আলাবৈ যুদ্ধৰ ৩৫৩ বছৰঃ পূৰ্বপুৰুষলৈ নমন
আলাবৈৰ যুদ্ধ হোৱাৰ আগেয়ে ৰামসিংহই স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু লাচিত বৰফুকনৰ মাজৰ বিশ্বস ভাঙিবলৈ অনেক বুদ্ধি পাঙিলে। এবাৰ ৰামসিংহই কাড়ৰ এমূৰত চিঠি লিখি বৰফুকনৰ শিবিৰলৈ মাৰি পঠিয়াই। চিঠিত ৰামসিংহই লিখিলে, “বৰফুকন, কালি তুমি আমাৰপৰা এক লাখ টকা লৈ আমাৰ বিপক্ষে যুদ্ধ নকৰো বুলি চুক্তি-পত্ৰত চহী কৰিলা। কিন্তু দেখা হৈছে, তুমি এতিয়াও যুদ্ধ ত্যাগ কৰা নাই। ইয়াৰ কাৰণ মই জানিব পাৰোঁ নে?” এই পত্ৰ মিৰি সন্দিকৈয়ে স্বৰ্গদেউলৈ পঠিয়াই। ৰাজধানীত থকা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মনত বৰফুকনৰ প্ৰতি স্বাভাৱিকতেই সন্দেহৰ সৃষ্টি হয়, কিন্তু অভিজ্ঞ ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাই দেউতাই বিষয়টোত হস্তক্ষেপ কৰি ৰজাদেউক বুজাই যে লাচিত বৰফুকন এনে লোক নহয়।
মোগলক অসমৰ পৰা খেদিবলৈ ৰৈ ৰৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সিফালে অধৈৰ্য হ’ল। তেওঁ বৰফুকনকে প্ৰমূখ্যে সকলো সেনাপতিলৈ কঠোৰ নিৰ্দেশ দিলে বোলে আহোমে মোগলক আক্ৰমণ কৰিব লাগে, অন্যথা সেনাপতিসকলে কঠোৰ শাস্তিৰ বাবে সাজু হ’ব লাগে। ইফালে মোগলে দলিবাৰীৰ ওচৰৰ আলাবই পৰ্ব্বতৰ কাষত শিবিৰ কৰে। সৈন্য পৰিচালনাত অত্যন্ত অভিজ্ঞ লাচিত বৰফুকনে বুজিছিল যে আহোমৰ শক্তি নৌ-যুদ্ধতহে। ইয়াৰ কাৰণ হৈছে অশ্বৰোহী বাহিনীলৈ আহোম সেনাই অত্যন্ত ভয় কৰিছিল। (এইকনতে সংযোজনঃ অসমীয়া সেনা ঘোৰা আৰু অশ্বৰোহী বাহিনীৰ সৈতে পৰিচিত নাছিল। এনেক্ষেত্ৰত গুনাভিৰাম বৰুৱাই চিলাৰায়ৰ আক্ৰমণৰ ক্ষেত্ৰত বগা ঘোঁৰাৰ কাহিনী ক’ৰ পৰা সংযোগ কৰিছিল সেয়া কেৱল তেওঁহে জানিব) ইফালে ৰামসিংহই আলাবৈত শিবিৰ পাতি স্থল যুদ্ধৰ আহ্বান জনাই বৰফুনলৈ পত্ৰ লিখে। মন নথকাৰ স্বত্বেও ৰজাদেউৰ আদেশ অমান্য কৰিব নোৱাৰি বৰফুকনে সৈন্য সাজু কৰে। আলাবৈ যুদ্ধৰ বাবে বৰফুকনে চাৰিঙ্গীয়া পেলন ফুকন, দিখৌমুখীয়া