(মোৰ বাবে তই সদায়েই সৰু যদিও, মই ভাবো এই কথাবোৰ
বুজিব পৰাকৈ তই ডাঙৰ হৈ উঠিছ।)
মৰমৰ,
কথাবোৰ
আৰম্ভ নকৰোতেই তোক এটা কাহিনী কওঁ। ইহুদীসকলে বিশ্বাস কৰে যে পৃথিৱীৰ প্ৰথম
পুৰুষ-নাৰী আছিল আদাম আৰু লিলিথি। ইহুদীসকলৰ আদাম আৰু লিলিথি অ’ল্ড টেষ্টামেন্টৰ আদাম আৰু ইভৰ সৈতে একেই নহয়। অ’ল্ড টেষ্টামেন্টত ইভক আদামৰ নিসংগতা দূৰ কৰিবলৈ আদামৰ হাড় এডালৰ পৰা
সৃষ্টি কৰিছিল। কিন্তু লিলিথি তেনেধৰণৰ নাছিল, তেওঁক আদামৰ সৈতে একেলগে সৃষ্টি
কৰিছিল। গতিকে নকলেও বুজি পাইছ চাগৈ, লিলিথি ইভতকৈ যথেষ্ট স্বাধীন আছিল। দৰাচলতে ক’বলৈ গ’লে ইহুদীসকলৰ বিশ্বাসত লিলিথি আৰু আদাম সমান
মৰ্য্যদাৰ গৰাকী আছিল। কিন্তু এইকনতে আহিল কাহিনীটোৰ টুইষ্ট। যেতিয়া আদাম আৰু লিলিথিয়ে
যৌন সম্ভোগ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া লিলিথিয়ে অনুভৱ কৰিলে যে তেওঁৰ শৰীৰটো আদামৰ
তলত আছে। তেওঁ প্ৰতিবাদ কৰি উঠিল— “তোমাক আৰু মোক ঈশ্বৰে
একেলগে সৃষ্টি কৰিছে, তুমি মোৰ গাৰ ওপৰত কিয় উঠিবা?”। এই
প্ৰতিবাদ কৰি তেওঁ আত্মহত্যা কৰিছিল।
এতিয়া আহিছো
এই কাহিনীটো তোক আৰম্ভনিতেই কিয় ক’লো
বা ক’বলগীয়া হ’ল? আচলতে মই বহুদিন এই কথাটো ভাবি আছিলোঁ। কথাটো অলপ কঠিন, কিন্তু মই যিমান
পাৰি সিমান সহজকৈ ক’বলৈ যত্ন কৰিম।
এংগেলছে ১৮৮৪
চনত এখন কিতাপ লিখিছিল— Origin of the family, private
property and state। এই কিতাপখনে সেই সময়ৰ বহুখিনি প্ৰশ্নৰ উত্তৰ
সাম্যবাদী দৃষ্টিৰে দিবলৈ যত্ন কৰিছিল। তেওঁ কিতাপখনত ডাঙি ধৰা সকলোবোৰ কথাৰ বিতং
আলোচনা নকৰাকৈ এটা কথাই উল্লেখ কৰো যে মহিলাৰ লিংগভিত্তিক শোষণৰ সৈতে সম্পদৰ বিতৰণ
আৰু উত্পাদন প্ৰক্ৰিয়াটো জড়িত হৈ আছে। মই এংগেলছক একে আষাৰে ভুল বুলি নকওঁ। এই
গোটেই কথাবোৰ সমাজ বিজ্ঞানৰ এটা বৃহত বিতৰ্কৰ একোটাহত অংশ। আনহাতে চিমন ডি
বিয়াভোৰে The Second Sex নামৰ কিতাপখনত এংগেলছৰ কথাটোক
প্ৰত্যাহ্বান জনাই কৈছিল যে মহিলাৰ প্ৰতি সমাজে কৰা শোষণ, অৱদমনৰ সৈতে লিংগৰ ধাৰণা
আৰু সৰ্বোপৰি পুৰুষতান্ত্ৰিকতাহে জড়িত হৈ আছে। বিয়াভোৰ আৰু তেওঁৰ সৈতে একেধৰণেৰে
