লৰকাৰ কেইটামান অনুবাদ-১

আত্মহত্যাৰ কবিতা
মূলঃ Suicide

জ্যামিতিৰ দৰেই আছিল কথাবোৰ
বেলকনিৰে দেখা পোৱা টাৱাৰ পোষ্টটোৱে জানিছিল
কিয় ঘড়ীটো একেথৰে ৰৈ আছে।

এইমাত্ৰ মই হত্যা কৰি আহিছো
মোক এৰি যোৱা ছাঁটোক।
মোৰ হাতত এতিয়াও লাগি আছে অস্থিৰ ছাই

আইনাৰ সিপাৰৰ মইটো--
যিটো 'মই' হব নোৱাৰিলো কেতিয়াও!
তাৰ ওঁঠত এতিয়াও অযুত শব্দৰ কলকলনি
আৰু এইপাৰৰ মইটোৰ মাথো এটাই শব্দ বাকী আছেগৈ...

ৰ'বা সৰি পৰা ফুলবোৰক আকৌ জোৰা লগাই পেলাও
আৰু ভাঙি পেলাও আইনাখন।
০০০০০০০
এতিয়া ইয়াত কোনো নাই
ভাগি পৰা আইনাখন টুকুৰা-টুকুৰকৈ জ্বলি আছে।
এনেকৈয়ে
মূলঃ First Launching

।।১।।
গাভৰু নৈত ডুবি মৰা যুৱকজনে
এখন এখনকৈ গাৰ কাপোৰবোৰ খহাই থাকোতে...

আইনাৰ সিপাৰে কোন?
মৰা মানুহৰ নিজাকৈ এটা প্ৰতিচ্ছবি নাথাকে।
।।২।।
মোৰ পঢ়াকোঠাত ওলমি থকা
বিগ বেঙটো এদিন ফুটি থাকিল।
সিদিনাখন বজাৰৰ মোনাখনত
কেনেবাকৈ লুকাই থকা এটা নক্ষত্ৰই
হঠাত ভাঙি দিছিল এটা সাঁথৰ--
যি মোৰ নাছিল
যি তোমাৰ নাছিল
সি আছিল পৃথিৱীৰ প্ৰতিটো শিশুৰ বাবে
পৃথিৱীৰ প্ৰতিপাহ ফুলৰ বাবে।

প্ৰতিশ্ৰুতি
মূলঃ Leave-taking

মোৰ মৃত্যু হ'লে
বেলকনিখন মুকলি কৰি থবা

ল'ৰা এটাই কমলা খাই আছে
আৰু মই তাক বেলকনিৰ পৰা চাই থাকিব বিচাৰোঁ

দাৱনীজনে ঘেঁহু চপাই আছে
আৰু মই তেওঁৰ খচখচনিবোৰ বেলকনিৰ পৰাই শুনি থাকিবলৈ বিচাৰোঁ

মোৰ মৃত্যু হ'লে 
বেলকনিখন মুকলি কৰি থবা।

অনুবাদঃ নিকু দুৱৰা

Post a Comment

1 Comments