মুফটখোৰ অৰ্থনীতিৰ সপক্ষে চমু একলম

 

মুফটখোৰ অৰ্থনীতিৰ সপক্ষে চমু একলম

(১)

দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীযুত অৰবিন্দ কেজৰিৱাল এবাৰ “আপ কি আদালত” শীৰ্ষক অনুষ্ঠানটোলৈ গৈছিল৷ সেই অনুষ্ঠানটোৰ শেষৰফালে এজন উপস্থিত দৰ্শকে শ্ৰীযুত কেজৰিৱালক প্ৰশ্ন কৰিলে, “আপুনি আমাৰ কৰৰ পইচাৰে দুখীয়া লোকসকলক বিনামূলীয়াকৈ বস্তু দি আছে৷ ইয়াৰ ফলত আমাৰ কি লাভ হ’ব? ” এইধৰণৰ বহুতো উদাহৰণ ওলাব, য’ত নিজকে কৰদাতা (Taxpayer) বুলি গৌৰৱ কৰা একাংশ মধ্যবিত্তই দৰিদ্ৰ কল্যাণ আঁচনিসমূহক দুৰ্বল অৰ্থনীতিৰ একমাত্ৰ কাৰণ হিচাপে গণ্য কৰে৷ এইধৰণৰ নেৰেটিভটোত এটা ডাঙৰ তাত্বিক দুৰ্বলতা আছে আৰু সেয়া হৈছে যে তেওঁলোকে এখন দেশৰ অৰ্থনীতিৰ জটিল গাঁথনিটোৰ সম্পৰ্কে আলোচনা নকৰে বা সচেতনভাৱেই আঁতৰাই ৰাখে৷ আমি এই আলোচনাটোৰ জৰিয়তে এই দিশসমূহৰ সম্পৰ্কে আলোচনা কৰিম৷    

    এখন দেশৰ ৰাজনৈতিক অৰ্থনীতি (Political Economy)ৰ আলোচনা কৰিবলৈ যাওঁতে আমাৰ সমুখত দুটা প্ৰধান তাত্বিক ধাৰাই ক্ৰিয়া কৰে, তাৰে এটাই কয় যে ৰাষ্ট্ৰই অৰ্থনীতিৰ স্বাভাৱিক গতিশীলতাৰ ওপৰত অলপো হস্তক্ষেপ কৰিব নালাগে আৰু আনটো ধাৰাই কয় যে ৰাষ্ট্ৰই উৎপাদন আৰু বিতৰণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিব লাগে৷ এই দুটা স্পষ্টভাৱেই বিৰোধী মতাদৰ্শৰ উপৰিও বহুতো মধ্যৱৰ্তীকালীন বাগধাৰাও আছে৷ এইসমূহ বাগধাৰাই এই দুয়োটা মতাদৰ্শকে সানমিহলি কৰি এটা নতুন ব্যাখ্যা আগবঢ়াইছে৷ বিশ্বযুদ্ধৰ পাছৰ বৃহৎ ইউৰোপীয় মন্দাৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ জন্ম হোৱা Bretton wood ব্যৱস্থা এই মধ্যৱৰ্তীকালীন বাগধাৰাসমূহৰ এটা শক্তিশালী বাগধাৰা৷ ব্ৰেটন উড অৰ্থনৈতিক ব্যৱস্থাই নিয়ন্ত্ৰিত পুঁজিবাদৰ কথা কৈছিল৷ ঠিক সেইদৰে পৰৱৰ্তী সময়ৰ অৰ্থনীতিবিদসকলে প্ৰায়ে কল্যাণকামী গণতন্ত্ৰৰ কথা কয়৷ আমাৰ আলোচনাটোও এই কল্যাণকামী গণতন্ত্ৰৰ ধাৰণাৰ ওপৰতেই প্ৰতিস্থিত৷

