ নগৰীৰ সোণৰ ৰাজপথ, সোণৰ ফল-ফুলে জকমকাই থকা কল্পিত
দেশৰ কথাৰে অবাক কৰি ৰখা হয় সেই একেদৰে কেপ্টেইন ষ্টীভৰ দৰে চৰিত্ৰসমূহ হৈছে
পুঁজিবাদৰ চূড়ান্ত শোষণত কোঙা হোৱা ৰাইজক মোহাৱিষ্ট কৰি ৰখাৰ এটা উপায়— অপ্ৰায়োগিক
উদাৰনৈতিক প্ৰমূল্যৰ ধামখুমীয়াৰ মাজত এজন পূৰ্ণাংগ উদাৰনৈতিক মানৱতাবাদী মানুহ। বধকাব্য
শুনি হোজা ৰাইজে সপোন দেখিছিল সকলো জাগতিক দুখৰ সিপাৰে ৰৈ থকা সুখৰ অমৰাপুৰীৰ,
সেইদৰে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চ আৰু কেপ্টেইন আমেৰিকা চাই আজিৰ ৰাইজে সপোন
দেখে সকলো মাৰি-মৰক, শোষণ-নিপীড়নৰ সিপাৰে ৰৈ থকা আমেৰিকান ড্ৰীম (দ্য কেপিটেলিষ্ট
ড্ৰীম?)ৰ আমেৰিকাৰ।
এইসম্পৰ্কে
আৰ্কেডিয়া বিশ্ববিদ্যালয়ৰ গৱেষক উইলিয়াম পিট্জে তেওঁৰ প্ৰবন্ধ Captain
America: The Epitome of American Values and Identityত উল্লেখ কৰিছে
এইদৰেঃ
“Captain America
stands for: the ‘ideals enshrined in the US Constitution’...”[iii] (কেপ্টেইন আমেৰিকা হৈছে আমেৰিকাৰ সংবিধানে প্ৰদান কৰা প্ৰমূল্যসমূহৰ আদৰ্শ
আৰ্হি।)
চিনেমাৰ
কেপ্টেইন আমেৰিকা আৰু কমিকছৰ কেপ্টেইন আমেৰিকাৰ মাজৰ আটাইতকৈ ডাঙৰ পাৰ্থক্য হৈছে
যে কমিকছৰ কেপ্টেইনজন ভয়ংকৰভাৱে ৰাজনৈতিক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ নীতিৰ
আটাইতকৈ ডাঙৰ প্ৰচাৰক। দ্বিতীয় বিশ্বযুদ্ধই হওঁক বা শীতল যুদ্ধই হওঁক বা উত্তৰ ৯/১১ৰ আমেৰিকাৰ বৈদেশিক নীতিক ৰাইজৰ মাজলৈ লৈ
যোৱাৰ সমান্তৰালকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যতা প্ৰতিষ্ঠা কৰাটোৱেই আছিল
কেপ্টেইন আমেৰিকাৰ কৰ্তব্য। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কেপ্টেইন আমেৰিকা আছিল ‘যুদ্ধপিয়াসী
ইউৰোপীয়ান দেশসমূহ’ৰ হাতৰপৰা ‘শান্তিপ্ৰিয়
আমেৰিকা’ক উদ্ধাৰ কৰা এগৰাকী নাজীবিৰোধী আমেৰিকান আদৰ্শ সৈনিক। সেইদৰে
শীতল যুদ্ধৰ সময়ত কেপ্টেইন আমেৰিকা আছিল ৰাছিয়াৰ সাম্যবাদৰ বিৰোধী এগৰাকী
দেশপ্ৰেমী আমেৰিকান আৰু ৯/১১ৰ পাছত কেপ্টেইন আমেৰিকা হৈ পৰিল আমেৰিকাৰ War against Terrorismৰ অগ্ৰণী নেতা। আমেৰিকা
যুক্তৰাষ্ট্ৰই ৯/১১ক আমেৰিকাৰ
বিৰুদ্ধে যুদ্ধ বুলি গণ্য কৰিছিল। আমেৰিকাৰ বৈদেশিক নীতিৰ এই সিদ্ধান্তটোক
কেপ্টেইন আমেৰিকাৰ যোগেদি ৰাইজৰ মাজলৈ লৈ যোৱা হৈছিল। জুন, ২০০২ত প্ৰকাশ পোৱা Captain America Vol.4 #1ত বৰ্ণনা
কৰা হৈছে যে ৯/১১ৰ আক্ৰমণৰ সময়চোৱাত কেপ্টেইন আমেৰিকাই ওচৰৰে এখন
পাৰ্কত আছিল। তেওঁ ততাতৈয়াকৈ আহি উদ্ধাৰ কাৰ্যত সহায় কৰিছিল। সেইসময়চোৱাত চৰকাৰী উদ্ধাৰকাৰী
আৰু কেপ্টেইনৰ মাজৰ বাৰ্তালাপলৈ মন কৰক—
Rogers (Captain America): I saw a man and a woman—when I’d run here from the park. They Jumped.
Holding hands.
Rescuer: I’ll get a
stretcher.
Rogers: Have you
seen the news?
Rescuer: Too much
of it.
Rogers: Do they
know yet?
Rescuer: Oh, they
know. But they’re still calling him a suspect. They say there’s no evidence,
yet. They say they have to be sure.
Rogers: We have to be sure.
