Assamese Article: ভাৰতীয় ৰাজনীতিত ধৰ্মীয় সাম্প্ৰদায়িকতাবাদ আৰু ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যত

 

ভাৰতীয় ৰাজনীতিত ধৰ্মীয় সাম্প্ৰদায়িকতাবাদ আৰু ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যত

 

আভিধানিকভাৱে সাম্প্ৰদায়িকতাবাদে এনে এক ব্যৱস্থাগত গাঁথনিক নিৰ্দেশ কৰে, যি গাঁথনিয়ে মূল আধাৰ হিচাপে ধৰ্ম, জাতি, বিশ্বাস বা প্ৰমূল্যবোধক গ্ৰহণ কৰে। বিপান চন্দ্ৰৰ মতে সাম্প্ৰদায়িকতাবাদৰ তিনিটা মূলগত স্তৰ আছে। এই তিনিটা স্তৰৰ প্ৰথমটো হৈছে সাম্প্ৰদায়িকতবাদে একধৰণৰ ধৰ্মীয় পৰিচয়গত (Religious Identity) ঐক্যতাৰ সৃষ্টি কৰে। দ্বিতীয়টো স্তৰ ধৰ্মীয় পৰিচয়গত ঐক্যতাৰ পাছত সৃষ্টি হয়। এইটো স্তৰত একধৰণৰ মানসিক অৱস্থাৰ সৃষ্টি কৰা হয়, 'ত ভাৰতৰ দৰে এখন বহুধাৰ্মিক জাতি বা ৰাজনৈতিক ভাষাত 'ৰাষ্ট্ৰ'ত উক্ত সম্প্ৰদায়টোৱে তেওঁলোকৰ পৰিচয়গত স্বাৰ্থসমূহক ৰাষ্ট্ৰ বা জাতিটোৰ ঐক্যবদ্ধ স্বাৰ্থৰ পৰা পৃথক অনুভৱ কৰিবলৈ আৰম্ভ কৰে। আনহাতে তৃতীয়টো অৰ্থাত চূড়ান্ত স্তৰত সাম্প্ৰদায়িকতাবাদ নিৰ্মাণ কৰা জাতি বা সম্প্ৰদায় বা ধাৰ্মিক সম্প্ৰদায়টোৱে আন জাতি বা সম্প্ৰদায় বা ধাৰ্মিক সম্প্ৰদায়ৰ পৰা বিচ্ছিন্ন হৈ থাকিবলৈ বিচাৰে  আৰু উমৈহতীয়া একতা, ভাতৃত্ববোধ আৰু সম্পৰ্কৰ বিচ্ছেদ ঘটায়। ভাৰতবৰ্ষৰ দৰে বহুমাত্ৰিক সমাজ গাঁথনিযুক্ত ব্যৱস্থা এটাত সাম্প্ৰদায়িকতাবাদ আৰু বিশেষকৈ ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰ অৱস্থিতি সমগ্ৰ জাতিটোৰেই নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে এটা ভাবুকী হৈ উঠিব পাৰে। বিগত দশককেইটাত বিশ্ব ৰাজনীতিত তৈলকেন্দ্ৰিক অৰ্থনীতি আৰু গোলকীয় কূটনীতিৰ বলি হৈ সৃষ্টি হোৱা ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰ পৰিৱেশে ভাৰতীয় সমাজ ব্যৱস্থাটোকো ইতিমধ্যেই আক্ৰান্ত কৰিছে আৰু সেইসূত্ৰে ইতিমধ্যেই ভাৰতীয় সমাজ ব্যৱস্থাটো গণতান্ত্ৰিক প্ৰৱণতাৰ সমান্তৰালভাৱে ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতিৰ ধাৰা এটাও আৰম্ভ হৈছে।