চিন্তা কৰাসকলে এইটোও কৈছিল যে পুৰুষতান্ত্ৰিক ব্যৱস্থাটোৰ বাবেই সম্পদ আৰু সম্পদ
উত্পাদনৰ আহিলাসমূহৰ অ-সম বিতৰণ হৈ আছে।
তই যেতিয়া
সমাজ বিজ্ঞান আৰু অধিক গভীৰকৈ পঢ়িবি (এতিয়াৰ দৰে অৱশ্যে নহয়। ঘৰত যে তই নপঢ়
সেইটো কথা মই জানো), তেতিয়া এই বিতৰ্কবোৰৰ কথা আৰু ভালকৈ বুজি পাবি। যি কি নহওঁক,
এই বিতৰ্কটোৱে আমাৰ সমূখত বহুখিনি প্ৰশ্নৰ অৱতাৰণা কৰিছে। এই আটাইসমূহ প্ৰশ্নই
অত্যন্ত জটিল আৰু মানৱ সভ্যতাৰ ইতিহাসৰ সৈতে জড়িত। কিন্তু মই আজি ক’ব খোজা কথাখিনি এই বিতৰ্কটো আৰু বিতৰ্কটোৱে সৃষ্টি কৰা প্ৰশ্নসমূহৰ
সৈতে মৌলিকভাৱে জড়িত নহয়। (এই বিতৰ্কটোৰ বিষয়ে তোক এদিন ভালকৈ বহলাই কম বাৰু) তাৰ
বিপৰীতে আজি ক’বলৈ ওলোৱা কথাষিনি অন্য এটা দিশৰহে।
চিমন ডি
বিয়াভোৰে তেওঁৰ দ্য চেকেণ্ড চেক্সখনত বাৰে-বাৰে লিংগ (Gender)ৰ ধাৰণাটো উত্থাপন কৰিছিল। তেওঁ কৈছিল যে লিংগৰ ধাৰণাটো
জৈৱিক (Biological) নহয়, বৰং মানৱ নিৰ্মিত ধাৰনাহে। মানৱ সভ্যতাৰ
বিকাশৰ এক স্তৰত সমাজে লিংগৰ ধাৰণাটো সৃষ্টি কৰিছিল আৰু সেইধৰণৰে সমাজখনৰ
কাম-কাজসমূহক, সম্পদ আৰু সম্পদ উত্পাদনৰ আহিলাসমূহক লিংগ অনুপাতে বিভক্ত কৰি
দিছিল। এই Constructed লিংগৰ ধাৰণাটো জৈৱিক ধাৰণা যৌনতা বা Sex/Sexualityৰ সৈতে একেই নহয়। আমি এই কথাবোৰ বুজি পোৱাটো নিতান্তই আৱশ্যক।
মই আজিলৈকে
বিভিন্ন ধৰণৰ মানুহক লগ পাইছোঁ। মোৰ জীৱনটোৱেই এনেকুৱা যে প্ৰতি মাহতেই এজন-এজন
নতুন মানুহ লগ পোৱাটো মোৰ বাবে একো নতুন কথা নহয়। মই বহু এনে মানুহক লগ পাইছো,
যিসকলে নিজকে প্ৰগতিশীল বুলি ক’ব খোজে, নিজকে
নাৰীবাদী বুলিও ক’ব খোজে, অথচ কিছুমান অত্যন্ত মৌলিক প্ৰশ্নৰ
পৰা এক নিৰাপদ দূৰত্বত অৱস্থান কৰে। তই এতিয়া সৰু হৈ আছ, কিন্তু যেতিয়া ডাঙৰ হ’বি তেতিয়া নিশ্চয় বুজি উঠিবি যে কিছুমান প্ৰশ্নত নিৰপেক্ষতা বা মধ্যম
অৱস্থান থাকিব নোৱাৰে। তেনেধৰণৰ এটা প্ৰশ্নকে আজি মই তোৰ সৈতে পাতিবলৈ ওলাইছোঁ।
আৰু সেই প্ৰশ্নটো হৈছে— মহিলাৰ যৌনতাৰ ওপৰত মহিলাৰ অধিকাৰ আছে নে বা থকাটো কিমান
প্ৰয়োজনীয়।
এই প্ৰশ্নটো
