অসমত মীমঃ এক প্ৰস্তাৱনামূলক আলোচনা

 

অসমত মীমঃ এক প্ৰস্তাৱনামূলক আলোচনা

 

ক. মীমৰ দাৰ্শনিক ভিত্তি

মিল্লেনিয়েলছ বা জেনেৰেশ্যন-জেদ প্ৰজন্মটোৰ মাজত আটাইতকৈ বিখ্যাত আৰ্টফৰ্মটোৱেই হৈছে মীম। মীমক উত্তৰ আধুনিকতাবাদৰ আটাইতকৈ জনপ্ৰিয় Expression-সমূহৰ ভিতৰত এটা। আমি এই কথাষাৰ বুজিবলৈ যাওঁতে উত্তৰ আধুনিকতাবাদে কোনো এটা ঘটনাক কিদৰে বাখ্যা কৰে সেইসম্পৰ্কে বুজিব লাগিব। উত্তৰ আধুনিকতাবাদে কেতিয়াও সত্যক এটা প্ৰতিষ্ঠিত দৃষ্টিভংগীৰ পৰাই বাখ্যা কৰাৰ বিৰোধিতা কৰে, বৰং ই এটা ঘটনা বা এটা বস্তুক বিভিন্ন ধৰণৰ দৃষ্টিৰে স্বতন্ত্ৰভাৱে আলোচনা কৰাটো বিচাৰে। মীমসমূহ হৈছে এই বহুদিশীয় পৰ্যবেক্ষণৰ এটা সফলতম প্ৰয়োগ। “Post Modernism in a nutshell” শীৰ্ষক অতি চিন্তাশীল ৱেবচাইটটোত এইসম্পৰ্কে হোৱা এটা আলোচনাত Melissabeckett-এ উল্লেখ কৰিছে যে প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে-লগে Media Producer আৰু Media Consumer-ৰ মাজৰ সীমাৰেখাডাল বহুক্ষেত্ৰত অস্পষ্ট কৰি দিছে আৰু একধৰণৰ Creator Cultureৰ জন্ম দিছে।[1] এই Creator Culture-ৰে উত্তৰ আধুনিকতাবাদী দৰ্শনেৰে খোজ কাঢ়ি এটা ঘটনা, এটা বাখ্যাৰ নেৰেটিভটোক কেৱল প্ৰত্যাহ্বানেই জনোৱা নাই, বৰং মীমক এটা জনপ্ৰিয় সাংস্কৃতিক উপাদানলৈও ৰূপান্তৰ কৰি তুলিছে। এইসম্পৰ্কে Melissabeckett-এ উল্লেখ কৰিছে এইদৰে, The inquisitive nature of internet memes could be likened to the postmodern method of deconstruction, in that memes frequently question the meanings of popular culture artefacts. Memes also represent the playful ironic self-awareness that is prototypical of postmodern culture.” (ইন্টাৰনেট মীমসমূহৰ অনুসন্ধিৎসামূলক চৰিত্ৰক আমি উত্তৰ-আধুনিকতাবাদী ডিকনষ্ট্ৰাকশ্যনৰ সৈতে সংযোজিত কৰিব পাৰোঁ, কিয়নো মীমসমূহে জনপ্ৰিয় সংস্কৃতিৰ প্ৰতিষ্ঠিত অৰ্থৱহ ধাৰণা এটাক প্ৰশ্ন কৰে। মীমসমূহে হাস্যাত্মক বিদ্ৰুপতাৰে ভৰা আত্মসচেতনাক প্ৰদৰ্শন কৰে, যি এটা উত্তৰ-আধুনিক সংস্কৃতিৰ আৰ্হি।– স্ব অনুবাদ)[2]

