গৰুৰ বিষয়ে এখন ৰচনা

তাং- ০৩/১০/২০১৭
গুজৰাটৰ পৰা পাকিস্তান হৈ
গৰু এটা ৰাজনৈতিক জন্তু।
মোৰ ঘৰৰ কলী গৰুজনীয়ে বাংলাদেশৰ পানী নাখাই
যিদৰে শতিকাজোৰা ঘৃণাৰে উপচি আছে উত্তৰ প্ৰদেশ।
গৰুৰ বাবেই কত জুৱাখেল, ধৰ্মশাস্ত্ৰ আৰু কাটাতাঁৰৰ ৰাজনীতি
এজন বিজ্ঞানীয়ে সুধিছিল
জুম ফুৰা গৰুৰ যৌনক্ৰীড়া দেখি শৰীৰৰ ৰসায়নত কিয় খেলিমেলি হয় হিচাপৰ?
গৰুবোৰ আমাৰ মূৰৰ সমানুপাতিক
গৰু বাঢ়িলেই বাঢ়ি যায় কাগজৰ দিস্তা আৰু কম্পিউটাৰৰ ফাইল।
গৰুবোৰ কেতিয়াবা ট্ৰেফিক পুলিচ হয়
হুইছেল লৈ চিঞৰি ফুৰে-
"এইফালে গলেই পোৱা যায় স্বৰ্গৰ ঠিকনা"
গৰুৰ বাবেই কিনা-বেচা হয়
খেতিয়কৰ শ্ৰম, দেশৰ সীমা আৰু হাতৰ কলমবোৰ
গৰুৰ বাবেই অভিজিৎ ৰয়, গৌৰী লংকেশ,
পথাৰৰ ধান, বিলাতী সুৰাৰ আড্ডা
গৰু এটা ৰাজনৈতিক জন্তু
ভাততকৈও দাম বেছি গৰুৰ
তেজতকৈও দাম বেছি গৰুৰ
দেশতকৈও দাম বেছি গৰুৰ

Post a Comment

0 Comments