আলফাঃ এটা বিফল হুমুনিয়াহ


আলফাঃ এটা বিফল হুমুনিয়াহ

১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে আলফা অৰ্থাত সংযুক্ত মুক্তি বাহিনী গঠন হোৱাটো কোনো অস্বাভাৱিক ঘটনা নাছিল। অসমীয়া জাতীয়তাবাদৰ এটা আলিদোমোজা (Cross-road)ৰ সাক্ষী হৈ আলফাৰ জন্ম হৈছিল। এই আলিদোমোজাৰ ধাৰণাটো প্ৰতিজন সচেতন অসমীয়াই ভালদৰে জানে। অম্বিকাগিৰী ৰায়চৌধুৰীৰ হাতত প্ৰাণ পাই উঠা অসমীয়া বিচ্ছিন্নতাবাদী চিন্তাধাৰা (Secessionist Trend)টোৰ এটা পৰিৱৰ্তিত ৰূপেই হৈছে আলফা। এই যে কলো পৰিৱৰ্তিত ধাৰা বুলি, তাৰ অৰ্থ হৈছে যে অম্বিকাগিৰীৰ জাতীয়তাবাদ (বহুতে উগ্ৰ জাতীয়তাবাদ বুলি কব খোজে) আৰু আলফাৰ দ্বাৰা প্ৰচাৰিত জাতীয়তাবাদৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অম্বিকাগিৰীৰ জাতীয়তাবাদ বহুক্ষেত্ৰত উদাৰ আৰু ই বৰ অসমৰ ধাৰাটোক প্ৰতিনিধিত্ব কৰে। আনহাতে আলফাই অম্বিকাগিৰীৰ তুলনাত এটা ঠেক পৰিসৰৰ জাতীয়তাবাদ, যাক আমি ভাষিক জাতীয়তাবাদ বুলি ভবাৰ থল আছে, তাক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে আমি কব পাৰো যে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম জাতীয় মহাসভাৰ মঞ্চৰ পৰা এটা ট্ৰাইবেল ভাষাক অসমৰ মূল ভাষা হিচাপে গ্ৰহণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল; তাৰ বিপৰীতে আলফাই নিৰ্জাতিকৰণ তত্বৰ জৰিয়তে একধৰণৰ ভাষিক আধিপত্য স্থাপনৰ প্ৰয়াস কৰিছিল বুলি ৰাজনৈতিক তাত্বিক আৰু সমালোচকসকলে কব খোজে। আমি এই নিৰ্জাতিকৰণ তত্বৰ উদাহৰণ হিচাপে চাও ডিম্বেশ্বৰ গগৈৰ হত্যাকাণ্ডৰ কথা আঙুলিয়াই দিব খোজো।

