ভন্টিলৈ মুকলি চিঠি-০১
(টোকাঃ মৰমৰ ভনী কস্তুৰী, মই ভাবো আমি এইবোৰ কথা এইসময়ত মুকলিকৈ পতাটো অত্যন্ত জৰুৰী হৈ পৰিছে।)
“You are still young
That’s your fault
That’s so much thing you have to go through.”
- Tea for the Tillerman
৩০/০৬/২০২০
লালুক, লখিমপুৰ, অসম
চেনেহৰ ভনী
মানৱ সভ্যতাৰ ইতিহাসত যিকেইটা যুগান্তকাৰী কাম হ’ল সেইকেইটাৰ ভিতৰত ইউক্লিডৰ ‘অসীম’ৰ আৱিষ্কাৰ এটা অন্যতম আৱিষ্কাৰ আছিল। ইউক্লিডে দৰাচলতে The Elements-ৰ কেইটামান পেৰাগ্ৰাফৰ যোগেদিয়েই আমাৰ সমাজৰ প্ৰচলিত সাধাৰণীকৃত ধ্যান-ধাৰণাসমূহক প্ৰত্যাহ্বান জনাই আমাক মনৰ কাৰাগাৰৰ পৰা মুকলি হ’বলৈ শিকালে। এইবাবেই ইউক্লিডৰ The Elements পৃথিৱীৰ মহানতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম। সমাজৰ Stereotypesবোৰ ভাঙি স্বাধীন হ’বলৈ আমাক শিকোৱা ইউক্লিডৰ মৃত্যুৰ ২,৩৮৩টা বছৰ পাৰ হৈ গ’ল, কিন্তু তাৰ পাছতো ভাৰতৰ দৰে ‘এচিয়াটিক’ সমাজবোৰে এই Stereotypes-বোৰৰ সৈতে নিতৌ যুঁজি থাকিব লগা হৈছে। বিশেষকৈ তোৰ দৰে নতুনকৈ যৌৱনত ভৰি দিয়া ছোৱালীবোৰৰ বাবে ইউক্লিডৰ অসীমৰ দৰ্শন আজিও এটা ট্ৰেজেডি হৈ আছে। এই কথাষাৰ অপ্ৰিয় হ’লেও সত্য।
আৰম্ভনিতে বাৰু ইউক্লিডৰ কথা কিয় ক’লো? বিমূৰ্ত দৰ্শনত সমাজতত্ব, ৰাজনীতি বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত আদি বিষয়সমূহ একেডাল সূতাৰেই পাক খাই আছে। আমি এই পাকটো বুজিব লাগিব। সমাজখনক বুজিবলৈ হ’লে আমি এই বিষয়সমূহ এৰাই চলিব নোৱাৰোঁ। এইকনতে মনত পৰিছে কোনোবা এখন কিতাপত পঢ়া এষাৰ বাক্যলৈ— “Social scientists are not the Robinson Crusoe”। সমাজখনক বুজিবলৈ আগবাঢ়ি অহা কোনো মানুহেই ৰবীনছন ক্ৰুছো হ’ব নোৱাৰে। ভাৰতৰ গৌৰৱময় ইতিহাসৰ আঁৰত লুকাই থকা কিছুমান অত্যন্ত ভয়ংকৰ সত্যক বুজিবলৈ আৰু সেই উপলব্ধিক সমাজ-বাস্তৱতাৰ সৈতে ৰিজাই চাই তাৰ পৰা শিক্ষা নোলোৱালৈকে তই বা মই কোনো ইউক্লিডে দেখুৱাই যোৱা ধৰণেৰে স্বাধীন হ’ব নোৱাৰিম।
এতিয়া প্ৰশ্ন হ’ব পাৰে যে এই Stereotype বোৰ কেনেকৈ সৃষ্টি হয় বা আমি ইবোৰৰ সৈতে কেনেকৈ জড়িত হৈ পৰোঁ বা এই Stereotype বোৰে আমাৰ ধাৰণা (Perception)-বোৰত কেনেকৈ প্ৰভাৱ পেলাই? এই প্ৰশ্নকেইটাৰ উত্তৰ পাবলৈ আমি কেনেকুৱা ঘৰুৱা পৰিৱেশ আৰু সমাজ-বাস্তৱতাৰ সৈতে জীয়াই আছো সেয়া জনাটো অত্যন্ত প্ৰয়োজন। তোৰ দৰে প্ৰায়বোৰ ছোৱালীকেই বৰ্তমান সময়ত এটা অত্যন্ত কঠিন সামাজিক গাঁথনিয়ে পৰিচালনা কৰি আছে। তোৰ দৰে উচ্চাকাংক্ষী ছোৱালীবোৰ বৰ্তমান আত্মপ্ৰতিষ্ঠাৰ এখন কঠিন যুদ্ধত