দ্য বয়জ- ডিষ্টোপিয়ান ৱেবচিৰিজ নে অধিক বাস্তৱিক ছবি? (প্ৰথম খণ্ড)

 

দ্য বয়জ- ডিষ্টোপিয়ান ৱেবচিৰিজ নে অধিক বাস্তৱিক ছবি? (প্ৰথম খণ্ড)

 


দ্য বয়জৰ আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি কেইটামান প্ৰশ্নৰ বিতং আলোচনা কৰিব লাগিব—

১) চুপাৰ হিৰো চিনেমাই হওঁক বা এখন নৰ্মেল চিনেমাই হওঁক- প্ৰায়েই দেখা পোৱা  যায় যে চিনেমাৰ বেকগ্ৰাউণ্ডত নায়ক-খলনায়কৰ মাৰ-পিটত গাড়ী জ্বলি যায়, ঘৰ ভাঙি যায়। কিন্তু আপোনালোকে কেতিয়াবা ভাবে নে যে চিনেমাৰ বেকগ্ৰাউণ্ডত থকা এই গাড়ী-ঘৰ বা কোনো সম্পত্তিৰ আঁৰৰ ব্যক্তিজন, যি এই Causalitiesৰ ফলত জন-ধনৰ ক্ষতিৰ সন্মুখীন হবলগীয়া হয়, সেই ব্যক্তিজনৰ ক্ৰোধ বা লোকচানৰ প্ৰতিশোধৰ ওপৰতো এটা কাহিনী হব পাৰে নে? এইক্ষেত্ৰত চুপাৰ হিৰো চিনেমাসমূহ আৰু অধিক Lethal হৈ পৰে। চুপাৰ হিৰো চিনেমাসমূহত নায়ক বা খলনায়কৰ শক্তিৰ প্ৰদৰ্শন কৰিবলৈ চিনেমা পৰিচালকে এনেধৰণৰ দৃশ্যৰ অধিক সংযোজন কৰে। উদাহৰণ হিচাপে আপুনি যিকোনো এখন চুপাৰ হিৰো চিনেমাই আলোচনালৈ আনিব পাৰে, সেয়া দৰকাৰ হলে মাৰ্ভেলৰেই চিনেমা হওঁক বা ডিচিৰেও হওঁক। অৱশ্যে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চত এনে এটা কাহিনী সমান্তৰালভাৱে চলি আছে। Avenger the Age of Ultron চিনেমাখনত দেখুওৱা হৈছিল যে আল্ট্ৰন নামৰ চুপাৰ ভিলেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ এভেঞ্জাৰে চভিয়া নামৰ এখন ৰাষ্ট্ৰক সম্পূৰ্ণৰূপেই ধ্বংস কৰি দিছিল। এই ঘটনাটো মাৰ্ভেল চিনেমেটিকৰ ইতিহাসৰ এনেকুৱা এটা টাৰ্ণিং পইন্ট যে ইয়াৰ ফলতেই Captain America: Civil War, Falcon and the winter soldier (Season 1)ৰ ঘটনাক্ৰম আৰম্ভ হৈছিল। এয়া অৱশ্যে মাৰ্ভেলৰ এক অতি পৰিশীলিত উপস্থাপনহে। কিন্তু চভিয়াৰ লাখ-লাখ জনসাধাৰণ, যিসকলে নিজৰ মাতৃভূমিক চকুৰ সন্মুখত ধূলিৰ সৈতে মিলি যোৱা দেখিছিল, বা যিসকল আত্মীয় চভিয়াৰ ধূলিৰ সৈতে মিহলি হৈ গৈছিল, তেওঁলোকৰ কাহিনী কোনে উপস্থাপন কৰিব? কেৱল Zemo নামৰ চৰিত্ৰটোৰ মাজতেই এই খং-ক্ষোভক সামৰি ৰাখিব পৰা যায় নে?


