(প্ৰস্তাৱনা খণ্ড)
নৃতত্ববিদসকলৰ মতে মানৱ সভ্যতাৰ
ইতিহাস জনপ্ৰৱজনৰ ইতিহাস। নৃতাত্বিকভাৱে কথাষাৰক অস্বীকাৰ কৰিব নোৱাৰি যদিও
ৰাজনৈতিকভাৱে এইষাৰ কথা যথেষ্ট বিতৰ্কিত। ৰাজনৈতিকভাৱে প্ৰতিজন ব্যক্তিয়েই সংগোপনে
কঢ়িয়াই ফুৰে তেওঁৰ জাতিগত পৰিচয়ক, যাক আমি ইংৰাজীত Identity
Consciousness বুলি কওঁ। এই জাতিগত পৰিচয়েই প্ৰবজনৰ ৰাজনীতিক এক
জটিল ৰাজনৈতিক প্ৰশ্নলৈ ৰূপান্তৰ কৰি তুলিছে। ঐতিহাসিক দৃষ্টিকোণেৰে আমি লক্ষ্য
কৰিব পাৰো যে এই পৰিচয়ৰ প্ৰশ্ন আৰু সংকটৰ বাবেই মানৱ সভ্যতাৰ ইতিহাসৰ বিভিন্ন
স্তৰত যুদ্ধ আৰু কূটনীতিসমূহ হৈ আহিছে। চমুকৈ ক’বলৈ গ’লে প্ৰতিটো জাতিয়েই নিজৰ জাতিটোক অন্য জাতিৰ আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰি
ৰাখিব খোজে।
চাৰিটা দশকৰ ভিতৰত দ্বিগুণ হোৱা অসমৰ জনসংখ্যা |
প্ৰাক-স্বাধীন কালৰ প্ৰৱজনঃ চৈয়দ চাদুল্লাৰ Grow more Food Campaign
প্ৰৱজনৰ প্ৰশ্নটোত অসমীয়া জাতীয়
জীৱনৰ আটাইতকৈ বিতৰ্কিত ব্যক্তিজনেই হৈছে ছাৰ ছৈয়দ চাদুল্লা। ভাৰত চৰকাৰ আইন,
১৯১৯য়ে অসমক এখন Governor’s province হিচাপে ঘোষণা কৰিছিল।
এখন গৱৰ্ণৰ শাসিত প্ৰভিন্স (ৰাজ্য) হিচাপে প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ হিচাপে চৈয়দ
ছাদুল্লাহ নেতৃত্বত অসমত মুছলীম লীগৰ চৰকাৰ গঠিত হৈছিল। এই লীগৰ চৰকাৰে গ্ৰহণ কৰা “Grow
more food” আঁচনিয়ে অসমৰ জনগাঁথনিলৈ এক ভয়াবহ পৰিৱৰ্তনৰ সূচনা
কৰিছিল। আমি এই পৰিৱৰ্তনটোৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে প্ৰাক-স্বাধীন কালত অসমলৈ হোৱা
বহিৰাগতৰ প্ৰৱজনৰ ধাৰাটোক দুটা ভাগত বিভক্ত কৰি ল’ব লাগিব।
ইয়াৰে
প্ৰথমটো ধাৰাই অসমত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ সময়ৰ পৰা ১৯৪২ চনলৈকে সামৰি লৈছে। এই
সময়চোৱাত ঘাইকৈ দুই প্ৰকাৰৰ প্ৰৱজন হৈছিল— বৃত্তিমূলক প্ৰৱজন আৰু মৈমনসিং আৰু ৰংপুৰ
অঞ্চলৰ পৰা চিলহেট আৰু গোৱালপাৰালৈ হোৱা মুছলিম কৃষকৰ প্ৰৱজন। বৃত্তিমূলক
প্ৰৱজনটোৰো আকৌ তিনিটা ভাগঃ ঘাইকৈ কলিকতাৰ পৰা আমদানিকৃত হিন্দু বঙালী বৃত্তিমূলক মধ্যশ্ৰেণী,
বিভিন্ন ব্যৱসায়ী শ্ৰেণী (মাৰোৱাৰী, বিহাৰী আদি ব্যৱসায়ীসকল) আৰু চাহশ্ৰমিকসকল। এই
তিনিটা ভাগৰ বেছিসংখ্যকৰেই লক্ষ্যস্থান (Target Place) আছিল
ব্ৰহ্মপুত্ৰ উপত্যকা। ইতিমধ্যে ব্ৰহ্মপুত্ৰ উপত্যকাত আৰম্ভ হোৱা চাহ উদ্যোগৰ সৈতে
সংগতি ৰাখি আৰম্ভ হোৱা আধুনিকীকৰণ প্ৰক্ৰিয়াত এই বৃত্তিমূলক প্ৰৱজিত শ্ৰেণীটোৱে এক
বিশেষ ভুমিকা পালন কৰিছিল।
কিন্তু
এইধৰণৰ চৰাকাৰী প্ৰৱজনৰ সমান্তৰালকৈ সেই সময়ৰ পূব-পাকিস্তান প্ৰদেশৰ মৈমনসিং আৰু
