বাল্য বিবাহৰ সম্পৰ্কে বিভিন্ন সময়ত অসমত বিভিন্নধৰণৰ কথা-বাৰ্তা হৈ আহিছে যদিও এই সামাজিক ব্যাধিটো সম্পূৰ্ণকৈ নিৰ্মূল হোৱা নাই। বাল্য বিবাহৰ কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যাব যে ইয়াৰ সৈতে সাধাৰণতে অসাক্ষৰতা, ধৰ্মীয় অন্ধবিশ্বাস আৰু পুৰুষতান্ত্ৰিকতা জড়িত হৈ থাকে। আমি আলোচনাটো আগবঢ়াবলৈ যোৱাৰ আগতে কেইটামান কথা স্পষ্ট হৈ লোৱাটো প্ৰয়োজন হ’ব—
১) বাল্য বিবাহ দুই প্ৰকাৰৰ, প্ৰথমটো হৈছে স্বেচ্ছাই প্ৰেমৰ সম্পৰ্কত আৱদ্ধ এহাল অপ্ৰাপ্তবয়স্ক যুৱক-যুৱতী বিয়া হোৱা (সাধাৰণতে পলাই যোৱা)। এইধৰণৰ বিবাহত উভয়পক্ষৰ সচেতন অনুমতি থকাটো স্বাভাৱিক। অসমৰ প্ৰায় সকলো গাওঁ-নগৰ-চহৰতে এইধৰণৰ বিবাহ প্ৰায়ে হৈ থকা দেখা পোৱা যায়। আনহাতে দ্বিতীয় প্ৰকাৰৰ বাল্যবিবাহত ঘৰ আৰু সমাজ জড়িত হৈ থাকে। অসমৰ বহুতো সমাজত আজিও একধৰণৰ ভয়ংকৰ পুৰুষতান্ত্ৰিক ব্যৱস্থা প্ৰচলিত হৈ আছে। এই পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৰ সৈতে অশিক্ষিত পিতৃ-মাতৃ, পৰিয়াল তথা সমাজখনো যেতিয়া সাঙোৰ খাই পৰে তেতিয়া মহিলাসকলক কেৱল এটা Sex Object হিচাপে গণ্য কৰা হয় আৰু তেতিয়াই বাল্যবিবাহৰ ঘটনা সংঘটিত হৈ পৰে। এইষাৰ কথা বিতৰ্কিত হ’ব পাৰে, কিন্তু সত্য যে অসমৰ মুছলিম সমাজৰ মাজত এই সামাজিক ব্যাধিটোৰ প্ৰচলন বেছি। প্ৰশাসন, ছাত্ৰ সংগঠন তথা সামাজিক সংগঠনসমূহে যৌথভাৱে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰি থকা দেখা পোৱা যায় যদিও বাস্তৱত তেওঁলোকে ইয়াৰ আধাসংখ্যক বাল্যবিবাহো বন্ধ কৰিব পৰা নাই। এই সংক্ৰান্ততে ফেচবুকত অধ্যাপিকা পাৰবিন চুলতানাই উল্লেখ কৰিছে, “বাল্য বিবাহ অবৈধ। টেট মাস্টৰ এজনে যেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়া পাতে তেতিয়া সেই বিয়া দৰিদ্ৰতাৰ বাবে নহয়। বাল্য বিবাহে নাৰীৰ সবলীকৰণৰ সম্ভাৱনা শেষ কৰি পেলায়। এই ব্যাধিৰ ভুক্তভোগী সৰ্বপ্ৰথমে মুছলমান ছোৱালীসকল। মই নিজে মোৰ ছাত্ৰীৰ অসহায় অৱস্থা দেখা পাইছোঁ। পৰিয়ালে শিক্ষা সম্পূৰ্ণ হোৱালৈও নৰখে। থাৰ্ড ডিভিজন পোৱা লৰাক পঢ়াব কিন্তু তাতকৈ ভাল ৰিজাল্ট কৰা ছোৱালীক নপঢ়ায়। বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰিব লাগিছিল মুছলমানসকলে। ওলোটাকৈ কিছু আচৰিত যুক্তি প্ৰদান কৰি বৈধতা প্ৰদান কৰাৰ এক হাঁহি উঠা চেষ্টা হে দেখি আছোঁ।”