কল্যাণকামী গণতন্ত্ৰ বা Welfare Democracy আৰু কল্যাণকামী অৰ্থনীতি বা Welfare Economicsৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে এষাৰ কথা মনত ৰখাটো ভাল যে কল্যাণকামী অৰ্থনীতি মানে সমাজবাদী অৰ্থনীতি নহয়, বৰং একধৰণৰ নিয়ন্ত্ৰিত পুঁজিবাদী অৰ্থনীতিহে৷ এইধৰণৰ অৰ্থনৈতিক আৰ্হিৰ যোগেদি কোৱা হয় যে এখন দেশৰ জনসাধাৰণৰ মাজৰ শ্ৰেণী বৈষম্য ৰোধ কৰাটো চৰকাৰৰ এটা প্ৰধান দায়িত্ব৷ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ মাজতো ২০৩০ চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক অসমতা হ্ৰাস কৰাটো এটা প্ৰধান লক্ষ্য৷ (বহনক্ষম উন্নয়নৰ লক্ষ্য ১০.২ চাব পাৰে৷) কিন্তু এই অসমতা সম্পূৰ্ণকৈ ৰোধ কৰিব পৰা যাব নে? দৰাচলতে অৰ্থনৈতিক অসমতা বৰ্তমান পৰ্যায়ত এনে এটা পৰ্যায় পাইছেগৈ যে এইসময়চোৱাত আমি ইচ্ছা কৰিলেও এখন সম্পূৰ্ণ সাম্য সমাজ (Just Society) নিৰ্মাণ কৰিব নোৱাৰোঁ, আমি পৰাপক্ষত অৰ্থনৈতিক ব্যৱধান হ্ৰাসহে কৰিব পাৰোঁ৷ ইয়াৰ কাৰণসমূহ বহুধাবিভক্ত বা সহজ অৰ্থত ইয়াক আমি পুঁজিবাদৰ এটা সীমাবদ্ধতা (Limitation) বুলিও ক’ব পাৰোঁ৷ The Indian Express-ত ২০২১ চনত প্ৰকাশ পোৱা এটা তথ্য অনুসৰি বৰ্তমান ভাৰতৰ ১০% ধৰ্নাঢ্য ব্যক্তিয়ে দেশৰ জাতীয় আয়ৰ ৫৭% বহন কৰি থকাৰ বিপৰীতে ৫০% জনসাধাৰণে ১৩% আয় বহন কৰি আছে৷ এই ১০% ধৰ্নাঢ্য ব্যক্তিৰ মাজৰে আকৌ মাত্ৰ ১% ব্যক্তিয়ে ২২% জাতীয় আয় বহন কৰিছে৷[1] Oxfarm ৰ তথ্য অনুসৰি এজন সাধাৰণ ভাৰতীয় গাঁৱলীয়া শ্ৰমিকে এটা বহুজাতিক কোম্পানীৰ এজন উচ্চপদস্থ বিষয়াৰ সৈতে সমান আয় আহৰণ কৰিবলৈ ৯৪১ বছৰৰ প্ৰয়োজন হ’ব৷ Oxfarmৰ সেই প্ৰবন্ধটোতেই এইটোও প্ৰকাশ পাইছিল যে ভাৰতবৰ্ষৰ দৰিদ্ৰ ৰাজ্যকেইখনৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ চাব-চাহাৰান দেশসমূহৰ প্ৰসূতিৰ মৃত্যুৰ হাৰতকৈও অধিক৷ সমগ্ৰ পৃথিৱীৰ ১৭% প্ৰসূতিৰ মৃত্যু কেৱল ভাৰতবৰ্ষত হয় আৰু ২১% ভাৰতীয় শিশোৱে পাঁচ বছৰৰ আগেয়েই মৃত্যুমুখত পৰে৷[2]

