আম্বেদকাৰ বিশেষঃ ভাৰতীয় সংবিধানৰ প্ৰয়োগ আৰু বৰ্তমান

আম্বেদকাৰ বিশেষঃ ভাৰতীয় সংবিধানৰ প্ৰয়োগ আৰু বৰ্তমান


(সকলো পাঠকক ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আজি আমাৰ হেপাহৰ বিহুটিৰ লগতে ভাৰতীয় সংবিধানৰ প্ৰণেতা বাবাচাহাব ভীমৰাও ৰামজি আম্বেদকাৰৰো জন্মদিন। ভাৰতীয় গণতন্ত্ৰৰ ৰূপকাৰ আম্বেদকাৰৰ প্ৰতি আমাৰ নমন হিচাপে এই লেখাটো প্ৰস্তুত কৰিছোঁ।)
ভাৰতীয় গণতন্ত্ৰই বিভিন্ন সময়ত কেতবোৰ কঠিন অগ্নিপৰীক্ষাৰ সন্মূখীন হৈ আহিছে। প্ৰতিটো সংকটতেই আমাৰ দৰে গণতন্ত্ৰপ্ৰেমীসকলৰ কাষত আমাৰ মৌলিক অধিকাৰৰ ত্ৰাণকৰ্তা হিচাপে আমাৰ সংবিধানখন থিয় দিয়েহি। অথচ তাৰ পাছতো ভাৰতত সংবিধানবাদ বা Constitutionalism এচাম মেধাৱী ব্যক্তিৰ বৌদ্ধিক কচৰতৰ বাদে আন একো হৈ থকা নাই। আমাৰ দেশৰ বেছিসংখ্যক সাধাৰণ নাগৰিকেই ভাৰতীয় সংবিধানৰ মূলভূত আদৰ্শ আৰু মূল্যবোধসমূহৰ প্ৰতি সচেতন নহয় বা ৰাষ্ট্ৰব্যৱস্থাই তেওঁলোকক সচেতন কৰাই তোলা নাই। তাৰ আঁৰত একধৰণৰ প্ৰতিক্ৰিয়াশীল ব্ৰাহ্মণ্যবাদী চেতনাই ক্ৰিয়া কৰি আছে। আমি সকলোৱে নিশ্চয় জানো যে আম্বেদকাৰৰ জীৱন দৰ্শন আছিল ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে এটা সৱল প্ৰত্যুত্তৰ। মনুবাদী ভাৰতীয় ব্ৰাহ্মণ্যবাদী পৰিকাঠামোত আম্বেদকাৰৰ চিন্তা-চেতনা আছিল এটা মোক্ষম কুঠাৰাঘাট।
        যিকি নহওঁক, ভাৰতীয় সংবিধানতন্ত্ৰই সত্তৰৰ দশকৰ জৰুৰীকালীন সময়চোৱাত এক ব্যাপক প্ৰত্যাহ্বানৰ মূখামূখী হৈছিল। জৰুৰীকালীন অৱস্থাৰ সুবাদতে সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বহুকেইটা সংবিধান সংশোধনী কৰিছিল, যিসমূহে ভাৰতীয় সংবিধানতন্ত্ৰৰ মূল ভেঁটিটোক প্ৰত্যাহ্বান জনাইছিল। যি কি নহওঁক সেইসময়ত উচ্চতম ন্যায়লয়ে প্ৰদান কৰা কেশৱানন্দ ভাৰতী বনাম কেৰেলা ৰাজ্য শীৰ্ষক ৰায়দানটোৰ যোগেদি সেইসময়ৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সংবিধানতন্ত্ৰক সুৰক্ষিত কৰি নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছিল। উক্ত বিখ্যাত ৰায়দানটোত এইটো কথা স্পষ্টৰূপে ঘোষণা কৰিছিল যে ভাৰতীয় সংবিধানৰ মৌলিক ভেঁটি বা Basic structureটোক কোনো চৰকাৰ বা সংস্থাই সলনি কৰিব নোৱাৰে। সংবিধানৰ প্ৰস্তাৱনা অংশটোক এই ৰায়দানটোৱেই মৌলিক ভেঁটি হিচাপে ঘোষণা কৰি ইয়াক অপৰিৱৰ্তনীয় বুলি ৰায়দান কৰিছিল। ইয়াৰ যোগেদি এইটো কথা স্পষ্ট হল যে ভাৰতীয় সংবিধানৰ পাতনিতে উল্লেখ থকা প্ৰমূল্যসমূহ, অৰ্থাত ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ, সমাজবাদ, ধৰ্মনিৰপেক্ষতা, সাৰ্বভৌমত্ব আৰু গণতান্ত্ৰিক গণৰাজ্যৰ ধাৰণাসমূহক ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থাই কোনো চৰ্ততে উলংঘা কৰিব নোৱাৰে। এইসম্পৰ্কে আম্বেদকাৰে কৈছিলঃ ভাৰতীয় সংবিধানে প্ৰদান কৰা প্ৰমূল্যসমূহ ভাৰতীয় নাগৰিকৰ জীৱনৰ পদ্ধতি। অৰ্থাত সমতা, ভাতৃত্ববোধ আৰু স্বাধীনতা জীৱনৰ নীতি আৰু এইকেইটা আদৰ্শ ইটোৰ পৰা সিটো পৃথক কৰিব নোৱাৰি। সমতাক স্বাধীনতাৰ পৰা পৃথক কৰিব নোৱাৰি, কিয়নো সমতাৰ অবিহনে কেৱল মাত্ৰ স্বাধীনতাই এচাম মুষ্টিমেয় ধনী ব্যক্তিয়ে বৃহত সংখ্যক দুখীয়া ব্যক্তিক শোষণ কৰাৰ পথ মুকলি কৰি দিব। সোইদৰে স্বাধীনতাৰ অবিহনে কেৱল মাত্ৰ সমতাই ব্যক্তিৰ ব্যক্তিত্বক বিকশিত কৰি তোলাত বাধা দিব। তাতোতকৈও গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ভাতৃত্ববোধ অবিহনে সমতা আৰু স্বাধীনতা কেতিয়াও প্ৰাকৃতিক (Natural) হৈ নুঠিব।
        যি কি নহওঁক, সাম্প্ৰতিক ভাৰতবৰ্ষত এচাম প্ৰতিক্ৰিয়াশীল হিন্দুত্ববাদী শক্তিয়ে ভাৰতীয় সংবিধানৰ এই মূলভূত আদৰ্শসমূহক মুলি প্ৰত্যাহ্বান জনাইছে আৰু প্ৰায় মুকলিকৈ মনু সংহিতাৰ পুনৰ প্ৰতিষ্ঠাৰ কথা কৈ আছে। কিন্তু তৎসত্বেও প্ৰশাসনে সেইবোৰ প্ৰতিক্ৰিয়াশীল শক্তিৰ বিৰুদ্ধাচৰণ কৰিবলৈ সাহস কৰা নাই। এয়া ভাৰতীয় সংবিধানতন্ত্ৰৰ প্ৰতি এক মুকলি ভাবুকি। ভাৰতীয় সংবিধানে ভাৰতখনক একধৰণৰ বহুসংস্কৃতিবাদী (Multicultural) ৰাষ্ট্ৰব্যৱস্থা হিচাপে তৈয়াৰ কৰিছে। এইধৰণৰ ধৰ্মীয় প্ৰপাগাণ্ডাসমূহে সেইবাবেই ভাৰতীয় গণতন্ত্ৰৰ মূলভূত সৌন্দৰ্যক আঘাত কৰিছে।

Post a Comment

1 Comments