ব্যস্ত হৈ আছে। সেইধৰণেৰে চাবলৈ গ’লে তঁহত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সময়তকৈ বহুত বেছি সৌভাগ্যৱান। কিন্তু তাৰ সমান্তৰালকৈ তঁহতে নিজেই নজনাকৈয়েই কেতবোৰ অত্যন্ত পুৰুষতান্ত্ৰিক Stereotypeৰ বলি হৈ আহিছ। তঁহতৰ বহুতে এই কথাটোক উপলব্ধি কৰিছে আৰু বহুতে কৰা নাই। নিজকে ধুনীয়া সজোৱাৰ প্ৰচেষ্টা (ধুনীয়া হোৱাটো কোনো বেয়া কথা নহয়, কিন্তু কিয় ধুনীয়া হ’বলৈ বিচাৰিছ সেয়া স্পষ্ট হোৱাটো প্ৰয়োজন), চৰিত্ৰত ‘দাগ’ লগোৱাৰ পৰা নিজক ৰক্ষা কৰাৰ প্ৰৱণতা, যৌন স্বাস্থ্যৰ কথাবোৰ ‘ছোৱালীৰ ভিতৰৰ কথা’ কৰি ৰখাৰ প্ৰৱণতা, পৌৰুষত্ব (Masculinity)ৰ প্ৰতি দুৰ্বলতা আদি Stereotypeবোৰে তঁহতক ইউক্লিডে দেখুৱাই যোৱা অসীমলৈ যাবলৈ দিয়া নাই। নিজকে মেক-আপ কৰোঁতে কেতিয়াবা নিজক সুধিছ নে বাৰু মই এইবোৰ কিয় কৰিছো বুলি? যদি আজিলৈকে সোধা নাই, খুব নিৰ্জন আৰু অকলশৰীয়া সময়বোৰত কথাবোৰ ভাবিবি আৰু এটা সঠিক উত্তৰ নোপোৱালৈকে ভাবি থাকিবি। সেইদৰে কেতিয়াবা ‘JEC’ বা ‘কবিৰ সিং’ক Ideal কৰোঁতে ভাবিবিচোন আচলতে এইটো কিয় হৈছে! আচলতে Storylineটো ভাল লাগিছে কাৰণে এই চৰিত্ৰবোৰক ভাল পাইছ নে পৌৰুষত্বৰ প্ৰতি থকা Stereotypeৰ চিকাৰ হৈ পৰিছ নিজৰ অজানিতেই!
তোলনি বিয়া হোৱাৰ পাছৰে পৰাই এই Stereotype buildingবোৰ আৰম্ভ হয়। ঋতুস্ৰাৱৰ দৰে অত্যন্ত প্ৰাকৃতিক কথাবোৰক গোপনীয়তাৰ আঁৰ-বেৰ এখন আমাৰ সমাজে বহুত সচেতনকৈ আঁৰি দিছে। আমাৰ প্ৰজন্মটোৱে এই আঁৰ-বেৰবোৰ ভাঙিবলৈ সময় আহি পৰিছে। এইকনতে মই মোৰ কথা এটা কওঁ। আজিৰ পৰা কেইমাহমানৰ আগলৈকে ময়ো ক’ব নোৱাৰাকৈ এটা stereotypeৰ চিকাৰ হৈ আছিলোঁ— ৰন্ধা-বঢ়াৰ সম্পৰ্কত। আমাৰ সমাজখনে লিংগভিত্তিক কৰ্ম বিভাজন (Sexual division of work) কৰোঁতে ৰন্ধা-বঢ়া কামটোক মহিলাৰ কাম কৰি তুলিলে। আমাৰ ডাকৰ বচনবোৰেই ইয়াৰ প্ৰমাণ। এই ঐতিহাসিক Stereotypeটোৰ কাৰণেই আজি পাকঘৰ বুলি ক’লেই আমাৰ মনলৈ মাৰ ছবি এখন ভাঁহি আহে বা আমাৰ টেলিভিশ্যনসমূহত গেছ, ষ্টোভ, কেৰাহী বা বাচন-বৰ্তন চফা কৰা চাবোন আদিৰ বিজ্ঞাপন দিওঁতে এগৰাকী মহিলা অভিনেত্ৰীকহে ফ’কাছ কৰে। এই Stereotype-টোৰ পৰা বাহিৰলৈ ওলাবলৈ মোক সময় লাগিছিল প্ৰায় দুই-তিনিটা বছৰ। তোৰ চাগৈ মনত আছে যে যোৱাটো বিহুত তই আমাৰ ঘৰলৈ আহোঁতে মই তোক কি অদ্ভূদ সোৱাদৰ মেগী কৰি খুৱাইছিলোঁ! কিন্তু মই এই Stereotypeটোৰ পৰা আজি সম্পূৰ্ণভাৱে মুক্ত আৰু এতিয়া সগৌৰৱে ক’ব পাৰো যে ৰন্ধা-বঢ়া কামটো মোৰ এটা প্ৰিয় কামলৈ ৰূপান্তৰ হৈ পৰিছে।
বহুক্ষেত্ৰত