       এইধৰণৰ তথ্যসমূহে ইয়াকেই বাৰে-বাৰে সোঁৱৰাই থাকে যে ভাৰতবৰ্ষ সম্প্ৰতি কোনোপধ্যেই এখন কল্যাণকামী গণতন্ত্ৰ হৈ থকা নাই৷ ভাৰতীয় সমাজব্যৱস্থাত শ্ৰেণীবৈষম্য সাংঘাতিকৰূপত বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালভাৱে ভাৰতৰ দৰিদ্ৰ শ্ৰেণীটোৰ মাজত পৰিপুষ্টি আৰু অৰ্থনৈতিক সুৰক্ষাৰ অভাৱে দেখা দিছে৷

       এই সমস্যাসমূহৰ সমাধান কি?

 

(২)

মুফটখোৰ অৰ্থনীতি কেতিয়াও স্থায়ী সমাধান নহয়

ভাৰতৰ জাতীয় অৰ্থনীতিক এই দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ মুফটখোৰ অৰ্থনীতি এটা মধ্যকালীন পদক্ষেপ হোৱাটোহে উচিত৷ দীৰ্ঘকালীন সময়ত উৎপাদনশীলতা (Productivity) আৰু নিয়োগ সক্ষমতাৰ (Employability) বৃদ্ধি নকৰিলে কেৱল মাত্ৰ মুফটখোৰ অৰ্থনীতিয়ে কেতিয়াও জাতীয় অৰ্থনীতিৰ উদ্ধাৰ নকৰে৷ কিন্তু এটা সাময়িক পদক্ষেপ হিচাপে মুফটখোৰ অৰ্থনীতিৰ প্ৰয়োজনীয়তা নুই কৰাটো এটা ডাঙৰ মুৰ্খামীৰ বাহিৰে আন একো নহ’ব৷

       মূলতে কল্যাণকামী অৰ্থনীতিৰ এক নীতি হিচাপে মুফটখোৰ অৰ্থনীতি বা সহজাৰ্থত দৰিদ্ৰ কল্যাণ আঁচনিসমূহক আমি Life Support Mechanism হিচাপে ব্যাখ্যা কৰিব পাৰোঁ৷ এইধৰণৰ আঁচনিৰ যোগেদি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিসকলক জীৱনৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰাত চৰকাৰে সহায় কৰে৷ ইয়াৰ ফলশ্ৰুতিত সেইসকল ব্যক্তিয়ে দেশৰ অৰ্থনীতিত এটা সকাহৰ সৃষ্টি কৰিব পাৰে৷ উদাহৰণস্বৰূপে আমি ভাৰতৰ অপুষ্টিৰ এক তথ্য উল্লেখ কৰিব খুজিছোঁ৷

       ভাৰত চৰকাৰৰ National Family Health Survey-5 (2019-21)ত উল্লিখিত তথ্য অনুসৰি পাঁচ বছৰৰ তলৰ ৬৫% শিশোৱেই ৰক্তহীনতাৰ চিকাৰ হোৱাৰ বিপৰীতে ৫২.২% গৰ্ভৱতী মহিলা ৰক্তহীনতাৰ চিকাৰ৷[3] সেইদৰে তথ্যই কয় যে ভাৰতৰ ৭.৭% শিশু SWCৰ চিকাৰ হোৱাৰ বিপৰীতে ১৯.৩% শিশু Wasted Nutritionৰ চিকাৰ আৰু ৩৫.৫% Stunned Nutritionৰ চিকাৰ৷[4] এইসমূহ তথ্যই আমাৰ সমুখলৈ এটা ভয়ানক ভৱিষ্যতৰ বাতৰি কঢ়িয়াই আনে আৰু সেয়া হৈছে মানৱ সম্পদৰ বিকাশৰ সমস্যাটো৷