       অৱশ্যে এই ধাৰাটো ভাৰতীয় পৰিপ্ৰেক্ষিতত একেবাৰে নতুন নহয়।  স্বাধীনতা আন্দোলনৰ ইতিহাস অধ্যয়ন কৰিলে আমি আধুনিক ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত গণতান্ত্ৰিক ৰাজনীতিৰ সমান্তৰালভাৱে কিদৰে সাম্প্ৰদায়িক ৰাজনীতিৰো উত্থান আৰু বিকাশ ঘটিছিল সেই সম্পৰ্কে অনুধাৱন কৰিব পাৰিম। চিপাহী বিপ্লৱে ব্ৰিটিচ চৰকাৰক ভাৰতৰ বহু ধৰ্মীয় গাঁথনিটোৰ সম্পৰ্কে বাৰুকৈয়ে সচেতন কৰি গ'ল। চিপাহী বিপ্লৱৰ সময়চোৱাত সৃষ্টি হোৱা ভাৰতীয় নব্য জাতি নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল, যাৰ বাবে চিপাহী বিদ্ৰোহৰ হিন্দু-মুছলিম উভয় ধৰ্মৰে বিপ্লৱীসকলে বাহাদুৰ শ্বাহক চাহান্সা-ই-হিন্দুস্তান হিচাপে মানি লৈছিল আৰু তেওঁ সেই সময়ৰ জাতীয় আন্দোলনৰ বাবে হৈ পৰিছিল ভাৰতৰ প্ৰতীক।  এই বৃহত, শক্তিশালী আৰু স্বতঃস্ফূৰ্ত গণ অভ্যুত্থানে ব্ৰিটিচ প্ৰশাসনক ভাৰতৰ সমাজ গাঁথনি সম্পৰ্কে পুনৰাই ভাবিবলৈ বাধ্য কৰালে আৰু তাৰেই ফলশ্ৰুতিত ১৮৫৮ চনৰ পৰা আনুষ্ঠানিকভাৱে ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতিৰ আৰম্ভ ঘটাই ব্ৰিটিচ চৰকাৰে। বিভিন্ন নীতিসমূহ, যেনে- Communal Representation System আদিৰ যোগেদি ব্ৰিটিচ চৰকাৰে অতি সুচতুৰভাৱে ভাৰতীয় মন-মগজুত সাম্প্ৰদায়িক বিভাজনৰ সূচনা কৰে। ব্ৰিটিচ চৰকাৰৰ এই সাম্প্ৰদায়িক নীতিৰ ফলশ্ৰুতিতেই ১৯০৬ চনত মুছলিম লীগ আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ১৯১৫ চনত হিন্দু মহাসভাৰ জন্ম হয়। মুছলিম লীগ আৰু হিন্দু মহাসভাৰ উত্থানে ভাৰতীয় সমাজ গাঁথনিলৈ এক সাংঘাতিক পৰিৱৰ্তন লৈ আনিছিল। ভাৰতৰ ৰাজনৈতিক ইতিহাসত এই দুটা সংস্থাৰ গুৰুত্ব এইবাবেই অপৰিসীম যে এই দুটা সংস্থাই প্ৰথমবাৰৰ বাবে ভাৰতীয় চিন্তা-চেতনাৰ মাজলৈ সাম্প্ৰদায়িক পৰিচয় গঠনক আনুষ্ঠানিকীকৰণ কৰি তুলিছিল। বিপান চন্দ্ৰৰ বিশ্লেষণত ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতিৰ উত্থানৰ মূল কাৰণ আছিল ঔপনিৱেশিক অৰ্থনীতিৰ ব্যৰ্থতা আৰু ভাৰতীয় মধ্য শ্ৰেণীৰ বাওঁ-ভীতি আৰু তেওঁলোকে পৰিচয়গত ৰাজনীতিৰ দিশলৈ ঢাপলি মেলা। প্ৰাক-স্বাধীন কালতে আমি সাম্প্ৰদায়িকতাবাদৰ কিছুসংখ্যত আমোদজনক ৰাজনৈতিক অৰ্থনীতি দেখা পাওঁ। মূলগতভাৱে সাম্প্ৰদায়িক ৰাজনীতিয়ে শ্ৰেণী সংঘাত ৰোধ কৰিছিল আৰু শ্ৰেণী বা শোষণ সম্পৰ্কীয় ইচ্যুসমূহক পৰিচয়গত ৰাজনীতিৰ ইচ্যুলৈ ৰূপান্তৰ কৰি তুলিছিল। ১৭৯৩ চনৰ স্থায়ী বন্দোবস্তিৰ পাছত দেখা পোৱা গল যে উচ্চবিত্ত হিন্দু আৰু মুছলিম ব্যৱসায়ী আৰু জমিদাৰসকলৰ মাজত পৰিচয়গত ৰাজনীতিৰ আচিলা লৈ একধৰণৰ প্ৰতিযোগিতাৰ সূচনা হৈছিল, যি মূলতঃ সাম্প্ৰদায়িকতাবাদক উত্সাহ যোগাই আছিল।