        যি কি নহওঁক, অসম আন্দোলনৰ সমান্তৰালকৈ চলি থকা সশস্ত্ৰ ধাৰাটোক প্ৰতিনিধিত্ব কৰি সংযুক্ত মুক্তি বাহিনীয়ে আত্মপ্ৰকাশ কৰিছিল আৰু প্ৰায় দুটা দশক জুৰি একধৰণৰ মুকলি বিদ্ৰোহ কৰি গৈছিল। তিনিটাকৈ অপাৰেশ্যনে আলফাৰ কঁকাল ভঙাৰ পাছত অৱশ্যে বৰ্তমান এই বিদ্ৰোহৰ চোকটো কমি গৈছে। কিন্তু ইয়াৰ লগতে আমি মনত ৰখাটো উচিত যে আলফাই কৰি অহা বহুকেইটা ঐতিহাসিক ভুলে ইয়াক মূল পথৰ পৰা পথচ্যুত কৰি তুলিলে। আমি পাহৰি যাব নোৱাৰো ৰাছিয়ান অভিযন্ত্ৰা চাৰ্গেই গ্ৰীটছেংকো, টি. এছ. ৰাজুৰ হত্যাকাণ্ডৰ কথা। সেইদৰে পাঁচ বছৰীয়া শ্ববনম কলিতা, সমাজকৰ্মী সঞ্জয় ঘোষ আৰু মুক্তি যুঁজাৰু কমলা কলিতাৰ হত্যাকাণ্ডৰ কথাও পাহৰি যোৱাটো উচিত নহব। এই আটাইবোৰ হত্যাকাণ্ডৰ ভিতৰত সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ বাবে আলফাই আটাইতকৈ বেছি মূল্য ভৰিব লগা হৈছিল। এই হত্যাকাণ্ডৰ বাবেই আলফাই ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ নিজৰ দাবীসমূহ লৈ যাব পৰা নাছিল আৰু Unrepresented Nations and People’s Organizationৰ মঞ্চলৈ নিজকে লৈ যাব পৰা নাছিল।  
এইদৰেই ৰংঘৰৰ বাকৰিত জন্ম হৈছিল আলফাৰ
        নব্বৈৰ দশকটোতে আলফাই নিজৰ গতি সলনি কৰিছিল। এটা বিপ্লৱী সংগঠন এই দশকটোতেই হৈ পৰিছিল এটা সন্ত্ৰাসবাদী সংগঠন। ১৯৯০ চনৰ ৰাজ্যপালৰ প্ৰতিবেদনত উল্লেখ আছে যে ১৯৯০ চনৰ নৱেম্বৰ মাহলৈকে আলফাই ১১৩ জন ব্যক্তিক হত্যা কৰিছিল, যাৰ ভিতৰত ২৫ জন কংগ্ৰেছ দলৰ নেতা-কৰ্মী আছিল। (উৎসঃ টাইমছ অৱ ইণ্ডিয়া) মন কৰিবলগীয়া যে জন্মৰ পৰাই আলফা আৰু অগপই একেখন মজিয়াতেই ডাঙৰ হৈছিল আৰু প্ৰফুল্ল মহন্তৰ দ্বিতীয়খন চৰকাৰৰ আৰম্ভনিৰ সময়লৈকে অগপৰ ৰাজনৈতিক আহিলা হৈ পৰিছিল আলফা! ১৯৯৬ চনৰ প্ৰফুল্ল মহন্তৰ দ্বিতীয়খন চৰকাৰৰ গঠনতো আটাইতকৈ ডাঙৰ ভুমিকা আগবঢ়াইছিল আলফাই। উদাহৰণস্বৰূপে আমি তুলি ধৰিব পাৰো অগপৰ নিৰ্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট স্ব-নিয়ন্ত্ৰণৰ দাবীটোক। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে অগপই এই স্ব-নিয়ন্ত্ৰণৰ দাবীটো সন্নিৱিষ্ট কৰিছিল তেওঁলোকৰ আলফাৰ সৈতে থকা সংযোগৰ প্ৰতিফলন হিচাপে (তথ্য উৎসঃ Kalita, Haren Chandra: Regional Politics, the role of Assam Gana Parishad)। কিন্তু আমি সকলোৱে জানো যে প্ৰফুল্ল মহন্তই দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাই নিজৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস নকৰোৱাৰ বাবেই আৰম্ভ হৈছিল গুপ্তহত্যাৰ আৰু সেই সময়চোৱাতে আমি হেৰুৱাইছিলো পৰাগ কুমাৰ দাসক!
        এটা বিপ্লৱী সংগঠন ৰাজনৈতিক আহিলা আৰু তাৰ পাছত এটা সন্ত্ৰাসবাদী সংগঠনলৈ পৰ্যবাসিত হোৱাৰ ধাৰাটো অধ্যয়ন কৰিলেই বুজা যাব যে আমি কিয় শিৰোণামাটোত আলফাক এটা হুমুনিয়াহ বুলি অভিহিত কৰিছোঁ। আলফা বনাম ৰাষ্ট্ৰৰ সংঘৰ্ষত আৰু গুপ্তহত্যাৰ বিভীষিকাময় সময়বোৰত আমি বহুত হেৰুৱালোঁ। আমি বহু সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীক হেৰুৱালোঁ। এই যে আমি হেৰুৱালো, তেওঁলোকৰ হাতত আমাৰ এই লেখাটো অৰ্পন কৰিলোঁ।

Post a Comment

2 Comments

  1. Shashwat Bortamuly21 April 2020 at 21:46

    আলফা আৰু অসমীয়া বুদ্ধিজীৱীৰ সম্পৰ্ক বিষয়ে মই আধিক জানিব বিচাৰিছোঁ। প্ৰয়াত নিবাৰণ বৰা দেৱে আলফাক উকমুকৰ পোৱালি নহয় আৰু অগপৰ অগ্ৰজ বুলি কৈছিল। তেখেতৰ কনিষ্ঠ পুত্ৰ আলফাত যোগ দিয়া পাচত গুপ্তহত্যাৰ বলি হৈছিল।(২৬ তাৰিখ নিবাৰণ বৰা দেৱৰ জন্মদিন)।

    ReplyDelete
  2. ভাল লাগিল কিন্তু পিছলৈ আৰু অধিক তথ্য পাম বুলি আশা কৰিলোঁ এই বিষয়ত

    ReplyDelete