অসমীয়া জাতীয় পুঁজি


 (১)
Urban Economy-I

Efflux of Capital and surplus



অসমৰ যিকোনো এখন নগৰ বা চহৰলৈ গ’লেই আমি দেখা পাওঁ দ্ৰুত নগৰীকৰণৰ দৌৰ। প্ৰথম অৱস্থাত এই নগৰীকৰণ উন্নয়নৰ ফলাফল বুলি সকলোৰে অনুভৱ হ’ব। কিন্তু অলপ গভীৰলৈ গ’লে দেখা যাব যে অসমৰ প্ৰায় সকলোকেইখন সৰু-ডাঙৰ নগৰ-চহৰৰে পূঁজি নিয়ন্ত্ৰণ কৰি আছে বহিৰাগত বণিক গোষ্ঠীয়ে। আমি ইয়াক Market Monopoly of Outsiders বুলি অভিহিত কৰিব পাৰোঁ।

       এইধৰণৰ মন’পলিক আমি খুচুৰা আৰু বৃহৎ দুইটা মাধ্যমতে দেখা পাওঁ। বৰ্তমান সময়ত অসমৰ খুচুৰা বজাৰখনৰ এটা অংশ অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ দখলত আছে যদিও সি সন্তোষজনক নহয়। হ’লচেল বজাৰসমূহ এতিয়াও বিহাৰী-বেংগলী আৰু মাৰোৱাৰীসকলৰ হাতত আছে।
      বৃহৎ বজাৰখনলৈ লক্ষ্য কৰিলে দেখা যাব যে যোৱা দশকটোত আমাৰ অৰ্থনীতিৰ মাজলৈ ‘বিগ বজাৰ’, ‘বিশাল’ আদি কেতবোৰ বহিৰাগত বৃহৎ ব্যৱসায়গোষ্ঠীয়ে প্ৰৱেশ কৰিছে। মন কৰিব লাগিব যে এই বৃহৎ শ্বপিং মলসমূহ সম্পূৰ্ণভাৱে বহিৰাগত শক্তিৰ হাতত আছে।
   যোৱাটো দশকত অতি অসংগঠিতভাৱে কেতবোৰ খুচুৰা খণ্ডত এচাম উৎসাহী অসমীয়া ব্যৱসায়ীয়ে পুঁজিৰ বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। এইটো এটা আশাপ্ৰদ খবৰ। অৱশ্যে মন কৰিবলগীয়া যে এই ব্যৱসায়ীসকল অসংগঠিত ৰূপত আছে, যাৰ বাবে এখন জাতীয় বজাৰ গঢ় লৈ উঠাটো এতিয়াও সম্ভৱ হৈ পৰা নাই। ইয়াৰ ফলশ্ৰুতিত মফচলিয়া নগৰসমূহৰ পৰা আৰম্ভ কৰি মজলীয়া আৰু বৃহৎ নগৰসমূহলৈকে সমগ্ৰ পুঁজি আৰু উদ্বৃত্তৰ এটা বৃহৎ পৰিমাণ বাহিৰলৈ নিৰ্গমন হৈ আছে। 



অসমীয়া জাতীয় পুঁজি (২)
Assamese middle class: Monopoly of Service sector

উত্তৰ-উদাৰকীৰণ সময়ছোৱাত অসমীয়া মধ্য শ্ৰেণীটো মূলতঃ চাকৰিজীৱি হৈ পৰিল। এই চাকৰিকেন্দ্ৰিক শ্ৰেণীটোৰ শ্ৰেণী চৰিত্ৰক গুজৰাটৰ দৰে উদ্যোগপ্ৰধান অৰ্থনীতিৰ মধ্য শ্ৰেণীৰ সৈতে তুলনা কৰিব নোৱাৰি। এক চৰকাৰী তথ্য অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষত ৪৯% ব্যক্তি সেৱা খণ্ডৰ সৈতে জড়িত হৈ আছে।*
    সেৱা খণ্ডত কেন্দ্ৰ কৰি জন্ম হোৱা মধ্য শ্ৰেণীটোৱে সমগ্ৰ অৰ্থনীতিটোক এটা Regular circleৰ মাজত আৱদ্ধ কৰি ৰাখিছে, যিটো অৰ্থনীতিৰ বাবে মুঠেই সুবিধাজনক নহয়। আমি থুলমূলকৈ সিদ্ধান্তলৈ আহিব পাৰো যে এই নিয়মিত চক্ৰটোৰ সীমাবদ্ধতাৰ মাজেৰে প্ৰাথমিক খণ্ডৰ এটা মধ্য শ্ৰেণী জন্ম নিদিয়ালৈকে অসমীয়া জাতীয় পুঁজিৰ গঠন প্ৰায় অসম্ভৱ।
     এইকনতে আমি মন কৰাটো উচিত যে প্ৰাথমিক খণ্ডৰ পৰা কিয় এটা অসমীয়া মধ্য শ্ৰেণীৰ জন্ম হোৱা নাই? তাৰ বাবে আমি পৰৱৰ্তী আলোচনাত তথ্যসহ বাখ্যা আগবঢ়াবলৈ যত্ন কৰিম। থুলমূলকৈ আমি এতিয়া ইয়াকে কব বিচাৰো যে অসমত উত্তৰ-উদাৰীকৰণ যুগত এক ব্যাপক হাৰত অ-সম হাৰত কৃষিভূমিৰ বিতৰণ হৈ আছে। চৰকাৰী তথ্য অনুসৰি অসমৰ ৯৬.৬% খেতিয়কেই ক্ষুদ্ৰ আৰু উপান্ত। তথ্যই প্ৰমাণ কৰে যে অসমৰ ৮৪.৩% খেতিয়ক উপান্ত (ইয়াৰে বহু ভূমিহীন), ১২.৩% ক্ষুদ্ৰ, ২.২% মজলীয়া আৰু মাত্ৰ ১.১% খেতিয়কহে বৃহৎ খেতিয়ক।** গতিকে এনে পৰিস্থিতিত ২.২% মজলীয়া আৰু ১.১% বৃহৎ খেতিয়কক লৈ প্ৰাথমিক খণ্ডৰ মধ্য শ্ৰেণীৰ আশা কৰাটো পৰ্বতত কাছৰ কণী বিচৰা ধৰণৰ কাৰবাৰৰ বাহিৰে একো নহয়!...... (আগলৈ)



Post a Comment

0 Comments