       মীমৰ দাৰ্শনিক ভিত্তিৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি জ্যাক ডেৰিডাৰ Deconstructionismৰ সম্পৰ্কে আলোচনা কৰিবই লাগিব। ফঁৰাচী উত্তৰ-আধুনিকতাবাদী ভাষাতাত্বিক ডেৰিডাই তেওঁৰ Deconstructionismৰ তত্বত উল্লেখ কৰিছে এটা পাঠ (Text)-ক বিভিন্ন দৃষ্টিভংগীৰে আলোচনা কৰাটো প্ৰয়োজন। এনেধৰণৰ বহুধাবিভক্ত আলোচনাই এটা পাঠৰ অন্তৰ্নিহিত বিভিন্ন তথ্য আৰু অৰ্থৰ উদ্ঘাটন কৰিব পাৰে। এইকনতে আমি আলোচনা কৰিব লাগিব মীমৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যিটো হৈছে প্ৰতিগঠনবাদ বা যাক Anti-foundationalism বুলিও কোৱা হয়। কোনো এটা প্ৰতিষ্ঠিত নেৰেটিভক প্ৰত্যাখ্যান কৰি নতুনকৈ এটা নেৰেটিভ নিৰ্মাণ কৰাৰ এই কাৰ্যটোক আমি এলিয়টৰ কবিতাৰ মাজেৰে যিমান বুজিব পাৰো, তাতোতকৈ বেছিকৈ মীমৰ মাজেৰে বুজিব পাৰোঁ। পৰিছে। R. Dwakins-এ তেওঁৰ গ্ৰন্থ “The Selfish gene”-ত উল্লেখ কৰিছে যে মীমসমূহৰ যোগেদি ঘাইকৈ কোনো এটা নতুন নেৰেটিভক তেওঁলোকে এটা মগজুৰ পৰা আন এটা মগজুলৈ প্ৰতিষ্ঠিত কৰে।[3] গৱেষক Juliana Brunello-ই তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰীৰ গৱেষণা প্ৰকল্প “Internet-memes and everyday-creativity Agency, sociability and the aesthetics of postmodernism”ত আলোচনা কৰিছে যে মীমসমূহে Hyperstereotypes, চৰম-সচেতনতা আৰু চৰম বিদ্ৰুপাত্মক আত্মসমালোচনাক বহন কৰে।[4]



       মীমৰ দাৰ্শনিক ভিত্তিৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি অধিবাস্তৱবাদক আঁতৰাই ৰাখিলে নহব। অধিবাস্তৱবাদে কৰা পাঠৰ (Text) বাখ্যাসমূহৰ যোগেদি এটা প্ৰতিষ্ঠিত নেৰেটিভৰ পৰা বাহিৰলৈ গৈ এটা অধিবাস্তৱ (surreal)ৰ সৃষ্টি কৰা হয়। ইন্টাৰনেট মীমসমূহৰো মূল সাৰকথা এয়াই। গতিকে আমি মীমক কেৱল মাত্ৰ মিল্লেনিয়েলছ প্ৰজন্মৰ অদ্ভূদ ৰসিকতা (Weird Humour) হিচাপে লক্ষ্য কৰিলেই নহব, ই ইতিমধ্যেই এটা উত্তৰ-আধুনিক লোককথা (Postmodern Folklore)লৈ ৰূপান্তৰ হৈ পৰিছে। এটা আৰ্টফৰ্ম হিচাপে ইন্টাৰনেট মীমক আমি আলোচনা কৰিবলৈ যাওঁতে ইয়াক আমি এটা অত্যন্ত প্ৰতিক্ৰিয়াশীল শৈলী হিচাপেই আলোচনা কৰিব লাগিব।

 

অসম আৰু মীমঃ প্ৰতিবাদৰ এক মিল্লেনিয়েল ধাৰা আৰু কেইটামান মীমৰ বাখ্যা

মিল্লেনিয়েলছসকলৰ মাজত মীম সংস্কৃতিৰ জনপ্ৰিয়তা আৰু ইয়াৰ বহুল প্ৰচাৰৰ লগে-লগেই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয়। এই প্ৰশ্নসমূহৰ সৈতে অসমৰ নৱপ্ৰজন্মৰ ৰাজনৈতিক সচেতনতাৰ দিশটোও জড়িত হৈ পৰে। আমি পূৰ্বৰ আলোচনাত উল্লেখ কৰি আহিছে যে ইন্টাৰনেট মীমসমূহৰ সৈতে এজন ব্যক্তিৰ দৃষ্টিভংগী বা Perception আৰু Creatorজনৰ নিজস্ব দৃষ্টিভংগীৰ সংস্থাপন জড়িত হৈ থাকে। এই দৃষ্টিভংগী কিন্তু স্বয়ংসম্পূৰ্ন নহয়, বৰং বহুক্ষেত্ৰত এক ছায়া-মায়া প্ৰকাশহে।