[1] কিন্তু সমান্তৰালকৈ এয়াও সত্য যে এইধৰণৰ বাল্যবিবাহ যে কেৱল মুছলিম সমাজতেই হয় সেয়াও সম্পূৰ্ণৰূপে সত্য নহয়। হিন্দু সমাজতো এইধৰণৰ ব্যাধি চলি থকা প্ৰায়ে পৰিলক্ষিত হয়। সৰ্বভাৰতীয় পৰিসংখ্যালৈ চালেই এই কথা স্পষ্টকৈ ওলাই পৰে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতত হোৱা বাল্য বিবাহসমূহৰ ভিতৰত ৩১.৩% হিন্দুৰ দ্বাৰা কৰা হৈছে আৰু ৩০.৬% মুছলিমৰ দ্বাৰা কৰা হৈছে।[2]
২) বাল্য বিবাহৰ সৈতে আনুষ্ঠানিক শিক্ষা আৰু সামাজিক-অৰ্থনৈতিক (Socio-economic) অৱস্থানৰ এটা সম্পৰ্ক থাকিলেও এই সম্পৰ্কও
কিন্তু পৰম সত্য নহয়। বাল্য বিবাহ
ৰোধ কৰিবলৈ যিসকলে শিক্ষাৰ কথা কয় তেওঁলোকে মোৰ বোধেৰে সমাজখন ভালদৰে বুজি নাপায়। বাল্য বিবাহৰ অন্তৰালত
ক্ৰিয়া কৰা মূল কাৰণটো আমি ইতিমধ্যেই উল্লেখ কৰিছো আৰু সেয়া হৈছে পুৰুষতান্ত্ৰিকতা। গতিকে বাল্য বিবাহক এটা
পুৰুষতান্ত্ৰিক ঘটনা হিচাপে গণ্য কৰিলেহে ইয়াৰ সম্পৰ্কে শুদ্ধ আলোচনা কৰাটো সম্ভৱ
হৈ উঠিব। অৱশ্যে আমি বাল্য বিবাহৰ আঁৰত অৰ্থনৈতিক তথা সামাজিক-অৰ্থনৈতিক কাৰকে ক্ৰিয়া
নকৰে বুলি কেতিয়াও ক’ব খোজা নাই। ইণ্ডিয়া টুডেৰ
এটা ডেক্স প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সৰ্বভাৰতীয় পৰিপ্ৰেক্ষিতত দৰিদ্ৰতা, অসুৰক্ষা, ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণ, অসাক্ষৰতা, পুৰুষতন্ত্ৰ আৰু আইনৰ সঠিক ৰূপায়ন নোহোৱাক
বাল্য বিবাহৰ মূখ্য কাৰণ হিচাপে উল্লেখ কৰিছে।[3]
যি কি নহওঁক, আমি আলোচনাটোত বাল্য বিবাহ কিয় কৰাটো অনুচিত
সেয়া আলোচনা নকৰো, কিয়নো ইতিমধ্যেই বিভিন্ন
ব্যক্তি, সংস্থা আৰু উৎসই সেইসম্পৰ্কে বিতং আলোচনা আৰু প্ৰচাৰ কৰি আহিছে। আমি এই আলোচনাটোৰ
মাধ্যমেৰে দৰাচলতে সাম্প্ৰতিক সময়ত অসম চৰকাৰ আৰু প্ৰশাসনে বাল্য বিবাহৰ বিৰুদ্ধে
লৈ থকা কাৰ্যপন্থাসমূহৰ সম্পৰ্কেহে আলোচনা কৰিবলৈ চেষ্টা কৰিম।
আইনে
কি কয়?
