চলচিত্ৰ কথাঃ Modern Times


চাৰ্লছ চেপলিন। নামটোৱেই যথেষ্ট। যোৱাটো শতিকাৰ যিকেইজন মাষ্টাৰপিছে আমাৰ জীৱনটোক এটা অন্য গতি দিবলৈ সক্ষম হল সেইসকলৰ মাজত চাৰ্লছ চেপলিনো অন্যতম। চেপলিনৰ চিনেমাবোৰ মানুহে দুবাৰ চাব লাগে— এবাৰ হাঁহিবলৈ আৰু এবাৰ কান্দিবলৈ। চেপলিনৰ ব্যংগবোৰ দৰাচলতে নিৰালম্ব ব্যংগ নহয়, বৰং প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি এটা তীব্ৰ কটাক্ষ।
        চেপলিনৰ আনসমূহ চিত্ৰৰ দৰেই মডাৰ্ণ টাইমছো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ আহিছো ছবিখনৰ পটভূমিলৈ। ইতিমধ্যে প্ৰথম বিশ্বযুদ্ধ শেষ হৈছে আৰু ইউৰোপ এটা তীব্ৰ অৰ্থনৈতিক সংকটৰ ফাললৈ গতি কৰিছে। এই সংকটৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে শ্ৰমিক শ্ৰেণীটো। নগৰীয়া শ্ৰমিক (Urban Labor)-সকল গ্ৰাম্য কৃষি শ্ৰমিকৰ দৰে নহয়। এই শ্ৰেণী চৰিত্ৰটোৰ ওপৰত ভিত্তি কৰিয়েই আৰম্ভ হৈছিল মাৰ্ক্সীয় দৰ্শন। যি কি নহওঁক, অৰ্থনৈতিক মন্দাৱস্থা, যাক আমি The great depression বুলি কওঁ, ইয়াৰ ফলত ইতিমধ্যে সমগ্ৰ ইউৰোপতে শ্ৰমিকসকলক চাকৰিৰ পৰা খেদাই দিয়া হৈছে।
        সেই সময়চোৱাতে আমাৰ চেপলিন এটা তীখাৰ উদ্যোগত কৰ্মৰত আছিল। আন দহজন সাধাৰণ শ্ৰমিকৰ দৰেই আমাৰ বেচেৰা চেপলিনৰ অৱস্থাও তথৈবচ। শোষণৰ এক ভয়াবহ চক্ৰৰ (A vicious circle of exploitation)ৰ মাজত দিকবিদিক হেৰুৱাই চেপলিনে মানসিক ভাৰসাম্য পৰ্যন্ত হেৰুৱাই পেলাইছে আৰু তাৰ বাবে তেওঁ ইতিমধ্যে চাকৰিৰ পৰা খেদা খাইছে। ইফালে পুলিচ আৰু জেইলৰ লগত চেপলিনৰ সম্পৰ্ক সৰ্বজনবিদিত— যেন জেইলখন তেওঁৰ দ্বিতীয় ঘৰহে! এবাৰ কি হল শ্ৰমিক বিপ্লৱ এটাৰ সৈতে জড়িত নোহোৱাকৈয়ে তেওঁ আন্দোলনটোৰ নেতা হিচাপে অভিযুক্ত হৈ জেইল পালেগৈ। কিন্তু এইকনতে মন কৰিবলগীয়া যে আমাৰ চেপলিন কোনোপধ্যেই মাৰ্ক্সবাদী সংগঠনৰ সৈতে জড়িত নহয়। সাধাৰণ অসংগঠিত শ্ৰমিক এজনহে তেওঁ। সেইকনতে তেওঁ সুযোগ পালে আৰু সুযোগ বুজি চৰকাৰী পক্ষৰ সৈতে মিত্ৰ হৈ পৰিল। সেই মিত্ৰতাৰ সুবাদতে তেওঁ জেইলৰ ভিতৰত আৰামদায়ক জীৱন কটাবলৈ ধৰিলে।