অৰ্থাত্ ‘মহিলাৰ যৌনতাৰ ওপৰত নিজস্ব অধিকাৰ
থকাটো উচিত নে অনুচিত’ দেখাত তেনেই সাধাৰণ যেন লগাটো
স্বাভাৱিক। কিন্তু বিশ্বাস কৰ যে এই প্ৰশ্নটো আমাৰ সমাজখনৰ প্ৰেক্ষাপটত ইমানেই
জটিল যে ইয়াক আলোচনা কৰিবলৈ যাওঁতে আমি আমাৰ সমাজখনৰ গাঁঠনিটোক তন্নতন্নকৈ বুজি
উঠাটো অতি প্ৰয়োজনীয় হৈ পৰে। আমি এতিয়া যিখন সমাজত বাস কৰি আছো, সেই সমাজখনক কাৰ্ল
মাৰ্ক্সে Asiatic Society বুলি কৈছিল। আমি মাৰ্ক্সৰ কথাবোৰক
বৰ্তমান সময়ত অপ্ৰাসংগিক বুলি ক’লেও তেওঁৰ কিছুমান কথাক ওলাই
কৰিব নোৱাৰোঁ (এইকনতেই মাৰ্ক্সৰ কৃতিত্ব)। তেনেধৰণৰ এটা কথাই এই এছিয়াটিক সমাজৰ
ধাৰণাটো। এছিয়াৰ প্ৰায়সমূহ সমাজ ব্যৱস্থাই নিতান্তই পুৰুষতান্ত্ৰিক। অৱশ্যে মই
দুই-এক জনজাতীয় সমাজ গাঁঠনিৰ কথাক আঁতৰাই ৰাখিছোঁ। এই পুৰুষতান্ত্ৰিকতাক আমি ইউৰোপৰ
ভিক্টোৰীয়ান যুগৰ সৈতেও তুলনা কৰিব পাৰোঁ। ভিক্টোৰীয়ান যুগত মহিলাৰ অৱস্থা ইউৰোপত
যেনেধৰণৰ আছিল, বৰ্তমান সময়ত এছিয়াৰ সমাজসমূহত মহিলাৰ স্থান তাতকৈ ওপৰত বুলি মই
ভাবিব নোৱাৰোঁ। আমাৰ সাহিত্য, সংস্কৃতি সকলোতেই মহিলাৰ যৌনতাৰ স্বাধীন অৱস্থিতিক
স্বীকাৰ কৰা নাই। আমাৰ সমাজ-সংস্কৃতিয়ে মহিলাৰ যৌনতাক পুৰুষ শ্ৰেণীটোৰ এটা সম্পদ
হিচাপেহে গণ্য কৰে। সেইবাবেই আমাৰ সমাজখনত কুমাৰীত্ব বা Virginityৰ ধাৰণা ইমান বহুল-প্ৰচলিত (আৰু এইটো কথাত মই বাজী লাগিবলৈও প্ৰস্তুত যে
বেছিসংখ্যক নিজকে নাৰীবাদী বুলি কোৱা পুৰুষে নিজৰ জীৱনত এগৰাকী Virgin ছোৱালীয়কেই বিয়া কৰাবলৈ বিচাৰিব!)। অসমীয়া সমাজত Virginityৰ ধাৰণাক ‘চৰিত্ৰ’ বুলি কোৱা
হয়। তই প্ৰায়েই শুন চাগৈ— “অমুকজনী ছোৱালীৰ লগত নাথাকিবি,
তাইৰ চৰিত্ৰ-পাতি ইমান ভাল নহয়।” কিন্তু যদি তই প্ৰশ্ন কৰ যে
তাইৰ চৰিত্ৰ কিহত বেয়া তেতিয়া গম পাবি যে প্ৰায়সমূহ তেনেধৰণৰ ‘বেয়া চৰিত্ৰ’ৰ ছোৱালীৰ যৌন জীৱনটো আনতকৈ (ভাল
চৰিত্ৰৰ সকলতকৈ) স্বাধীন। মূলতঃ আমাৰ সমাজখনে ইয়াকেই ক’ব
খোজে যে মহিলাৰ যৌনতা তেওঁৰ ‘স্বামী’ (উৰ্ধ
ক’মাটো মন কৰিবি)ৰ একচেতিয়া সম্পত্তি আৰু ইয়াৰ হীন-দেৰি ঘটাৰ
অৰ্থ হৈছে মহিলাগৰাকীৰ চৰিত্ৰত চেকা আছে!
