চলচিত্ৰ কথাঃ Midnight's Children


দীপা মেহতাৰ “Midnight’s Children”

 চলমান ৰুশ্বদিৰ লেখাৰ এক নিজস্ব আন্দাজ আছে— যাদু বাস্তৱিকতাই পাঠকক এখন বেলেগ দেশলৈ লৈ যাব পাৰে। তাতে যদি পৰিচালক দীপা মেহতা হয় তেতিয়াটো কথাই বেলেগ হৈ পৰে। আমাৰ দৰে দৰ্শকৰ বাবে কথাষাৰ এনেয়ে বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া ধৰণৰ হৈ পৰে। যি কি নহওঁক, দীপা মেহতাই এবাৰ ৰুশ্বদিক তেওঁৰ উপন্যাসৰ আধাৰত এখন চিনেমা কৰাৰ কথা কলে। ৰুশ্বদিয়ে প্ৰথমতে আগবঢ়াই দিলে তেওঁৰ এখন বহুপঠিত উপন্যাস Shalimar the clown খন। কিন্তু নহলগৈ। মেহতা আৰু ৰুশ্বদি হাৰি নগল। এইবাৰ ৰুশ্বদিয়ে তুলি দিলে Midnight’s Children খন। শ্বুটিঙৰ কাম চলিল। শ্বুটিঙৰ বেছি অংশ হল শ্ৰীলংকাত। অৱশ্যে শ্বুটিং চলাই থাকোতে চিনেমাখনৰ কথাষাৰ লুকুৱাই ৰখা হমুছলিম মৌলবাদীৰ ৰোষত পৰাৰ ভয়ত! যি কি নহওঁক, চিনেমাখনৰ বিষয়ে আৰু এটা কথা কৈ লওঁ— ৰুশ্বদিয়ে তেওঁৰ পাঁচশতকৈ বেছি পৃষ্ঠা থকা উপন্যাসখন পৰিচালকক মাত্ৰ ১৫০ পৃষ্ঠাৰ স্ক্ৰীপ্টলৈ ৰূপান্তৰ কৰি দিছিল মাত্ৰ এক ডলাৰৰ বিনিময়ত।
        যিকি নহওঁক, ছবিখনৰ কথা কওঁ। মূলতঃ মিডনাইটছ চিলড্ৰেন এখন Psychological Film, যত সমগ্ৰ কাহিনীটোক পৰিচালকে বহুধৰণেৰে অস্ত্ৰোপচাৰ কৰিছে আৰু সমাজৰ গতিশীলতাৰ সৈতে তাক সংগত কৰি তুলিছে। ষ্টৰী লাইনটো আৰম্ভ হৈছে স্বাধীনোত্তৰ ভাৰতত আৰু শেষ হৈছে জৰুৰীকালীন অৱস্থা শেষ হোৱাৰ পাছত। সমগ্ৰ কাহিনীটো মূলতঃ সাতটা ৰাজনৈতিক ঘটনাৰ ওপৰত ভিত্তি কৰি আগবাঢ়িছে— ভাৰতৰ স্বাধীনতা, ভাৰত-পাকিস্তানৰ বিভাজন, স্বাধীনোত্তৰ ভাৰতত শ্ৰেণী সচেতনতা আৰু বাওঁপন্থী আন্দোলনৰ উত্থান, পাকিস্তানত সামৰিক অভ্যুত্থান, ভাৰত-পাকিস্তানৰ যুদ্ধ, বাংলাদেশৰ স্বাধীনতা আৰু জৰুৰীকালীন অৱস্থাৰ ঘোষণা।
        ছবিখন আৰম্ভ হৈছে স্বাধীনোত্তৰ ভাৰতৰ পটভূমিত, যত এখন পৰম্পৰাগত সমাজ (এছিয়াটিক সমাজ?) লাহে-লাহে আধুনিকতাৰ মাজলৈ গতি কৰিছে আৰু সমাজৰ মধ্যবিত্ত শ্ৰেণীটো খুব খৰকৈয়ে সলনি হবলৈ আৰম্ভ কৰিছে। এই পৰিৱৰ্তিত যুগটোতেই এহাল দম্পতীয়ে দাম্পত্য জীৱন আৰম্ভ কৰে আৰু দেশে ঠিক স্বাধীনতা পোৱাৰ সময়চোৱাতে, অৰ্থাত ১৯৪৭ চনৰ ১৫ আগষ্টৰ নিশা বাৰ বজাত জন্ম হয় তেওঁলোকৰ প্ৰথমটো