এশ দিন— এশখন চিনেমা বা ৱেবচিৰিজ
ৱেবচিৰিজ-০১
ৰেগনাৰকঃ মৰুভূমি আহি আছে খৰকৈ
ব্যক্তিগতভাৱে মোৰ নৰ্ছ পুৰাকথাৰ প্ৰতি এটা আকৰ্ষণ আছে। এই আকৰ্ষণৰ বাবেই চাবলৈ বহিছিলো “ৰেগনাৰক” শীৰ্ষক ৱেবচিৰিজখন। এই ৱেবচিৰিজখনৰ সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগেয়ে মই পাঠকসকলক ৰেগনাৰক মানেনো কি সেইসম্পৰ্কে অলপ ব্যাখ্যা কৰাটো উচিত বুলি ভাবিছোঁ। আমাৰ পাঠকসকলৰ বাবে ৰেগনাৰকৰ সম্পৰ্কে বেছি কোৱাৰ প্ৰয়োজন নাই, কিয়নো আমি কল্কিৰ পুৰাকথাটো সকলোৱেই কম-বেছি পৰিমাণে জানোঁ। যেতিয়াই পৃথিৱীত পাপৰ বোজা বেছি হৈ পৰিব তেতিয়াই হিমালয়ৰ পাদদেশৰ চাম্বালা নামৰ গাওঁখনত কল্কিৰ জন্ম হ’ব আৰু এই কল্কিয়েই সময়ৰ চক্ৰটোক ঘূৰাই পুনৰ সত্যযুগলৈ লৈ যাব। এইসম্পৰ্কে আমি সকলোৱে নিশ্চয় এইষাৰ পদলৈ মনত পেলাম—
“কলিৰ শেষত হৈব কল্কিৰ অৱতাৰ।
কাটি-মাৰি ম্লেছক কৰিব বুন্দামাৰ।।”
পৃথিৱীৰ
প্ৰতিটো ধৰ্মই ঘাইকৈ ভাৱবাদী। এই ভাৱবাদে বস্তুবাদী জাগতিক উন্নয়ন আৰু এই উন্নয়নৰ
সৈতে সংযুক্ত হৈ থকা দ্বন্দ্ববোৰক ঋণাত্মকভাৱে উপস্থাপন কৰে। হিন্দু ধৰ্মৰ কল্কিৰ
অৱতাৰ, খ্ৰীষ্টান ধৰ্মত উল্লেখ থকা যীশুৰ দ্বিতীয় আগমণ (Second coming
of Christ) আৰু নৰ্ছ পুৰাকথাৰ ৰেগনাৰক মূলতে এই একেটা শাৰীৰে কল্পনা।
এই কল্পনা হৈছে বস্তুবাদী পৃথিৱীখনক ধ্বংস কৰি পুনৰ ভাৱবাদী পৃথিৱী এখন জন্ম দিয়া।
যিকি নহওঁক, ৰেগনাৰকৰ সম্পৰ্কে নৰ্ছ পুৰাকথাত এইদৰে উল্লেখ আছে—
“Brothers will fight and kill each other,
sisters' children will defile kinship.
It is harsh in the world, whoredom rife
—an axe age, a sword age —shields are riven—
a wind age, a wolf age— before the world goes headlong.
No man will have mercy on another.”[1]
এই প্ৰচণ্ড অৰাজকতা হৈছে সকলো ধৰ্মই কল্পনা কৰা চূড়ান্ত বস্তুবাদ। এই
চূড়ান্ত বস্তুবাদ (Ultimate Materialism)ৰ বিৰুদ্ধেই
আমাৰ প্ৰায়বোৰ ধৰ্মই নিজৰ বিশ্বাস প্ৰৱৰ্তন কৰে। নৰ্ছ পুৰাকথাই কয় যে যেতিয়াই মিডগাৰ্ড
(Midgard)[2]কে ধৰি সকলো জগততে ক্ষমতা,
অৰ্থ, সম্পত্তি আদিক লৈ অৰাজকতাৰ সৃষ্টি হ’ব, তেতিয়াই এড্ৰাছিলৰ
সৈতে সংযুক্ত সকলো জগতৰ ধ্বংস অনিবাৰ্য হৈ পৰিব আৰু সেই ধ্বংসৰ মাজৰ পৰাই পুনৰ
নতুন জগতৰ সৃষ্টি হ’ব। এই প্ৰক্ৰিয়াটো ধাৰাবাহিক। অৰ্থাত, ই
এটা বৃত্তাকাৰ গতিত চলি থকা এটা পৰিঘটনা। নৰ্ছ পুৰাকথা অনুসৰি ৰেগনাৰক হৈছে প্ৰাকৃতিক