       প্ৰাক-স্বাধীন কালৰ ভাৰতীয় সাম্প্ৰদায়িক ৰাজনীতিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে ইয়াৰ যোগেদি ভাৰতৰ ইতিহাস-গৌৰৱক অধিক পৰিস্ফূত কৰি তোলা হৈছিল। সেই সময়ৰ শিক্ষা ব্যৱস্থাইও ইতিহাসৰ এক সাম্প্ৰদায়িক বাখ্যা প্ৰদান কৰিছিল বুলি বিপান চন্দ্ৰই অভিযোগ কৰিছে। যি কি নহওঁক, এই বৰ্ধিত আনুষ্ঠানিক ভাৰতীয় নব্য সাম্প্ৰদায়িকতাবাদক ব্ৰিটিচ চৰকাৰে তেওঁলোকৰ Divide and Rule শীৰ্ষক নীতিৰ এক অংশ কৰি লৈছিল, যাৰ ফলশ্ৰুতিত আজিও ভাৰতবৰ্ষত সাম্প্ৰদায়িক ৰাজনীতি চলি আছে।


১৯৪৭ চনৰ পোন্ধৰ আগষ্টৰ মাজৰাতি জৱহৰলাল নেহেৰুৰ Tryst with destinyৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। ঠিক ইয়াৰ আগেয়ে  ১৯৪৬ চনত কেবিনেট মিছনৰ সমূখত জিন্নাৰ নেতৃত্বত মুছলিম লীগৰ নেতাসকলে মুছলিমসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ দাবী তোলে। এই দাবীটোক তদানীন্তন ব্ৰিটিছ প্ৰধান মন্ত্ৰী ক্লিমেন্ট এটলীয়ে সাকাৰ ৰূপ প্ৰদান কৰি ১৯৪৭ চনৰ ৩ জুন তাৰিখে পাকিস্তান নামৰ নতুন দেশখনৰ কথা ঘোষণা কৰিছিল। পাকিস্তানৰ সৃষ্টিয়ে প্ৰাকস্বাধীন কালৰ সাম্প্ৰদায়িক ৰাজনীতিক এক নতুন দিশলৈ লৈ যায়। ইতিমধ্যে ভাৰত বিভাজন আৰু ডাইৰেক্ট একশ্যন ডেৰ ঘটনাৰাজীয়ে ভাৰতীয় মন-মগজু জোকাৰি তুলিছিল। কলিকতাত ঘোষণা কৰা ডাইৰেক্ট একশ্যন ডেত ৪,০০০ লোক বাসত্তৰ ঘন্টাৰ ভিতৰতে মৃত্যুমুখত পৰিছিল আৰু ১,০০,০০০ লোক গৃহহীন হৈ পৰিছিল।* ঠিক নেহেৰুৱে Tryst with destinyৰ বক্তৃতা দি থকাৰ সমসাময়িকভাৱে সমগ্ৰ ভাৰতবৰ্ষ হৈ পৰিছিল সাম্প্ৰদায়িকতাবাদৰ একুৰা উতলা জুই। কলিকতাৰ হিংসা বনজুইৰ দৰে বিয়পি পৰিছিল ভাৰতৰ প্ৰায়বোৰ মূখ্য অঞ্চললৈকে। বিহাৰ, নোৱাখলিয়া, ইউনাইটেড প্ৰভিন্স, পাঞ্জাৱ কোনো বাদ পৰি ৰোৱা নাছিল। (*অতিৰিক্ত তথ্যঃ অসমীয়া সাহিত্যলৈ খুব কম বয়সতে সাংঘাতিক অৱদান আগবঢ়োৱা প্ৰগতিশীল কবি অমূল্য বৰুৱাই কলিকতাৰ ডাইৰেক্ত একশ্যন ডেৰ হিংসুক ঘটনাৰাজীৰ মাজতে প্ৰাণ আহুতি দিছিল।) The Great Partition শীৰ্ষক গ্ৰন্থখনত লেখক য়েছমিন খানে উল্লেখ কৰিছিল যে- "the Partition of India is remembered for its carnage, both for its scale – which may have involved the deaths of half a million to one million men, women and children– and for its seemingly indiscriminate callousness." (ভাৰতৰ বিভাজনক ইয়াৰ হত্যালীলাৰ বাবে সদায় মনত ৰখা যাব, যি আছিল অতি ব্যাপক হাৰত- যি ব্যাপক হত্যালীলাৰ বাবে আধা মিলিয়নৰ পৰা এক মিলিয়ন পুৰুষ, মহিলা আৰু শিশুৱে প্ৰাণ হেৰুৱাইছিল- আৰু ইয়াক মনত ৰখা যাব আপাতৃষ্টিৰে দুইপক্ষৰ নিৰ্মমতাৰ বাবে অনুবাদ- স্বঃ) এই ভয়াবহ হত্যালীলাই বিভাজিত পাকিস্তানৰ জন্ম দিয়াৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত হিন্দু পুনৰোত্থানবাদৰ জন্ম দিছিল। গান্ধীজীৰ হত্যাৰ ঘটনাটো আৰু নাথুৰাম গডছেই দিয়া স্বীকাৰোক্তিয়েই ইয়াৰ জীৱন্ত সাক্ষ্য। গান্ধীক হত্যা কৰাৰ সম্পৰ্কে আত্মপক্ষক সমৰ্থ কৰি নাথুৰাম গডছেই কৈছিল যে তেওঁ গান্ধীজীৰ নিৰবিচ্ছিন্ন মুছলিমপ্ৰীতি আৰু সাম্প্ৰদায়িক ধ্বংসলীলাৰ মাজত মুছলিমসকলক ৰক্ষা কৰিবলৈ অন্নশন কৰিছিল, যাৰ বাবে গডছে আৰু হিন্দু পুনৰোত্থানবাদীসকল এই সিদ্ধান্তলৈ আহিছিল যে গান্ধীজী জীয়াই থকাটো ভাৰতৰ ভৱিষ্যতৰ বাবে ভাবুকী!