        এইকনতে পৰিচালক চেপলিনে (ছবিখনৰ পৰিচালনাও চেপলিনেই কৰিছিল) শ্ৰেণী চৰিত্ৰ আৰু শ্ৰেণী স্বাৰ্থৰ কথাটো বৰ সুন্দৰকৈ উপস্থাপন কৰিলে। চৰকাৰী পক্ষৰ সৈতে হোৱা মিত্ৰতা কিন্তু কিমান দিনৰ বাবে? জেইলৰ পৰা মুকলি হৈয়েই তেওঁ পুনৰ সোমাই পৰিল সেই নিবনুৱা সমস্যাৰ এক ভয়াবহ পৰিস্থিতিৰ সৈতে। অৱশ্যে সৌভাগ্যৰ কথা এয়ে যে, তেওঁৰ হাতত এখন কাগজ আছিল— নিযুক্তি দিবলৈ কৰা অনুৰোধৰ কাগজ। সেইখনৰ সুবাদতে তেওঁ চাকৰি এটা পালে আৰু খুব কম সময়ৰ ভিতৰতেই চাকৰিৰ পৰা খেদাও খালে! ইফালে আমাৰ চেপলিন প্ৰেমটো পৰিছে— এগৰাকী তেওঁৰ দৰেই যুৱতীৰ সৈতে, যি কাম বিচাৰি হায়ৰাণ হৈ আছে।
        এইকনতে তেওঁ পুনৰ জেইল পালেগৈ। অৱশ্যে এইবাৰ জেইলত আগৰ দৰে আৰামদায়ক জীৱন এটা লাভ নকৰিলে— চৰকাৰী পক্ষৰ বাবে তেওঁ এতিয়া এটা পাহৰণিৰ গৰ্ভত বাস কৰা এজন ব্যক্তি। আন দহজন সাধাৰণ কয়দীৰ দৰেই এজন অপৰাধী। এইবাৰ জেইলৰ পৰা ওলাই তেওঁ আচৰিত হোৱাৰ পাল। আচৰিত হবই— কিয়নো তেওঁৰ প্ৰেমিকাই ইতিমধ্যে এটা কাম বিচাৰি পালে। এগৰাকী বাৰটেণ্ডাৰৰ কাম। প্ৰেমিকাৰ সুবাদতে চেপলিনেও সেইখন বাৰতে কাম পালে আৰু তেনেকৈয়ে চেপলিনৰ এটা নতুন জীৱন আৰম্ভ হল।
        এইকনতে আহিল এটা টুইষ্ট। চেপলিনৰ প্ৰেমিকাগৰাকী হৈছে জুভেইনাইল কাষ্টডিৰ পৰা মুক্ত জীৱন বিচাৰি পলাই অহা এগৰাকী কিশোৰী। গতিকেই তেওঁক আৰক্ষীয়ে বিচাৰি ফুৰিছে। এদিন বাৰত কাম কৰি থাকোতেই পুলিচে অনেক খবৰ কৰি আমাৰ চেপলিনৰ প্ৰেমিকাক বিচাৰি উলিয়ালে আৰু আটক কৰিবলৈ বিচাৰিলে। অৱশ্যে আমাৰ হিৰচেপলিনে অনেক কষ্ট কৰি তাইক পলুৱাই আনিবলৈ সক্ষম হল আৰু দুয়ো এটা নতুন জীৱন বিচাৰি চহৰৰ পৰা আঁতৰি গুচি যায়।
        মডাৰ্ণ টাইমছৰ থুলমূল কাহিনী এয়াই। আমাৰ অসমীয়া দৰ্শকৰ এটা ভ্ৰান্ত ধাৰণা আছে যে চেপলিন মানেই এজন অনবৰতে হকে-বিহকে হঁহুৱাই থকা অভিনেতা। কিন্তু কাৰ্যত সেয়া নহয়। তেওঁৰ প্ৰতিটো কমেডীৰ আঁৰত লুকাই থাকে আমাৰ দৰে নিঃস্ব মানুহৰ জীৱনৰ প্ৰতিচ্ছবি। সেইবাবেই মডাৰ্ণ টাইমছ মই বাৰে-বাৰে চাওঁ আৰু নিজকে চেপলিনৰ মাজত বিচাৰি পাই চকুলো নিগৰাওঁ!

Post a Comment

2 Comments