তাৰ বিপৰীতে
পুৰুষৰ? পুৰুষৰ যৌনতাৰ ওপৰত আমাৰ সমাজ গাঁঠনিত
পুৰুষৰ একচেতিয়া অধিকাৰ আছে। যিদৰে এহাল দম্পতীৰ ক্ষেত্ৰত মহিলাগাৰীকৰ যৌনতাৰ ওপৰত
পুৰুষজনৰ এক সাংঘাতিক অধিকাৰ থাকে, কিন্তু তাৰ বিপৰীতে পুৰুষজনৰ যৌনতাৰ ওপৰত
মহিলাগৰাকীৰ সমাজস্বীকৃত কোনো অধিকাৰেই দৰাচলতে নাথাকে। পুৰুষৰ বহুবিবাহ এতিয়াও
আমাৰ সমাজত এটা সাধাৰণ ঘটনাই, কিন্তু তাৰ বিপৰীতে মহিলাই ওৰণিৰ আঁৰৰ পৰাও ‘পৰপুৰুষ’ক চাব নোৱাৰে। ইয়াৰোপৰি বিবাহোত্তৰ যৌন
সম্পৰ্কৰ বেলিকাও পুৰুষজনৰ ইচ্ছাতেই সকলো হোৱা দেখা যায়। মহিলাগৰাকীৰ Satisfaction,
Desire আদি দিশবোৰক প্ৰায়ে সমাজে আওঁকাণ কৰে। এই আওঁকাণ অত্যন্ত
সচেতনভাৱে কৰা হয়। এই দীৰ্ঘদিনীয়া (আজিকোপতি যি চলি আছে) আওঁকাণে ভাৰতীয় মহিলাসকলৰ
যৌন মনস্তত্বত এটা সাংঘাতিক Mass Hysteria ৰ জন্ম দিছে।
তেওঁলোকৰ অধিকাংশই Sexual Satisfaction (যৌন সন্তুষ্টি?)ৰ সম্পৰ্কত এক ভ্ৰান্ত ধাৰণা পুহি ৰাখিছে।
এইকনতে মনত
পৰিছে আন এটা কথালৈ। ২০০৫ চনত পৰিচালক দীপা মেহতাই কৰা Water শীৰ্ষক ছবিখন চোৱাৰ পাছত মই এটা অংক কৰিছিলোঁ। আজিৰ পৰা
এশ বছৰৰ আগলৈকে ভাৰতীয় সমাজ ব্যৱস্থাত (বিশেষকৈ উচ্চ বৰ্ণৰ মাজত) মহিলাৰ বিয়া হোৱাৰ
বয়স ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰত আছিল। তাৰ বিপৰীতে পুৰুষজনৰ বয়স ৩০, ৪০, ৫০ আৰু
কেতিয়াবা তাতকৈও বেছি আছিল। ধৰা হ’ল এগৰাকী ১২ বছৰীয়া
ছোৱালীক ৪০ বছৰীয়া এজন পুৰুষলৈ বিয়া দিয়া হ’ল। ছোৱালীগৰাকী
১৫ বছৰ বয়সত পুষ্পিতা হ’ল, সেই সময়ত পুৰুষজনৰ বয়স ৪৩ বছৰ।
সেইসময়ত ভাৰতীয় পুৰুষৰ গড় আয়ুস নিচেই কম আছিল। তথাপিও তেওঁ ৬০ বছৰ জীয়াই থাকিল
বুলি ধৰিলেও তেওঁৰ মৃত্যুত ছোৱালীগৰাকীৰ বয়স হ’বগৈ ৩২ বছৰ।
সেইসময়ৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ প্ৰকৃত ছবিখন এনেধৰণৰেই আছিল। আমি সকলোৱে জানো যে
এগৰাকী মহিলাৰ ঋতুচক্ৰ ৪৫ বছৰমানলৈকে চলি থাকে। গতিকে সেই ছোৱালীগৰাকীয়ে তেওঁৰ যৌন
জীৱনৰ প্ৰায় ১২ বছৰ ধৰি কোনো যৌন সম্পৰ্ক নোহোৱাকৈ পাৰ কৰিবলগীয়া হ’ল। এইকনতে মনত ৰাখিবি যে আজিও মহিলাৰ বিধৱা দ্বিতীয় বিবাহ এটা সাংঘাতিক
কথাই। গতিকে আমি এটা কথা ক’ব পাৰো যে আজিৰ পৰা এশমান বছৰৰ