       গান্ধীজীৰ লোমহৰ্ষক হত্যাকাণ্ডটোৱে ভাৰতৰ গণতান্ত্ৰিক ৰাজনীতিলৈ কেৱল এটা আদৰ্শগত প্ৰশ্নৰেই যে অৱতাৰণা কৰিছিল এনে নহয়, বৰং নব্য স্বাধীন দেশখনত সাম্প্ৰদায়িকতাবাদক শিপাবলৈ অধিক সুবিধা কৰি দিছিল। এককথাত গান্ধীজীৰ হত্যাকাণ্ডই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাজনীতিক চিৰদিনৰ বাবে পংগু কৰি তুলিলে। এই পৰিৱৰ্তনৰ আগজাননী হিচাপে আমি তুলি ধৰিব খুজিছো গান্ধীজীৰ মৃত্যুৰ তিনিদিনৰ পাছত নেহেৰুৱে চৰ্দাৰ বল্লভভাই পেটেললৈ লিখা এখন চিঠিত উল্লেখিত এই বাক্যটোলৈ- "বাপুৰ মৃত্যুৰ লগে-লগে সকলোখিনি হঠাত সলনি হৈ পৰিল আৰু আমি এখন পৃথক আৰু আগতকৈ বেছি ভয়াবহ পৃথিৱীৰ সন্মূখীন হ'বলৈ গৈ আছোঁ।" যদিও পণ্ডিত ৰামচন্দ্ৰ গুহে গান্ধীজীৰ মৃত্যুৱে ভাৰতত হিন্দু-মুছলিমৰ মাজৰ সাম্প্ৰদায়িকতাবাদক স্তব্ধ কৰি তুলিছিল বুলি মত প্ৰকাশ কৰিছে, তথাপিও আমি পণ্ডিত গুহলৈ সশ্ৰদ্ধ ক্ষমা প্ৰাৰ্থনাৰে অন্য এটা মতামতহে তুলি ধৰিব খুজিছোঁ।

       পণ্ডিত ৰামচন্দ্ৰ গুহে কোৱাৰ দৰে জীৱিত অৱস্থাত গান্ধীজীয়ে যি সাম্প্ৰদায়িক হিংসাক ৰোধ কৰিব পৰা নাছিল তাক তেওঁ মৃত্যুৰ যোগেদি ৰোধ কৰিছিল। এই প্ৰতিৰোধ আমাৰ দৃষ্টিত সাংঘাতিক সুদূৰপ্ৰসাৰী নহয়। গান্ধীজীৰ মৃত্যুৰ পাছত যদিও তাত্ক্ষণিকভাৱে কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল, তথাপিও এই ঘটনাই হিন্দুত্ববাদী পুনৰোত্থানবাদীসকলক সাহস প্ৰদান কৰিছিল, যি সাহসৰ প্ৰতিচ্ছবি আমি আদৱানীৰ ৰথযাত্ৰা, বাবৰি মজছিদৰ ধ্বংস আৰু নব্বৈৰ দশকৰ হিন্দু-মুছলিমৰ দেশজোৰা সংঘৰ্ষ আৰু বৰ্তমান সময়ত মুকলিকৈ নাথুৰাম গডছেক নায়ক সজোৱাৰ ঘটনাবোৰ মাজত বিচাৰি পাওঁ। তদুপৰি নব্বৈৰ দশকৰ পৰা শক্তিশালী হৈ উঠা হিন্দু ৰাষ্ট্ৰ বা ধৰ্মকেন্দ্ৰিক ৰাষ্ট্ৰ গঠনৰ প্ৰৱণতা ভাৰতীয় ৰাজনীতিত কোনো শিপাবিচ্ছিন্ন ঘটনা বুলি আমি ব্যক্তিগতভাৱে মানি ল'বলৈ টান পাওঁ। আমি বিশ্বাস কৰোঁ যে গান্ধীজীৰ হত্যাকাণ্ডৰ সৈতে এইসমূহ ঘটনাৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু সেয়া হৈছে যে গান্ধীজীৰ হত্যাকাণ্ডৰ পৰা হত্যাকাৰী নাথুৰাম গডছেক 'Hero' হিচাপে প্ৰতিষ্ঠা কৰালৈকে এই সমগ্ৰ ঘটনাৰাজী এক অতি সচতুৰ আঁচনি, যাৰ দ্বাৰা ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি এটা পৰিকল্পিত তাত্বিক আৰু প্ৰায়োগিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰা হৈছে।