This is war.[iv]
(কেপ্টেইনঃ যেতিয়া মই ইয়ালৈ দৌৰি দৌৰি আহি আছিলো তেতিয়াই এজন পুৰুষ আৰু এগৰাকী মহিলাই
হাতত হাত ধৰি জপিয়াই দিয়া দেখিছিলোঁ।
উদ্ধাৰকাৰীঃ মই এখন
ষ্ট্ৰেচাৰ আনিছোঁ।
কেপ্টেইনঃ তুমি বাতৰিসমূহ
চাইছানে?
উদ্ধাৰকাৰীঃ গোটেই নিউজতে
একেটা খবৰেই ওলাই আছে।
কেপ্টেইনঃ তেওঁলোকে (চৰকাৰ
বা কৰ্তৃপক্ষ) জানেনে?
উদ্ধাৰকাৰীঃ তেওঁলোকে জানে। কিন্তু তেওঁলোকে এতিয়াও তাক সন্দিহান ব্যক্তি বুলিয়েই গণ্য
কৰিছে। তেওঁলোকৰ মতে এতিয়ালৈকে কোনো প্ৰমাণ আহি পৰা নাই। তেওঁলোকে কৈছে যে
তেওঁলোক সম্পূৰ্ণৰূপে নিশ্চিত হ’ব খোজে।
কেপ্টেইনঃ আমি নিশ্চিত
হ’বই লাগিব। এয়া এখন যুদ্ধ।)
সেইদৰে Captain America #25ত দেখুওৱা হৈছে যে চিভিল ৱাৰৰ ঘটনাক্ৰমত কেপ্টেইন
আমেৰিকাক শ্বেৰন কাৰ্টাৰে হত্যা কৰিলে। কেপ্টেইনে নিজৰ Larger than Lifeৰ সামৰণিৰ মুহুৰ্তত কৈছে,
“The death
of a dream”[v]
(এটা সপোনৰ মৃত্যু)
এই
সপোনটোৱেই হৈছে দ্য আমেৰিকান ড্ৰীম- দ্য ড্ৰীম অৱ কেপিটেলিজিম। এইসম্পৰ্কে উইলিয়াম
পিট্জে কৈছে,
“…“The
Dream” should be emphasized because Captain America was not just the average
superhero. He stood for something more; he stood for the American dream, the
American values, and the American way.”[vi]
(...“এটা
সপোন”ক গুৰুত্ব দিব লাগিব, কিয়নো কেপ্টেইন আমেৰিকা এগৰাকী
সাধাৰণ চুপাৰহিৰো নাছিল। তেওঁ আছিল ইয়াতকৈ বহুগুণে অধিক এটা প্ৰতীক; তেওঁ আমেৰিকান ড্ৰীম,
আমেৰিকাৰ প্ৰমূল্য আৰু দ্য আমেৰিকান ৱেৰ ধাৰক-বাহক আছিল।)
এই
Soft Power বা
আমেৰিকান আধিপত্যবাদৰ অতিৰঞ্জিত বৰ্ণনেই হৈছে এইটো খণ্ডত আমি উত্থাপন কৰা
প্ৰশ্নটো। হলিউদে দৰাচলতে চুপাৰহিৰো চিনেমাৰ নামত কি কৰি আছে? তেওঁলোকে কেৱল আমেৰিকা, পুঁজিবাদ
আৰু নব্য উদাৰনৈতিকতাবাদৰে প্ৰচাৰ-প্ৰসাৰ কৰি আছেনে? দ্য বয়জ এই প্ৰশ্নটোৰ উত্তৰ
হিচাপে সৃষ্টি হোৱা এখন অতি ৰাজনৈতিক সচেতন ব্যংগ তথা এটা তীব্ৰ সমালোচনা। আমি এই
দুটা খণ্ডত দ্য বয়জৰ নাম ঘূণাক্ষৰেও আলোচনা কৰিবলৈ সুযোগেই পোৱা নাই। এয়া বোধহয়
দ্য বয়জ কমিকছ আৰু দ্য বয়জৰ পৰিচালকৰে কীৰ্তিত্ব।... (আগলৈ)
#The_Boys, #TheBoys #Captain_America, #CaptianAmerica, The Boys, Captain America, দ্য বয়জ, কেপ্টেইন আমেৰিকা
[i] https://as.wikisource.org/wiki/%E0%A6%96%E0%A6%9F%E0%A6%BE%E0%A6%B8%E0%A7%81%E0%A7%B0_%E0%A6%AC%E0%A6%A7_%E2%80%8D%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%9C%E0%A6%99%E0%A7%8D%E0%A6%98%E0%A6%BE%E0%A6%B8%E0%A7%81%E0%A7%B0_%E0%A6%AC%E0%A6%A7
[ii] SHIELD হৈছে
আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত স্থাপন কৰা এটা গোপন বৈজ্ঞানিক গৱেষণা
তথা অনুসন্ধানকাৰী সংস্থা। SHIELDৰ সম্পূৰ্ণ নাম হৈছে Strategic
Homeland Intervention, Enforcement and Logistics Division
[iii] Peitz, William (2013). “Captain America: The Epitome of American Values and Identity”. Spring, Senior Capstone Theses. 6. Retrieved from: https://scholarworks.arcadia.edu/cgi/viewcontent.cgi?article=1003&context=senior_theses
[iv] Rieber, John Ney (w), John
Cassaday (p). Captain America Vol.4 #1 (June 2002). Marvel Comics.
[v]
Brubaker, Ed (w), Steve Epting (a). Captain
America #25 Variant Edition (April 2007). Marvel Publishing, INC.
[vi]
Peitz, William (2013). “Captain
America: The Epitome of American Values and Identity”. Spring, Senior
Capstone Theses. 6. Retrieved from: https://scholarworks.arcadia.edu/cgi/viewcontent.cgi?article=1003&context=senior_theses
0 Comments