-- নিকু দুৱৰা
দৃশ্যপটঃ০১
পাকিস্তানত এজন খেতিয়ক আছিল। কোনোমতে খাই-বৈ জীয়াই থাকে। ৰাজনীতি ভালকৈ নাজানে, আচলতে জানিবলৈ ইচ্ছাও নাই আৰু সময়ো নাই। ভেড়া ছাগলী, খেতি পথাৰখন আৰু সংসাৰখনৰ বাকী জীৱকেইটা— এইখিনিৰ মাজতেই তেওঁ সোমাই থাকে। বাকী পৃথিৱীখন কেনেকৈ ঘূৰিছে সেইবোৰ তেওঁৰ জানিবলগীয়া বিষয় বুলি তেওঁ আজিলৈকে অনুভৱ কৰা নাই। অৱশ্যে কেতিয়াবা খেতিৰ কামৰ মাজতে লগৰবোৰৰ লগত আড্ডা দিওঁতে দুই-এটা কথা শুনিবলৈ পাই। আড্ডা শেষ হোৱাৰ পাছতেই অৱশ্যে সেইবোৰ কথা খেতিয়কজনে পাহৰি পেলাই।
ধৰি লওঁক খেতিয়কজনৰ নাম ‘ক’।

দৃশ্যপটঃ০২
ভাৰতত এজন খেতিয়ক আছিল।মাটি একেবাৰেই কম। তাৰ ওপৰত কৃষি ঋণৰ বোজা। ঘৰত লহপহকৈ বাঢ়ি অহা তিনিজনী গাভৰু ছোৱালী। পাঁচ বছৰৰ মূৰত কেতিয়াবা ভোট দিয়ে। ৰাজনীতিৰ বিষয়ে তেওঁ মাত্ৰ ইমানেই জানে যে কংগ্ৰেছৰ হাত আৰু বিজেপিৰ পদুম। বাকী ৰাষ্ট্ৰ, মিনিষ্টাৰ, আইন, সংসদ, গণতন্ত্ৰ এইবোৰৰ কথা মুঠেই নাজানে। লগৰ দুই-এটা তেওঁৰ নিচিনা খেতিয়ক ঘৰৰ মুধচত ওলমিল। ছোৱালীকেইজনীৰ বাবে তেওঁ এতিয়ালৈকে ওলমি দিয়া নাই। মাজে-মাজে বেংকৰ কাগজ আহে। ঋণ ঘূৰোৱাৰ ভাবুকি-পত্ৰ।
ধৰি লওঁক খেতিয়কজনৰ নাম ‘খ’।

দৃশ্যপটঃ০৩
কোনোবা এটা ষ্টেডিয়াম। ভাৰত-পাকিস্তানৰ খেল হৈ আছে। মানুহেৰে ঠাঁহ খাই আছে ষ্টেডিয়ামটো।সময়বোৰ পাৰ হৈ গৈ আছে। কোনোবা খেলুৱৈ আউট হৈছে, কোনোবাই বাউঞ্চাৰ মাৰিছে, কোনবাই চেঞ্চুৰী, কোনোবাই হাফ-চেঞ্চুৰী ইত্যাদি। ডাঙৰ-ডাঙৰকৈ কমেন্টৰী চলি আছে। তাৰ মাজে-মাজে নিউজ চেনেলৰ কেমেৰা শ্বুটিং, সাক্ষ্যাতকাৰ, ফলাফলক লৈ আগতীয়া বাজী, পপকৰ্ণৰ সমাধি আদিও চলি আছে।
খেলখনত কোনোবা এটা দল জিকিল। খেলৰ শেষলৈ ফটকা-কান্দোন-উল্লাস-কিৰিলীৰ এটা সুন্দৰ ককটেইল।

দৃশ্যপটঃ০৪
‘ক’ আৰু ‘খ’ৰ জীৱনৰ চকৰি সদায় একেধৰণেই চলি থাকে। বহুতে অভিযোগ কৰিব পাৰে যে এইটো এটা নীৰস একঘেয়ামীৰে পৰিপূৰ্ণ জীৱন। কিন্তু আটাইতকৈ দুখৰ কথা এইটোয়েই যে ‘একঘেয়ামী’ মানে কি সেইটোও খেতিয়ক দুজনে বুজি নাপাই।
এনেকৈয়ে পাৰ হৈ যায় সময়বোৰ। হাতীপটী গেলেক্সিৰ পৃথিৱী নামৰ গ্ৰহ এটাৰ কোনোবা এটা কোণত যিদৰে এজন খেতিয়কে ঋণৰ বোজাত আত্মহত্যা কৰিলেও চলি থাকে খেলবোৰ বা খেলৰ শেষৰ ককটেইলবোৰ সেইদৰে খেলবোৰ বা খেলৰ শেষৰ ককটেইলবোৰ চলি থাকিলেও একেদৰেই চলি থাকে ‘ক’ আৰু ‘খ’ৰ একঘেয়ামী জীৱনচক্ৰ।

1 Comments
ভাল লাগিল |
ReplyDelete