বাল্য
বিবাহ ৰোধ কৰিবলৈ ভাৰতবৰ্ষত আইনী ব্যৱস্থা আছে। এইসম্পৰ্কীয় সম্প্ৰতি চলি থকা আইনখন হৈছে বাল্য বিবাহ প্ৰতিৰোধী আইন, ২০০৬ (The
Prohibition of Child Marriage Act of 2006)। সম্প্ৰতি এই আইনখনৰ সংশোধনী বিধেয়ক প্ৰস্তুত কৰা হৈছে, যাক বাল্য বিবাহ প্ৰতিৰোধী বিধেয়ক, ২০২১ হিচাপে জনা যায়। যি কি নহওঁক, আমি এই আলোচনাটোত ২০০৬ চনৰ
আইনখনৰ কথাই ঘাইকৈ আলোচনা কৰিম।
২০০৬ চনৰ
আইনখনৰ অনুচ্ছেদ-৩ য়ে কয় যে সকলোধৰণৰ বাল্য বিবাহেই (আইনখনৰ আগত বা পাছত সংঘটিত
হোৱা) অবৈধ।[4]
কিন্তু এইক্ষেত্ৰত মন
কৰিবলগীয়া কথাটো হৈছে যে বিবাহখন অবৈধ ঘোষণা কৰিবলৈ দৰা বা কইনা পক্ষৰ মাজৰ যিটো পক্ষ
বিবাহৰ সময়ত প্ৰাপ্তবয়স্ক নাছিল তেওঁ প্ৰাপ্তবয়স্কতা প্ৰাপ্তিৰ দুটা বছৰৰ ভিতৰত
আৱেদন জনাব লাগিব।[5] (২০২১ বৰ্ষৰ সংশোধনীয়ে আৱেদনৰ সময়সীমা পাঁচ বছৰলৈ
বৃদ্ধি কৰিছে।[6]) মন কৰিবলগীয়া যে অনুচ্ছেদ-৩ৰ
৩ নং চেকশ্যন অনুসৰি এইটো কথা নিশ্চিত কৰা হৈছে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আৱেদন
কৰিলেহে আদালতে উক্ত বিবাহখনক অবৈধ ঘোষণা কৰিব।[7]
এতিয়া আহিছো বাল্য বিবাহৰ অপৰাধীকৰণৰ ক্ষেত্ৰলৈ। ২০০৬ চনৰ আইনখনে বাল্য
বিবাহৰ ক্ষেত্ৰত কেইবাটাও অপৰাধক চিহ্নিত কৰিছে— ইয়াৰে অনুচ্ছেদ ৯ৰ অধীনত বাল্য
বিবাহ কৰোৱা প্ৰাপ্তবয়স্ক পুৰুষক দুবছৰৰ কাৰাগাৰ অথবা এক লাখ টকাৰ জৰিমনা অন্যথা
দুয়োটাৰে দণ্ডিত কৰাৰ বিধান উল্লেখ কৰিছে।[8] সেইদৰে অনুচ্ছেদ ১০ আৰু ১১-ই বাল্য বিবাহক
বৈধতা প্ৰদান কৰা আৰু উৎসাহ জনোৱা কাৰ্যৰ প্ৰতিও প্ৰায় একে
পৰ্যায়ৰ শাস্তিৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে অনুচ্ছেদ ১৫ৰ অধীনত ঘোষণা কৰা হৈছে যে এই আইনৰ অধীনত হোৱা
প্ৰতিটো গ্ৰেপ্তাৰেই জামিনৰ বাবে অযোগ্য।[9]
সম্প্ৰতি
ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে বাল্য বিবাহ প্ৰতিৰোধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ
বহুক্ষেত্ৰত চিন্তনীয় হ’লেও ই
প্ৰশংসনীয় হিচাপেই আমি গণ্য কৰাটো উচিত। আমি মন কৰাটো প্ৰয়োজন যে আইনৰ ১৯ নং অনুচ্ছেদৰ
প্ৰথম চেকশ্যন অনুসৰি ৰাজ্য চৰকাৰে এই আইনৰ ৰূপায়ন কৰিবলৈ নীতি-নিৰ্দেশনা নিজাকৈ
প্ৰস্তুত কৰি ল’ব পাৰে।[10]
এইসমূহ নীতি-নিৰ্দেশনা
প্ৰস্তুত কৰাৰ পাছত বা আগত বিধানসভাৰ মজিয়াত উপস্থাপন কৰাটো প্ৰয়োজন। গতিকে আমি সম্প্ৰতি হৈ থকা ঘটনাবোৰৰ ক্ষেত্ৰত ক’ব পাৰো যে ৰাজ্য চৰকাৰে আইনৰ পথেৰেই খোজ
আগবঢ়াইছে।
বহুক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে যে আগতে হৈ যোৱা বিবাহৰ ক্ষেত্ৰত চৰকাৰে ৰেহাইৰ ব্যৱস্থা কৰিব লাগে। এইটো সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ ব্যক্তিগত মত এয়ে যে বহু বছৰৰ পূৰ্বে হৈ যোৱা বিবাহসমূহৰ ক্ষেত্ৰত চৰকাৰে জৰিমনা আদায় কৰিও বাল্য বিবাহক নিৰুৎসাহিত কৰিব পাৰে, কিন্তু তাৰ সমান্তৰালভাৱে সমাজত প্ৰচলিত পুৰুষতন্ত্ৰৰ কঠিন জালখন ফালিবলৈ কেতবোৰ কঠোৰ পদক্ষেপৰ প্ৰয়োজনো নোহোৱা নহয়। এইক্ষেত্ৰত মোৰ ব্যক্তিগত দ্বিধাগ্ৰস্ততাৰ বাবে পাঠকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ।
