লাইন ব্যৱস্থা আৰু অসমীয়া মধ্য শ্ৰেণীৰ অস্তিত্বৰ সংকটৰ যুঁজ
আমাৰ
আলোচনাটোৰ পূৰ্বৱতী খণ্ডটোতেই উল্লেখ কৰিছিলো যে উনবিংশ শতিকাৰ শেষৰ পৰ্যায়ৰ পৰা
ক্ৰমে বিংশ শতিকাৰ মাজভাগলৈকে, অৰ্থাৎ স্বাধীনতাৰ সময়চোৱালৈকে অসমীয়া মধ্যবিত্ত
শ্ৰেণীটোৱে প্ৰবজনৰ বাবে এক তীব্ৰ অস্তিত্বৰ সংকটত ভূগিছিল। বহুক্ষেত্ৰত এই সংকট
হতাশালৈ ৰূপান্তৰ হৈ পৰিছিল। তাতে জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব অসমৰ প্ৰবজনৰ
সমস্যাটোক লৈ উদাসীন আছিল (বহুক্ষেত্ৰত প্ৰবজনৰ সমৰ্থক) আৰু এই উদাসীনতাই গোপীনাথ
বৰদলৈৰ দৰে অসম কংগ্ৰেছৰ নেতাসকলক বিক্ষুব্ধ কৰি তুলিছিল। এই ক্ষোভ আৰু হতাশাৰ আমি
উমান পাওঁ ১৯৩৭ চনত নেহেৰুৰ অসম ভ্ৰমণৰ সময়চোৱাত “কংগ্ৰেছ সংৰক্ষিণী
গোটে” (বা অসম সংৰক্ষিণী গোট) নেহেৰুক প্ৰদান কৰা
স্মাৰকপত্ৰখনত। মন কৰিবলগীয়া যে এই স্মৰাকপত্ৰখনতেই বংগৰ পৰা হোৱা প্ৰবজন যে অসমৰ
থলুৱা জনগাঁথনিটোৰ প্ৰতি এক মাৰাত্মক ভাবুকী তাক উল্লেখ কৰি প্ৰায় সকীয়নীৰ সুৰত
লিখিছিলঃ “...যিকোনো প্ৰকাৰে আমি স্বৰাজ বিচাৰোঁ। কিন্তু
আমাৰ জাতিৰ বিলুপ্তিৰ বিনিময়ত আমি ইয়াক বিচৰা নাই।” (উৎসঃ
সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি নথি, নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল, File
No: P4(1)/22, 1937, J. Nehru Assam Tour)
এই ক্ষোভ আৰু অস্তিত্বৰ সংকটে স্বাভাৱিকতে
অসমীয়া মধ্যবিত্ত শ্ৰেণীটোক (যি প্ৰথম অৱস্থাত প্ৰবজনৰ সমৰ্থক আছিল!) যথেষ্ট
আহুকালত পেলাইছিল। ইতিমধ্যে অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ বাবে আৰু ট্ৰাইবেল লীগৰ
কৌশলগত সঁহাৰিৰ বাবেই মুছলীম লীগে অসম প্ৰদেশত অধিকাংশ সময় চৰকাৰ গঠন কৰিবলৈ সক্ষম
হৈছিল আৰু তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি অসমলৈ হৈ থকা
প্ৰবজনক পাকে-প্ৰকাৰে উৎসাহিত কৰাৰ লগতে প্ৰবজিত মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ হকে
কাম কৰিছিল। চৰকাৰত চৈয়দ চাদুল্লা আৰু আনহাতে প্ৰবজিত মুছলমানসকলৰ ত্ৰাণকৰ্তা হৈ
মৌলানা আব্দুল ভাছানীয়ে অসমীয়া মধ্যশ্ৰেণীটোক প্ৰায় আংগুষ্ঠ কৰি অসমৰ থলুৱা
খিলঞ্জীয়া জাতি-জনগোষ্ঠীসকলৰ পৰা ভূমিৰ অধিকাৰ ক্ৰমাৎ কাঢ়ি আনিছিল। আনহাতে
ব্ৰিটিছ চৰকাৰৰ স্থিতিও জৱাহৰলাল নেহৰুৰ দৰেই আছিল— যি অৰ্থনৈতিক মুনাফা লাভৰ আশাত