দুৰ্যোগ, ব্যাপক মাৰি-মৰক, মহামাৰী, যুদ্ধ আদিৰ দৰে কেতবোৰ ঘটনাৰ এটা শৃংখলাবদ্ধ
প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোৰ মূল উদ্দেশ্যই হৈছে বস্তুবাদী আৰু ভোগবাদী জগতক ধ্বংস
কৰি পুনৰ নতুন জগতৰ সৃষ্টি কৰা।
এয়া আছিল পুৰাকথাৰ কথা। এটা বিশুদ্ধ কল্পনা। কিন্তু হাজাৰ বছৰৰ আগেয়ে আমাৰ
উপৰিপুৰুষে কৰি যোৱা এনেধৰণৰ কল্পনাকে আশ্ৰয় কৰি নিৰ্মাণ কৰা হয় পুৰাকথাৰ পুনৰব্যাখ্যাৰ।
এই পুনৰব্যাখ্যাৰ এটা অন্যতম উদাহৰণ হৈছে জনপ্ৰিয় ৱেবচিৰিজ ‘অসুৰ’ (Asura)। অসুৰত ঘাইকৈ
কল্কি অৱতাৰক পৃথিৱীলৈ আনিবলৈ মূল প্ৰটাগনিষ্টে কৰি থকা প্ৰচেষ্টাক আমাৰ সন্মুখত
প্ৰদৰ্শন কৰিছে। আমি আজি আলোচনা কৰিবলৈ আগবঢ়া ৱেবচিৰিজ ‘ৰেগনাৰক’ৰ মূল থীমটো আমাৰ ‘অসুৰ’ৰ দৰে
প্ৰায় একেই। অৱশ্যে দুইটা কাহিনী সম্পূৰ্ণ একেই বুলি কোৱাটোও সমীচিন নহ’ব। ৰেগনাৰকৰ মূল কাহিনীটো এটা বাক্যত এনেধৰণৰ হ’ব যে—
য’টেনহাইমৰ দৈত্যসকলে য’টেনহাইম এৰি
আহি মিডগাৰ্ডত মানুহৰ মাজত মানুহৰ ভেশ ধৰি আছেহি। এই দৈত্যসকলে ৰাজনৈতিক আৰু
অৰ্থনৈতিক ক্ষমতা দখল কৰি পৃথিৱীখনক ক্ৰমান্বয়ে বসবাসৰ অনুপযোগী কৰি আহিছে। ‘মেগনা’ নামৰ এগৰাকী কিশোৰৰ দৃষ্টিৰে এই ৱেবচিৰিজখনৰ
কাহিনী আগবঢ়াই নিয়া হৈছে, য’ত মেগনাই এই য’টেনহাইমৰ দৈত্যসকলক বাধা দিবলৈ ‘থৰ’ অৰ্থাত নৰ্ছসকলৰ শ্ৰেষ্ঠ যুঁজাৰু দেৱতা (বিজুলীৰ দেৱতা)ৰ শক্তি লাভ কৰিলে।
কাহিনীৰ মাজলৈ গৈ থাকিলে অল-ফাদাৰ অডিন, হেমডাল, লকি আদি চৰিত্ৰসমূহৰ উপস্থিতি আমি
দেখা পাওঁ।
ইমানতেই
কাহিনীটো শেষ কৰিব পৰা হ’লে বোধহয় এই ৱেবচিৰিজখনক আমি পুৰাকথাৰ এক পুনৰব্যাখ্যাৰ
এখন সাধাৰণ কৰ্ম হিচাপেই অভিহিত কৰিব পাৰিলোঁহেতেন, কিন্তু এই ৱেবচিৰিজখনৰ আটাইতকৈ
গুৰুত্বপূৰ্ণ দিশটো হৈছে যে পৰিচালকে অতি কৌশলেৰে সমগ্ৰ ‘ৰেগনাৰক’ৰ ধাৰণাটোক পাৰিৱেশিক অৱক্ষয়ৰ সৈতে সংযোগ কৰিছে। আমি যেতিয়া এই
ৱেবচিৰিজখনৰ মাজলৈ যাওঁ তেতিয়া দেখা পাওঁ যে য’টেনহাইমৰ
দৈত্যসকলে ডাঙৰ-ডাঙৰ উদ্যোগ প্ৰতিষ্ঠা কৰি সমগ্ৰ অঞ্চলটোৰ বায়ু, পানী আৰু মাটি
প্ৰদূষিত কৰি আহিছে আৰু এই প্ৰদূষণে জন্ম দিছে নতুন নতুন কেতবোৰ দুৰাৰোগ্য ৰোগৰ।
থৰৰূপী মেগনাৰ যুদ্ধখন য’টেনহাইমৰ এইসকল দৈত্যৰ বিৰুদ্ধেই,
যিসকল দৈত্যই ঘাইকৈ পৰিৱেশ বিনষ্ট কৰি আহিছে।
পুৰাকথাক
পাৰিৱেশিক ভাৰসাম্যতাৰ সৈতে সংযোগ কৰি সৃষ্টি কৰা এই ৱেবচিৰিজখন সমগ্ৰ পৃথিৱীবাসীৰ