এই Stereotypeবোৰ আমাৰ সমাজ-গাঁথনিটোৰ ইমান ভিতৰলৈকে শিপাই থাকে যে ইবোৰক প্ৰত্যাহ্বান
জনোৱাটো অত্যন্ত দুৰূহ কাম হৈ পৰে। এই পুৰুষতান্ত্ৰিক Stereotypeবোৰ আমাৰ পুৰকথা, লোকবিশ্বাস, ডাকৰ বচন, মৌখিক সাহিত্য, সংস্কৃতি আদিৰ পৰা
আমাৰ দৈনন্দিন জীৱনলৈকে শিপাই আছে। গতিকে ইবোৰক প্ৰত্যাহ্বান জনোৱাটো এটা সংঘাটিক কঠিন আৰু Challanging বিষয় হৈ পৰে। কেতিয়াবা এই Stereotype-বোৰ
ভাঙিবলৈ যাওঁতে “গুৰু-গোঁসাই নমনা”
ছোৱালী হ’বলৈও প্ৰস্তুত হৈ থাকিব লাগিব। মই নিজেই সেই
সময়চোৱা পাৰ কৰি আহিছোঁ। অৱশ্যে ল’ৰা হোৱাৰ বাবে মোৰ এই
কামবোৰে বহুক্ষেত্ৰত “বয়স হ’লে বা বিয়া
পাতিলে নিজেই ঠিক হৈ যাব”-ধৰণৰ সহানুভূতি পাবলৈ সক্ষম হৈছিল।
অৱশ্যে এইক্ষেত্ৰত মই আনতকৈ অলপ হ’লেও সৌভাগ্যৱান এইবাবেই যে
মোৰ পৰিয়ালে আজিলৈকে মোৰ ওপৰত তেওঁলোকৰ বিশ্বাসবোৰ জোৰকৈ জাপি দিয়া নাই। তেওঁলোকে মোৰ
ব্যক্তিগত কথাবোৰৰ পৰা আঁতৰি থাকে। এই সৌভাগ্য সকলোৰে নাই। যিকি নহওঁক, এই যুদ্ধখন
কেৱল তোৰ বা মোৰ যুদ্ধ নহয়। ইউক্লিডে তেতয়াই আৰম্ভ কৰি যোৱা এই যুঁজখনক আগবঢ়াই লৈ
যোৱাটো আমাৰ ভৱিষ্যতৰ বাবেই অত্যন্ত প্ৰয়োজনীয়। ধুনীয়া কাপোৰ এসাজ পিন্ধিলেই বা মধ্যবিত্তিয় আৰু Elite
Trend-সমূহ সামাজিক মাধ্যমসমূহত অনুসৰণ কৰিলেই কোনো Updated হৈ
নপৰে। সেইবাবে আজিৰ পৰা ২০০০ বছৰতকৈও আগতে মৃত্যু হোৱা ইউক্লিড আজিও Updated আৰু বহু মধ্যবিত্তীয় “পাপা কি পৰী” আজিৰ ছোৱালী হৈও Outdated। এই কথাষাৰ বুজি পোৱাটো খুবেই
গুৰুত্বপূৰ্ণ। মন কৰিবি যে মনৰ কাৰাগাৰখনৰ পৰা মুক্ত হৈ অসীম আকাশখন চাবলৈ নিশিকালৈকে
কেতিয়াও তই বিচৰা ধৰণেৰে সুখী হ’ব নোৱাৰিবি বা নিজকে
প্ৰতিষ্ঠা কৰিব নোৱাৰিবি। “অমুকৰ মানুহজনী” হৈ থকাতকৈ নিজাকৈ এটা সৰু হ’লেও পৰিচয় গঢ়াৰ এই
যুঁজখন বহুত কঠিন আৰু অক্ষমনীয় (এই কথাটোক বুজাবলৈ ইংৰাজীত এটা খুব খাপ খোৱা শব্দ
আছে- Rude)। নিজেই এই Stereotypeবোৰৰ
পৰা ওলাই আহিবলৈ সাহস নকৰালৈকে তোক কোনেও সহায় কৰিব নোৱাৰে। ইমানুৱেল কান্টে কোৱা
কথাষাৰ মনত আছে নহয়? কান্টৰ কথাষাৰেই আজিলৈ এৰিছোঁঃ
“জীৱনটো এখন অক্ষমনীয় যুদ্ধ। নিজেই নিজকে সহায় নকৰালৈকে কোনো ঐশ্বৰিক শক্তিয়েই আপোনাক সহায় কৰিব নোৱাৰে।”
তোৰ ককাইদেউ-
নিকু
5 Comments
সুন্দৰ ❤❤
ReplyDeleteWhat a letter!!! Sooo touching..
ReplyDeleteJust beautiful.... ..
খুউব সুন্দৰ আৰু অৰ্থবহ...জীৱনটোক জীৱন হিচাপে বুজিবলৈ আৰু আগুৱাবলৈ অত্যন্ত দৰকাৰী কথা...
ReplyDeleteপঢ়িলোঁ। পঢ়িবলগীয়া।
ReplyDeleteধুনীয়া ৷
ReplyDelete