এই অবাধ জনপ্ৰবজনক পাকে-প্ৰকাৰে সমৰ্থন কৰি গৈছিল। ফলস্বৰূপে অসমৰ জনগাঁথনিত
কেইটামান দশকৰ ভিতৰতেই এক ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি হয়। তলৰ তালিকাত আমি অসমত
মুছলমান জনসংখ্যা কিদৰে বাঢ়িছিল তাৰ এটা উমান দিবলৈ বিচাৰিছোঃ
বছৰ
|
মুছলমান
জনসংখাৰ
শতকৰা
পৰিমাণ (মুঠ
জনসংখ্যাৰ)
|
১৯২১
|
৯%
|
১৯৩১
|
১৯%
|
১৯৪১
|
২৩%
|
এনেকুৱা সময়তেই অসমীয়া মধ্যশ্ৰেণীলৈ অলপ
সকাহ সৃষ্টি কৰিছিল নগাওঁ জিলা প্ৰশাসনে লাইন ব্যৱস্থাৰ যোগেদি। ১৯১৬ চনত নগাওঁ
জিলাৰ ডেপুটি কমিছনাৰে প্ৰৱৰ্তন কৰা এই ব্যৱস্থাটোৰ যোগেদি অনুপ্ৰৱেশকাৰীসকলক এটা
সীমাৰ ভিতৰত আৱদ্ধ কৰিৰ চেষ্টা কৰিছিল। ১৯১৭ চনৰ পৰা প্ৰয়োগ হোৱা এই ব্যৱস্থাটো
দৰাচলতে অনুপ্ৰৱেশকাৰীসকলৰ হাতৰ পৰা থলুৱা জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ সুৰক্ষিত
কৰিবলৈ প্ৰণয়ন কৰা এটা শেষ প্ৰচেষ্টাৰ বাদে একো নাছিল। মূলতঃ লাইন ব্যৱস্থাৰ
যোগেদি থলুৱা জাতি-জনগোষ্ঠী, যেনে কছাৰী, লালুং, মিকিৰ, থলুৱা মুছলমান আদিৰ
ভূমিসমূহ প্ৰবজনকাৰীসকলৰ পৰা সুৰক্ষিত কৰিবলৈ ব্যৱস্থা কৰা হৈছিল আৰু তাৰ বাবে
এডাল ৰেখা বা Line নিৰ্দ্ধাৰণ কৰা হৈছিল। ইয়াৰ যোগেদি বেংগলৰ
প্ৰবজনকাৰীসকলক আৰু অধিক চৰকাৰী ভূমি দখলৰ পৰা বাৰণ কৰিবলৈ চেষ্টা কৰা হৈছিল।
স্বাভাৱিকতেই মুছলীম লীগে লাইন ব্যৱস্থা ৰদ কৰিবলৈ যৎপৰোনাস্তি
চেষ্টা কৰিছিল। এইসম্পৰ্কে কংগ্ৰেছ সংৰক্ষিণী গোটৰ চিঠিখনত উল্লেখ আছে যেঃ “...এতিয়া
অসম বিধানসভাই এই সকলো বাধা নিষেধ আঁতৰ কৰাৰ এক ভয়াবহ পদক্ষেপ গ্ৰহণৰ দিশে অগ্ৰসৰ
হৈছে।.... আৰু All India Muslim Leagueৰ পৃষ্ঠপোষকতাত লাইন
প্ৰথাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে।” (উৎসঃ সৰ্বভাৰতীয়
কংগ্ৰেছ কমিটি নথি, নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল, File No:
P4(1)/22, 1937, J. Nehru Assam Tour) যি কি নহওঁক, ১৯২৮ চনত চাদুল্লা
চৰকাৰে এ.ডব্লিউ ব’থামৰ সভাপতিত্বত এখন সৰ্বদলীয় সভা
অনুষ্ঠিত কৰে। এই সভাই ‘Colonization Scheme’ শীৰ্ষক এক
আঁচনিৰ প্ৰস্তাৱ আগবঢ়াই, যাৰ অধীনত প্ৰবজনকাৰীসকলক ভূমু পট্টা দিয়াৰ ব্যৱস্থা
কৰে। এই আঁচনিৰ অধীনত কেৱল নগাওঁ জিলাতেই ১৯৩৩ চনত ৪৭,৬৩৬ একৰ মাটিৰ পট্টা
প্ৰবজনকাৰীসকলক আগবঢ়ায়। এই প্ৰবজনকাৰীসকলৰ ভিতৰত ১,৬১৯ জন মুছলিম প্ৰবজনকাৰী হোৱাৰ
বিপৰীতে ৪৪১ জন হিন্দু প্ৰবজনকাৰী আছিল।