       আমি পূৰ্বৰ আলোচনাত উল্লেখ কৰিছিলো যে মীমৰ দাৰ্শনিক ভিত্তি হিচাপে উত্তৰ-আধুনিকতাক প্ৰক্ষেপ কৰা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ মাধ্যম হিচাপে মীমক ব্যৱহাৰ কৰা হৈ আহিছে। যিহেতু মীমসমূহৰ যোগেদি বিভিন্ন ব্যক্তিৰ নিজস্ব বাখ্যা আৰু দৃষ্টিভংগীক তুলি ধৰা হয়, গতিকেই ইয়াৰ সৈতে ৰক্ষণশীলতা, পুৰুষতান্ত্ৰিকতা, বৰ্ণবাদৰ দৰে বিষয়সমূহো জড়িত হৈ পৰে। কিন্তু তৎসত্বেও ইন্টাৰনেট মীমসমূহক অসমৰ নৱপ্ৰজন্মইও লাহে-লাহে এক প্ৰতিবাদৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰতিবাদৰ মাধ্যম হিচাপে মীমৰ প্ৰয়োগে সমাজ-ৰাজনীতিত নৱপ্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ ৰাজনৈতিক মতামতসমূহকো সমাজত এক তীক্ষ্ণ ব্যংগৰ যোগেদি উত্থাপন কৰাত সহায় কৰিছে। অৱশ্যে নকলেও হয় যে অসমৰ বহুসংখ্যক মীমাৰে* মীমৰ এইসমূহ সম্ভাৱনীয়তাক চিৰিয়াছভাৱে অনুধাৱন কৰাই নাই। আপুনি যদিহে অসমৰ মীমসমূহ লক্ষ্য কৰে, দেখা পাব যে তাৰ সৰহ সংখ্যক মীমৰ মাজেৰে কেৱল প্ৰেম-ভালপোৱা, বৰ্ণবাদী আৰু পুৰুষতান্ত্ৰিক Judgementalism, Body shamming আদিসমূহ দিশহে হাস্যাত্মকৰূপে তুলি ধৰা হয়।

 

১) Congratulation to Dr. Himanta Biswa Sarma

Congratulation to Dr. Himanta Biswa Sarma মীম


       এই মীমটো এটা ৰাজনৈতিক শ্লেষ। লাভলীনা বৰগোহাঁয়ে অলিম্পিকত পদক জয় কৰি উভতি আহোঁতে অসম চৰকাৰে গুৱাহাটীৰ বিভিন্ন ঠাইত তেওঁক অভিনন্দন জনাবলৈ বেনাৰ আঁৰিছিল। এই বেনাৰসমূহত লাভলীনাৰ ছবিখন খুব সৰুকৈ আছিল বা কেতিয়াবা নাছিল আৰু অসমৰ মূখ্যমন্ত্ৰীৰ ফটোখন ডাঙৰকৈ লগোৱা হৈছিল। এই ঘটনাটোৰ প্ৰত্যুত্তৰত এই মীমটো প্ৰস্তুত কৰা হৈছে, যত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মূখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনোৱা হৈছে।

       এই মীমটো অত্যন্ত প্ৰতিক্ৰিয়াশীল আৰু ৰাজনৈতিক Anti-establishment-ৰ এটা উদাহৰণ।

২) লকডাউনত প্ৰদূষণ

লকডাউনত প্ৰদূষণ মীম


       এই মীমটো প্ৰস্তুত কৰা হৈছিল কভিড মহামাৰীৰ সময়চোৱাত। লকডাউনৰ সময়চোৱাত দেশৰ প্ৰায়সংখ্যক উদ্যোগ বন্ধ হৈ পৰিছিল আৰু সেইবাবে প্ৰদূষণৰ মাত্ৰা কমি গৈছিল। এই ঘটনাটোক এজন মীমাৰে এইধৰণেৰে উপস্থাপন কৰিছিল।

       মীমসমূহৰ মাজত অনুকৰণ (Imitation) এটা উল্লেখযোগ্য উপাদান। সেই সময়চোৱাত এইটো Template**-ত বহুসংখ্যক মীম প্ৰস্তুত কৰা হৈছিল। এইধৰণৰ মীমসমূহ হৈছে কোনো এটা নেৰেটিভক প্ৰশ্ন কৰি এটা নতুন নেৰেটিভ উপস্থাপন কৰাৰ এক অধিবাস্তৱিক কাৰবাৰ বুলি কব পাৰোঁ।

