আমি এখন পুৰুষতান্ত্ৰিক সমাজত জীয়াই আছোঁ। এইখন সমাজত আমি
লক্ষ্মী চৰিতকে ধৰি অনেক গ্ৰন্থ, নিয়ম-কানুন বা পৰম্পৰাই আমাক এইটো অহৰ্নিশে অনুভৱ
কৰাই আহিছে যে আমি পুৰুষ বা নাৰী। এই লিংগ সচেতনতা (Gender Consciousness) আৰু Gender Binary ৰ পৰা এখোজ-দুখোজকৈ বিভিন্ন তত্ব, দৰ্শন আৰু জীৱনবোধৰ হাতত ধৰি ওলাই অহাৰ
সময়তেই এখন চিনেমা চাবলৈ পালোঁ— Call me by your name। ইটালীৰ চিত্ৰ পৰিচালক Luca Guadagnino (অসমীয়াত
এইটো নাম লিখাটো বৰ ভয়ংকৰ কাৰবাৰ হে!)-এ ২০১৭ চনত পৰিচালনা কৰি তৈয়াৰ কৰা এই
চিত্ৰখনক Romance/Dramaৰ শ্ৰেণীত শ্ৰেণীভুক্ত কৰিব পাৰি।
এইকনতে জনাই থোৱাটো ভাল যে চিত্ৰ পৰিচালক হিচাপে লুচা যথেষ্ট চিৰিয়াছ আৰু তেওঁৰ এই
চিৰিয়াছনেছটোক আমি তেওঁৰ পূৰ্বৱতী মাষ্টাৰপিছ সমূহৰ পৰা বুজিব পাৰোঁ। বাৰ্লিন
চলচিত্ৰ মহোত্সৱত তেওঁ একাধিকবাৰ ‘শ্ৰেষ্ঠ পৰিচালক’ৰ সন্মান পোৱাৰ উপৰিও এই ছবিখন অস্কাৰ একাডেমী
এৱাৰ্ডছৰ দৌৰলৈও গৈছিল।
যি কি নহওঁক
এইবাৰ মূল কথালৈ আহোঁ। অৱশ্যে মূল কথালৈ আহোঁ বুলি কোৱাৰ পাছতো এটা সতৰ্কবাণী
শুনাই থোৱাটো খুবেই প্ৰয়োজন— যদিহে আপুনি একশ্যন-চেক্স-ৰোমান্স (বলিউদ ফৰ্মূলা?)ৰ ছবি চাই ভাল পাই তেন্তে এইখন ছবিৰ পৰা আঁতৰি থকাই
আপোনাৰ আৰু মোৰ বাবে ভাল। আপুনিও আমনি নাপাব আৰু মইও অনাহকতে গোৱাল-গালি খাবলগীয়া
নহব। যি কি নহওঁক, ছবিখন মূলতঃ ইলিঅ’ নামৰ এজন ১৭ বছৰীয়া কিশোৰৰ কাহিনী- যি নিজৰ জীৱনটো আৰম্ভ কৰিছে আৰু নিজকে
পৃথিৱীখনৰ সৈতে, প্ৰকৃতিৰ সৈতে সমযোজন কৰিবলৈ আৰম্ভ কৰিছে। আন দহজন কিশোৰৰ দৰেই
তেওৱো এগৰাকী কিশোৰী (ন-যুৱতী?)ৰ প্ৰেমত পৰিছে আৰু তাইৰ
সৈতে কথা পাতিছে, হাঁহিছে আৰু শাৰিৰীক সম্পৰ্ক কৰিছে (ৰ’ব, শাৰিৰীক সম্পৰ্ক কৰিছে মানে আপুনি নাক কোচাই নিদিব। আমি ইটালীৰ এখন
চলচিত্ৰৰ বিষয়ে কথা পাতি আছোঁ— তাত মৰেল পুলিচগিৰি নাই)। আন দহজন কিশোৰৰ দৰেই এক
সাধাৰণ জীৱন।
এইকনতে তেওঁ
পৰিচয় হয় তেওঁলোকৰ ঘৰৰ এজন আলহী, অলিভাৰৰ সৈতে। দৰাচলতে আলহী নহয়, সম্পৰ্কীয়। তেওঁ
আহিছে বিশ্ববিদ্যালয়ৰ কামত (বোধহয় গৱেষণাৰ সংক্ৰান্তত)। লাহে-লাহে আমাৰ ইলিঅ’ তেওঁৰ সৈতে ঘনিষ্ঠ হৈ পৰে।
এই ঘনিষ্ঠতা
লাহে-লাহে যৌন প্ৰেমলৈ ৰূপান্তৰ হৈ পৰে আৰু ইলিঅ’ই আৱিষ্কাৰ কৰে যে তেওঁ এজন Bi-Sexual। এইকনতে
আপোনালোকৰ নিশ্চয় মনলৈ আহিছে আৰু এখন ছবিৰ কথা। হয় মই Bohemian Rhapsody ৰ কথাই মনত পেলাই দিবলৈ বিচাৰিছোঁ। বহেমিয়ান ৰেপচদীত
যিদৰে এটা বাই-চেক্সুৱেল সম্পৰ্ক দেখুওৱা হৈছিল ঠিক সেইদৰে এই ছবিখনেও মূলতঃ একেটা
কামকে কৰিছে। দুয়োখন ছবিতেই দেখুৱাইছে নায়কৰ অৰ্ন্ত সংঘাত আৰু প্ৰেমৰ প্ৰতি থকা
সৰল বিশ্বাস।
মূলতঃ
পৰিচালকে ছবিখনক বা কাহিনীটোক Sexual Binaryৰ যোগেদি
বাখ্যা কৰি নৈতিকতাৰ পাঠ কৰি তোলা নাই, বৰং এজন বাই-চেক্সুৱেল কিশোৰৰ মনৰ
এবচাৰ্ডিটিখিনিকহে উপস্থাপন কৰিছে। ছবিখনত তীক্ষ্ন সংঘাত নাই, যিদৰে বহেমিয়ান
ৰেপচদীত আছে; তাৰ বিপৰীতে আছে কেতবোৰ সুক্ষ্ম
সংঘাত আৰু অন্তৰ্মুখীতা। এই অন্তৰ্মুখীতাখিনিয়েই প্ৰেম নহয় নে?
0 Comments