লাইন ব্যৱস্থাৰ ওপৰত হৈ থকা বিতৰ্কসমূহ
সমাধান কৰিবলৈ ১৯৩৭ চনত চাদুল্লা চৰকাৰে ৰোহিনী কুমাৰ চৌধুৰী (চাদুল্লা চৰকাৰৰ কৰ
বিভাগৰ মন্ত্ৰী)ৰ প্ৰস্তাৱমৰ্মে এফ.ডব্লিউ. হকেনহাল চাহাবৰ নেতৃত্বত এখন কমিটি গঠন
কৰি দিয়ে। এই কমিটিখনে মূলতঃ লাইন ব্যৱস্থাৰ বাস্তৱিকতাৰ ওপৰত ১৯৩৮ চনত তেওঁলোকৰ
প্ৰতিবেদন দাখিল কৰে। হাকেনহাল চাহাবৰ কমিটিৰ প্ৰতিবেদনত স্পষ্ট আছিল যে অসমীয়া
হিন্দু আৰু জনজাতীয় সমাজে লাইন প্ৰথাক কোনো সংশোধনী নোহোৱাকৈ প্ৰচলন ৰখাটো
বিচাৰিছিল আৰু তাৰ বিপৰীতে মুছলীম লীগৰ নেতৃত্বৰ মুছলীম সমাজে লাইন প্ৰথা বাতিল
হোৱাটো বিচাৰিছিল। যি কি নহওঁক, এই কমিটিখনে লগতে এয়াও পৰামৰ্শ আগবঢ়াইছিল যেঃ
ক)
প্ৰবজনৰ ওপৰত সকলো বাধা-নিষেধ আঁতৰাই দিয়াটো উচিত নহয়।
খ) ভূমি
পট্টা বিতৰণৰ নীতিত অধিক কৃত্ৰিম বাধা বা Artificial Ban আৰোপ কৰাটো
উচিত নহয়।
গ)
থলুৱা কৃষকৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ভূমি সংৰক্ষণ কৰিব লাগে।
ঘ)
কলনাইজেশ্যন আঁচনিৰ পৰিসৰ বৃদ্ধি কৰিব লাগে। আৰু
ঙ)
বলপূৰ্বক দখলী পদ্ধতি বে-আইনী ঘোষণা কৰিব লাগে। (উৎসঃ Sattakwar
Bodhi: The immigration issue, line system and legislative politics in Colonial
Assam, IOSR-JHSS, Vol-11, Issue-4, Pages: 01-03)
১৯৪০ চনত চাদুল্লা চৰকাৰে
আন এটা মাৰাত্মক সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেয়া হৈছে যে তেওঁ এখন ভূমি নীতিৰ
উন্নয়নৰ আঁচনি গ্ৰহণ কৰে আৰু সেই নীতি অনুসৰি ১/১/১৯৩৮ তাৰিখটোক প্ৰবজনৰ ভিত্তিবৰ্ষ হিচাপে প্ৰস্তাৱ আগবঢ়ায়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে
ইয়াৰ দুবছৰৰ পাছতেই তেওঁ পুনৰ ভূমি নীতি শিথিল কৰি দিয়ে আৰু Grazing বা পশুচাৰণৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিত প্ৰবজনৰ অনুমতি প্ৰদান
কৰে। এই সিদ্ধান্তটোৰ বিৰুদ্ধে অসম জুৰি
প্ৰতিবাদ হ’ল আৰু ১৯৪৪ চনৰ ২৫ মাৰ্চ তাৰিখে অসম জাতীয়
মহাসভাই “অসম ভূমি নীতি প্ৰতিবাদ দিৱস”
পালন কৰে। যি কি নহওঁক, চাৰিওফালে হোৱা প্ৰতিবাদৰ ফলাফল হিচাপে ১৯৪৫ চনত চাদুল্লা
চৰকাৰে বনাঞ্চলৰ ভূমি সংৰক্ষণ কৰি Westland বা পতিত ভূমিত ন
প্ৰবজিতসকলক সংস্থাপন দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু এই প্ৰস্তাৱক মুছলীম লীগ আৰু
কংগ্ৰেছ এটা দলেও সমৰ্থন নকৰিলে আৰু ফলস্বৰূপে এই নতুন নীতিটো প্ৰণয়ন কৰিব পৰা নগ’ল।