বাবেই যেন এটা অতি প্ৰয়োজনীয় ব্যাখ্যাহে। এইকনতে ‘অসুৰ’ৰ সৈতে ‘ৰেগনাৰক’ পৃথক। অসুৰ
এক বিশুদ্ধ মনোৰঞ্জনৰ মাধ্যম হোৱাৰ বিপৰীতে ৰেগনাৰক এটা শক্তিশালী বাৰ্তা— পৰিৱেশ
সংৰক্ষণৰ হকে এটা শক্তিশালী আপীল। মূলতে এই ৱেবচিৰিজখনে ক’ব
বিচাৰিছে যে বস্তুবাদী উন্নয়নৰ মাজত সোমাই থকা পাৰিৱেশিক ভাৰসাম্যতাৰ দ্বন্দ্বটোয়েই
দৰাচলতে পুৰাকথাত বৰ্ণিত ‘ৰেগনাৰক’। এই
ৰেগনাৰকৰ মাজেৰেই পৃথিৱীৰ আয়ুস দিনকদিনে কমি আহিছে আৰু এনেকৈয়ে ধ্বংস হ’ব মিডগাৰ্ড— মৰুভূমি আহি আছে খৰকৈ।
সামৰণিত
কাৰিকৰীভাৱে ক’ব খোজো যে এই ৱেবচিৰিজখনৰ তৃতীয় চিজনটোৱে মোক
ব্যক্তিগতভাৱে একেবাৰেই সন্তুষ্ট কৰিব নোৱাৰিলে। দৰাচলতে এনেকুৱা এটা শক্তিশালী
কাহিনীৰে আগবঢ়া এই ৱেবচিৰিজখনক শেষত পৰিচালকে একধৰণৰ ‘Personality Disorder’ৰ কাহিনীহে কৰি
তুলিলে। এই কামটো পৰিচালকে কিয় কৰিলে সেয়া আমাৰ বাবে এক অবুজ সাঁথৰ। ৱেবচিৰিজখনৰ
প্ৰথম দুটা চিজন অদ্ভুতভাৱে ভাল হোৱাৰ বিপৰীতে তৃতীয়টো চিজন একেবাৰেই অপৈণত
পৰিচালকৰ কাম যেনহে অনুভৱ হ’ল।
এই
ৱেবচিৰিজখনৰ IMDB ৰেট ৭.৫। ৰ’টেন
ট’মেট’ই (Rotten Tomato)ই এই
চিৰিজখনক ৭০% নম্বৰ প্ৰদান
কৰিছে। চিৰিজখন Netflixত
উপলব্ধ হৈ আছে। (যদিহে আপোনালোকৰ নেটফ্লিক্স নাই তেতিয়া কি কৰিব লাগিব সেয়া বুধিয়ক
পাঠকে নিজেই জানে।)
#Ragnarok #Ragnarök #MovieCriticism #MovieReview
[1]Dronke, Ursula
(Trans.) (1997). The Poetic Edda: Volume II:
Mythological Poems. Oxford University Press. ISBN 0-19-811181-9.
[2]
নৰ্ছ পুৰাকথাৰ সৃষ্টিতত্ত্ব অনুসৰি ব্ৰহ্মাণ্ডত নখন জগত আছে, ক্ৰমে—
১) এছগাৰ্ড (দেৱতাসকলৰ জগত), ২) হেল বা নৰক (এড্ৰাছিল, অৰ্থাত সৃষ্টিবৃক্ষৰ
একেবাৰে তলত থকা জগতখনেই হৈছে হেল), ৩) য’টেনহাইম (দৈত্যসকলৰ
জগত), ৪) মিডগাৰ্ড (মানুহৰ জগত), ৫) মুচপেইলহাইম (প্ৰাচীন জুইৰ জগত, ইয়াত চাৰ্টাৰ
নামৰ এগৰাকী প্ৰাচীন অগ্নিদৈত্য বাস কৰে), ৬) নেডাভেলিয়াৰ (নেডাভেলিয়াৰ হৈছে
অস্ত্ৰ নিৰ্মাণকাৰী এচাম বিশেষ কাৰিকৰৰ জগত) ৭) ভেনাহাইম (ভেনিৰ নামৰ একপ্ৰকাৰৰ
উপদেৱতাৰ জগত। এওঁলোকে ভৱিষ্যত চাব পাৰে আৰু এওঁলোক জ্ঞান তথা প্ৰজ্ঞাৰ দেৱতা), ৮)
আল্ফহেইম (পোহৰৰ কিছু ক্ষুদ্ৰ দেৱতাৰ জগত) আৰু ৯) নিফ্লহেইম (নিফ্লহেইম হৈছে এখন
আণ্ডাৰৱৰ্ল্ড) । এই নখন জগত এড্ৰাছিল বা সৃষ্টিবৃক্ষৰ শাখা-প্ৰশাখা হিচাপে থাকে।
0 Comments