The boys, #TheBoys #The_Boys #দ্য_বয়জ, দ্য বয়জ, দা বয়জ    


    এই প্ৰশ্নটোৰ সংক্ৰান্ততে আৰু এটা প্ৰশ্ন আহিব পাৰে যে চিনেমাৰ পৰিচালকসকলে এইধৰণৰ Approach কিয় ৰাখে? এখন চুপাৰ হিৰো ইউনিভাৰ্চত মানৱ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদিৰ দৰে মৌলিক মানৱ অধিকাৰক লৈ পৰিচালকসকল কিমানদূৰ চিন্তিত? চুপাৰ হিৰো চিনেমাসমূহত সাধাৰণ নাগৰিকক কিয় পৰুৱাৰ দৰে প্ৰদৰ্শন কৰা হয়, যাক চুপাৰ হিৰোৱে ভৰিৰে গচকি মাৰিব পাৰে যেতিয়াই মন যায় বা তেওঁলোকৰ জীৱন-সম্পত্তিক লৈ খেলিব পাৰে! আপোনালোক সকলোকে মনত পেলাই দিব খোজো Wandavision শীৰ্ষক ৱেবচিৰিজখনলৈ। এই ৱেবচিৰিজখন মাৰ্ভেলৰ এটা অন্যতম শক্তিশালী চৰিত্ৰ ৱাণ্ডাক লৈ নিৰ্মাণ কৰা হৈছিল। ইনফিনিটি ৱাৰৰ ঘটনাক্ৰমত থেনচৰ হাতত ভিজনৰ মৃত্যু হৈছিল। ভিজন আছিল এটা হিউমেনইড ৰবট। সেইবাবে ভিজনৰ মাজত আছিল মানৱীয় আৱেগ-অনুভূতিৰ। এভেঞ্জাৰ দ্য এজ অৱ আল্ট্ৰণৰ ঘটনাক্ৰমত ভায়েকক হেৰুৱাৰ পাছত ৱাণ্ডাৰ ওচৰ চাপিছিল ভিজন। আৰু এইদৰেই কালক্ৰমত প্ৰেম আৰম্ভ হল। কিন্তু যিহেতু মাৰ্ভেলৰ ডাইৰেক্টৰসকলৰ বিফল প্ৰেমক লৈ কিবা এটা অদ্ভূত অৱচেশ্যন আছে সেইবাবে ইনফিনিটি ৱাৰত ভিজনক হত্যা কৰা হল থেনচৰ দ্বাৰা। ইয়াৰ পাছত আৰম্ভ হয় ৱাণ্ডা আৰু আমেৰিকাৰ কৰ্তৃপক্ষৰ মাজৰ এক বাকযুদ্ধৰ। আমেৰিকাৰ কৰ্তৃপক্ষৰ বাবে ভিজন এটা মহামূল্যৱান ৰবট, যাৰ শৰীৰটো পৃথিৱীৰ আটাইতকৈ মূল্যৱান তথা যাদুকৰী ধাতু ভাইব্ৰেনিয়ামেৰে গঢ়া হৈছিল (যাক খোদ আল্ট্ৰনেই সাজিছিল)। গতিকে ভিজন আমেৰিকাৰ কৰ্তৃপক্ষৰ মতে মৃত নাছিল, বৰং অফলাইনহে হৈছিল। গতিকে তেওঁলোকে ভিজনক পুনৰ অনলাইনলৈ আনিবলৈ চেষ্টা কৰিছিল। কিন্তু ৱাণ্ডা মেক্সিমফৰ দৃষ্টিত ভিজন আছিল তেওঁৰ প্ৰেমিক আৰু এগৰাকী শ্বহীদ। যিদৰে আইৰণ মেন আৰু ব্লেক উইদই শ্বহীদৰ প্ৰকৃত সন্মান লাভ কৰিলে, সেইদৰে ভিজনেও একেই মৰ্যাদাৰে শ্বহীদৰ সন্মান লাভ কৰিব লাগে আৰু তেওঁক মৃতভাৱেই ৰাখিব লাগে। এই বাকযুদ্ধখনৰ শেষত ৱাণ্ডা মেক্সিমফ পৰাজিত হল আৰু আমেৰিকাৰ কৰ্তৃপক্ষই আল্ট্ৰণক পুনৰ নতুনধৰণেৰে অনলাইন কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিলে। কিন্তু তেওঁলোকে এষাৰ কথা সম্পূৰ্ণৰূপে পাহৰি থাকিল যে যিগৰাকী ৱাণ্ডা মেক্সিমফৰ অনুভূতিক তেওঁলোকে আঘাত দিলে, সেইগৰাকী ৱাণ্ডা কোনো সাধাৰণ চুপাৰ হিৰো নহয়, তেওঁ হৈছে Chaos Magic[1]ৰ ধাৰক-বাহক। এই ভুলটোৰ বাবেই ৱাণ্ডাভিজনৰ গোটেই কাহিনীটো আৰম্ভ হয়। SWORD Headquarter[2]ৰ পৰা ঘূৰি অহাৰ পাছতেই ৱাণ্ডা অতিকৈ আৱেগিক হৈ পৰিল আৰু যিটুকুৰা মাটি ভিজনে দুয়ো একেলগে থাকিবলৈ কিনিছিল তাত আহি ৱাণ্ডা কান্দি পৰিল। এই সময়চোৱাতেই ৱাণ্ডাই নিজৰ Chaos Magicৰ ওপৰত থকা নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আৰু সেই অনিয়ন্ত্ৰিত Chaos Magicয়ে সমগ্ৰ Westview নামৰ সৰু নগৰ এখনৰে বাস্তৱিকতাক পুনৰলিখন কৰি তুলিলে। ইয়াৰ পাছৰ কাহিনীত আমি SWORD আৰু ৱাণ্ডাৰ মাজৰ এক যুদ্ধসদৃশ পৰিস্থিতি দেখা পাওঁ। এতিয়া আমি প্ৰশ্নটোলৈ ঘূৰি আহিছোঁ। SWORD আৰু ৱাণ্ডাৰ মাজৰ বাকযুদ্ধখনত দুইপক্ষৰেই যুক্তি আছে। আমি ব্যক্তিগত স্বাধীনতাৰ দিশৰ পৰা যদি চাও, তেন্তে আমি ৱাণ্ডাক শুদ্ধ বুলি স্বীকাৰ কৰিব লাগিব, আনহাতে দেশৰ জাতীয় নিৰাপত্তা তথা গোলকীয় নিৰাপত্তাৰ দিশৰ পৰা SWORDকো শুদ্ধ বুলি কব লাগিব। এই সমগ্ৰ ঘটনাক্ৰমত ৱাণ্ডাৰ নিশ্চয়কৈ দুখী হোৱাৰ অধিকাৰ আছে, আৱেগিক হোৱাৰো অধিকাৰ আছে, কিন্তু এই অধিকাৰ এখন সৰু নগৰক অপহৰণ কৰিবলৈ পৰ্যাপ্ত নে? ৱেবচিৰিজখনৰ পৰিচালকে ৱাণ্ডাক মূল প্ৰটাগনিষ্টৰ দৃষ্টিৰে দেখুৱালে আৰু SWORDক একপ্ৰকাৰৰ ভিলেইনৰ ৰূপ দিলে। আনকি এই সমগ্ৰ ঘটনাটোত ৱাণ্ডাক ভিতৰৰ পৰা বিৰোধিতা কৰা আগাথা (The noisy neighbour) নামৰ চৰিত্ৰটোকো একপ্ৰকাৰৰ ভিলেইনেই সজাই দিলে। একেবাৰে শেষত যেতিয়া ৱাণ্ডাই নগৰখনক মুক্ত কৰি দিলে সেইসময়ত ভইচ অভাৰত কোৱা হৈছে যে- এই মানুহবোৰে কেতিয়াও নাজানিব যে তুমি (ৱাণ্ডাই) তেওঁলোকৰ বাবে কি ত্যাগ কৰিলা! এয়াই হৈছে চিৰিজখনৰ পৰিচালকৰ Perspective, ইয়াত হাজাৰ-হাজাৰ মানুহৰ ব্যক্তিগত জীৱন, স্বতন্ত্ৰতাক নিজৰ ব্যক্তিগত কাৰণত অপহৰণ কৰা ৱাণ্ডাৰ প্ৰতি সহমৰ্মিতাৰ সৃষ্টি কৰা হৈছে। হব পাৰে ৱাণ্ডাৰ দৃষ্টিৰে নগৰখনক মুক্ত কৰি দিয়াটো এটা ডাঙৰ ত্যাগ, কিন্তু সেইসকল ব্যক্তি, যিয়ে তেওঁলোকৰ জীৱনৰ এক-ডেৰমাহ সময় ৰহস্যজনকভাৱে হেৰুৱাই পেলালে, তেওঁলোকৰ দৃষ্টিৰে এয়া ত্যাগ নে?