       যেতিয়াই এটা দৰিদ্ৰ পৰিয়ালক চৰকাৰে বিনামূলীয়া বা ৰেহাই মূল্যত ৰেচনৰ সামগ্ৰী প্ৰদান কৰে, সেই কাৰ্যপন্থাটো দৰাচলতে পুষ্টিহীনতাৰ বিৰুদ্ধে এটা শক্তিশালী পদক্ষেপ হৈ পৰে৷ অৰ্থনীতিৰ আলোচনাত সদায় আমি দীৰ্ঘম্যাদী লাভৰ কথা ভবাটো উচিত৷ জাতীয় অৰ্থনীতিৰ বিকাশৰ সৈতে মানৱ সম্পদৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো জড়িত হৈ থাকে৷ বিনামূলীয়া বা কম মূল্যৰ ৰেচন, বিনামূলীয়া শিক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱাৰ যোগেদি এখন দেশৰ পৰৱৰ্তী প্ৰজন্মক সুস্থ উৎপাদনকাৰী হিচাপে গঢ় দিয়া হয়৷ আমি মুফটখোৰ অৰ্থনীতিৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে, বা নিজকে “একমাত্ৰ কৰদাতা”ৰ গৌৰৱেৰে বুকু ফুলাই থাকোঁতে আমি ভাৰতৰ এইখন ছবিলৈও মন কৰাটো উচিত৷ পাঠকসকলে মন কৰাটো প্ৰয়োজন যে যদিহে এজন শিশু আৰু মাতৃ পুষ্টিহীনতা আৰু ৰক্তহীনতাত ভোগে, সমগ্ৰ জাতীয় অৰ্থনীতিৰ পৰা এক বৃহৎ পৰিমাণৰ উৎপাদন আৰু ক্ৰয়ক্ষমতা কমি যায়৷

       এটা দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া বা কম মূল্যৰ ৰেচন প্ৰদানৰ ঘটনাটোৱে অৰ্থনীতিত বহুখিনি ক্ৰিয়া কৰে৷ একাংশ ব্যক্তিৰ মতে দৰিদ্ৰ কল্যাণ আঁচনিসমূহে উপভোক্তাসকলক এলেহুৱা কৰি তোলে আৰু তাৰ ফলশ্ৰুতিত উৎপাদনশীলতা কমি যায়৷ এই কথাষাৰ সম্পূৰ্ণৰূপে সঁচা নহয়৷ এই আলোচনাটো আগবঢ়াবলৈ আমাৰ হাতত দুটা দৃষ্টিভংগী আছে৷ তাৰে এটা দৃষ্টিভংগীয়ে উল্লেখ কৰে যে দৰিদ্ৰ কল্যাণ আঁচনিসমূহে ক্ৰয়ক্ষমতা বৃদ্ধি কৰে আৰু আনটো দৃষ্টিভংগীৰ মতে এইসমূহ আঁচনিয়ে দেশৰ উৎপাদনশীলতা কমাই আনে৷ এই দুয়োটা দৃষ্টিভংগীৰ মাজতেই কিছু শুদ্ধতা আৰু কিছু ভুল ব্যাখ্যা দেখা পোৱা যায়৷

       আমি উদাহৰণৰ বাবে যদিহে কৃষি শ্ৰমিক আৰু কৃষকসকলৰ কথাটো আনো তেতিয়া দেখা পাম যে বহুকেইটা ভূমি নীতি সংশোধনীৰ পাছতো ভাৰতত এতিয়াও এক বিজ্ঞানসন্মত ভূমি বিতৰণ সম্ভৱ হৈ উঠা নাই৷ The Print-ত প্ৰকাশিত তথ্য অনুসৰি ২০১৯-২০ বৰ্ষত ভাৰতবৰ্ষৰ ৮৪.৭% কৃষক উপান্ত আৰু ভূমিহীন শ্ৰেণীটোত পৰাৰ বিপৰীতে ১৩.৭% কৃষক ক্ষুদ্ৰ আৰু অৰ্ধ-মজলীয়া শ্ৰেণীটোত পৰে আৰু মাত্ৰ ১.৫% কৃষকহে মজলীয়া আৰু বৃহৎ কৃষকৰ শ্ৰেণীত অন্তৰ্ভুক্ত৷[5]