বাপেকক পুলিচে ধৰি নিলে, ৯/১০ বছৰীয়া সন্তানে বাপেকক বিছাৰি কান্দি আছে... এইটো বাৰু কেনেকৈ ভাল কথা হ'ল? এনেকুৱা নেকি যে বেলেগ issue বোৰৰ পৰা আমাৰ ধ্যান আতৰাবলৈ নতুনকৈ issue তৈয়াৰ কৰা হৈ আছে? আৰে ভাই, আগতে যি হ'ল সেইবোৰ বাদ দি নতুনবোৰৰক নধৰ কিয়, চবকে কিয় সাঙুৰিচ?— Everyone (@mriganka_saikia) February 3, 2023
বহু ব্যক্তিয়ে ইতিমধ্যে বিভিন্ন মাধ্যমেৰে নিজৰ মতামত উপস্থাপন
কৰি উল্লেখ কৰিছে যে বহু বছৰৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা দম্পতী এহালৰ ক্ষেত্ৰত
গ্ৰেপ্তাৰৰ দৰে সিদ্ধান্ত এটা গ্ৰহণযোগ্য নহয়। উদাহৰণস্বৰূপে টুইটাৰযোগে মৃগাংক শইকীয়াই
উল্লেখ কৰিছে এইদৰেঃ “বাপেকক পুলিচে ধৰি নিলে, ৯/১০ বছৰীয়া সন্তানে বাপেকক বিছাৰি কান্দি
আছে... এইটো বাৰু কেনেকৈ ভাল কথা হ'ল?”[11]। বহুতো ব্যক্তিয়ে মতামত প্ৰকাশ কৰিছে যে চৰকাৰ তথা
প্ৰশাসন ব্যৱস্থাৰ হেমাহিৰ বাবেই ইমানদিনে বাল্য বিবাহ বন্ধ হোৱা নাই। এই কথাষাৰ সম্পূৰ্ণৰূপে মিছা নহয়।
বহুক্ষেত্ৰত ক’ব পাৰি যে অসমত (তথা ভাৰতবৰ্ষত) এই আইনখন যিদৰে ব্যৱহাৰ হ’ব লাগিছিল, কাৰ্যতঃ
সেইধৰণে ব্যৱহৃত হোৱা নাছিল। চৰকাৰ আৰু প্ৰশাসনৰ এই হেমাহিৰ ফলতেই আজিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি
স্পষ্টকৈ ক’ব পাৰি। যি কি নহওঁক আমি আশা কৰিম তথা এই লেখাটোৰ যোগেদি চৰকাৰ আৰু সকলো সংশ্লিষ্ট
কৰ্তৃপক্ষক অনুৰোধ জনাম যাতে বাল্য বিবাহ প্ৰতিৰোধী আইনৰ সঠিক ৰূপায়ন কৰাৰ লগতে বাল্য
বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ অসমৰ সকলো স্তৰৰ লোককে সজাগ কৰিবলৈ বিভিন্ন
জনপ্ৰিয় পদ্ধতি ব্যৱহাৰ কৰক। এইক্ষেত্ৰত সমাজৰ সামাজিক নেতৃত্বইও আগভাগ লোৱাটো
উচিত। এক বহুধাবিভক্ত ক্ষমতা
গাঁঠনিৰ মাজত সোমাই থকা বাল্য বিবাহৰ ঘটনাবোৰৰ সমাধান কৰিবলৈ যোৱাৰ সমান্তৰালকৈ
ছোৱালীৰ শিক্ষা আৰু সংস্থাপনেও গুৰুত্ব পোৱাটো উচিত। স্বামী (এই শব্দটো চূড়ান্ত পুৰুষতান্ত্ৰিক। ব্যক্তিগতভাৱে মই ব্যৱহাৰ কৰাৰ পক্ষপাতী নহয়।)-সকলক গ্ৰেপ্তাৰ কৰাৰ পাছত মহিলাসকলৰ কি হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত মাননীয় মূখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে তেওঁলোকৰ
দায়িত্ব তেওঁ গ্ৰহণ কৰিব। এনেধৰণৰ চিৰিয়াছ বিষয় এটাত এইধৰণৰ পাতল মন্তব্য মূখ্যমন্ত্ৰীৰ পৰা আমি আশা
নকৰো, তাৰ পৰিৱৰ্তে সেইসকল মহিলাক
বিভিন্ন ধৰণৰ কৌশল আৰু অৰ্হতাৰ উপযুক্ত প্ৰশিক্ষণ দি কৰ্মসংস্থাপন দিব পাৰিলেহে অনাগত
সমস্যাসমূহৰ সমাধান হ’ব বুলি আমি বিশ্বাস কৰোঁ।
[2] Saigal, Sonam. BMMA seeks inclusion of Muslims under