সন্তানৰ। মন কৰিবলগীয়া যে সেই সময়চোৱাত সমগ্ৰ দেশত প্ৰায় এহেজাৰটা শিশুৰ জন্ম হৈছিল, যৰ ভিতৰৰ দুটা শিশু একেখন হস্পিতালতে জন্ম হয়। এটা শিশু দম্পতী হালৰ আৰু আনটো শিশু তেওঁলোকৰ ঘৰৰ ওচৰৰে এজন Street singerৰ। দুটা শিশু দুখন পৃথক ঘৰৰ— এখন ধনী উদ্যোগপতিৰ আৰু আনখন ঘৰ তেনেই নিঃস্ব। এইকনতে উল্লেখ কৰিব পাৰি যে পৰিচালকে দুয়োটা শিশুৰ প্ৰতি কৰা ট্ৰিটমেন্টটো সাংঘাটিকভাৱে Psychological Thriling, যি (শ্ৰেণীদ্বন্দ্ব) সমগ্ৰ ছবিখনতেই চলি থাকে। এইকনতে আৰম্ভ হয় ছবিখনৰ মূল দ্বন্দ্বটো— পৰিচয়ৰ দ্বন্দ্ব। ছবিখনৰ মূল কাহিনীটো এইকনতেই আৰম্ভ হয়, যিটো কাহিনী মই পাঠকসকলক কৈ তেওঁলোকৰ ৰস নষ্ট নকৰোঁ। যি কি নহওঁক, ঠুলমূলকৈ কবলৈ হলে চালিম অৰ্থাত প্ৰথমটো শিশু শৈশৱৰ পৰাই একধৰণৰ পৰিচয়ৰ সংকটত ভোগে— তেওঁৰ কাৰ সন্তান? সঁচাকৈ তেওঁৰ পিতৃ-মাতৃৰ জৈৱিক সন্তান নে আন কিবা?
        ধনী দম্পতিহালৰ সন্তান চেলিম আৰু ষ্ট্ৰীট চিংগাৰগৰাকীৰ সন্তান শিৱ (যাৰ মাক প্ৰসৱকালীন সময়তেই ঢুকাইছিল), দুয়োৰে শৈশৱ মুম্বাই (তেতিয়াৰ বোম্বাই)ত আৰম্ভ হয় দুটা পৃথক ধৰণেৰে। এই শ্ৰেণী পৰিচয়ে দুয়োৰে আচাৰ-আচৰণো সলনি কৰি তুলিছিল। ইফালে ভাৰত-পাকিস্তানৰ বিভাজনে ভাৰতীয় মুছলমানসকলৰ মাজলৈও একধৰণৰ পৰিচয়গত সংকট (Identity Crisis) নমাই আনিছিল। এই সংকটে জন্ম দিছিল দুয়োখন দেশৰ মাজৰ এক অন্তহীন ঘৃণাৰ। যি কি নহওঁক, চেলিমক দেউতাকে পাকিস্তানত থকা তেওঁৰ মাহীয়েকৰ ঘৰলৈ পঠিয়াই দিলে। তেওঁৰ মাহীয়েক আন কোনো নহয়ঃ জীয়ায়ুৰ ৰহমানৰ পত্নী! গতিকে স্বাভাৱিকতেই চেলিম ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱেই সোমাই পৰিল ৰাজনৈতিক পৰিক্ৰমাৰ মাজত। এই ৰাজনীতি আছিল গণতন্ত্ৰৰ পৰা সামৰিক শাসনৰ ৰাজনীতি, দুয়োখন চুবুৰীয়া দেশৰ মাজৰ যুদ্ধৰ ৰাজনীতি। নেহেৰুৰ Tryst With Destinyৰ মাজেৰে জন্ম হোৱা সেই এহেজাৰটা শিশুৰ ভিতৰৰ এজন (চেলিম) থাকিল কৰাচীত আৰু আনজন শিৱ হলগৈ ভাৰতীয় সৈন্যৰ উচ্চপদস্থ আৰু অত্যন্ত সাহসী বিষয়া।