ৰাজখোৱা, ওপৰ-দয়ঙ্গীয়া ৰাজখোৱা আৰু নাম-দয়ঙ্গীয়া ৰাজখোৱাৰ নেতৃত্বত চল্লিশ হাজাৰ সৈন্যদল সাজু কৰে। আনহাতে বৰফুকনে কটকী পঠিয়াই ৰামসিংহক জনায় যে তেওঁ মাত্ৰ বিশ হাজাৰ সৈন্যহে সাজু কৰিছে। তাৰ প্ৰত্যুত্তৰত ৰামসিংহই দহ হাজাৰ সৈন্য সাজু কৰি যুদ্ধক্ষেত্ৰলৈ পঠিয়াই।
ৰামসিংহৰ মোগল সৈন্যদলৰ একেবাৰে আগত মদনাৱতী নামৰ এগৰাকী মহিলা যুঁজাৰু আহিছিল। মদনাৱতী আছিল বহুত ক্ষীপ্ৰ। মদনাৱতী ইমানেই ক্ষীপ্ৰ আছিল যে অসমীয়া সেনাৰ বৰটোপ, হিলৈ আৰু কাড়েৰে তেওঁক স্পৰ্শ কৰিব পৰা নাছিল। মদনাৱতীৰ পাছতেই আছিল সাহসী ৰাজপুত সেনাসকল। অৱশেষত অনেক অসমীয়া সেনাক যুঁজত ঘটুৱাই ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ চেষ্টা কৰোঁতে মদনাৱতীয়ে অসমীয়া সেনাৰ হাতত প্ৰাণ হেৰুৱাই। মদনাৱতীৰ প্ৰত্যুত্তৰ হিচাপে বৰফুকনে আহোম সেনাৰ আগশাৰীৰ হিলৈদাৰী আৰু কাড়ী সেনাসকলক ব্ৰাহ্মণৰ সাজ পিন্ধাই পঠিয়াই। যুঁজৰ এনে চতুৰালী ভৰা মৌলিকতাত ৰামসিংহইও তবধ মানি বৰফুকনক প্ৰশংসা কৰে।
আলাবৈৰ যুদ্ধৰ প্ৰথম দিনা মোগল সেনাপতি আছিল মীৰ নবাব। আহোম সেনাৰ চাউনিৰ পৰা যুদ্ধ চাই থকা বৰফুকনক চূড়ামণি দৈৱজ্ঞই কয় যে মীৰ নবাব আজি যুঁজত পৰিব। সেইমতেই মীৰ নবাব যুঁজত বন্দী হয়। মীৰ নবাবক গ্ৰেপ্তাৰ কৰা আহোম সেনাপতিজন আছিল লুঠুৰী ৰাজখোৱা। পূৰ্বে লুঠুৰী ৰাজখোৱা দিল্লীত বন্দী হৈ থাকোতে মীৰ নবাবৰ চেষ্টাত তেওঁ মুক্ত হৈছিল, গতিকে মীৰ নবাবে তেওঁক মুকলি কৰি দি তাৰ প্ৰতিদান দিবলৈ ৰাজখোৱাক কয়। ৰাজখোৱাই মীৰ নবাবৰ অনুৰোধ ভদ্ৰতাৰে নাকচ কৰে আৰু মীৰ নবাবক ৰখীয়া সহিতে বৰফুকনক উপহাৰ দিয়ে।
কিন্তু এই জয় আছিল ক্ষণস্থায়ী। ৰামসিংহই আহোমৰ চতুৰালী বুজি পায় আৰু ইয়াক গৰিহণা দি কয় যে বৰফুকনে মিছা মাতিলে। গতিকে তেওঁ শিবিৰৰ পৰা আৰু ৰাজপুত সেনাৰ সুসজ্জিত বাহিনী প্ৰেৰণ কৰে। যুদ্ধ শেষ কৰি শিবিৰলৈ ঘূৰি অহা অসমীয়া সেনাৰ সৈতে সুসজ্জিত ৰাজপুত সেনাৰ যুদ্ধ হয় আৰু এই যুদ্ধখনে