তিনিটা দশকৰ ভিতৰত অসমত বৃদ্ধি মুছলিম জনসংখ্যা |
এইদৰে দেখা যায় যে লাইন
ব্যৱস্থাই অসমৰ জনগাঁথনিক সম্পূৰ্ণ বেংগলকেন্দ্ৰিক হোৱাৰ পৰা ৰক্ষা কৰে। লাইন
ব্যৱস্থাৰ বিৰুদ্ধে মৌলানা আব্দুল ভাচানীকে ধৰি মুছলীম লীগে যথেষ্ট আন্দোলন
কৰিছিল। মৌলানা ভাচানীয়ে মূলতঃ আন্দোলনসমূহক অতি সাম্প্ৰদায়িক আৰু হিংসাত্মক কৰি
তুলিবলৈ চেষ্টা কৰিছিল। সেইদৰে গোপীনাথ বৰদলৈৰ ভুমিকা আছিল অতি স্পষ্ট—
প্ৰবজনকাৰীৰ বিৰুদ্ধে। সেইবাবেই বৰদলৈৰ চৰকাৰ যেতিয়াই আহিছিল, তেতিয়াই ব্যাপক ৰূপত
উচ্ছেদ কাৰ্যসূচী চলিছিল। এই ধৰণৰ উচ্ছেদৰ বিৰোধিতা কৰি অল ইণ্ডিয়া মুছলীম লীগে
বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।
একাংশ অসমীয়া মধ্য শ্ৰেণীয়ে অস্তিত্ব
ৰক্ষাৰ শেষ ভৰসা হিচাপে গোপানীথ বৰদলৈৰ নেতৃত্বৰ অসম প্ৰদেশ কংগ্ৰেছক গণ্য কৰিছিল।
সেইদৰে গোপানীথ বৰদলৈয়েও সংসদৰ ভিতৰে-বাহিৰে প্ৰবজনৰ বিৰোধিতা কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে
কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব অৰ্থাৎ জৱাহৰলাল নেহৰু প্ৰবজনক লৈ উদাসীন আছিল। এই
উদাসীনতা বহুক্ষেত্ৰত প্ৰবজনৰ সমৰ্থনো হৈ পৰিছিল। বিষ্ণুৰাম মেধিলৈ ১৯৩৮ চনত
নেহেৰুৱে লিখা এখন পত্ৰত তেওঁৰ এই স্থিতি স্পষ্ট হৈ পৰিছিলঃ “Indeed even
from the point of view of developing Assam and making it a wealthier province,
immigration is desirable. The real problem is how to control and organize this
immigration” (উৎসঃ Guha, Amalendu: Planter Raj to Swaraj,
Page: 258)। অৰ্থাৎ নেহেৰুৱে প্ৰবজিত খেতিয়কৰ যোগেদি অসমৰ ৰাজহ
বৃদ্ধিৰ প্ৰপাগাণ্ডাটোক সমৰ্থন জনাইছিল। আনহাতে মুছলীম লীগে তাতকৈও ওপৰলৈ গৈ বংগ
প্ৰদেশৰ পৰা হোৱা প্ৰবজনক প্ৰাকৃতিক প্ৰবজন বা Natural migration বুলি অভিহিত কৰিছিল।...... (আগলৈ)
প্ৰসংগ
সূত্ৰঃ
১) গগৈ,
অখিলঃ অসমীয়া জাতীয়তাবাদ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম
২) Borthakur,
Akunthita; Thaosen, Ritu: Rethinking the line system in Assam and its politics
৩) Swattakar,
Bodhi: The immigration issue, line system & legislative politics in Colonial
Assam (1927-1939): A historical study
2 Comments
Very good research. Well done
ReplyDeleteThank you sir.
Delete