কাশ্মীৰ ইচ্যুঃ সাম্প্ৰদায়িকতাবাদী ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক

১৯৮৭ চনৰ আগলৈকে কাশ্মীৰ বলিউদৰ বাবে ৰোমান্টিক গীতৰ শ্বুটিঙৰ ঠাই আছিল, যাক কোৱা হৈছিল ভূস্বৰ্গ ৮৭ৰ নিৰ্বাচনে কাশ্মীৰৰ সমগ্ৰ দৃশ্যপটটো সলাই পেলালে এই পৰিৱৰ্তিত দৃশ্যপট আছিল ভাৰতীয় সাম্প্ৰদায়িকতাবাদৰ এক ভয়ংকৰ দলিলৰ আৰম্ভনি মন কৰিবলগীয়া কথাটো হৈছে যে ১৯৮৬ৰ দেশজোৰা সাম্প্ৰদায়িক সংঘৰ্ষই ভাৰতৰ প্ৰায়সমূহ মূল ঠাইকে স্পৰ্শ কৰিছিল যদিও অনন্তনাগ অঞ্চলৰ বাহিৰে কাশ্মীৰ হৈ আছিল শান্ত কাশ্মীৰৰ অনন্তনাগ অঞ্চলৰ সাম্প্ৰদায়িক হিংসাৰ বাতৰিসমূহৰ ৰিপৰ্টিং কৰা সাংবাদিক য়ুচুফ জামিলে অনন্তনাগৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে দায়ী কৰিছিল কংগ্ৰেছক তেওঁ কৈছিল- Congress was behind it because they had problems with GM Shah and wanted to get rid of him.(ইয়াৰ আঁৰত আছিল কংগ্ৰেছ কাৰণ তেওঁলোকে জি.এম. শ্বাহক ভাল পোৱা নাছিল আৰু তেওঁক আঁতৰ কৰিব খুজিছিল অনুবাদ- স্বঃ) অনন্তনাগৰ এই সাম্প্ৰদায়িক হিংসা সমগ্ৰ ভাৰতৰ তুলনাত বৰ বেছি এটা লেখত লবলগীয়া নাছিল দুই-এটা মন্দিৰ ভাঙি পেলোৱা হৈছিল আৰু কিছুসংখ্যক কাশ্মীৰি পণ্ডিতক অত্যাচাৰ কৰা হৈছিল

       সমগ্ৰ ভাৰতক জোকাৰি যোৱা ১৯৮৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছতেই আৰম্ভ হৈছিল কাশ্মীৰৰ অন্য এটা সমীকৰণ ১৯৮৭ চনত কাশ্মীৰত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনতেই মুছলিম ইউনাইটেড ফ্ৰন্ট (MUF) নামেৰে এটা অকংগ্ৰেছী আঞ্চলিক শক্তিৰ সূত্ৰপাত হৈছিল মুফটি মহম্মদ চৈয়দে ভিতৰুৱাকৈ সমৰ্থন কৰিছিল নব্য গঠিত দলটোক MUFৰ নিৰ্বাচনী প্ৰতীক আছিল কলম আৰু দোৱাত