Land Distribution of India
ভাৰতৰ ভূমি বিতৰণ


গতিকে এজন ভূমিহীন কৃষকে (কৃষি শ্ৰমিক) নিশ্চিতভাৱেই তেওঁৰ সম্পূৰ্ণ আয় কেৱল কৃষিখণ্ডৰ পৰা আহৰণ কৰিব নোৱাৰে৷ তথ্যই দেখুৱাই যে যিসকল কৃষকৰ ভূমিৰ পৰিমাণ ০.০১ হেক্টৰতকৈ বেছি তেওঁলোকে ৫৪.৬৪% আয় অনা-কৃষিখণ্ডৰ পৰা আহৰণ কৰিবলৈ বাধ্য হৈ পৰিছে৷ সেইদৰে ০.০১ৰ পৰা ০.০৪ হেক্টৰ কৃষিভূমিসম্পন্ন কৃষকসকলে স্বাভাৱিক কাৰণতেই ৫৫.১৮% উপাৰ্জনৰ বাবে অনা-কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল৷[6]

 গতিকে এইসমূহ তথ্যক আওকান কৰি কেৱল দৰিদ্ৰ কল্যাণ আঁচনিসমূহকেই জাতীয় অৰ্থনীতিৰ পতনৰ কাৰণ হিচাপে ব্যাখ্যা কৰা দৃষ্টিভংগীৰ সৈতে মানৱীয় কাৰণতেই আমাৰ মুকলি বিৰোধিতা আছে৷

(যিসকল ব্যক্তিয়ে দৰিদ্ৰ কল্যাণ আঁচনিসমূহৰ সৈতে শ্ৰীলংকাক তুলনা কৰিছে, তেওঁলোকে শ্ৰীলংকাৰ জাতীয় ৰাজনৈতিক অৰ্থনীতিৰ সম্পৰ্কে পঢ়াটো উচিত। শ্ৰীলংকাৰ চৰকাৰে লোৱা ৰাসায়নিক সাৰৰ তাৎক্ষণিক বন্ধৰ আঁচনিয়ে কিদৰে শ্ৰীলংকাৰ কৃষি অৰ্থনীতিক মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰি দিলে সেইসম্পৰ্কে তেওঁলোকে পঢ়িলে ভাল।- লেখক)

 

(৩)

উপায় কি?