Prohibition of Child Marriage Act, The Hindu, Sept. 24, 2022, Retrieved from: https://www.thehindu.com/news/national/other-states/bmma-seeks-inclusion-of-muslims-under-prohibition-of-child-marriage-act/article65930768.ece
[3]
Web Desk of India Today, Child marriage is a
bane in India: A glance at several shocking facts, India Today, July
23, 2018, Retrieved from: https://www.indiatoday.in/education-today/gk-current-affairs/story/child-marriage-india-1293581-2018-07-23
[4] “Every child
marriage, whether solemnised before or after the commencement of this Act,
shall be voidable at the option of the contracting party who was a child at the time
of the marriage:”, Source: The Prohibition of Child Marriage Act, 2006, Retrieved from: https://legislative.gov.in/sites/default/files/A2007-06.pdf
[5] “a petition for annulling a child marriage by
a decree of nullity may be filed in the district court only by a contracting party
to the marriage who was a child at the time of the marriage.”, Source: Ibid
[6] Under
the 2006 Act, a person who is married before the minimum specified age may
apply to annul the marriage. The petition must be filed within two years
of attaining majority (i.e., 20 years of age). The Bill increases this to
five years (i.e., 23 years). ,
Source:
https://prsindia.org/billtrack/the-prohibition-of-child-marriage-amendment-bill-2021#:~:text=Increasing%20the%20age%20of%20marriage,for%20females%20to%2021%20years.
[7] “The petition
under this section may be filed at any time but before the child filing the
petition completes two years of attaining majority”, Source: Source: The Prohibition of Child Marriage Act, 2006, Retrieved from: https://legislative.gov.in/sites/default/files/A2007-06.pdf
[8] “Whoever, being a male adult above eighteen years
of age, contracts a child marriage shall be punishable with rigorous
imprisonment which may extend
to two years or with fine which may extend to one lakh rupees or with both.”, Source: Ibid
[9] “Notwithstanding
anything contained in the Code of Criminal Procedure, 1973 (2 of
1974), an offence punishable under this Act shall be cognizable
and non-bailable.”, Source: Ibid
[10] “The State Government may, by notification in the Official Gazette, make rules for
carrying out the provisions of this Act.”, Source: Ibid
0 Comments