৩) ধূপ

লকডাউনত প্ৰদূষণ মীম


       এই মীমটোৰ সমাজ-ৰাজনৈতিক বাখ্যা কৰিবলৈ যাওঁতে আমি এই মীমাৰজনৰ সাহসক প্ৰশংসা কৰিবই লাগিব। ঈশ্বৰৰ দৰে এটা হাজাৰ বছৰীয়া নেৰেটিভক পোনচাতেই নাকচ কৰাটো আজিৰ সময়তো অসমত কোনোপধ্যেই এটা সহজ কথা নহয়। এই মীমটো এটা চূড়ান্ত সামাজিক ব্যংগ।

৪) Thank you Modiji

Thank you Modiji মীম


       এইটো মীম অসমৰ মীমাৰে প্ৰস্তুত কৰা নাই, তথাপিও ৰাজনৈতিক প্ৰতিবাদৰ এটা উদাহৰণ হিচাপে আমি আলোচনা কৰিব খুজিছোঁ। মীমটোত এজন ব্যক্তিয়ে নিজকে জন্মদিনৰ শুভেচ্ছা জনাই ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তেওঁ ২১ বছৰীয়া হল আৰু সেইবাবে তেওঁ নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিছে। এই মীমটোৰ মাজেৰে সাম্প্ৰতিক সময়চোৱাত ভাৰতীয় ৰাজনীতিত হৈ থকা ব্যক্তিপূজাৰ নেৰেটিভটোক প্ৰত্যাখ্যান কৰিছে।

৫) Those who believe AIUDF is secular

Those who believe AIUDF is secular মীম

       এই মীমটো প্ৰস্তুত কৰা হৈছিল অসম বিধানসভা নিৰ্বাচনৰ সময়চোৱাত। সেইসময়চোৱাত অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাত আৱদ্ধ হোৱাৰ বিপৰীতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিবলৈ অসন্মতি প্ৰদৰ্শন কৰিছিল। সেইসময়ত অসমৰ ৰাজনৈতিক-সামাজিক প্ৰেক্ষাপটত হোৱা বিতৰ্ক আৰু মেৰুকৰণত মীমাৰজনে নিজস্ব ৰাজনৈতিক স্থিতিক উপস্থাপন কৰি এই মীমটো প্ৰস্তুত কৰিছিল, যাৰ যোগেদি তেওঁ কব খুজিছিল যে এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দল।

       আমি এই আলোচনাটোত পাঁচটা মীম উপস্থাপন কৰিলোঁ। এই পাঁচটা মীমৰ এটা অসমৰ মীমাৰে প্ৰস্তুত কৰা নাই, গতিকে আমি আলোচনাটোত চাৰিটা মীমৰহে আলোচনা কৰিম। এই গোটেইকেইটা মীমৰ যোগেদি দেখা পোৱা যায় যে ৰাজনৈতিক শ্লেষ হিচাপে আৰু ৰাজনৈতিক Anti-establishmentৰ মাধ্যম হিচাপে মীমসমূহে ইতিমধ্যে অসমৰ নৱপ্ৰজন্মটোকো প্ৰভাৱিত কৰিছে। আমি ব্যক্তিগতভাৱে অনুভৱ কৰো যে ৰাজনৈতিক প্ৰতিবাদৰ মাধ্যম হিচাপে মীমৰ প্ৰয়োগ বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠীয়েও কৰাটো উচিত, কিয়নো মীমসমূহে নৱপ্ৰজন্মক বহু বেছি আকৰ্ষিত কৰাৰ লগতে ইয়াৰ যোগেদি প্ৰচণ্ড কটাক্ষ কৰিব পাৰি। মীমৰ ৰাজনৈতিক-সামাজিক প্ৰয়োগৰ এটা সফল উদাহৰণ হিচাপে আমি অসম আৰক্ষীৰ Social Media handleটোৰ উদাহৰণ তুলি ধৰিব পাৰোঁ।

 

পাদটীকাঃ



[2] Ibid

[3] Brunello, Juliana. 2012. Internet-memes and everyday-creativity Agency, sociability and the aesthetics of postmodernism. MA diss., Erasmus University, Rotterdam., Page: 5

[4] Ibid, Page: 11

* Memer: A millennial word to describe the meme creator

** মীমৰ টেম্পলেট হৈছে এটা লে-আউট।

Post a Comment

0 Comments