আগলৈকে ভাৰতীয় মহিলাসকলৰ যৌন জীৱন আধাতেই শেষ হৈ পৰিছিল। আচলতে শেষ কৰি পেলোৱা
হৈছিল।
আগতেই
কৈছিলো, কথাবোৰ যথেষ্ট জটিল আৰু দীঘলীয়া। এই কথাবোৰ আকৌ এদিন লিখিম। কিন্তু শেষত
এটা কথাই কওঁ যে আজিৰ প্ৰজন্মই (তোৰ, মোৰ দৰে) কথাবোৰ ভালকৈ ভাবিবলৈ সময় হৈছে। আমি
সংস্কৃতি, নীতি-নিয়ম আদিৰ নামত সমাজৰ আধা সংখ্যক সদস্যক এইদৰে শোষণ কৰি যোৱাটো কোনোপধ্যেই
উচিত নহ’ব। নিজৰ শৰীৰটোৰ ওপৰত নিজেই অধিকাৰ সাব্যস্ত
কৰাটো আজিৰ যুগৰ দাবী। ‘তোৰ শৰীৰটো কেৱল তোৰ, কোনো পুৰুষৰ
বাবে সাঁচি ৰখা সম্পত্তি নহয়’ এই চেতনাটোক বিকাশ কৰ। নিজৰ
জীৱনটো নিজেই বিচৰা ধৰণেৰে জী থাক। তই বা তঁহতবোৰ নিজৰধৰণেৰে জীয়াই থকাটো আমাৰ উত্তৰ
প্ৰজন্মটোৰ বাবে খুবেই গুৰুত্বপূৰ্ণ।
শেষত, নিজৰ
যত্ন ল’বি। য’ত-ত’ত ঘূৰি ফুৰি Carona Positive হৈ নল’বি। টি.ভি. কমকৈ চা, কিতাপ বেছিকৈ পঢ়। নিজকে কিবা এটা Positive আৰু সৃষ্টিশীল কামত ব্যস্ত ৰাখ।
ইতি
তোৰ ককাইদেউ
নি.কু.
6 Comments
Val lagil niku da
ReplyDeleteধন্যবাদ
Deleteসুন্দৰকৈ উপস্থাপন হৈছে, সময়োপযোগী লিখনি।
ReplyDelete"তোৰ শৰীৰটো কেৱল তোৰ, কোনো পুৰুষৰ বাবে সাঁচি ৰখা সম্পত্তি নহয়’ এই চেতনাটোক বিকাশ কৰ" লিখনিটোৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।
#ময়ো দুটামান কথা কওঁ, যৌন অধিকাৰ সমূহ যোগাত্মক হব লাগে আৰু উপভোক্তা বুদ্ধি মত্তাৰে বিকশিত হব লাগে (mature)।
যৌন অধিকাৰৰ লগত আপোচ কৰিলে বা মৌনতা অৱলম্বন কৰিলে এই প্ৰথা চলি থকা স্বাভাৱিক।
অধিকাৰ উপভোক্তাই আপোচ কৰিলে, গাত চেকা লগাৰ কাৰণে নিকুক গালি পাৰি লাভ নাই। জয়ী সেই জনক কোৱা হয় যিয়ে অন্তিমলৈকে যুদ্ধ কৰে।।
বাকী নিকু, দুটা বস্তু বেলেগ বেলেগকৈ হব লাগিছিল, মানে দুটা লিখা। আৰু হাৰিব মন নাই যদি বাজি লগোৱাৰ কথা পাহৰি যা।
ইতি
নন-ফেমেনিষ্ট।
ধন্যবাদ ভাই। ঈদ বুলি কলেই তঁহতৰ ঘৰখনলৈকে মনত পৰে দেখোন। যিকি নহওঁক, কমেন্টৰ বাবে ধন্যবাদ
DeleteThis comment has been removed by the author.
ReplyDeleteবহুত ভাল লাগিল । পাৰিলে Facebookত পষ্ট কৰিব চোন।কথাষাৰ সকলোৱে জানিলে ভাল হব বুলি ভাবো ।
ReplyDelete