অসমীয়া দহ হাজাৰ সেনাক ঘটুৱাই। অম্বৰৰ অশ্বৰোহী বাহিনীৰ হাতত হোৱা অসমীয়া সেনাৰ এই পৰাজয়ৰ পাছত ৰামসিংহই কাড়ৰ আগত চিঠি বান্ধি বৰফুকনলৈ বাৰ্তা দি কয় যে আগলৈ যাতে তেওঁ এনেধৰণৰ হাস্যজনক কামৰ পৰা বিৰত থাকে। তাৰ প্ৰত্যুত্তৰত বৰফুকনে কয় যে আমাৰ এদ’ল সৈন্য নষ্ট হ’ল। ওচৰ-চুবুৰীয়া বহু সেনাপতিয়ে নিজ ইচ্ছাত আমাৰ সৈতে যোগ দিছে। আমাৰ আৰু সেনা যুঁজৰ বাবে সাজু আছে।
আলাবৈৰ যুঁজত দহ হাজাৰ সেনা একেদিনাই হেৰুৱাই বৰফুকন অত্যন্ত দুখীত হৈ পৰিছিল। তেওঁক বুজাবলৈ আতন বুঢ়াগোঁহাঞি দেউতাই যি সাৰুৱা উপদেশ বাণী দিছিল সেয়া প্ৰতিজন অসমীয়াই জানে। আলাবৈৰ যুঁজত মোগলে জয়লাভ কৰিছিল ঠিকেই, কিন্তু সেই জয়লাভে বিশেষ একো ফল ধৰা নাছিল। ৰামসিংহই আলাবৈৰ পাছতেই সন্ধিৰ প্ৰস্তাৱ দিছিল। ৰামসিংহৰ প্ৰস্তাৱক বিবেচনা কৰিবলৈ বৰফুকনকে প্ৰমূখ্যে আহোমে সময় লয়। আচলতে সময় লোৱাটো আছিল এটা কৌশল। সেই কৌশল ধৰিব পৰা নাছিল ৰামসিংহই। তাৰ সমান্তৰালভাৱে মাধৱ চৰণক কটকী কৰি বৰফুকনে মোগলৰ মাজত এই বাৰ্তা সোমোৱাই দিছিল যে অসমীয়া সেনাৰ সৈতে ভয়ংকৰ আৰু নিৰ্দয়ী পাহাৰীয়া সেনাই যোগ দিছে। তেওঁলোকে সেনাপতিৰ আদেশলৈকো অপেক্ষা নকৰি শত্ৰুক এফালৰ পৰা নিধন কৰি যায়।
আজি আলাবৈৰ যুঁজৰ ৩৫৩ সংখ্যক বৰ্ষপুৰ্তি। আমি এই লেখাৰ যোগেদি সেই সকলো পূৰ্বপুৰুষক স্মৰণ কৰিব খুজিছো যিসকলে অসমৰ আকাশৰ সূৰ্য্যক সদায় আমাৰ কৰি ৰাখিবলৈ, আমাৰ স্বাধীনতাক, আমাৰ স্বাভিমানক অক্ষুন্ন ৰাখিবলৈ নিজৰ প্ৰাণ হেৰুৱাইছিল। আলাবৈৰ কথা ভাবিলেই এটাই কথাই মনটো অধিক বেজাৰ কৰি তোলে যে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ৰজাদেৱে এই পৰাজয়ৰ গ্লানিৰ সৈতেই প্ৰাণ ত্যাগ কৰিছিল। আলাবৈৰ পাছতেই হৈছিল শৰাইঘাটৰ শেষ যুদ্ধ। স্বৰ্গদেউ চক্ৰধ্বজ সিংহ ৰজাদেৱে শৰাইঘাটৰ যুঁজ চাই যাব পৰা হ’লে নিশ্চয় অসমীায়া সেনাৰ গৌৰৱময় বিজয় ধ্বজা দেখি বিজয়ৰ গৌৰৱেৰে পূৰ্বপুৰুষৰ সৈতে লগ লাগিলেহেঁতেন।

0 Comments