       ১৯৮৭ চনৰ কাশ্মীৰৰ নিৰ্বাচনটো সমগ্ৰ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিয়েই এটা উপহাস আছিল এই নিৰ্বাচনটো ব্যাপক অনিয়মৰ বাবে আজি পৰ্যন্ত কুখ্যাত অত্যন্ত জনপ্ৰিয়তাৰ পাছতো ৮৭ৰ নিৰ্বাচনত MUFৰ বিৰুদ্ধে ৰচনা কৰা হৈছিল এক পৰিকল্পিত নিৰ্বাচনী ৰিগিঙৰনিৰ্বাচনৰ ভোটগণনাৰ দিনাখন MUFৰ নেতাসকলক দেশদ্ৰোহিতাৰ অপৰাধত এফালৰ পৰা গ্ৰেপ্তাৰ কৰি যোৱা হৈছিল আৰু সেইদৰেই আৰম্ভ হৈছিল কাশ্মীৰৰ এক ৰক্তাত্ব ইতিহাসৰ সূত্ৰপাত MUFৰ অনন্তনাগৰ প্ৰাৰ্থী মহম্মদ য়ুচুফ হৈ পৰিছিল হিজাব-উল-মুজাহিদ্দিনৰ নেতা ১৯৯০ চনলৈকে আৰম্ভ হৈ গৈছিল সাম্প্ৰদায়িক হিংসাৰ এই সাম্প্ৰদায়িক হিংসাই প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছিল কাশ্মীৰি পণ্ডিতসকলক বিজেপিৰ কৰ্মী তথা অধিবক্তা টিকালাল টাপ্লুৰ হত্যাৰে কাৰ্যত কাশ্মীৰি পণ্ডিত নিগ্ৰহৰ সূচনা হৈছিল

ৰথ যাত্ৰাৰ পৰা গোধৰা হৈ ভৱিষ্যতৰ ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতি

আদৱানিৰ ৰথ যাত্ৰাৰ যোগেদি ভাৰতবৰ্ষই নব্বৈৰ দশকক স্বাগতম জনাইছিল। সোমনাথৰ পৰা অযোধ্যালৈ প্ৰায় ১০,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এই ৰথ যাত্ৰাই জয়পুৰ, যোধপুৰ, আহমেদাবাদ, বৰোডা, হায়দৰাবাদ আদি অঞ্চলসমূহত সৃষ্টি কৰিছিল এক ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষৰ। এই সাম্প্ৰদায়িক সংঘৰ্ষই ভাৰতীয় ৰাজনীতিত এটা নতুন ব্যৱস্থাৰেই জন্ম দিছিল বুলি ক'ব পাৰি। কেৱল উত্তৰ প্ৰদেশতে যাত্ৰাকালীন সংঘৰ্ষৰ ফলশ্ৰুতিত ২২৪ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল। ৰথ যাত্ৰাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল ভাৰতীয় সংসদীয় ৰাজনীতিত, যাৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টি (বি.জে.পি)ৰ ভোট শ্বেয়াৰ সাংঘাতিকৰূপে বাঢ়ি গৈছিল আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহ বিজেপিৰ দখললৈ গুচি গৈছিল।  ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে পৰা ভোটৰ হাৰ আছিল ৭.৪%, ১৯৮৯ চনত ১১.৩৬% আৰু ৰথ যাত্ৰাৰ পাছত অৰ্থাত ১৯৯১ চনৰ সাধাৰন নিৰ্বাচনত এই সংখ্য়াটো ২০.৪%লৈ সলনি হৈ পৰিছিল। অৰ্থাত আমি তাত্বিক ভাষাত স্বাধীনোত্তৰকালীন ভাৰতীয় গণতন্ত্ৰত ৰথ যাত্ৰাৰ যোগেদি সাম্প্ৰদায়িক ৰাজনীতিৰ আনুষ্ঠানিকীকৰণ কৰা হৈছিল বুলি ক'ব পাৰোঁ। ভাৰতীয় ৰাজনীতিলৈ ৰথ যাত্ৰাৰ আৰু এটা সাংঘাতিক অৱদান আছে আৰু সেয়া হৈছে বাবৰি মজছিদৰ ধ্বংস। এই ধ্বংসকাৰ্য আৰু তাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত প্ৰায় ২০০০ জন লোকে প্ৰাণ হেৰুৱাইছিল। লেখক সত্যপাল ডাঙে তেওঁৰ State Religion and Politics শীৰ্ষক গ্ৰন্থখনত বাবৰি মজছিদৰ ধ্বংস কাৰ্যৰ সম্পৰ্কে এটা বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল। উক্ত প্ৰতিবেদনটোত এষাৰ কথা স্পষ্ট আছিল যে বাবৰি মজছিদৰ ধ্বংসৰ আগলৈকে অযোধ্যাত হিন্দু-মুছলিমৰ মাজত এক লেখত ল'বলগীয়া সাম্প্ৰদায়িক বিচ্ছিন্নতাৰ চেতনা নাছিল। গতিকে নিশ্চিতভাৱেই এষাৰ কথা স্পষ্ট হৈ পৰিছে যে ভাৰতীয় ৰাজনীতিত ৰথ যাত্ৰা আৰু বাবৰি মজছিদ ধ্বংস এই দুয়োটা ঘটনাৰ এটা সাংঘাতিক প্ৰভাৱ আছে। এই প্ৰভাৱেই পৰৱৰ্তী সময়ত ধৰ্মকেন্দ্ৰিক ৰাষ্ট্ৰ গঠনৰ প্ৰৱনতাক দীৰ্ঘ বিৰতিৰ অন্তত এক গতি দিবলৈ সক্ষম হৈছিল। ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ আগজাননী দি আদৱানিৱে কলিকতাত মুকলিকৈ হিন্দু ৰাষ্ট্ৰৰ কথা কৈছিল।১০