        যুদ্ধ শেষ হল। ঘটনাক্ৰমে চেলিম প্ৰায় আঠবছৰ দিন অচেতন হৈ থাকিল। অৰ্থাত চিকিত্সা বিজ্ঞানৰ ভাষাত কমাত গুচি গল। আঠবছৰৰ পাছত যেতিয়া চেলিম সাৰ পাইছে তেতিয়া পুনৰ যুদ্ধৰ প্ৰস্তুতি— পাকিস্তানৰ গৃহ যুদ্ধ। পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজৰ যুদ্ধ। হাজাৰ-হাজাৰ মৃতদেহৰ মাজত চেলিম পুনৰ সাৰ পাইছে— এইবাৰ স্বাধীন বাংলাদেশৰ ভূমিত। এনেকুৱাতে অতি নাটকীয়ভাৱে চেলিমে লগ পাই আন দুটা মাজৰাতিৰ শিশুৰ সৈতে— শিৱ, যি এতিয়া এজন গৰ্বিত ভাৰতীয় সেনা বিষয়া আৰু আনগৰাকী পাৰ্বতী, যি আছিল এগৰাকী যাদুকৰনী। এইকনতে কৈ থওঁ, চিনেমাখনৰ প্ৰতিটো মুহুৰ্ততে দীপা মেহতাই যাদু-বাস্তৱতাৰ (Magic-Reality) সম্পৰীক্ষা কৰি গৈছে। সেয়া চেলিমে তেওঁৰ নাকটোৰ জৰিয়তে গোটেই মাজৰাতিৰ শিশুবোৰক মাতি অনাই হওঁক বা পাৰ্বতীৰ চৰিত্ৰটোয়েই নহওঁক কিয়! যি কি নহওঁক, পাৰ্বতীৰ সহায়ত চেলিম এইবাৰ দিল্লীলৈ আহিল। দিল্লী মানে এটা ঝাপ্পৰপট্টিলৈ, যত পাৰ্বতী বাস কৰে।
        তেনেতে পাৰ্বতী গৰ্ভৱতী হৈ পৰে আৰু পাৰ্বতীৰ মতে সেই সন্তান শিৱৰ। নিজৰ শৈশৱটো চেলিমে যিটো দ্বন্দ্বৰ মাজেৰে পাৰ হৈ আহিছিল সেই দ্বন্দ্বটো পুনৰ চেলিমৰ সমূখত আহি পৰিল— পৰিচয়ৰ দ্বন্দ্ব। এইবাৰ কিন্তু সময় সলনি হল। সেই আহিবলগীয়া শিশুটো যাৰেই ঔৰষৰ নহওঁক, সি হৈ পৰিব চেলিম আৰু পাৰ্বতীৰ সন্তান! কিন্তু তেনেকুৱাতে আৰম্ভ হয় জৰুৰী অৱস্থা। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ব্ৰজকঠোৰ সিদ্ধান্ত— দেশ বচাবলৈ বলিদান লাগিবই!! জৰুৰীকালীন অৱস্থাটোত চেলিমে নতুনকৈ আৰম্ভ কৰা জীৱনটোও শেষ হৈ পৰে। পাৰ্বতীৰ মৃত্যু হয়। বাচি ৰয় সন্তানটো, যি জন্ম হৈছিল জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়চোৱাত আৰু সেই সাপ পোহা শিখ বৃদ্ধজন। পুনৰ আৰম্ভ হয় আন এটা জীৱনৰ— এটা নতুন প্ৰজন্মৰ সংগ্ৰামৰ অধ্যায়।
        ছবিখনৰ শেষলৈ চেলিম, তেওঁৰ সন্তান অৰ্থাৎ আদাম আৰু বৃদ্ধজন বোম্বাইলৈ গুচি যায় চেলিমৰ শৈশৱৰ আয়াৰ সন্ধানত, যি এতিয়া নতুনকৈ এটা চাটনিৰ উদ্যোগ আৰম্ভ কৰিছে। আৰু এনেকৈয়ে বোম্বাইত পুনৰ আৰম্ভ হয় আদামৰ শৈশৱ।
        থুলমুলকৈ ছবিখনৰ কাহিনী এয়াই। ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ সৈতে সমাজ-বাস্তৱিকতা আৰু তাৰ মনোবৈজ্ঞানিক সংযোগক সানমিহলি কৰি মেহতাই তৈয়াৰ কৰা ককটেইলটোৰ সোৱাদ প্ৰতিজন চিনেমাপ্ৰেমীৰ বাবেই অনন্য আৰু একক।

Post a Comment

0 Comments