এনেধৰণৰ প্ৰশ্নসমূহে দৰাচলতে পৰিচালকৰ ৰাজনৈতিক তথা নাগৰিক সচেতনতা (Political or Civil Consciousness)কে প্ৰদৰ্শন কৰে। এইসম্পৰ্কে Captain America: Civil Warৰ ঘটনাক্ৰমতো (চিনেমা আৰু কমিকছ দুয়োটাতে) এটা চিৰিয়াছ প্ৰশ্নৰ উত্থাপন হৈছিল যে চুপাৰ হিৰোসকলে এই সকলো আন্তঃৰাষ্ট্ৰীয় নিয়ম তথা বিধিক কিমানদূৰলৈকে ভংগ কৰিব পাৰে? এই চুপাৰ হিৰোসকল মানৱীয় আইনৰ উৰ্ধত নেকি বা এইসকল চুপাৰ হিৰোক আইনী পৰিকাঠামোৰে কিমান দূৰলৈকে নিয়ন্ত্ৰণ কৰিব পাৰি?.... (আগলৈ)


The boys, #TheBoys #The_Boys #দ্য_বয়জ, দ্য বয়জ, দা বয়জ


[1] মাৰ্ভেল কমিকছ আৰু চিনেমেটিক ইউনিভাৰ্চত Chaos Magic এটা শক্তিশালী মেজিকেল শক্তি। Chaos মেজিক বাস্তৱিকতাৰ সৈতে জড়িত। Chaos Magicৰ শক্তিধাৰী এগৰাকী ব্যক্তিয়ে বাস্তৱিকতাৰ পৰিৱৰ্তন সাধন কৰিব পাৰে।

[2] ভিজনক পুনৰ অনলাইন আনিবলৈ যিটো সংস্থাক দায়িত্ব দিয়া হৈছিল সেইটো হৈছে SWORD


Post a Comment

0 Comments