       একবিংশ শতিকালৈ ভাৰতবৰ্ষই প্ৰৱেশ কৰিছিল গোধৰা হত্যাকাণ্ড আৰু উত্তৰ-গোধৰা গুজৰাটৰ লোমহৰ্ষক ঘটনাবোৰৰ মাজেৰে। বাবৰি মজছিদৰ ভগ্ন স্থানৰ পৰা ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰি ঘূৰি অহা হিন্দু কৰসেৱকেৰে ভৰ্তি এখন ট্ৰেইন গোধৰা ৰেইল ষ্টেশ্যনত জ্বলাই দিয়া হৈছিল, যাৰ বাবে ২৫ গৰাকী মহিলা, ২৫ গৰাকী শিশু আৰু ৯ জন পুৰুষ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰিছিল।১১ গোধৰা হত্যাকাণ্ডৰ তাত্ক্ষণিক প্ৰতিক্ৰিয়া হিচাপে বিশ্ব হিন্দু পৰিষদে ২৮ তাৰিখে অৰ্থাত হত্যাকাণ্ডৰ পিছদিনাই গুজৰাট বন্ধ অহ্বান জনায় আৰু ইয়াৰ যোগেদিয়েই সমগ্ৰ গুজৰাটে ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে। উক্ত দিনটোৰ পৰা আৰম্ভ হোৱা সাম্প্ৰদায়িক ঘটনাৰাজীত ২৩০টা মজছিদ, ২৭৪টা দৰগাহ জ্বলাই দিয়া হৈছিল, ১৫০,০০০ জন মুছলিম ব্যক্তি গৃহহীন হৈ পৰিছিল। সমগ্ৰ ধ্বংসলীলা ৰোধ কৰিবলৈ চেষ্টা কৰি প্ৰায় ২০০ জন আৰক্ষীয়েও প্ৰাণ ত্যাগ কৰিছিল। সেইদৰে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত যে কেৱল মুছলিমসকলহে ক্ষতিগ্ৰস্ত হৈছিল এনে নহয়, আনুপাতিকভাৱে কম হ'লেও আহমেদাবাদত মুছলিমসকলে হিন্দুসকলৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিত চৰকাৰী তথ্য অনুসৰি ২৫৪ জন হিন্দু ব্যক্তিয়ে সংঘৰ্ষজনিত কাৰণত প্ৰাণ ত্যাগ কৰিছিল।১২

       গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষই ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতিৰ ক্ষণভংগুৰতাকে সোঁৱৰাই দিয়ে। ব্ৰিটিচ চৰকাৰে Divide and Rule নীতিৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰি যোৱা সাম্প্ৰদায়িক ৰাজনীতিয়ে কেনেধৰণৰ ৰূপ পৰিগ্ৰহণ কৰিব পাৰে তাৰেই প্ৰমাণ গুজৰাটৰ হত্যাকাণ্ড। ভাৰতবৰ্ষৰ সংবিধানে বহন কৰা ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু ধৰ্মীয় স্বতন্ত্ৰতাৰ মূল্যবোধক পোনপতীয়াকৈ আংগুষ্ঠ কৰি গুজৰাটৰ সাম্প্ৰদায়িক হত্যালীলাই আমাক ভৱিষ্যতৰ ভাৰতীয় গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰতি এটা স্পষ্ট সন্দেহৰ জন্ম দিছে। এই সন্দেহ কোনোপধ্যেই অমূলক নহয়। এই দশকটোতেই হৈ যোৱা গৌৰী লংকেশৰ পৰা আৰম্ভ কৰি বিভিন্ন লোমহৰ্ষক সাম্প্ৰদায়িক হত্যাকাণ্ডই আমাক ভাৰতীয় গণতান্ত্ৰিক ৰাজনৈতিক সংস্কৃতিৰ সামৰণিৰ প্ৰতি এটা ইংগিত প্ৰদান কৰিছে। বিশিষ্ট চিন্তাবিদ Samuel P. Huntingtonয়ে তেওঁৰ The Clash of Civilizations শীৰ্ষক তত্বটোত উল্লেখ কৰা ধৰ্মকেন্দ্ৰিক সাংস্কৃতিক ৰাজনৈতিক গাঁথনিৰ বিকাশক অধ্যয়ন কৰিবলৈ আমি এই সাম্প্ৰদায়িক সংঘৰ্ষবোৰ আৰু ইবোৰৰ পৰৱৰ্তী সময়ৰ ৰাজনৈতিক বিকাশসমূহক (Political Developments) লক্ষ্য কৰিব পাৰোঁ।  ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাজনৈতিক সংস্কৃতিয়ে বহন কৰা অতি উচ্চ মূল্যবোধসমূহৰ বিমূৰ্তকৰণে ইবোৰক জনপ্ৰিয় সংস্কৃতিৰ পৰা নিলগাই পেলাইছে আৰু সেইবাবেই বোধহয় গান্ধীৰ দেশখ্যাত ভাৰতবৰ্ষ স্বাধীনতাৰ পাছৰে পৰা ইটোৰ পাছত সিটোকৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সাক্ষী হৈ আহিছে। আমি ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যত সম্পৰ্কে খুব বেছি আশাবাদীও নহয়। মূল্যবোধগত ৰোমান্টিক কথাবোৰক আঁতৰাই ৰাখি এষাৰ কথা জলজল-পটপটকৈ স্পষ্ট হৈ পৰিছে যে ভাৰতীয় বহুসাংস্কৃতিক আৰ্হি (Indian Multiculturalist model)টোত ইতিমধ্যেই এটা কেৰোণ লাগিছে, যিটো কেৰোণক আমি এই সাম্প্ৰদায়িক সংঘৰ্ষসমূহৰ মাজত দেখা পাইছোঁ।

 

পাদটীকাঃ

১. Chandra, Bipan: India's struggle for Independence, Chapter: The rise and growth of communalism, Pages: 398-399

২. Chandra, Bipan: India's struggle for Independence, Chapter: The First Major Challenge: The Revolt of 1857, Page: 31

৩. Bhambhri, C.P (1990), State and Communalism in India, Social Scientist, 18(8/9), Page: 22, https://www.jstor.org/stable/3517339

৪. Chandra, Bipan: India's struggle for Independence, Chapter: The rise and growth of communalism, Pages: 404

৫. Khan, Yasmin: The Great Partition the making of India and Pakistan, Page: 6

৬. Guha, Ramchandra: India After Gandhi, Page: 83

৭. ঐ

৮. www.eci.gov.in/

৯. Deng, Satyapal: State Religion and Politics, Chapter: Ayodhya visit- an experiment, Pages: 9-14

১০. ঐ, পৃঃ ২০-২১

১১. Times of India/March, 2011

১২. Jafferelot, Christopher (2003), Communal Riots in Gujarat: The State at Risk?, University of Heidelberg, http://archiv.ub.uni-heidelberg.de/volltextserver/4127/1/hpsacp17.pdf

 

প্ৰসংগ পুথিঃ

Chandra, Bipan: India’s Struggle for Independence, Penguin Random House India, Year of Publication: 2016 (Revised and Updated Ed.), ISBN: 9780140107814

Dang, Satyapal: State Religion and Politics, Gyan Publishing House, New Delhi, Year of Publication: 2004, ISBN: 81-212-0850-5

Guha, Ramchandra: India After Gandhi, Pan Macmillan India, Year of Publication: 2017 (10th anniversary edition), ISBN: 9789382616979

Huntington, Samuel P: The Clash of Civilization, Penguin Books, England, Year of publication: 2006 (Rejackated Ed.), ISBN: 9780140267310

Jaffrelot, Christophe: communal Riots in Gujarat: the state at risk?, University of Heidelberg, http://www.sai.uni-heidelberg.de/abt/SAPOL/HPSACP.htm

Khan, Yesmin: The Great Partition the making of India and Pakistan, Yale University Press, Year of Publication: 2017, ISBN: 978-0-300-14333-1

  

Post a Comment

2 Comments