ৰংপুৰ জিলাৰ পৰা ঘাইকৈ অসমৰ চিলহাট (এতিয়াৰ চিলেট- বাংলাদেশৰ অন্তৰ্গত) আৰু
গোৱালপাৰলৈ কৃষিভুমি সন্ধানী এদ’ল উপান্ত কৃষকৰ প্ৰৱজন আৰম্ভ হৈছিল।
এইজাতীয় প্ৰৱজনৰ মূল কাৰণ আছিল সেই সময়ৰ অসমত যথেষ্ট খেতিমাটি আছিল আৰু চৰকাৰী
ভুমি নীতি অনুসৰি Ryotwari Settlement (ৰায়টাৰী চেটেলমেন্ট)ৰ
পদ্ধতিটো সহজ আছিল। আমি এই প্ৰৱজনৰ সাক্ষ্য হিচাপে গোৱালপাৰা জিলাৰ জনসংখ্যাৰ
দশকীয় বৃদ্ধিৰ এখন তালিকা ডাঙি ধৰিব খুজিছোঁ।
দশক
|
জনসংখ্যাৰ
দশকীয়
বৃদ্ধি (decadal growth of Population)
|
১৮৮১-১৮৯১
|
১.৪%
|
১৮৯১-১৯০০
|
২%
|
১৯০১-১৯১১
|
৩০%
|
ওপৰৰ
তালিকাখনৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে জনসংখ্যা বৃদ্ধিৰ দিশেৰে বিংশ শতিকাৰ
আৰম্ভনিৰ সময়ৰ পৰাই এইটো ধাৰাৰ প্ৰৱজনে এক খৰতকীয়া গতি লাভ কৰিছিল। ক্ৰমান্বয়ে এই
প্ৰৱজিত কৃষকসকলে গোৱালপাৰা পাৰ হৈ নগাওঁ জিলা আৰু কামৰূপ অঞ্চলৰ কৃষিভুমিসমূহলৈও
গতি কৰিছিল। এক তথ্যসূত্ৰ মতে নগাওঁ অঞ্চলৰ মুঠ জনসংখ্যাৰ ১৪%ই
আছিল পূব-পাকিস্তানৰ পৰা প্ৰৱজিত কৃষকেৰে গঠিত। এই বৰ্দ্ধিত প্ৰৱজনক উৎসাহ জনাবলৈ চাদুল্লা চৰকাৰে গ্ৰহণ কৰিছিল Grow more Food
Campaignৰ। এই কেম্পেইনৰ ফলশ্ৰুতিতে মাত্ৰ চাৰিটা দশকৰ ভিতৰত অসমৰ
জনসংখ্যাই দ্বিগুণ অতিক্ৰম কৰিছিল। তলৰ তালিকাখন আৰু ওপৰত তুলি ধৰা ৰেখাচিত্ৰলৈ মন কৰকঃ
দশক
|
জনসংখ্যা
(লাখৰ হিচাপত)
|
১৯০১
|
৩২.৯ লাখ
|
১৯১১
|
৩৮.৪৯ লাখ
|
১৯২১
|
৪৬.৩৭ লাখ
|
১৯৩১
|
৪৪.৬১ লাখ
|
১৯৪১
|
৬৬.৯৪ লাখ
(দ্বিগুণ)
|
আনহাতে
প্ৰাক-স্বাধীন কালত অসমলৈ হোৱা জনপ্ৰৱজনৰ দ্বিতীয়টো ধাৰা আৰম্ভ হৈছিল
১৯৪২ চনৰ পৰা। এই ধাৰাটোৰ আঁৰত মূল কাৰণ হিচাপে ক্ৰিয়া কৰিছিল সেইসময়ত বংগদেশত হোৱা
দুৰ্ভিক্ষই
(The Bengal
Famine)। এই দুৰ্ভিক্ষৰ বাবেই ১৯৪১-১৯৫১ৰ দশকটোত অসমত প্ৰায় ১৩.৩৫
লাখ জনসংখ্যাৰ বৃদ্ধি হৈছিল, যদিও এই সময়চোৱাৰ শেষৰফালে হোৱা ভুমিকম্পত বহু
ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল।...... (আগলৈ)তথ্য উৎসঃ ১) Migration in Assam: Nature, trend and Magnitude, https://shodhganga.inflibnet.ac.in/bitstream/10603/69503/8/08_chapter%203.pdf
২) Bezboruah, D.N: Demographic Threats in Assam, https://www.asthabharati.org/Dia_Jan%2005/d.n.htm
৩) গগৈ, অখিলঃ অসমীয়া জাতীয়তাবাদ স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম
৪) Rao, K. Sreedhar: Whither Governance, reflection of an Assam civilian
2 Comments
গুৰুত্বপূৰ্ণ লেখা, নিকু।
ReplyDeleteধন্যবাদ। ধাৰাবাহিকভাৱে লিখি যাম কথাবোৰ
Delete