আমি আগতেই উল্লেখ কৰিছিলো যে মুফটখোৰ অৰ্থনীতি এটা মধ্যকালীন সময়ৰ বাবে উপযোগী এটা পদ্ধতিহে, দীৰ্ঘম্যাদী সমাধানৰ বাবে আমি সমান্তৰালভাৱে জাতীয় অৰ্থনীতিৰ অনান্য দিশসমূহৰ উন্নতিও কৰি যাব লাগিব৷ ভাৰতীয় অৰ্থনীতিৰ এই শ্ৰেণীবৈষম্যৰ আঁৰৰ কাৰণসমূহ অত্যন্ত জটিল আৰু বহুক্ষেত্ৰত সামাজিক পুঁজিৰ দৰে কিছুমান জটিল বিষয়ো আহি পৰে৷ এইসমূহ সমস্যাৰ সমাধানৰ বাবে দেশখনক এখন দীৰ্ঘম্যাদী আৰু বৈজ্ঞানিক অৰ্থনৈতিক আঁচনিৰ প্ৰয়োজন হ’ব৷ এতিয়াই দেশখনে মৌলিক প্ৰয়োজনসমূহৰ ক্ষেত্ৰত দৰিদ্ৰ শ্ৰেণীটোক স্বাৱলম্বী হ’বলৈ এৰি দিব নোৱাৰে, অন্যথা দেশখন ভয়ংকৰ দুৰ্ভিক্ষৰ চিকাৰ হৈ পৰিব, কিন্তু মৌলিক প্ৰয়োজনৰ বাহিৰে অনান্য বিনামূলীয়া বা ৰেহাই মূল্যৰ আঁচনি ক্ৰমান্বয়ে বাতিল কৰি অহাটো উচিত৷ উদাহৰণ হিচাপে তীৰ্থ ভ্ৰমণৰ বিনামূলীয়া আঁচনি, বিনামূলীয়া স্কুটি বিতৰণ (কিন্তু লেপটপ বিতৰণ এটা অৰ্থনৈতিক মুনাফাযুক্ত কাৰ্য) আদিৰ দৰে দীৰ্ঘ কালত সহায়ক নোহোৱা আঁচনিসমূহ অনতিপলমে বাতিল কৰি পৰিপুষ্টিৰ ক্ষেত্ৰত অধিক সাহায্যৰহে প্ৰয়োজনীয়তা আছে৷ আমি মন কৰাটো উচিত যে ইমানসমূহ ৰেচনৰ আঁচনি থকাৰ পাছতো কিন্তু দেশত অপুষ্টি, শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসুতি আৰু শিশুৰ মৃত্যুৰ হাৰ কোনোপধ্যেই কমা নাই, গতিকে এইক্ষেত্ৰত অধিক সচেতনতাৰ প্ৰয়োজনীয়তা আছে৷ সেইদৰে শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ অবিহনে দেশত ভৱিষ্যতৰ উৎপাদনশীলতা আৰু নিয়োগ সক্ষমতা নাবাঢ়ে৷ সেইদৰে দেশৰ দৰিদ্ৰ অংশটোক অৰ্থনৈতিক কাৰ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চৰকাৰে দেশৰ ভূমি নীতি আৰু বেংকিং নীতিক সংশোধন কৰাটো অত্যন্ত প্ৰয়োজন৷

       গতিকে এই আলোচনাৰ পৰা দেখা পোৱা যায় যে দেশৰ অৰ্থনীতি অত্যন্ত জটিল আৰু বহুধাবিভক্ত৷ এই জটিল আৰু বহুধাবিভক্ত অৰ্থনৈতিক ব্যৱস্থা এটাৰ শ্ৰেণী বৈষম্য হ্ৰাস নকৰালৈকে কেতিয়াও বিকাশ সৰ্বজনীন হৈ নপৰে৷ সৰ্বজনীন বিকাশৰ বাবে সৰ্বজনীন উন্নয়নৰ প্ৰয়োজন আৰু এইক্ষেত্ৰত কল্যাণকামী গণতন্ত্ৰ হিচাপে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব, কিয়নো মৌলিক প্ৰয়োজন পূৰণ নোহোৱাকৈ দেশৰ অৰ্থনৈতিক বিকাশে কেৱল উচ্চবিত্তসকলৰ বিকাশকহে সূচাব৷

 

পাদটীকাঃ



[1] https://indianexpress.com/article/explained/world-inequality-report-the-rich-poor-gap-in-india-7664916/#:~:text=India%20stands%20out%20as%20a%20%E2%80%9Cpoor%20and%20very%20unequal%20country,the%20World%20Inequality%20Report%202022.

[2] https://www.oxfam.org/en/india-extreme-inequality-numbers

[3] Ministry of Health and Family Welfare(2021). National Family Health Survey-5 (2019-21), http://rchiips.org/nfhs/NFHS-5_FCTS/India.pdf

[4] https://www.orfonline.org/expert-speak/global-nutrition-report-2021/#:~:text=According%20to%20the%20National%20Family,wasted%20and%2035.5%25%20are%20stunted.

[5] https://theprint.in/economy/indias-small-marginal-farmers-have-essentially-become-wage-labourers-data-shows/745390/

[6] Ibid

Post a Comment

0 Comments